অ'আৰঅ'পিয়ে আমাৰ সশস্ত্ৰ বাহিনীৰ কল্যাণৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিক প্ৰতিনিধিত্ব কৰে: প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা পদ এটা পেঞ্চন (অ'আৰঅ'পি) আঁচনিৰ দহ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে কয় যেদেশৰ সুৰক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা আমাৰ প্ৰবীণ আৰু প্ৰাক্তন সেৱা কৰ্মীসকলৰ সাহস আৰু ত্যাগৰ প্ৰতি এয়া এক শ্ৰদ্ধাঞ্জলি। তেওঁ লগতে কয় যে দীৰ্ঘদিনীয়া এই দাবীৰ মোকাবিলা কৰাৰ দিশত আৰু আমাৰ নায়কসকলৰ প্ৰতি আমাৰ দেশৰ কৃতজ্ঞতা পুনৰ নিশ্চিত কৰাৰ দিশত অ'আৰঅ'পি কাৰ্যকৰী কৰাৰ সিদ্ধান্ত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। শ্ৰী মোদীয়ে আশ্বাস দিয়ে যে চৰকাৰে আমাৰ সশস্ত্ৰ বাহিনীক শক্তিশালী কৰিবলৈ আৰু আমাক সেৱা আগবঢ়োৱা সকলৰ কল্যাণৰ বাবে সদায় সকলো ধৰণৰ প্ৰচেষ্টা কৰিব।

শ্ৰী মোদীয়ে সামাজিক মাধ্যম'এক্স'ত এটা পোষ্টত লিখিছে:

"আজিৰ দিনটোতে#এটা পদ এটা পেঞ্চন" (অ'আৰঅ'পি) কাৰ্যকৰী কৰা হৈছিল। দেশৰ সুৰক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা আমাৰ প্ৰবীণ আৰু প্ৰাক্তন সেৱা কৰ্মীসকলৰ সাহস আৰু ত্যাগৰ প্ৰতি এয়া এক শ্ৰদ্ধাঞ্জলি। অ'আৰঅ'পি কাৰ্যকৰী কৰাৰ সিদ্ধান্ত টো দীৰ্ঘদিনীয়া দাবীৰ মোকাবিলা কৰা আৰু আমাৰ নায়কসকলৰ প্ৰতি আমাৰ দেশৰ কৃতজ্ঞতা পুনৰ নিশ্চিত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ আছিল।"

"আপোনালোকেজানি সুখী হব যে দশকটোত লাখ লাখ পেঞ্চনাৰ আৰু পেঞ্চনাৰ পৰিয়ালএই যুগান্তকাৰী পদক্ষেপৰ দ্বাৰা লাভান্বিত হৈছে। অ'আৰঅ'পিয়ে আমাৰ সশস্ত্ৰ বাহিনীৰ কল্যাণৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিও প্ৰতিনিধিত্ব কৰে। আমি আমাৰ সশস্ত্ৰ বাহিনীক শক্তিশালী কৰিবলৈ আৰু আমাক সেৱা আগবঢ়োৱা সকলৰ কল্যাণৰ বাবে সদায় সকলো সম্ভৱ প্ৰচেষ্টা কৰিম। #এটা পদ এটা পেঞ্চন"

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India accelerates ‘semiconductor drive’ with Rs 1.64 lakh crore investment plan

Media Coverage

India accelerates ‘semiconductor drive’ with Rs 1.64 lakh crore investment plan
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 জুন 2026
June 29, 2026

PM Modi Advancing National Strength Through Unity, Innovation and Janbhagidari