প্ৰধানমন্ত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় প্ৰবাসী যুৱ প্ৰতিনিধিসকলকে প্ৰমুখ্য কৰি সমগ্ৰ ৰাষ্ট্ৰৰ প্ৰায় ৩ হাজাৰ যুৱ নেতাৰ সৈতে মত-বিনিময় কৰিব
নিৰ্বাচিত অংশগ্ৰহণকাৰীসকলে প্ৰধানমন্ত্ৰীৰ সন্মুখত ৰাষ্ট্ৰীয় গুৰুত্বসম্পন্ন মূল ক্ষেত্ৰসমূহৰ দহ বিষয়ভিত্তিক ট্ৰেকত চূড়ান্ত প্ৰেজেনটেচন আগবঢ়াব
বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়লগ, ২০২৬-ত সমগ্ৰ দেশৰ ৫০ লাখৰো অধিক যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰিছে

স্বামী বিবেকানন্দৰ জয়ন্তী অৰ্থাৎ ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ জানুৱাৰীৰ বিয়লি প্ৰায় ৪:৩০ বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপমত বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়লগ, ২০২৬-ৰ সামৰণি অধিবেশনত অংশগ্ৰহণ কৰিব।

প্ৰধানমন্ত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় প্ৰবাসী যুৱ প্ৰতিনিধিসকলকে প্ৰমুখ্য কৰি দেশৰ ভিন্ন প্ৰান্তৰ প্ৰায় ৩ হাজাৰ যুৱক-যুৱতীৰ সৈতে মত-বিনিময় কৰিব। নিৰ্বাচিত অংশগ্ৰহণকাৰীসকলে প্ৰধানমন্ত্ৰীৰ সন্মুখত দহটা বিষয়ভিত্তিক ট্ৰেকত চূড়ান্ত প্ৰেজেনটেচন আগবঢ়াই ৰাষ্ট্ৰীয় গুৰুত্বসম্পন্ন ক্ষেত্ৰসমূহত যুৱ-নেতৃত্বাধীন দৃষ্টিভংগী আৰু কাৰ্য্যকৰী ধাৰণাসমূহৰ সম্পৰ্কে অৱগত কৰিব।

এই কাৰ্য্যসূচীতে প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ উন্নয়নমূলক অগ্ৰাধিকাৰ আৰু দীৰ্ঘ-ম্যাদী ৰাষ্ট্ৰ-নিৰ্মাণৰ লক্ষ্যৰাজি সন্দৰ্ভত যুৱ অংশগ্ৰহণকাৰীসকলে লিখা নিৰ্বাচিত ৰচনাসমূহ সন্নিৱিষ্ট বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়লগ, ২০২৬-ৰ ৰচনা সংকলন উন্মোচন কৰিব।

এইবাৰ দ্বিতীয় সংস্কৰণ অনুষ্ঠিত বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়লগ হৈছে ভাৰতৰ যুৱক-যুৱতী আৰু ৰাষ্ট্ৰীয় নেতৃত্বৰ মাজত গাঁথনিগত সংযোগ স্থাপনৰ বাবে পৰিকল্পনা কৰা এখনি ৰাষ্ট্ৰীয় মঞ্চ। ৰাজনৈতিক সংযোগবিহীন এক লাখ যুৱক-যুৱতীক ৰাজনীতিত নিয়োজিত কৰাৰ লগতে বিকশিত ভাৰতৰ বাবে তেওঁলোকৰ ধাৰণাৰাজিক বাস্তৱত পৰিণত কৰিবলৈ এখনি ৰাষ্ট্ৰীয় মঞ্চ প্ৰদানৰ প্ৰধানমন্ত্ৰীৰ স্বাধীনতা দিৱসৰ আহ্বানেৰে সংগতি ৰাখি বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়লগৰ আয়োজন কৰা হৈছে।

২০২৬-ৰ ৯-১২ জানুৱাৰীত অনুষ্ঠিত বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়লগ, ২০২৬-ত সমগ্ৰ দেশৰ ৫০ লাখৰো অধিক যুৱক-যুৱতীয়ে ভিন্ন পৰ্য্যায়ত অংশগ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয়-পৰ্য্যায়ৰ চেম্পিয়নশ্বিপত একত্ৰিত হোৱা যুৱ নেতাসকলক এক কঠোৰ, মেধা-ভিত্তিক তিনি-স্তৰীয় বাছনি প্ৰক্ৰিয়াৰ জৰিয়তে বাছনি কৰা হৈছে। ইয়াত ৰাষ্ট্ৰজোৰা ডিজিটেল কুইজ, ৰচনা চেলেঞ্জ আৰু ৰাজ্যিক-পৰ্য্যায়ৰ দৃষ্টিভংগী উপস্থাপন আদি অন্তৰ্ভুক্ত হৈছে।

এই আলোচনাৰ দ্বিতীয় সংস্কৰণত ইয়াৰ উদ্বোধনী সংস্কৰণৰ সাফল্যৰাজিৰ আধাৰত মূল নতুন সংযোজনসমূহ কৰা হৈছে। ইয়াত আছে ভাৰতৰ বাবে ডিজাইন, বিকশিত ভাৰতৰ বাবে টেক - সামাজিক কাৰণৰ বাবে হেকৰ প্ৰৱৰ্তন, সম্প্ৰসাৰিত বিষয়ভিত্তিক সংযোগ। পোন-প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় অংশগ্ৰহণে এই আলোচনাৰ পৰিসৰ আৰু প্ৰভাৱ অধিক বৃদ্ধি কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Technical textiles critical to footwear sector

Media Coverage

Technical textiles critical to footwear sector
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 এপ্ৰিল 2026
April 29, 2026

Leadership That Plays, Builds & Delivers: PM Modi’s Vision Igniting Youth, Women & Northeast India