প্ৰধানমন্ত্ৰীয়ে লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক উত্তৰ প্ৰদান কৰি উত্তৰ পূৰ্বাঞ্চল পূৰ্বৰ দৰে অৱহেলিত হৈ থকা নাই বুলি উল্লেখ কৰে৷ তেওঁ কয় যে চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে আৰু উত্তৰ পূৰ্বাঞ্চল দেশৰ বিকাশত নতুন ইঞ্জিন হিচাপে বিবেচিত হৈছে৷ ‘‘উত্তৰ পূৰ্বাঞ্চলৰ জনতাই এতিয়া দিল্লী সুদূৰৰ স্থান বুলি গণ্য নকৰে৷ এতিয়া চৰকাৰ তেওঁলোকৰ দুৱাৰডলিত৷ আমাৰ মন্ত্ৰী আৰু বিষয়াসকলে নিয়মীয়াকৈ উত্তৰ পূৰ্বাঞ্চল পৰিভ্ৰমণ কৰে’’, তেওঁ এইদৰে কয়৷ প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ চৰকাৰে অঞ্চলটোত বিদ্যুৎ, ৰে’লৱে সংযোগ, ম’বাইল সংযোগৰ সুবিধা বিকশিত কৰাৰ উপৰিও আৰু বিকাশৰ বিভিন্ন পদক্ষেপৰো সূচনা কৰিছে৷ শেহতীয়াকৈ স্বাক্ষৰিত বড়ো চুক্তিৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সকলো পক্ষক আলোচনাৰ মেজলৈ আনি দশক পুৰণি বড়ো সমস্যাৰ সমাধান কৰা হৈছে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে কেৱল অৱহেলাৰ বাবেই এই সমস্যাত দশকজুৰি সহস্ৰাধিক লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে৷ ‘‘আমি সকলো পক্ষত আলোচনাৰ মেজলৈ আমন্ত্ৰণ কৰি আনিছো আৰু এই সমস্যা সমাধান হৈছে৷ ইয়াত কোনো সমস্যাৰ সমাধান বাদ পৰা নাই’’, তেওঁ এইদৰে কয়৷

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Modi Govt’s 12 years are transformational for industry’

Media Coverage

‘Modi Govt’s 12 years are transformational for industry’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 জুন 2026
June 12, 2026

Breaking Barriers, Building Bharat: PM Modi’s Historic Push for Gender Equality and Inclusive Growth