প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ দুগ্ধ উৎপাদক আৰু গ্ৰাম্য অৰ্থনীতিৰ প্ৰতি চৰকাৰৰ অটল দায়বদ্ধতাৰ কথা  পুনৰ দৃঢ়তাৰে কয়। প্ৰধানমন্ত্ৰীয়ে পুষ্টি সুৰক্ষা নিশ্চিত কৰা আৰু সৰ্বাংগীন বৃদ্ধিৰ ক্ষেত্ৰত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকৃতি দিয়ে।

 

ৰাষ্ট্ৰীয় গকুল মিছন, সমবায়ৰ প্ৰতি বৰ্ধিত সমৰ্থন আৰু স্থায়ী খণ্ডগত সংস্কাৰৰ দৰে ফ্লেগশ্বিপ পদক্ষেপৰ জৰিয়তে চৰকাৰে দুগ্ধ পৰিৱেশ তন্ত্ৰক আধুনিকীকৰণ আৰু সবলীকৰণৰ বাবে ধাৰাবাহিকভাৱে কাম কৰি আহিছে। শেহতীয়া #নেক্সটজেনজিএছটি সংস্কাৰে এই অভিযানত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে।

 

এক্সত  আমূল সমবায় সমিতিৰ এক পোষ্টৰ উত্তৰত শ্ৰী মোদীয়ে কয়।

 

“ভাৰতৰ গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰা আৰু লাখ লাখ লোকৰ পুষ্টিৰ সুৰক্ষা নিশ্চিত কৰাত আমাৰ অন্নদাতাসকলৰ অৱদান অতি গুৰুত্বপূৰ্ণ।

 

ৰাষ্ট্ৰীয় গোকুল মিছন, সমবায়ৰ প্ৰতি সমৰ্থন আৰু নিৰন্তৰ সংস্কাৰৰ দৰে পদক্ষেপৰ জৰিয়তে আমাৰ চৰকাৰে ভাৰতৰ দুগ্ধ খণ্ডৰ পৰিৱৰ্তনৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে।

 

#নেক্সটজেনজিএছটি সংস্কাৰ হৈছে লাখ লাখ দুগ্ধ উৎপাদকক সবলীকৰণ কৰা,   মূল্য সংযোজন বৃদ্ধি কৰা আৰু প্ৰতি ঘৰে ঘৰে দুগ্ধজাত সামগ্ৰী অধিক সুলভ কৰি তোলাৰ দিশত  আন এক পদক্ষেপ ।”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Modi Govt’s 12 years are transformational for industry’

Media Coverage

‘Modi Govt’s 12 years are transformational for industry’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 জুন 2026
June 12, 2026

Breaking Barriers, Building Bharat: PM Modi’s Historic Push for Gender Equality and Inclusive Growth