ভাৰতত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিযুক্তিপ্ৰাপ্ত ৰাষ্ট্ৰদূত ছাৰ্জিঅ' গ'ৰে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীয়ে তেওঁৰ সফল কাৰ্যকালৰ বাবে শ্ৰী গৰক শুভেচ্ছা জ্ঞাপন কৰে আৰু তেওঁৰ কাৰ্যকালত ভাৰত-মাৰ্কিন বিস্তৃত বিশ্বজনীন কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী হ'ব বুলি বিশ্বাস ব্যক্ত কৰে।
প্ৰধানমন্ত্ৰীয়ে এটা এক্স-পোষ্টত কৈছে;
"ভাৰতত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মনোনীত ৰাষ্ট্ৰদূত ছাৰ্জিঅ' গোৰক আদৰণি জনোৱাৰ বাবে সুখী। মই বিশ্বাস কৰো যে তেওঁৰ কাৰ্যকালত ভাৰত-মাৰ্কিন বিস্তৃত বিশ্বজনীন কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী হ'ব।
@SergioGor"
Glad to receive Mr. Sergio Gor, Ambassador-designate of the US to India. I’m confident that his tenure will further strengthen the India–US Comprehensive Global Strategic Partnership.@SergioGor pic.twitter.com/WSzsPxrJXv
— Narendra Modi (@narendramodi) October 11, 2025


