ইউৰোপিয়ান সাংসদৰ এটা সঁজাতী দলে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নতুন দিল্লীৰ লোককল্যাণ মাৰ্গৰ কাৰ্যালয়ত সাক্ষাৎ কৰে। ইউৰোপিয়ান সাংসদৰ দলটোৱে কাৰ্যভাৰ গ্ৰহণ কৰাৰ প্ৰাৰম্ভিকতেই ভাৰত ভ্ৰমণ কৰি সংসদীয় ব্যৱস্থাৰ গুৰুত্বক এক সুন্দৰ সম্পৰ্কৰ মাজেৰে বান্ধি ৰাখিব খোজা প্ৰয়াসক প্ৰধানমন্ত্ৰীয়ে প্ৰসংশা কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ইউৰোপিয়ান ইউনিয়নৰ সৈতে ভাৰতৰ সম্পৰ্কৰ ভেটিয়েই হৈছে দুয়োপক্ষৰ উমৈহতীয়া লক্ষ্য আৰু গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি উমৈহতীয়া প্ৰতিজ্ঞাবদ্ধতা। তেওঁ কয় যে এক যুক্তিসংগত আৰু ভাৰসাম্যগত BTIA এতিয়া চৰকাৰৰ বাবে এক অগ্ৰাধিকাৰযোগ্য বিষয় হৈ পৰিছে। ইউৰোপিয়ান ইউনিয়নৰ সৈতে আঞ্চলিক আৰু বৈশ্বিক বিষয়বোৰত সম্পৰ্ক শক্তিশালী কৰি তোলাৰ প্ৰয়োজনীয়তাৰ বিষয়েও উল্লেখ কৰি তেওঁ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিবলৈ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ঘনিষ্ঠ সহযোগিতাৰ গুৰুত্বৰ বিষয়েও আলোকপাত কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ লগতে বৈশ্বিক অংশীদাৰ হিচাপে আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ বিকাশৰ বিষয়েও উল্লেখ কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত ভ্ৰমণকাৰী সঁজাতী দলটোক স্বাগতম জনাই আশা ব্যক্ত কৰে যে দলটোৱে জম্মু কাশ্মীৰকে ধৰি ভাৰতৰ বিভিন্ন ঠাই ভ্ৰমণ কৰি সুখ অনুভৱ কৰিছে। জম্মু-কাশ্মীৰলৈ দলটোৱে গৈ জম্মু-কাশ্মীৰ আৰু লাডাখৰ উন্নয়ন আৰু প্ৰশাসনীয় অগ্ৰাধিকাৰৰ দিশবোৰৰ উপৰিও সাংস্কৃতিক আৰু ধৰ্মীয় বৈচিত্ৰ সম্পৰ্কে এক স্পষ্ট ধাৰণা লাভ কৰা বুলিও আশা ব্যক্ত কৰে প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতত ব্যৱসায় কৰাৰ সুচলতাৰ ক্ষেত্ৰত দেশখনে ২০১৪ চনৰ ১৪২ নং স্থানৰ পৰা সম্প্ৰতি ৬৩ নং স্থানলৈ বৃহৎ উত্তৰণ ঘটোৱাৰ বিষয়েও উল্লেখ কৰে। তেওঁ উল্লেখ কৰে যে এক বিশাল পৰিসৰৰ দেশ হিচাপে, ভৌগলিক বিশালতা আৰু বৈচিত্ৰতাৰে ভৰা দেশ হিচাপে ভাৰতৰ দৰে এখন দেশে লাভ কৰা এনে উত্তৰণ এক ব্যাপক সফলতা বুলিও দোহাৰে তেওঁ। প্ৰশাসনীয় ব্যৱস্থাই আজি দেশবাসীক প্ৰকৃতাৰ্থতে আশাবাদী কৰি তুলিছে বুলিও উছাহেৰে কয় প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীয়ে লগতে গুৰুত্ব সহকাৰে উল্লেখ কৰে যে প্ৰতিগৰাকী ভাৰতীয়ৰ বাবেই দেশত জীয়াই থকাৰ সুচলতা সুনিশ্চিত কৰাৰ বাবে চৰকাৰে অহৰহ কাম কৰি আহিছে। স্বচ্ছ ভাৰত অভিযান আৰু আয়ুষ্মান ভাৰতকে ধৰি চৰকাৰে গ্ৰহণ কৰা বিভিন্ন গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ সফলতাৰ বিষয়েও তেওঁ উল্লেখ কৰে। অহা ২০২৫ চনৰ ভিতৰত দেশৰ পৰা যক্ষ্মা ৰোগ সমুলঞ্চে নিৰ্মূল কৰাৰ বাবে গ্ৰহণ কৰা প্ৰতিজ্ঞাবদ্ধতাৰ বিষয়েও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ লগতে পৰিৱেশ সুৰক্ষা আৰু পৰিৱেশ সংৰক্ষণৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়েও অৱগত কৰে সঁজাতী দলটোক। তাৰ উপৰিও পুনৰ নবীকৰণযোগ্য শক্তিৰ লক্ষ্য আৰু একক ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ব্যৱহাৰৰ বিৰুদ্ধে আৰম্ভ কৰাৰ গণজাগৰণৰ বিষয়েও উল্লেখ কৰে ইউৰোপিয়ান ইউনিয়নৰ সজাতী দলটোক।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Proud Moment For Every Indian: PM Modi On Sarnath Being Inscribed On UNESCO World Heritage List

Media Coverage

Proud Moment For Every Indian: PM Modi On Sarnath Being Inscribed On UNESCO World Heritage List
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlights noble character as the foundation of respect, trust, and effective leadership
July 27, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting how a person of noble character earns respect in society and is regarded as worthy of every responsibility.

The Prime Minister wrote on X;

"शीलवान् पूजितो लोके शीलवान् साधुसम्मतः।

शीलवान् सर्वकर्मार्हः शीलवान् प्रियदर्शनः॥"

A person of noble character earns respect in society and the esteem of the virtuous. Through integrity, humility and disciplined conduct, such an individual is regarded as worthy of every responsibility. Their personality is admirable, inspiring and worthy of emulation. In truth, noble character is the true foundation of lasting success, effective leadership, and enduring trust.