প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰাছিলিয়াত ১৩ নৱেম্বৰত ১১সংখ্যক ব্ৰিকছ সন্মিলনৰ আজৰি সময়ত ৰাছিয়াৰ ৰাষ্ট্ৰপতি মাননীয় ভ্লাডিমিৰ পুটিনক সাক্ষাৎ কৰে৷ চলিত বৰ্ষত নেতা দুগৰাকীৰ এয়া চতুৰ্থটো সাক্ষাৎ৷

বৈঠকত নেতা দুগৰাকীয়ে দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতি পৰ্যালোচনা কৰে৷ আমাৰ প্ৰতিৰক্ষা মন্ত্ৰী, পেট্ৰ’লিয়াম মন্ত্ৰী আৰু প্ৰাকৃতিক গেছ মন্ত্ৰীৰ সফল ৰাছিয়া ভ্ৰমণৰ কথা প্ৰধানমন্ত্ৰীয়ে বিশেষভাৱে উল্লেখ কৰে৷

দুয়োগৰাকী নেতাই সন্তুষ্টিৰে প্ৰকাশ কৰে যে ২০২৫ৰ ভিতৰত ২৫ বিলিয়ন মাৰ্কিন ডলাৰৰ দ্বিপাক্ষিক বাণিজ্যৰ লক্ষ্যত ইতিমধ্যে উপনীত হোৱা গৈছে৷ তেওঁলোকে সিদ্ধান্ত লয় যে আঞ্চলিক পৰ্যায়ত বাণিজ্যৰ জটিলতা দূৰ কৰিবলৈ ৰাছিয়া আৰু ভাৰতৰ মাজত প্ৰথমখন দ্বিপাক্ষিক আঞ্চলিক সন্মিলন অহা বৰ্ষত অনুষ্ঠিত হ’ব৷

তেওঁলোকে তেল আৰু প্ৰাকৃতিক গেছৰ আমদানিত দেখিবলৈ পোৱা সুস্থিৰতা আৰু অগ্ৰগতিৰ বিষয়েও উল্লেখ কৰে৷ ৰাষ্ট্ৰপতি পুটিনে ৰাছিয়াৰ সুমেৰু অঞ্চলত প্ৰাকৃতিক গেছৰ সম্ভাৱনীয়তাৰ প্ৰসংগ উত্থাপন কৰি ভাৰতক এই অঞ্চলত বিনিয়োগ কৰিবলৈ আমন্ত্ৰণ জনায়৷

দুয়োগৰাকী নেতাই ৰেলৱে আদিৰ দৰে আন্তঃগাথনিমূলক ক্ষেত্ৰত দেশ দুখনৰ অগ্ৰগতিৰো বুজ লয়৷ তেওঁলোকে প্ৰতিৰক্ষা খণ্ড আৰু অসামৰিক পাৰমাণৱিক শক্তি খণ্ডৰ সহযোগিতাক লৈ সন্তুষ্টি প্ৰকাশ কৰে৷ তৃতীয় বিশ্বৰ দেশত অসামৰিক পাৰমাণৱিক শক্তি খণ্ডত সহযোগিতাৰ সম্ভাৱনীয়তাক তেওঁলোকে আদৰণি জনায়৷

ভাৰত আৰু ৰাছিয়াৰ মূৰব্বী দুগৰাকীয়ে লগতে উল্লেখ কৰে যে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় বিষয়ত উমৈহতীয়া পক্ষ গ্ৰহণ কৰিব আৰু ভৱিষ্যতলৈ ঘনিষ্ঠ আলোচনা অব্যাহত ৰাখিব৷

ৰাষ্ট্ৰপতি পুটিনে প্ৰধানমন্ত্ৰী মোদীক অহা বছৰ ৰাছিয়াৰ বিজয় দিৱসত উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনায়৷ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ আমন্ত্ৰণ আনন্দৰে গ্ৰহণ কৰে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India accelerates ‘semiconductor drive’ with Rs 1.64 lakh crore investment plan

Media Coverage

India accelerates ‘semiconductor drive’ with Rs 1.64 lakh crore investment plan
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 জুন 2026
June 29, 2026

PM Modi Advancing National Strength Through Unity, Innovation and Janbhagidari