#মন কী বাত হ’ল ৰাষ্ট্ৰ আৰু সমাজৰ বাবে দাপোণৰ দৰে৷ ইয়ে আমাৰ দেশৰ জনতাৰ অন্তঃৱৰ্তী শক্তি আৰু প্ৰতিভাক প্ৰতিফলিত কৰেঃ প্ৰধানমন্ত্ৰী
#মন কী বাতৰ বাবে, মই বহু পত্ৰ, টেলিফোন-কল লাভ কৰিছো কিন্তু তাত অভিযোগৰ পৰিমাণ তেনেই কমঃ প্ৰধানমন্ত্ৰী মোদী
জৰুৰীকালীন অৱস্থাৰ সময়ত গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰা হৈছিলঃ প্ৰধানমন্ত্ৰী #মন কী বাত
আইনৰ বাহিৰে যদি আন কিবা এই দেশৰ জনতাৰ নিকটতম আছে তেন্তে সেয়া হ’ল গণতান্ত্ৰিক সংস্কৃতিঃ #মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী
২০১৯ চনৰ লোকসভা নিৰ্বাচনত ভোটদান কৰা ভোটদাতাৰ সংখ্যা আমেৰিকাৰ জনসংখ্যাৰ প্ৰায় দুগুণ আৰু সমগ্ৰ ইউৰোপতকৈও অধিকঃ প্ৰধানমন্ত্ৰী #মন কী বাত
২০১৯ বৰ্ষৰ লোকসভা নিৰ্বাচন আছিল বিশ্বৰ ভিতৰতে বৃহৎ কাৰ্যসূচীঃ প্ৰধানমন্ত্ৰী মোদী #মন কী বাত
সামূহিক প্ৰয়াসৰ দ্বাৰা বৃহৎ আৰু ধনাত্মক পৰিৱৰ্তন লাভ কৰিব পাৰিঃ #মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদী
যেতিয়া আমি একত্ৰিতভাৱে কাম কৰো তেতিয়া কঠিন কামসমূহো সফলতাৰে সম্পন্ন হয়৷ জন জন জোড়েগা, জল বচেগাঃ প্ৰধানমন্ত্ৰী মোদী #মন কী বাত
স্বচ্ছতাৰ দৰে আহক জল সংৰক্ষণকো জন আন্দোলনলৈ পৰিৱৰ্তিত কৰোঃ প্ৰধানমন্ত্ৰী মোদী #মন কী বাত
#মন কী বাতঃ প্ৰধানমন্ত্ৰী মোদীয়ে চলচ্চিত্ৰ উদ্যোগ, ক্ৰীড়াবিদ, সংবাদ মাধ্যম, সামাজিক আৰু সাংস্কৃতিক সংস্থাসমূহক উদ্ভাৱনী শিবিৰৰ জৰিয়তে জল সংৰক্ষণৰ সজাগতা বৃদ্ধি কৰিবলৈ আহ্বান জনায়
২১ জুনত যোগ দিৱস অতি উৎসাহেৰ পালন কৰা হৈছিলঃ #মন কী বাতৰ সময়চোৱাত প্ৰধানমন্ত্ৰী মোদী
সুস্থ লোকে সুস্থ সমাজ গঢ়িব পাৰে আৰু যোগে সেয়া নিশ্চিতি কৰেঃ #মন কী বাতৰ সময়চোৱাত প্ৰধানমন্ত্ৰী মোদী

মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ৷ এক দীৰ্ঘ সময়ৰ পিছত, পুনৰবাৰ, আপোনালোক সকলোৰে মাজত, ‘মন কী বাত’,জনতাৰ কথা, জন–জনৰ কথা, জন–মনৰ কথা প্ৰক্ৰিয়া আৰম্ভ কৰিছো৷ নিৰ্বাচনী ব্যস্ততা যদিও বহু আছিল, ‘মন কী বাত’ৰ যি মজা সেয়া নাছিল৷ কিবা এটা যেন নাই তেনে অনুভৱ হৈছিল৷ আপোনালোকৰ মাজত, এক পাতলীয়া পৰিবেশত, ১৩০ কোটি দেশবাসীৰ পৰিয়ালৰ সদস্যৰ ৰূপত বহু কথা শুনিছিলো, দোহাৰিছিলো আৰু কেতিয়াবা–কেতিয়াবা আমাৰ নিজৰ কথাই আমাৰ বাবে প্ৰেৰণাদায়ী হৈ পৰিছিল৷ আপুনি কল্পনা কৰিব পাৰে যে এই মাজৰ সময়খিনি কিদৰে অতিবাহিত হ’ল৷ দেওবাৰ, শেষৰটো দেওবাৰ–১১ বজা, মোৰ এনে লাগিছিল যেন কিবা এটা থাকি গ’ল, আপোনালোকৰে তেনে লাগিছিল নে!নিশ্চয় লাগিছিল৷ বোধহয় এয়া কোনো নিৰ্জীৱ কাৰ্যসূচী নাছিল৷ এই কাৰ্যসূচীত প্ৰাণ আছিল, আপোনত্ব আছিল, মনৰ আপোনত্ব আছিল, হৃদয় জড়িত হৈছিল, আৰু এইবাবে মাজৰ যি সময়চোৱা গ’ল সেয়া মোৰ বাবে কঠিন সময় আছিল৷মই প্ৰতি পলে কিবা হেৰুৱাইছিলো আৰু যেতিয়াই মই ‘মন কী বাত’ কৰো, তেতিয়া কথা মই ক’লেও, শব্দ মোৰ হ’লেও, কথা আপোনালোকৰহে, পুৰুষাৰ্থ আপোনালোকৰহে, পৰাক্ৰম আপোনালোকৰহে৷ মইতো কেৱল মোৰ শব্দ, মোৰ বাণী ব্যৱহাৰ কৰিছিলো আৰু এইবাবে মই এই কাৰ্যসূচীক নহয় আপোনালোকৰ অনুপস্থিতি অনুভৱ কৰিছিলো৷ ৰিক্তযেন অনুভৱ কৰিছিলো৷ এবাৰ মন গ’ল যে নিৰ্বাচন শেষ হোৱাৰ ঠিক পিছতেই আপোনালোকৰ মাজলৈ আহি যাও৷ কিন্তু পিছত ভাবিলো– নহয়, সেই দেওবাৰৰ ক্ৰমটোৱেই থাকক৷ কিন্তু এই দেওবাৰে বহু অপেক্ষা কৰোৱালে৷ অৱশেষত সেই সুযোগটো আহিল৷ এক পাৰিবাৰিক পৰিবেশত ‘মন কী বাত’, সৰু–সৰু, পাতলীয়া, সমাজলৈ, জীৱনলৈ, যি পাতলীয়া পৰিৱৰ্তন আহে,এক প্ৰকাৰে তাৰ এই নিৰৱচ্ছিন্নতা, এক নতুন আত্মাক জন্ম দি আৰু এক প্ৰকাৰে নতুন ভাৰতৰ আত্মাক সামৰ্থ প্ৰদান কৰি এই গতি আগবাঢ়ক৷

যোৱা মাহৰ পৰা বহু বাৰ্তা পাইছো য’ত কোৱা হৈছে যে জনতাই ‘মন কী বাত’ৰ অনুপস্থিতি অনুভৱ কৰিছে৷ যেতিয়া মই পঢ়ো, শুনো, তেতিয়া মোৰ ভাল লাগে৷ মই আপোনত্ব অনুভৱ কৰো৷ কেতিয়াবা কেতিয়াবা মই ভাবো যে এয়া হ’ল মোৰ ‘স্ব’ৰ পৰা ‘সমষ্টি’লৈ যাত্ৰা৷ মোৰ ‘অহম’ৰ পৰা ‘বয়ম’লৈ যাত্ৰা৷ মোৰ বাবে আপোনালোকৰ সৈতে মোৰ এই মৌন সংবাদ এক প্ৰকাৰে মোৰ আধ্যাত্মিক যাত্ৰাৰ অনুভূতিৰ এক অংশ আছিল৷ বহু লোকে মোক নিৰ্বাচনৰ ধামখুমীয়াত..মই কেদাৰনাথলৈ কিয় গৈছিলো, বহু প্ৰশ্ন সুধিছিল৷ আপোনাৰ অধিকাৰ আছে, আপোনাৰ জিজ্ঞাসাও মই বুজি পাও আৰু মোৰো এনে লাগে যে কেতিয়াবা সেই ভাব মই আপোনালোকলৈও প্ৰেৰণ কৰো, কিন্তু আজি মোৰ এনে লাগিছে যে সেই দিশলৈ যদি মই গুচি যাও তেন্তে ‘মন কী বাত’ৰ ৰূপেই পৰিৱৰ্তন হৈ পৰিব আৰু সেইবাবে নিৰ্বাচনৰ এই ধামখুমীয়া, জয়–পৰাজয়ৰ অনুমান,তেতিয়া ভোট গণনাও বাকী আছিল আৰু মই গুচি গ’লো৷ অধিকাংশ লোকে তাত ৰাজনৈতিক অৰ্থ বিচাৰি আছে৷ মোৰ বাবে সেয়া মোক লগ পোৱাৰ অৱকাশ আছিল৷ এক প্ৰকাৰে মই মোক লগ পাবলৈ গৈছিলো৷ মই সেই কথা আজি নকও, কিন্তু এয়া নিশ্চয়কৈ কম যে ‘মন কী বাত’ৰ এই অল্পবিৰামৰ বাবে যি ৰিক্তভাৱ আছিল, কেদাৰৰ ঘাটিত, সেই একান্ত গুহাত ৰিক্তভাৱ কিছু কম কৰাৰ সুযোগ পাইছিলো৷ বাকী আপোনালোকৰ যি জিজ্ঞাসা আছে– ভাবিছো, কেতিয়াবা সেই বিষয়েও আলোচনা কৰিম৷ কেতিয়া কৰিম মই ক’ব নোৱাৰো, কিন্তু নিশ্চয় কৰিম, কাৰণ মোৰ ওপৰত আপোনালোকৰ অধিকাৰ আছে৷ যিদৰে কেদাৰৰ বিষয়ত জনতাই জানিবলৈ ইচ্ছা ব্যক্ত কৰিছে, ঠিক সেইদৰে এক ধনাত্মক কামক বল দিয়াৰ আপোনালোকৰ প্ৰয়াস, আপোনালোকৰ কথাৰ পৰা মই নিৰন্তৰে অনুভৱ কৰো৷ ‘মন কী বাত’ৰ বাবে যি চিঠি আহে, যি ইনপুট লাভ কৰো, সেয়া দৈনন্দিন চৰকাৰী কামতকৈ অনেক ভিন্ন৷ এক প্ৰকাৰে আপোনালোকৰ চিঠিও মোৰ বাবে কেতিয়াবা প্ৰেৰণাৰ কাৰক হৈ পৰে, শক্তিৰ কাৰণ হৈ পৰে৷ কেতিয়াবা কেতিয়াবা মোৰ চিন্তা–ধাৰাক ধাৰ দিয়াৰ কাম আপোনালোকৰ শব্দই কৰে৷ লোক, দেশ আৰু সমাজৰ সন্মুখত থিয় দিয়া প্ৰত্যাহ্বানসমূহক লক্ষ্য কৰিলে তাৰ সমাধানো পোৱা যায়৷ মই দেখিছো যে চিঠিসমূহত জনতাই সমস্যাৰ বৰ্ণনা কৰাৰ লগতে তাৰ সমাধানো, প্ৰস্তাৱনাও প্ৰদান কৰে৷ যদি কোনোবাই স্বচ্ছতাৰ বাবে লিখে, কিছুমানে লেতেৰাৰ প্ৰতি তেওঁৰ ক্ৰোধ জাহিৰ কৰিলিও স্বচ্ছতাৰ প্ৰতি কৰা প্ৰয়াসকো প্ৰশংসা কৰে৷ কোনোবাৰ পৰিবেশৰ কথা আলোচনা কৰিলে মনত উদয় হোৱা পীড়াৰ কথা ব্যক্ত কৰে, কিন্তু লগতে তেওঁ নিজে যি প্ৰয়োগ কৰিছে সেয়াও কয়– যি প্ৰয়োগ তেওঁ দেখিছে সেই বিষয়ে কয় আৰু যি কল্পনা তেওঁৰ মনলৈ আহে সেয়া চিত্ৰিত কৰে৷ অৰ্থাৎ এক প্ৰকাৰে সমস্যাসমূহৰ সমাধান সমাজব্যাপী কিদৰে হ’ব, ইয়াৰ ছবি মই আপোনালোকৰ কথাৰ পৰা অনুভৱ কৰো৷ ‘মন কী বাত’ দেশ আৰু সমাজৰ বাবে এক দাপোণৰ দৰে৷ ই আমাক কয় যে দেশবাসীৰ অন্তৰত শক্তি আৰু প্ৰতিভা কোনোগুণেই কম নহয়৷ প্ৰয়োজন আছে, সেই শক্তি আৰু প্ৰতিভাক সমাহিত কৰাৰ, অৱকাশ প্ৰদান কৰা,তাক ক্ৰিয়ান্বিত কৰাৰ৷ ‘মন কী বাতে’ এয়াও কয় যে দেশৰ উন্নতিত সমগ্ৰ ১৩০ কোটি দেশবাসী শক্তিশালী আৰু সক্ৰিয়তাৰে জড়িত হ’ব বিচাৰে আৰু মই এটা কথা নিশ্চয়কৈ ক’ম যে ‘মন কী বাত’লৈ ইমান চিঠি আহে, ইমান টেলিফোন কল আহে,ইমান বাৰ্তা আহে, কিন্তু তাত অভিযোগ কম আৰু কিছুমানে নিজৰ বাবে কিবা বিচৰাটো যোৱা পাঁচ বছৰত এবাৰো প্ৰত্যক্ষ নকৰিলো৷ আপোনালোকে কল্পনা কৰিব পাৰে, দেশৰ প্ৰধানমন্ত্ৰীলৈ কোনোবাই চিঠি লিখিছে, কিন্তু নিজৰ বাবে একো বিচৰা নাই, এয়া দেশৰ কোটি কোটি লোকৰ ভাবনা কিমান উচ্চ হ’ব৷ মই যেতিয়াই এই কথাবোৰ বিশ্লেষণ কৰো– আপোনালোকে কল্পনা কৰিব পাৰে, মোৰ হৃদয় কিমান সন্তোষিত হয়, মই কিমান শক্তি পাও৷ আপোনালোকে কল্পনা কৰা নাই যে আপোনালোকে মোক চলাই আছে, দৌৰাই আছে, আপোনালোকে মোক পলে পলে প্ৰাণৱন্ত কৰিছে আৰু এই যোগসূত্ৰৰেই মই অনুপস্থিতি অনুভৱ কৰিছিলো৷ আজি মোৰ মন আনন্দেৰে ভৰি পৰিছে৷ যেতিয়া মই শেষত কৈছিলো যে আমি তিনি–চাৰি মাহৰ পিছত লগ পাব, তেতিয়া কিছুমান লোকে তাতো ৰাজনৈতিক অৰ্থ বিচাৰিছিল আৰু কৈছিল যে মোদী মহোদয়ৰ ইমান আত্মবিশ্বাস! আত্মবিশ্বাশ মোদীৰ নাছিল– এই বিশ্বাস, আপোনালোকৰ বিশ্বাসৰ ভেটিৰ আছিল৷ আপোনালোকেই আছিল যিয়ে বিশ্বাসৰ ৰূপ লৈছিল আৰু এই কাৰণতেই সহজ ৰূপত মই যেতিয়া শেষৰ বাৰৰ ‘মন কী বাত’ কৈ দিছিলো যে কিছু মাহৰ পিছতেই মই আপোনালোকৰ কাষলৈ আহিম৷ প্ৰকৃততে মই অহা নাই– আপোনালোকে মোক আনিছে,আপোনালোকেই মই বহুৱাইছে আৰু আপোনালোকেই মোক পুনৰবাৰ কথা কোৱাৰ অৱকাশ প্ৰদান কৰিছে৷ এই ভাৱনাৰ সৈতে আহক, আমি ‘মন কী বাত’ৰ গতি আগবঢ়াই নিও৷

যেতিয়া দেশত জৰুৰীকালীন অৱস্থাৰ সৃষ্টি হৈছিল তেতিয়া বিৰোধিতা কেৱল ৰাজনৈতিক সীমাতেই সীমাৱদ্ধ নাছিল,ৰাজনেতাসকলৰ মাজতেই সীমাৱদ্ধ নাছিল, কাৰাগাৰ, আন্দোলনতেই সীমাৱদ্ধ নাছিল৷ জন–জনৰ হৃদয়ত এই আক্ৰোশ আছিল৷ হেৰুওৱা গণতন্ত্ৰৰ প্ৰতি আছিল৷ দিনে–ৰাতিয়ে যেতিয়া সময়মতে খাদ্য গ্ৰহণ কৰা হয় তেতিয়া যেনেকৈ ভোক কি সেই বিষয়ে গম পোৱা নাযায় ঠিক সেইদৰে সাধাৰণ জীৱনত গণতন্ত্ৰ অধিকাৰৰ কি মজা সেয়া তেতিয়াহে গম পোৱা যায় যেতিয়া তাক কাঢ়ি লোৱা হয়৷ প্ৰথমে দেশৰ নাগৰিক অনুভৱ কৰিবলৈ লৈছিল যে তেওঁলোকৰ পৰা কিবা এটা কাঢ়ি লোৱা হৈছে৷ এয়া তেওঁলোকৰ জীৱনত কেতিয়াও প্ৰয়োগ হোৱা নাছিল যদিও সেয়া কাঢ়ি লোৱাৰ ফলত যি বেদনা তেওঁলোকৰ হৃদয়ত হৈছিল আৰু এইবাবে নহয় যে ভাৰতৰ সংবিধানত এনে কিছুমান ব্যৱস্থা আছে যাৰ বাবে গণতন্ত্ৰ আছে৷ সমাজ ব্যৱস্থা চলোৱাৰ বাবে, সংবিধানৰ প্ৰয়োজন হয়, আইন, নিয়মৰো আৱশ্যক হয়, অধিকাৰ আৰু কৰ্তব্যৰো কথা কোৱা হয় কিন্তু ভাৰতে গৰ্বেৰে এয়া ক’ব পাৰে যে আমাৰ বাবে আইন নিয়মৰ ঊৰ্ধত গণতন্ত্ৰ আমাৰ সংস্কাৰ হয়, গণতন্ত্ৰ আমাৰ সংস্কৃতি হয়, গণতন্ত্ৰ আমাৰ ঐতিহ্য হয় আৰু সেই ঐতিহ্যক লৈ আমি ডাঙৰ–দীঘল হৈছো আৰু সেইবাবে তাৰ অনুপস্থিতি দেশবাসীয়ে অনুভৱ কৰে আৰু আৰম্ভণিতে আমি অনুভৱ কৰিছো আৰু সেইবাবে দেশ নিজৰ বাবে নহয়, এক সম্পূৰ্ণ নিৰ্বাচন নিজৰ হিতৰ বাবে নহয়, গণতন্ত্ৰৰ ৰক্ষাৰ বাবে সমৰ্পিত হৈছিল৷ বোধহয়, বিশ্বৰ কোনো দেশতে তাৰে জনতাই গণতন্ত্ৰৰ বাবে, নিজৰ অধিকাৰ, আৱশ্যকতাসমূহক গুৰুত্ব প্ৰদান নকৰি কেৱল গণতন্ত্ৰৰ বাবে ভোট দান কৰা নাই, এই দেশত ৭৭ চনত সেয়া হৈছিল৷ অলপতে গণতন্ত্ৰৰ এক মহাপৰ্ব, বহু ডাঙৰ নিৰ্বাচন অভিযান আমাৰ দেশত সম্পন্ন হ’ল৷ ধনীৰ পৰা দুখীয়ালৈ সকলো লোকে এই উৎসৱত আনন্দেৰে আমাৰ দেশৰ ভৱিষ্যতৰ সিদ্ধান্ত গ্ৰহণৰ বাবে তৎপৰতাৰে অংশগ্ৰহণ কৰিছিল৷

যেতিয়া কোনো বস্তু আমাৰ অতিশয় নিকট হয় তেতিয়া তাৰ গুৰুত্ব আমি অনুধাৱন নকৰো, তাৰ আকৰ্ষণীয় সত্যসমূহো আমি অৱজ্ঞা কৰো৷ আমি যি বহুমূলীয়া গণতন্ত্ৰ লাভ কৰিছো তাৰ দ্বাৰা অতি সহজে আমি ইয়াক অনুমোদিত বুলি ভাবো,কিন্তু আমি নিজৰে সোঁৱৰাই ৰখা আৱশ্যক যে আমাৰ গণতন্ত্ৰ অতি মহান আৰু এই গণতন্ত্ৰই আমাৰ শিৰাত যি স্থান লাভ কৰিছে– অতীজৰ সাধনাৰ ফলত, প্ৰজন্মজুৰি সংস্কাৰৰ ফলত, এক বিশাল ব্যাপক মনৰ অৱস্থাৰ ফলত লাভ কৰিছে৷ ভাৰতত ২০১৯ চনৰ লোকসভা নিৰ্বাচনত, ৬১ কোটিতকৈও অধিক লোকে ভোটদান কৰিছে৷ এই সংখ্যা দেখাত কম হ’লেও যদি বিশ্বৰ হিচাপত প্ৰত্যক্ষ কৰো তেন্তে চীনক বাদ দি আন দেশৰ সৰ্বমুঠ জনতাতকৈও অধিক লোকে এইবাৰ ভোটদান কৰিছে৷ যিসকল ভোটদাতাই ২০১৯ চনত লোকসভা নিৰ্বাচনত ভোটদান কৰিছে, তেওঁলোকৰ সংখ্যা আমেৰিকাৰ মুঠ জনসংখ্যাতকৈও অধিক, প্ৰায় দুগুণ৷ ভাৰতৰ মুঠ ভোটদাতাৰ যি সংখ্যা সেয়া ইউৰোপৰ জনসংখ্যাতকৈও অধিক৷ ই আমাৰ গণতন্ত্ৰৰ বিশালতা আৰু বিস্তৃতিৰ পৰিচয় কৰায়৷ ২০১৯ চনৰ লোকসভাৰ নিৰ্বাচন এই পৰ্যন্ত ইতিহাসত বিশ্বৰ সকলোতকৈ বৃহৎ গণতান্ত্ৰিক নিৰ্বাচন আছিল৷ আপুনি কল্পনা কৰিব পাৰে, এই প্ৰকাৰৰ নিৰ্বাচন সম্পন্ন কৰোৱাৰ বাবে কিমান বৃহৎ পৰ্যায়ৰ সংসাধন আৰু মানৱশক্তিৰ প্ৰয়োজন হ’ব৷ লক্ষাধিক শিক্ষক, বিষয়া আৰু কৰ্মচাৰীয়ে দিনে–নিশাই পৰিশ্ৰম কৰি ইয়াক সম্পন্ন কৰিলে৷ গণতন্ত্ৰ এই মহাযজ্ঞক সাফল্যমণ্ডিত কৰি তোলাৰ বাবে য’ত অৰ্ধসৈনিক বাহিনীৰ প্ৰায় ৩ লাখ সুৰক্ষাকৰ্মীয়ে নিজৰ দায়িত্ব পালন কৰিলে, বিভিন্ন ৰাজ্যৰ ২০ লাখ আৰক্ষীয়েও পৰিশ্ৰম কৰিলে৷ তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ফলতেই এইবাৰ পিছৰবাৰতকৈ অধিক ভোটদান হ’ল৷ ভোটদানৰ বাবে সমগ্ৰ দেশত প্ৰায় ১০ লাখ নিৰ্বাচনী কেন্দ্ৰ, প্ৰায় ৪০ লাখতকৈও অধিক ইভিএম মেচিন, ১৭ লাখতকৈও অধিক ভিভিপেট মেচিন, আপুনি কল্পনা কৰিব পাৰে কিমান বৃহৎ আয়োজন এয়া৷ এই সকলোবোৰ এই কাৰণেই কৰা হৈছিল যাতে এয়া সুনিশ্চিত হওক যাতে কোনো ভোটদাতাই নিজৰ ভোটৰ পৰা বঞ্চিত হ’ব নালাগে৷ অৰুণাচল প্ৰদেশৰ এক দুৰ্গম এলেকাত কেৱল এগৰাকী মহিলা ভোটদাতাৰ বাবে নিৰ্বাচনী কেন্দ্ৰ স্থাপন কৰা হৈছিল৷ আপুনি এয়া জানি আচৰিত হ’ব যে নিৰ্বাচন আয়োগৰ বিষয়াসকলে সেই স্থান পাবলৈ দুদিন পৰ্যন্ত যাত্ৰা কৰিবলগীয়া হৈছিল– এয়াইতো গণতন্ত্ৰৰ প্ৰতি প্ৰকৃত সন্মান৷ বিশ্বৰ ভিতৰত সবাতোকৈ উচ্চ স্থানত থকা ভোটদান কেন্দ্ৰও ভাৰততেই আছে৷ এই ভোটদান কেন্দ্ৰ হিমাচল প্ৰদেশৰ লাহোল–স্ফিতী ক্ষেত্ৰত ১৫০০০ ফুটৰ উচ্চতাত আছে৷ ইয়াৰোপৰি এই নিৰ্বাচনত গৌৰৱান্বিত কৰিব পৰা অনেক তথ্য আছে৷ বোধহয় এয়া ইতিহাসত প্ৰথম বাৰলৈ হৈছে যে মহিলাসকলে পুৰুষসকলৰ দৰেই উৎসাহেৰে ভোটদান কৰিছে৷ এই নিৰ্বাচনত মহিলা আৰু পুৰুষসকলৰ ভোটদানৰ সংখ্যা প্ৰায় সমান আছিল৷ ইয়াৰ সৈতে জড়িত আন এক উৎসাহদায়ী তথ্য এয়াই যে আজি সংসদত অভিলেখসংখ্যত ৭৮ গৰাকী মহিলা সাংসদ আছে৷ মই নিৰ্বাচন আয়োগক, এই নিৰ্বাচন প্ৰক্ৰিয়াৰ সৈতে জড়িত প্ৰত্যেকজন ব্যক্তিক অলেখ অভিনন্দন জনাইছো আৰু ভাৰতৰ সজাগ ভোটদাতাক প্ৰণাম জনাইছো৷

মোৰ মৰমৰ দেশবাসীসকল, আপোনালোকে মোৰ মুখেৰে চাগে কেইবাবাৰো শুনিছে, ‘বুকে নহয় বুক’, মই আহ্বান জনাইছিলো যে আমি স্বাগত–সৎকাৰ ফুলৰ পৰিৱৰ্তে কিতাপেৰে কৰিব নোৱাৰোনে৷ তেতিয়াৰে পৰা বহু লোকে কিতাপ প্ৰদান কৰিবলৈ ধৰিছিল৷ মোক অলপতে কোনোবাই ‘প্ৰেমচন্দৰ লোকপ্ৰিয় কাহিনী’ নামৰ কিতাপ এখন দিলে৷ মোৰ বহুত ভাল লাগিল৷ অধিক সময় নাপালেও প্ৰবাসলৈ যোৱাৰ সময়ত তাৰে কিছুমান কাহিনী মই পুনৰ পঢ়াৰ সুযোগ পালো৷প্ৰেমচন্দই নিজৰ কাহিনীত সমাজৰ যি যথাযথ চিত্ৰ অংকন কৰিছে, পঢ়াৰ সময়ত তাৰে ছবি মনত অংকিত হৈ ৰয়৷ তেওঁ লিখা কথাসমূহ জীৱন্ত হৈ উঠে৷ সহজ–সৰল ভাষাত মানৱীয় সংবেদনাক অভিব্যক্ত কৰা তেওঁৰ কাহিনীসমূহে মোৰ মন চুই গ’ল৷ তেওঁৰ কাহিনীত সমগ্ৰ ভাৰতৰ মনোভাৱ সমাহিত হৈ আছে৷ যেতিয়া মই তেওঁ লিখা ‘নিচা’ নামৰ কাহিনীটো পঢ়ি আছিলো তেতিয়া মোৰ মন নিজে নিজেই সমাজত ব্যাপ্ত আৰ্থিক বৈষম্যতাৰ দিশলৈ গুচি গ’ল৷ মোৰ নিজৰ যুৱাৱস্থাৰ দিন মনলৈ আহিল যে কিদৰে তেতিয়া এই বিষয়ত ৰাতি ৰাতি বিতৰ্ক হৈছিল৷ জমিদাৰৰ ল’ৰা ঈশ্বৰী আৰু দুখীয়া পৰিয়াল বীৰৰ এই কাহিনীৰ দ্বাৰা আমি এই শিকনি পাও যে যদি আপুনি সাৱধান নহয় তেন্তে বেয়া অভ্যাসে কেতিয়া গা কৰি উঠিব সেয়া গমেই নাপাব৷ দ্বিতীয়টো কাহিনী যি মোৰ অন্তৰ স্পৰ্শ কৰিলে সেয়া হ’ল ‘ঈদগাহ’৷ এটা সৰু ল’ৰাৰ সংবেদনশীলতা, নিজৰ আইতাকৰ বাবে বিশুদ্ধ প্ৰেম, ইমান কম বয়সতে ইমান পৰিপক্ক ভাব৷ ৪–৫ বছৰীয়া হামিদে যেতিয়া মেলাৰ পৰা চেপেনা এডাল লৈ আহি নিজৰ আইতাকৰ কাষলৈ আহে তেতিয়া প্ৰকৃততেই মানৱীয় সংবেদনাই চৰম পৰ্যায় স্পৰ্শ কৰে৷ এই কাহিনীৰ শেষৰটো শাৰীয়ে ভাবুক কৰি তোলে কিয়নো তাতে জীৱনৰ এক ডাঙৰ সত্য লুকাই আছে, ‘‘শিশু হামিদে বৃদ্ধ হামিদৰ ভাও লৈছিল– বৃদ্ধা আমীনা শিশু আমীনালৈ ৰূপান্তৰিত হৈছিল৷’’

এনেকুৱাই এক হৃদয় বিদাৰক কাহিনী হ’ল ‘পুহৰ নিশা’৷ এই কাহিনীত এজন দুখীয়া কৃষকৰ জীৱনৰ বিড়ম্বনাৰ সজীৱ চিত্ৰণ দেখিবলৈ পোৱা হৈছে৷ নিজৰ শস্য নষ্ট হোৱাৰ পিছতো হল্দু কৃষক এইবাবেই সুখী যে এইবাৰ শীতত তেওঁ খেতিত শুব নালাগিব৷ যদিও এই কাহিনীসমূহ দশক পূৰ্বে লিখা হৈছিল, তথাপিও ইয়াৰ প্ৰাসংগিকতা আজিও অনুভূত হয়৷ এয়া পঢ়াৰ পিছত মই এক ভিন্ন অনুভূতি লাভ কৰিলো৷

পঢ়াৰ কথা ওলাইছে যেতিয়া, তেতিয়া কোনো মিডিয়াত মই কেৰেলাৰ অক্ষৰা পুথিভঁৰালৰ বিষয়ে পঢ়ি আছিলো৷ আপোনালোকে এয়া জানি আচৰিত হ’ব যে এই পুথিভঁৰাল ইডুক্কীৰ ঘন অৰণ্যৰ মাজত থকা এখন গাঁৱত আছে৷ ইয়াৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক পি. কে. মুৰলীধৰণ আৰু সৰু চাহৰ দোকানৰ দোকানী পি. বি. চিন্নাথম্পী, এওঁলোক দুয়োয়ে এই পুথিভঁৰালৰ বাবে অশেষ পৰিশ্ৰম কৰিছে৷ এটা সময় এনে আছিল যেতিয়া পিঠিত বোজা কৰাই ইয়ালৈ কিতাপ অনা হৈছিল৷ আজি এই পুথিভঁৰালে আদিবাসীৰ শিশুসকলৰ সৈতে বহুতকে নতুন পথ প্ৰদৰ্শিত কৰিছে৷

গুজৰাটত বাঞ্চে গুজৰাটৰ এক সফল অভিযান সম্পন্ন হ’ল৷ লক্ষাধিক সংখ্যাত বিভিন্ন বয়সৰ ব্যক্তিয়ে গ্ৰন্থ অধ্যয়ন কৰাৰ এই অভিযানত অংশগ্ৰহণ কৰিলে৷ আজি ডিজিটেল বিশ্বত, গুগল গুৰুৰ সময়ত মই আপোনালোককো আহ্বান জনাম যে অলপ সময় উলিয়াই নিজৰ দৈনন্দিন জীৱনত কিতাপকো যাতে নিশ্চয়কৈ স্থান দিয়ে৷ আপোনালোকে সঁচাকৈয়ে উপভোগ কৰিব পাৰিব আৰু যিয়েই কিতাপ পঢ়ক সেই বিষয়ে নৰেন্দ্ৰ মোদী এপত যাতে নিশ্চয়কৈ লিখে যাতে ‘মন কী বাত’ৰ সকলো শ্ৰোতাই এই বিষয়ে গম পাব পাৰে৷

মোৰ মৰমৰ দেশবাসীসকল, মই এই কথাত সুখী হৈছো যে আমাৰ দেশৰ লোকে সেই বিষয়সমূহৰ ওপৰত চিন্তা কৰিছে যি কেৱল বৰ্তমানৰ বাবে নহয়, ভৱিষ্যতৰ বাবেও এক বৃহৎ প্ৰত্যাহ্বান হ’ব পাৰে৷ মই নৰেন্দ্ৰ মোদী এপ আৰু মাই গভত আপোনালোকৰ মন্তব্য পঢ়ি আছিলো আৰু মই দেখিলো যে পানীৰ সমস্যাৰ বিষয়ে বহু লোকে বহু কথা লিখিছে৷ বেলাগাৱীৰ পৱন গোঁহাই, ভুৱনেশ্বৰৰ সীতাংশু মোহন পৰিদা, তাৰোপৰি যশ শৰ্মা, শাহাব আলটাফ আৰু বহু লোকে মোক পানীৰ সৈতে জড়িত প্ৰত্যাহ্বানসমূহৰ বিষয়ে লিখিছে৷ পানী আমাৰ সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংশ৷ ঋগবেগৰ আপঃ সুক্তমত পানীৰ বিষয়ে কোৱা হৈছেঃ–

আপো হিষ্ঠা ময়ো ভুৱঃ স্থা ন উৰ্জে দধাতন, মহে ৰণায় চক্ষসে,

য়ো ৱঃ শিৱতমো ৰসঃ, তস্য ভাজয়তেহ নঃ উষতীৰিৱ মাতৰঃ৷

অৰ্থাৎ জলেই হ’ল জীৱনদায়িনী শক্তি, উৰ্জাৰ স্ৰোত৷ আপুনি মাৰ সমান অৰ্থাৎ মাতৃত্ব আপোনাৰ আশীৰ্বাদ৷ আপুনি আমাৰ ওপৰত আপোনাৰ কৃপাবৰ্ষণ কৰি থাকক৷ পানী নোহোৱাৰ ফলত দেশৰ বহু অংশ প্ৰতিবছৰে আক্ৰান্ত হয়৷ আপোনালোকে আচৰিত হ’ব যে সমগ্ৰ বছৰত বৰ্ষাৰ দ্বাৰা যি পানী পোৱা যায় তাৰে কেৱল ৮%হে আমাৰ দেশত বচাব পাৰি৷ কেৱল ৮%,এতিয়া সময় আহি পৰিছে, ইয়াৰ সমাধান উলিওৱাৰ৷ মোৰ বিশ্বাস যে আমি আন সমস্যাসমূহৰ দৰে জন সহযোগিতাৰে, এশ ত্ৰিশ কোটি দেশবাসীৰ সামৰ্থ, সহযোগ আৰু সংকল্পৰ দ্বাৰা এই সংকটৰো সমাধান উলিয়াব পাৰিম৷ পানীৰ গুৰুত্বক সৰ্বোপৰি ৰাখি দেশত নতুন জল শক্তি মন্ত্ৰালয় স্থাপন কৰা হৈছে৷ ইয়াৰ দ্বাৰা পানী সম্বন্ধীয় সকলো বিষয়ত দ্ৰুত সিদ্ধান্ত ল’ব পৰা হ’ব৷ কিছু দিন পূৰ্বে মই কিছু পৃথক কাম কৰাৰ প্ৰয়াস কৰিলো৷ মই দেশৰ পঞ্চায়ত, গাঁওবুঢ়াসকললৈ পত্ৰ লিখিলো৷ মই গাঁওবুঢ়াসকললৈ লিখিলো যে পানী সংৰক্ষণৰ বাবে, পানী সঞ্চয় কৰাৰ বাবে, বৰষুণৰ টোপাল টোপাল পানী সংৰক্ষণৰ বাবে তেওঁলোকে যাতে গাঁৱত বৈঠক অনুষ্ঠিত কৰি গাঁওবাসীৰ সৈতে বহি চিন্তা কৰে৷ এই কামত তেওঁলোকে উৎসাহ প্ৰদৰ্শিত কৰি এই মাহৰ ২২ তাৰিখে সহস্ৰাধিক পঞ্চায়তত কোটি কোটি লোক শ্ৰমদান কৰাৰ বাবে মই সুখী হৈছো৷ গাঁৱে গাঁৱে জনতাই পানীৰ একো একোটা টোপাল সঞ্চয় কৰাৰ বাবে সংকল্প গ্ৰহণ কৰিছে৷

আজি ‘মন কী বাত’ কাৰ্যসূচীত মই আপোনাক এজন পঞ্চায়ত কৰ্মীৰ কথা শুনোৱাব বিচাৰিছো৷ শুনক, ঝাৰখণ্ডৰ হাজাৰিবাগ জিলাৰ কটকমসাণ্ডী ব্ল’কৰ লুপুং পঞ্চায়ত পঞ্চায়ত কৰ্মীয়ে আমাক সকলোকে কি বাৰ্তা প্ৰদান কৰিছে৷

‘‘মোৰ নাম দিলীপ কুমাৰ ৰবিদাস৷ পানী সংৰক্ষণৰ বাবে যেতিয়া প্ৰধানমন্ত্ৰী মহোদয়ে আমালৈ পত্ৰ প্ৰেৰণ কৰিলে তেতিয়া বিশ্বাসেই হোৱা নাছিল যে প্ৰধানমন্ত্ৰীলৈ আমালৈ চিঠি লিখিছে৷ যেতিয়া আমি ২২ তাৰিখে গাঁৱৰ বাসিন্দাসকলক একত্ৰিত কৰি প্ৰধানমন্ত্ৰীৰ চিঠি পঢ়ি শুনালো তেতিয়া গাঁৱৰ জনতা উৎসাহিত হৈ পৰিল আৰু পানী সংৰক্ষণৰ বাবে পুখুৰী পৰিষ্কাৰ আৰু নতুন পুখুৰী নিৰ্মাণৰ বাবে শ্ৰমদান কৰি নিজৰ দায়িত্ব পালন কৰিবলৈ প্ৰস্তুত হৈ পৰিল৷ বাৰিষাৰ পূৰ্বে এয়া প্ৰৱন্ধন কৰিলে অনাগত সময়ত আমাৰ পানীৰ অভাৱ নহ’ব৷ ভালেই হ’ল আমাৰ প্ৰধানমন্ত্ৰীয়ে আমাক সময়মতে সজাগতা প্ৰদান কৰিলে৷’’

বিৰছা মুণ্ডাৰ ভূমি, য’ত প্ৰকৃতিৰ সৈতে সহৱস্থান কৰাটো সংস্কৃতিৰ এক অংশ৷ তাৰে জনতাই পুনৰবাৰ পানী সংৰক্ষণৰ বাবে নিজৰ সক্ৰিয় ভূমিকা পালনৰ বাবে প্ৰস্তুত হৈছে৷ মোৰ তৰফৰ পৰা, সকলো গাঁওবুঢ়াক, সকলো পঞ্চায়ত কৰ্মীক তেওঁলোকৰ এই সক্ৰিয়তাৰ বাবে অশেষ শুভকামনা জনাইছো৷ সমগ্ৰ দেশত এনে বহু পঞ্চায়ত আছে য’ত জল সংৰক্ষণৰ দায়িত্ব লোৱা হৈছে৷ ইয়াৰ জৰিয়তে সমগ্ৰ গাঁৱে এই সুবিধা পাইছে৷ এনেকুৱা লাগিছে যে গাঁৱৰ জনতাই এতিয়া নিজৰ গাঁৱত জল মন্দিৰ নিৰ্মাণৰ প্ৰতিযোগিতাত নামি পৰিছে৷ যিদৰে মই ক’লো যে যে সামুহিক প্ৰয়াসৰ দ্বাৰা বৃহৎ ধনাত্মক পৰিণাম লাভ কৰিব পাৰি৷ সমগ্ৰ দেশত জল সংকটৰ পৰা ৰক্ষা পোৱাৰ এটাই ফৰ্মূলা হ’ব নোৱাৰে৷ ইয়াৰ বাবে দেশৰ বিভিন্ন অংশত বিভিন্ন প্ৰকাৰৰ প্ৰয়াস কৰা হৈছে৷ কিন্তু সকলোৰে লক্ষ্য এটাই, সেয়া হ’ল পানী সংৰক্ষণ কৰা৷

পাঞ্জাৱত নৰ্দমাৰ লাইনবোৰ ঠিক কৰা হৈছে৷ এই প্ৰয়াসৰ দ্বাৰা পানী জমা হোৱাৰ সমস্যাৰ সমাধান হৈচে৷ তেনেংগানাৰ থিমাইপল্লীত টেংক নিৰ্মাণৰ দ্বাৰা গাঁৱৰ লোকসমূহৰ জীৱনৰ পৰিৱৰ্তন হৈছে৷ ৰাজস্থানৰ কবীৰধামত খেতিসমূহত নিৰ্মাণ কৰা সৰু পুখুৰীৰ দ্বাৰা এক বৃহৎ পৰিৱৰ্তন হৈছে৷ মই তামিলনাডুৰ বেল্লুৰত এক সামুহিক প্ৰয়াসৰ বিষয়ে পঢ়িবলৈ পাইছিলো য’ত নাগনদীক পুনৰ্জীৱিত কৰাৰ বাবে ২০ হাজাৰ গৰাকী মহিলা ওলাই আহিছিল৷ মই গাঢ়ৱালৰ সেই মহিলাসমূহৰ বিষয়েও পঢ়িছো য’ত সকলোৱে লগ হৈ বৰষুণৰ পানী জমা কৰাৰ ওপৰত ভাল কাম কৰি আছে৷ মোৰ বিশ্বাস যে এই ধৰণৰ বিভিন্ন প্ৰয়াসৰ দ্বাৰা আমি একত্ৰিত হৈ প্ৰয়াস কৰিলে অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰো৷ যেতিয়া জনতা জড়িত হৈ পৰিব তেতিয়াই পানী সংৰক্ষণ হ’ব৷ আজি ‘মন কী বাত’ৰ জৰিয়তে মই দেশবাসীসকলত ৩টা অনুৰোধ কৰিছো৷

মোৰ প্ৰথমটো অনুৰোধ– যিদৰে দেশবাসীসকলে স্বচ্ছতাক এক আন্দোলনৰ ৰূপ দিলে৷ আহক, ঠিক তেনেদৰে জল সংৰক্ষণৰ বাবে এক জন আন্দোলনৰ আৰম্ভণি কৰা হওক৷ আমি সকলোৱে একত্ৰিত হৈ পানীৰ প্ৰতিটো টোপাল ৰক্ষা কৰাৰ সংকল্প গ্ৰহণ কৰো আৰু মোৰ বিশ্বাস যে পানী হ’ল পৰমেশ্বৰৰ প্ৰসাদ, পানী হ’ল পৰমশমণি দৰে৷ প্ৰথমে ভবা হৈছিল যে পৰশমণিৰ দ্বাৰা লো সোণলৈ পৰিৱৰ্তিত হয়৷ মই কও, পানী হ’ল পৰশমণি, পানীৰ স্পৰ্শৰ দ্বাৰা নৱজীৱন প্ৰাপ্ত হয়৷ পানীৰ এটা এটা টোপাল ৰক্ষা কৰাৰ বাবে সজাগতা অভিযানৰ আৰম্ভণি কৰা হওক৷ ইয়াত পানীৰ সৈতে জড়িত সমস্যাৰ বিষয়ে কোৱা হওক, লগতে পানী সংৰক্ষণ কৰাৰ বিভিন্ন প্ৰকাৰৰ প্ৰচাৰ কৰা হওক৷ মই বিশেষ ৰূপত বিভিন্ন ক্ষেত্ৰৰ খ্যাতনামা ব্যক্তিসকলক, জল সংৰক্ষণৰ বাবে উদ্ভাৱনীমূলক শিবিৰৰ নেতৃত্ব প্ৰদান কৰিবলৈ আহ্বান জনাইছো৷ চলচ্চিত্ৰ জগতৰেই হওক, খেল জগতৰেই হওক, সংবাদ মাধ্যমৰ আমাৰ সহযোগীয়েই হওক, সামাজিক সংগঠনৰ সৈতে জড়িত লোকেই হওক, কথা–কীৰ্তন কৰা লোকেই হওক, সকলোৱে নিজৰ নিজৰ ধৰণে এই আন্দোলনৰ নেতৃত্ব প্ৰদান কৰক৷ সমাজক সজাগ কৰক, সমাজক একত্ৰিত কৰক, সমাজৰ সৈতে জড়িত হওক৷ আপোনালোকে দেখিব, আপোনালোকৰ চকুৰ সন্মুখতেই আমি পৰিৱৰ্তন দেখিবলৈ পাম৷

দেশবাসীসকললৈ মোৰ দ্বিতীয়টো অনুৰোধ৷ আমাৰ দেশত পানী সংৰক্ষণক বাবে বিভিন্ন পৰম্পৰাগত প্ৰক্ৰিয়া শতিকাজুৰি চলি আহিছে৷ মই আপোনালোক সকলোকে জল সংৰক্ষণৰ বাবে সেই পৰম্পৰাগত প্ৰক্ৰিয়াসমূহ বিনিময় কৰিবলৈ আহ্বান জনাইছো৷ আপোনালোকৰ কোনোবাজনে যদি পোৰবন্দৰ, পূজ্য বাপুৰ জন্মস্থানলৈ যোৱাৰ সৌভাগ্য লাভ কৰিছে তেন্তে পূজ্য বাপুৰ ঘৰৰ পিছফালে এটা ঘৰ আছে৷ তাত ২০০ বছৰীয়া পুৰণি পানীৰ এক সংৰক্ষণ টেংক আছে৷ আজিও তাত পানী আছে আৰু বৰষুণৰ পানী জমা কৰাৰ ব্যৱস্থা আছে৷ মই সদায়েই কও যে যিয়ে কীৰ্তি মন্দিৰলৈ যায় তেওঁ যাতে সেই পানীৰ টেংকটোও দৰ্শন কৰে৷ এনেকুৱা বহু প্ৰকাৰৰ ব্যৱস্থা সকলো স্থানতে থাকিব৷

আপোনালোক সকলোলৈ মোৰ তৃতীয়টো অনুৰোধ৷ জল সংৰক্ষণৰ দিশত গুৰুত্বপূৰ্ণ যোগদান প্ৰদান কৰা ব্যক্তিসকলক,স্বয়ং সেৱী সংগঠনসকলক আৰু এই ক্ষেত্ৰত কাম কৰা সকলো ব্যক্তিক, যাৰ এই বিষয়ে জ্ঞান আছে, তেওঁলোকক আপোনালোকৰ তথ্য প্ৰদান কৰক যাতে সমৃদ্ধ পানীৰ বাবে সমৰ্পিত, পানীৰ বাবে সক্ৰিয় সংগঠনৰ, ব্যক্তিসকলৰ এক ডাটাবেছ প্ৰস্তুত কৰিব পাৰিব৷ আহক, আমি জল সংৰক্ষণৰ সৈতে জড়িত বিভিন্ন প্ৰক্ৰিয়াসমূহৰ এক সূচী প্ৰস্তুত কৰি জনতাক জল সংৰক্ষণৰ বাবে উৎসাহিত কৰো৷ আপোনালোক সকলোৱে #JanShakti4JalShakti হেশ্বটেগ ব্যৱহাৰ কৰি নিজৰ তথ্য বিনিময় কৰিব পাৰে৷

মোৰ মৰমৰ দেশবাসীসকল, মই আৰু এটা কথাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো আৰু বিশ্বৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো৷ ২১ জুন তাৰিখে পুনৰবাৰ যোগ দিৱসত যি সক্ৰিয়তাৰ সৈতে, উৎসাহৰ সৈতে, এটা এটা পৰিয়ালৰ তিনি–চাৰিটা প্ৰজন্ম, একত্ৰিত হৈ যোগ দিৱস পালন কৰিলে, সামূহিক স্বাস্থ্য সেৱাৰ বাবে যি সজাগতা বৃদ্ধি হৈছে তাত যোগ দিৱসৰ মাহাত্ম বৃদ্ধি হ’বলৈ ধৰিছে৷ সকলোৱে, বিশ্বৰ প্ৰতিটো প্ৰান্তত সূৰ্য ওলোৱাৰ লগে লগেই যদি কোনোবাই তেওঁক স্বাগতম জনায় তেন্তে সেয়া সূৰ্য অস্ত যোৱাৰ পুৰী যাত্ৰা হিচাপে বিবেচিত হয়৷ বোধহয় এনেকুৱা স্থান নাই য’ত মানুহ আছে কিন্তু যোগৰ সৈতে জড়িত হোৱা নাই৷ যোগে ইমান ডাঙৰ আকাৰ লাভ কৰিছে৷ ভাৰতত, হিমালয়ৰ পৰা হিন্দু মহাসাগৰলৈ, চিয়াছিনৰ পৰা ছাবমেৰিনলৈ, এয়াৰ–ফ’ৰ্চৰ পৰা এয়াৰক্ৰাফ্ট কেৰিয়াৰলৈ, এচি জিমৰ পৰা উত্তপ্ত মৰুভূমিলৈ, গাঁৱৰ পৰা চহৰলৈ– য’তেই সম্ভৱ, এনেকুৱা কোনো স্থান নাই য’ত যোগ কৰা নাই৷ আনকি ইয়াক সামূহিক ৰূপত উদযাপনো কৰা হৈছে৷

বিশ্বৰ বিভিন্ন দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, খ্যাতনামা লোক, সাধাৰণ নাগৰিকে মোক টুইটাৰত দেখুৱাইছে যে কিদৰে তেওঁলোকে নিজৰ নিজৰ দেশত যোগ দিৱস পালন কৰিছে৷ সেই দিনা, বিশ্বক এক সুখী পৰিয়ালৰ দৰে দেখাইছিল৷

আমি সকলোৱে জানো যে এক সুস্থ সমাজৰ নিৰ্মাণৰ বাবে সুস্থ আৰু সংবেদনশীল ব্যক্তিৰ আৱশ্যক হয় আৰু যোগে এয়া সুনিশ্চিত কৰে৷ সেইবাবে যোগৰ প্ৰচাৰ হ’ল সমাজ সেৱাৰ এক মহান কাৰ্য৷ এনেকুৱা সেৱাক মান্যতা প্ৰদান কৰি তাক সন্মানিত কৰিব নালাগেনে? ২০১৯ বৰ্ষত যোগৰ প্ৰচাৰৰ বাবে আৰু বিকাশৰ বাবে উৎকৃষ্ট যোগদান কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ বঁটাৰ ঘোষণা এক সন্তোষৰ কথা হিচাপে বিবেচিত হৈছে৷ এই পুৰস্কাৰ বিশ্বৰ সেই সংগঠনসমূহক দিয়া হৈছে যাৰ বিষয়ে আপোনালোকে কল্পনাও কৰিব নোৱাৰে যে তেওঁলোকে কিদৰে যোগৰ প্ৰচাৰত গুৰুত্বপূৰ্ণ যোগদান কৰিছে৷ উদাহৰণৰ বাবে, ‘জাপান যোগ নিকেতন’কেই লওক, তেওঁলোকে যোগক সমগ্ৰ জাপানতেই জনপ্ৰিয় কৰি তুলিছে৷ ‘জাপান যোগ নিকেতন’ তাৰে বহু প্ৰতিষ্ঠান আৰু প্ৰশিক্ষণ কাৰ্যসূচী চলায় অথবা ইটালীৰ এণ্ট’নিয়েট্টা ৰ’জ্জিৰ নামেই লওক, তেওঁ সৰ্ব যোগ ইণ্টাৰনেচনেলৰ শুভাৰম্ভ কৰিছে আৰু সমগ্ৰ ইউৰোপত যোগৰ প্ৰচাৰ কৰিছে৷ এয়া এক প্ৰেৰণাদায়ী উদাহৰণ৷ যদি এয়া যোগৰ সৈতে জড়িত বিষয়, তেন্তে ভাৰতীয়সকল পিছ পৰি ৰ’ব নেকি? বিহাৰ যোগ বিদ্যালয়, মুংগেৰকো সন্মানিত কৰা হৈছে যি কেইবা দশক ধৰি যোগ শিক্ষা প্ৰদান কৰি আহিছে৷ সেইদৰে স্বামী ৰাজৰ্ষি মুনিকো সন্মানিত কৰা হৈছে৷ তেওঁ লাইফ মিছন আৰু লাকুলিশ্ব যোগ বিশ্ববিদ্যালয়ৰ স্থাপনা কৰিছে৷ যোগৰ ব্যাপক উদযাপন আৰু যোগৰ বাৰ্তা ঘৰে–ঘৰে প্ৰেৰণ কৰাসকলক সন্মান প্ৰদান, দুয়োৱে এইবাৰৰ যোগ দিৱসক বিশেষ কৰি তুলিলে৷

মোৰ মৰমৰ দেশবাসীসকল, আমাৰ এই যাত্ৰা আজি আৰম্ভ হৈছে৷ নতুন ভাৱ, নতুন অনুভূতি, নতুন সংকল্প, নতুন সামৰ্থ,কিন্তু হয়, মই আপোনালোকৰ পৰামৰ্শৰ বাবে অপেক্ষা কৰিম৷ আপোনালোকৰ চিন্তা–ধাৰাৰ সৈচে জড়িত হোৱাটো মোৰ বাবে এক ডাঙৰ কথা৷ ‘মন কী বাত’টো কেৱল এক নিমিত্তহে মাথো৷ আহক আমি লগ হও, কথা পাতি থাকো৷ আপোনালোকৰ ভাৱনাসমূহ শুনো, বুজো৷ কেতিয়াবা কেতিয়াবা সেই ভাৱনাসমূহৰ সৈতে জীয়াই থকাৰ প্ৰয়াস কৰো৷ আপোনালোকৰ আশীৰ্বাদ বৰষি থাকক৷ আপোনালোকেই মোৰ প্ৰেৰণা, আপোনালোকেই মোৰ শক্তি৷ আহক, একে লগে‘মন কী বাত’ৰ আনন্দ গ্ৰহণ কৰি জীৱনৰ দায়িত্ব পালন কৰো৷ পুনৰবাৰ অহা মাহত ‘মন কী বাত’ত পুনৰ লগ পাম৷ আপোনালোক সকলোলৈ মোৰ অশেষ ধন্যবাদ৷

নমস্কাৰ৷         

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jan Dhan accounts hold Rs 2.75 lakh crore in banks: Official

Media Coverage

Jan Dhan accounts hold Rs 2.75 lakh crore in banks: Official
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses gratitude to the Armed Forces on Armed Forces Flag Day
December 07, 2025

The Prime Minister today conveyed his deepest gratitude to the brave men and women of the Armed Forces on the occasion of Armed Forces Flag Day.

He said that the discipline, resolve and indomitable spirit of the Armed Forces personnel protect the nation and strengthen its people. Their commitment, he noted, stands as a shining example of duty, discipline and devotion to the nation.

The Prime Minister also urged everyone to contribute to the Armed Forces Flag Day Fund in honour of the valour and service of the Armed Forces.

The Prime Minister wrote on X;

“On Armed Forces Flag Day, we express our deepest gratitude to the brave men and women who protect our nation with unwavering courage. Their discipline, resolve and spirit shield our people and strengthen our nation. Their commitment stands as a powerful example of duty, discipline and devotion to our nation. Let us also contribute to the Armed Forces Flag Day fund.”