ক্ৰ: নং

বুজাবুজি চুক্তি/এমঅ’ইউৰ নাম

উদ্দেশ্য

২০২৪ চনৰ পৰা ২০২৯ চনলৈকে এই সময়ছোৱাৰ বাবে ৰাছিয়াৰ সুদূৰ পূবত বাণিজ্য, অৰ্থনৈতিক আৰু বিনিয়োগ খণ্ডত ভাৰত-ৰাছিয়াৰ সহযোগিতাৰ কাৰ্যসূচীৰ লগতে ৰাছিয়ান ফেডাৰেচনৰ আৰ্কটিক অঞ্চলত সহযোগিতাৰ সিদ্ধান্ত

ৰাছিয়াৰ সুদূৰ পূব ক্ষেত্ৰ আৰু ভাৰতৰ মাজত বাণিজ্য আৰু যৌথ বিনিয়োগ প্ৰকল্পত আৰু অধিক বৃদ্ধি সুবিধাজনক কৰা।

জলবায়ু পৰিৱৰ্তন আৰু নিম্ন-কাৰ্বন বিকাশৰ বিষয়সমূহত ভাৰতীয় গণৰাজ্যৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় তথা ৰাছিয়ান ফেডাৰেচনৰ অৰ্থনৈতিক উন্নয়ন মন্ত্ৰালয়ৰ মাজত বুজাবুজি চুক্তি

জলবায়ু পৰিৱৰ্তন আৰু নিম্ন-কাৰ্বন বিকাশৰ বিষয়সমূহৰ ওপৰত এক যৌথ কৰ্মগোট গঠন কৰা।

 

কম খৰচী প্ৰযুক্তি বিকশিত কৰিবলৈ তথ্য/উত্তম পদ্ধতিৰ আদান-প্ৰদান আৰু গৱেষণাৰ সহ-আয়োজন।

ভাৰতীয় জৰীপ বিভাগ আৰু ৰাছিয়ান ফেডাৰেচনৰ ৰাজ্যিক পঞ্জীয়ন, ভূমিৰ কেডাষ্টাৰ আৰু মানচিত্ৰকলা (কাৰ্টোগ্ৰাফী) সম্পৰ্কীয় ফেডাৰেল ছাৰ্ভিচৰ মাজত বুজাবুজি চুক্তি

ভূ-বিজ্ঞান (জিঅ’ডছি) মানচিত্ৰকলা (কাৰ্টোগ্ৰাফী) আৰু স্থানীয় তথ্য আন্তঃগাঁথনিৰ জ্ঞান আৰু অভিজ্ঞতাৰ আদান-প্ৰদান; বৃত্তিমূলক প্ৰশিক্ষণ আৰু সামৰ্থ্য বিকাশ; বৈজ্ঞানিক আৰু শিক্ষানুষ্ঠানৰ মাজত সহযোগিতা।

মেৰু অঞ্চলৰ গৱেষণা আৰু লজিষ্টিকৰ বিষয়ত সহযোগিতা সম্পৰ্কে ভাৰত চৰকাৰৰ পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় মেৰু আৰু মহাসাগৰীয় গৱেষণা কেন্দ্ৰ আৰু আৰ্কটিক তথা এন্টাৰ্কটিক গৱেষণা প্ৰতিষ্ঠানৰ মাজত বুজাবুজি চুক্তি।

সম্পদ আৰু তথ্য বিনিময় কৰি মেৰু পৰিৱেশ আৰু ইয়াৰ পৰিৱৰ্তনশীলতাৰ অধ্যয়নত সহযোগিতা; মেৰু অঞ্চলত লজিষ্টিক; যৌথ গৱেষণা; কৰ্মীৰ বিনিময়; আৰু মেৰু অঞ্চলত আন্তঃৰাষ্ট্ৰীয় কাৰ্যসূচী আৰু প্ৰকল্পত অংশগ্ৰহণ।

ভাৰতৰ প্ৰসাৰ ভাৰতী আৰু ৰাছিয়াৰ ANO "TV-Novosti" (Russia Today TV Channel)ৰ মাজত সম্প্ৰচাৰ সহযোগিতা আৰু অংশীদাৰিত্বৰ বুজাবুজি চুক্তি

অনুষ্ঠান, কৰ্মী আৰু প্ৰশিক্ষণৰ আদান-প্ৰদানকে ধৰি সম্প্ৰচাৰৰ ক্ষেত্ৰত সহযোগিতা।

ভাৰত গণৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ভাৰতীয় ফাৰ্মাকোপিয়া আয়োগ আৰু ৰাছিয়ান ফেডাৰেচনৰ স্বাস্থ্য মন্ত্ৰালয়ৰ ফেডাৰেল ষ্টেট বাজেট ইনষ্টিটিউচন “ঔষধীয় সামগ্ৰীৰ বিশেষজ্ঞ মূল্যায়নৰ বাবে বৈজ্ঞানিক কেন্দ্ৰ”ৰ মাজত বুজাবুজি চুক্তি

তথ্য বিনিময় আৰু সামৰ্থ্য বিকাশৰ জৰিয়তে মানুহৰ ব্যৱহাৰৰ বাবে উচ্চমানৰ ঔষধৰ উপলব্ধতা নিশ্চিত কৰা।

ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় মধ্যস্থতা কেন্দ্ৰ আৰু ৰাছিয়ান ফেডাৰেচনৰ চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক মধ্যস্থতা আদালতৰ মাজত সহযোগিতা চুক্তি

বাণিজ্যিক প্ৰকৃতিৰ দেৱানী আইন সম্পৰ্কীয় বিবাদ নিষ্পত্তিৰ সুবিধা প্ৰদান কৰা।

ইনভেষ্ট ইণ্ডিয়া আৰু জেএছচি “ৰাছিয়ান প্ৰত্যক্ষ বিনিয়োগ পুঁজিৰ পৰিচালনা কোম্পানী”ৰ মাজত যৌথ বিনিয়োগ প্ৰসাৰৰ কাঠামোৰ ওপৰত চুক্তি

বিনিয়োগ সম্পৰ্কীয় সহযোগিতাক উৎসাহিত আৰু প্ৰসাৰিত কৰি ভাৰতীয় বজাৰত ৰাছিয়াৰ কোম্পানীসমূহৰ বিনিয়োগ সুবিধাজনক কৰা।

ভাৰতীয় বাণিজ্য প্ৰসাৰ পৰিষদ আৰু অখিল ৰাছিয়ান ৰাজহুৱা সংস্থা “বিজনেছ ৰুছ”ৰ মাজত বুজাবুজি চুক্তি

দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগক প্ৰসাৰ কৰা, বিটুবি বৈঠকৰ আয়োজন কৰা, বাণিজ্য প্ৰসাৰ কাৰ্যসূচী; আৰু ব্যৱসায়িক প্ৰতিনিধি দলৰ বিনিময়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games

Media Coverage

Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 ছেপ্টেম্বৰ 2026
September 04, 2026

Make in India, Power India, Play for India: Multi-Sector Momentum Under PM Modi’s Leadership