বাণিজ্য

* বিমষ্টেক চেম্বাৰ অৱ কমাৰ্চৰ প্ৰতিষ্ঠা।

* প্ৰতি বছৰে বিমষ্টেক ব্যৱসায়িক সন্মিলনৰ আয়োজন।

* বিমষ্টেক অঞ্চলত স্থানীয় মুদ্ৰাত বাণিজ্যৰ সম্ভাৱনীয়তা সম্পৰ্কে অধ্যয়ন।

তথ্যপ্ৰযুক্তি

* ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি (ডিপিআই)ৰ অভিজ্ঞতা ভাগ-বাটোৱাৰা কৰিবলৈ বিমষ্টেক দেশসমূহৰ প্ৰয়োজনীয়তা বুজাৰ বাবে পৰীক্ষামূলক অধ্যয়ন

* বিমষ্টেক অঞ্চলত ইউ. পি. আই. আৰু পেমেণ্ট প্ৰণালীৰ মাজত সংযোগ

দুৰ্যোগ ব্যৱস্থাপনা আৰু প্ৰশমন

* দুৰ্যোগ ব্যৱস্থাপনা, সাহায্য আৰু পুনৰ্বাসনৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে ভাৰতত বিমষ্টেক দুৰ্যোগ ব্যৱস্থাপনাৰ উৎকৃষ্টতা কেন্দ্ৰ স্থাপন।

* চলিত বছৰত ভাৰতত বিমষ্টেক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ মাজত চতুৰ্থ যুটীয়া অনুশীলন অনুষ্ঠিত হ'ব।


নিৰাপত্তা

* ভাৰতত গৃহ মন্ত্ৰীসকলৰ ব্যৱস্থাৰ প্ৰথমখন বৈঠক

 
মহাকাশ

* বিমষ্টেক দেশসমূহৰ বাবে মানৱশক্তি প্ৰশিক্ষণৰ বাবে স্থল কেন্দ্ৰ স্থাপন, নেনো উপগ্ৰহ নিৰ্মাণ আৰু উৎক্ষেপণ, আৰু ৰিম’ট চেঞ্চিং ডাটাৰ ব্যৱহাৰ।

সামৰ্থ্য নিৰ্মাণ আৰু প্ৰশিক্ষণ


* "বোধি", অৰ্থাৎ, "মানৱ সম্পদ আন্তঃগাঁথনিৰ সংগঠিত বিকাশৰ বাবে বিমষ্টেক" পদক্ষেপ। ইয়াৰ অধীনত বিমষ্টেক দেশসমূহৰ ৩০০ যুৱক-যুৱতীক প্ৰতি বছৰে ভাৰতত প্ৰশিক্ষণ দিয়া হ’ব।

* ভাৰতীয় বন গৱেষণা প্ৰতিষ্ঠানত বিমষ্টেকৰ শিক্ষাৰ্থীসকলক বৃত্তি আৰু নালন্দা বিশ্ববিদ্যালয়ত বৃত্তি আঁচনিৰ সম্প্ৰসাৰণ।

* বিমষ্টেক দেশসমূহৰ যুৱ কূটনীতিবিদসকলৰ বাবে প্ৰতি বছৰে প্ৰশিক্ষণ কাৰ্যসূচী।

* বিমষ্টেক দেশসমূহত কৰ্কট ৰোগৰ চিকিৎসাৰ প্ৰশিক্ষণ আৰু সামৰ্থ্য বৃদ্ধিত সহায় কৰিব টাটা মেমোৰিয়েল চেণ্টাৰে।

* পৰম্পৰাগত ঔষধৰ গৱেষণা আৰু প্ৰচাৰৰ বাবে উৎকৃষ্টতা কেন্দ্ৰ স্থাপন।

* কৃষকসকলৰ সুবিধাৰ বাবে জ্ঞান আৰু সৰ্বশ্ৰেষ্ঠ অনুশীলন, গৱেষণা আৰু সামৰ্থ্য নিৰ্মাণৰ বিনিময়ৰ বাবে ভাৰতত উৎকৃষ্টতা কেন্দ্ৰ স্থাপন কৰা হ' ব।

শক্তি

* বেংগালুৰুত থকা বিমষ্টেক শক্তি কেন্দ্ৰৰ কাম আৰম্ভ।

* বৈদ্যুতিক গ্ৰীড আন্তঃসংযোগৰ কাম দ্ৰুতগতিত।

যুৱ অংশগ্ৰহণ

* চলিত বছৰত বিমষ্টেকৰ যুৱ নেতাসকলৰ সন্মিলন অনুষ্ঠিত হ’ব।

* বিমষ্টেকৰ হেকাথন আৰু যুৱ পেছাদাৰী দৰ্শনাৰ্থী কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ’ব।

ক্ৰীড়া

* এই বছৰ ভাৰতত 'বিমষ্টেক এথলেটিকছ মিট' অনুষ্ঠিত হৈছে।

* ২০২৭ চনত প্ৰথম বিমষ্টেক গেমছৰ আয়োজন।

সংস্কৃতি

* এই বছৰ ভাৰতত অনুষ্ঠিত হ’ব বিমষ্টেক পৰম্পৰাগত সংগীত মহোৎসৱ

সংযোগ

* সামৰ্থ্য নিৰ্মাণ, গৱেষণা, উদ্ভাৱন আৰু সামুদ্ৰিক নীতিত সমন্বয় বৃদ্ধিৰ বাবে কাম কৰিবলৈ ভাৰতত বহনক্ষম সামুদ্ৰিক পৰিবহণ কেন্দ্ৰ স্থাপন।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's high-flying ambitions: How policy overhaul doubled nation's MRO footprint from 96 to 166

Media Coverage

India's high-flying ambitions: How policy overhaul doubled nation's MRO footprint from 96 to 166
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 16 মে’ 2026
May 16, 2026

Petroleum Reserves Secured, Dollars Pouring In, AI Supercluster Rising — Welcome to PM Modi’s New India