প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাছিনাই ১৮ মাৰ্চ, ২০২৩ৰ সন্ধিয়া ৫ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাৰত-বাংলাদেশ ফ্ৰেইণ্ডশ্বিপ পাইপলাইন উদ্বোধন কৰিব।

ই হৈছে ভাৰত আৰু বাংলাদেশৰ মাজত ৩৭৭ কোটি টকা আনুমানিক ব্যয় সাপেক্ষে নিৰ্মাণ কৰা প্ৰথমটো সীমান্ত অতিক্ৰমি শক্তি পাইপলাইন। এই পাইপলাইনৰ বাংলাদেশৰ অংশটো প্ৰায় ২৮৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে। ভাৰত চৰকাৰে অনুদান সাহায্যৰ অধীনত এই অংশটোৰ ব্যয় বহন কৰিছে।

এই পাইপলাইনৰ বছৰি ১ নিযুত মেট্ৰিক টন (MMTPA) হাই-স্পীড ডিজেল (HSD) সৰবৰাহৰ ক্ষমতা আছে। আৰম্ভণিতে, ই উত্তৰ বাংলাদেশৰ সাতখন জিলালৈ হাই স্পীড ডিজেল যোগান ধৰিব।

ভাৰত-বাংলাদেশ ফ্ৰেইণ্ডশ্বিপ পাইপলাইন কাৰ্য্যক্ষমৰ লগে-লগে ভাৰতৰপৰা বাংলাদেশলৈ এইচএছডি পৰিবহণৰ এক বহনক্ষম, নিৰ্ভৰযোগ্য, ব্যয়-সাশ্ৰয়ী আৰু পৰিবেশ অনুকূল পদ্ধতি প্ৰশস্ত হ’ব আৰু দুয়োখন দেশৰ মাজত শক্তি সুৰক্ষাৰ ক্ষেত্ৰত সহযোগিতাৰ অধিক বৰ্ধন ঘটাব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India car sales to hit 4.7 million in FY26 despite bumps

Media Coverage

India car sales to hit 4.7 million in FY26 despite bumps
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 16 মাৰ্চ 2026
March 16, 2026

Thoughtful Strength: Balancing Security, Growth, and Autonomy Under PM Modi's Leadership