ভাৰত গণৰাজ্যৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ব্ৰাজিল গণতান্ত্ৰিক যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ' লুলা ডা ছিলভাৰ আমন্ত্ৰণত ২০২৫ চনৰ ৮ জুলাইত ব্ৰাজিল ভ্ৰমণ কৰে। বিগত আঠ দশক ধৰি বন্ধুত্ব আৰু বিশ্বাসৰ মনোভাৱ ব্ৰাজিল-ভাৰতৰ সম্পৰ্কৰ আধাৰশিলা হৈ আহিছে। ২০০৬ চনত এই সম্পৰ্ক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত হয়।

নেতাদ্বয়ে দ্বিপাক্ষিক, আঞ্চলিক আৰু আন্তৰ্জাতিক বিষয়সমূহৰ এক বিস্তৃত পৰিসৰৰ ওপৰত মতামত বিনিময় কৰে। তেওঁলোকে ভাৰত-ব্ৰাজিল কৌশলগত অংশীদাৰিত্বক শক্তিশালী কৰাৰ সমান্তৰালকৈ বিশ্ব পৰিক্ৰমাত উমৈহতীয়া মূল্যবোধৰ ওপৰত আধাৰিত আৰু উচ্চ উদ্দেশ্যৰ দ্বাৰা নিৰ্ভৰশীল দেশ দুখনৰ স্বতন্ত্র ভূমিকা বজাই ৰখাৰ জৰিয়তে দেশ দুখনৰ জনসাধাৰণৰ শান্তি, সমৃদ্ধি আৰু বহনক্ষম উন্নয়নত অৰিহণা যোগোৱাৰ বাবে তেওঁলোকৰ সংকল্প পুনৰ দৃঢ়তাৰে প্ৰকাশ কৰে।

ভাৰত আৰু ব্ৰাজিলৰ মাজত শক্তিশালী অৰ্থনৈতিক আৰু প্ৰযুক্তিগত সম্পৰ্কৰ ওপৰত ভিত্তি কৰি নেতাসকলে পৰৱৰ্তী দশকত দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে পাঁচটা অগ্ৰাধিকাৰমূলক স্তম্ভৰ আধাৰত এক কৌশলগত পৰিকল্পনা প্ৰস্তুত কৰাৰ সিদ্ধান্ত লয়ঃ

(ক) প্ৰতিৰক্ষা আৰু নিৰাপত্তা;
(খ) খাদ্য আৰু পুষ্টিৰ সুৰক্ষা;
(গ) শক্তি পৰিবৰ্তন আৰু জলবায়ু পৰিবৰ্তন;
(ঘ) ডিজিটেল ৰূপান্তৰ আৰু উদীয়মান প্ৰযুক্তি;
(ঙ) কৌশলগত ক্ষেত্ৰত ঔদ্যোগিক অংশীদাৰিত্ব।

নেতাদ্বয়ে তেওঁলোকৰ সংশ্লিষ্ট চৰকাৰী সংস্থাসমূহক পাঁচটা অগ্ৰাধিকাৰমূলক স্তম্ভত দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰাৰ দিশত একেলগে কাম কৰিবলৈ আৰু ব্ৰাজিল-ভাৰত যুটীয়া আয়োগলৈ হোৱা অগ্ৰগতিৰ বিষয়ে প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

(ক) প্ৰতিৰক্ষা আৰু নিৰাপত্তা

ব্ৰাজিল আৰু ভাৰতৰ মাজত প্ৰতিৰক্ষা আৰু নিৰাপত্তা বিষয়ত সমন্বিত দৃষ্টিভংগী আৰু কৌশলগত পৰিপূৰকতাক স্বীকৃতি দি নেতাদ্বয়ে যুটীয়া সামৰিক অনুশীলনত অংশগ্ৰহণ আৰু উচ্চ পৰ্যায়ৰ প্ৰতিৰক্ষা প্ৰতিনিধিৰ আদান-প্ৰদানকে ধৰি বৰ্ধিত প্ৰতিৰক্ষা সহযোগিতাক আদৰণি জনায়। তেওঁলোকে শ্ৰেণীবদ্ধ তথ্যৰ বিনিময় আৰু পাৰস্পৰিক সুৰক্ষা সম্পৰ্কীয় চুক্তি স্বাক্ষৰিত হোৱাত সন্তুষ্টি প্ৰকাশ কৰে আৰু ইয়াৰ জৰিয়ে বিভিন্ন কৌশলগত ক্ষেত্ৰত গভীৰ সহযোগিতা ত্বৰান্বিত হ’ব বুলি আশা প্ৰকাশ কৰে। তেওঁলোকে চাইবাৰ সুৰক্ষাৰ বিষয়ত তথ্য, অভিজ্ঞতা আৰু ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰ আদান-প্ৰদানৰ জৰিয়তে সহযোগিতা গভীৰ কৰাৰ এক মঞ্চ হিচাপে দ্বিপাক্ষিক চাইবাৰ সুৰক্ষা আলোচনাৰ সূচনাক আদৰণি জনায়।

প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ নিন্দা কৰাৰ লগতে ভাৰতৰ জনসাধাৰণ আৰু চৰকাৰৰ প্ৰতি প্ৰকাশ কৰা আন্তৰিক সমবেদনা আৰু সহমৰ্মিতাৰ বাবে ব্ৰাজিলৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে। দুয়োগৰাকী নেতাই সীমান্তৰ সন্ত্ৰাসবাদ তথা সকলো প্ৰকাৰৰ সন্ত্ৰাসবাদকে ধৰি হিংসাত্মক উগ্ৰবাদক দ্ব্যর্থহীনভাৱে নিন্দা কৰে। দুয়োপক্ষই সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধ আন্তঃৰাষ্ট্ৰীয় সঁহাৰিৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এনে জঘন্য কাৰ্য্যৰ কোনো যুক্তি নাই বুলি মত প্ৰকাশ কৰে। নেতাদ্বয়ে আন্তঃৰাষ্ট্ৰীয় সংগঠিত অপৰাধ আৰু সন্ত্ৰাসবাদ প্ৰতিৰোধ তথা ইয়াৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত সহযোগিতাৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে। এই সন্দৰ্ভত তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠিত অপৰাধৰ বিৰুদ্ধে যুঁজত সহযোগিতাৰ বাবে ব্ৰাজিল-ভাৰত চুক্তি স্বাক্ষৰক আদৰণি জনায়। তেওঁলোকে চাইবাৰ ক্ৰাইম সন্দৰ্ভত আয়োজিত ৰাষ্ট্ৰসংঘৰ সন্মিলনৰ প্ৰশংসা কৰে আৰু ২০২৫ চনত হানোইত অনুষ্ঠিত হ’বলগীয়া ইয়াৰ স্বাক্ষৰ অনুষ্ঠানত সমৰ্থন আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে।

নেতাদ্বয়ে ১২৬৭ৰ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ নিষেধাজ্ঞা সমিতিয়ে নিষিদ্ধ ঘোষণা কৰা লষ্কৰ-ই-তৈবা (এলইটি) আৰু জইছ-ই-মহম্মদ (জেইএম)ৰ দৰে গোটকে ধৰি ৰাষ্ট্ৰসংঘই নিষিদ্ধ ঘোষণা কৰা সকলো সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদী গোটৰ বিৰুদ্ধে সমন্বিত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়। নেতাসকলে ৰাষ্ট্ৰসংঘ আৰু এফ এ টি এফকে ধৰি সন্ত্ৰাসবাদৰ বিত্তীয় ব্যৱস্থাসমূহ ব্যাহত কৰাৰ বাবে সক্ৰিয় ব্যৱস্থা গ্ৰহণ অব্যাহত ৰখাৰ দৃঢ় প্ৰতিশ্ৰুতি পুনৰ দোহাৰে।

ৰাষ্ট্ৰপতি লুলাই প্ৰধানমন্ত্ৰী মোদী আৰু ভাৰতক ইয়াৰ মহাকাশ কাৰ্যসূচীৰ সাফল্যৰ বাবে অভিনন্দন জনায়। নেতাসকলে বাহ্যিক মহাকাশ আৰু সামুদ্ৰিক তথা মহাসাগৰীয় সহযোগিতাৰ শান্তিপূৰ্ণ ব্যৱহাৰকে ধৰি কৌশলগত ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ গুৰুত্বৰ ওপৰত সন্মতি প্ৰকাশ কৰে। দুয়োপক্ষই গৱেষণা আৰু উন্নয়ন তথা প্ৰশিক্ষণৰ উপৰি উপগ্ৰহৰ আৰ্হি, উন্নয়ন, উৎক্ষেপণ বাহন, বাণিজ্যিক উৎক্ষেপণ আৰু নিয়ন্ত্ৰণ কেন্দ্ৰকে ধৰি নিজ নিজ মহাকাশ সংস্থাৰ মাজত সহযোগিতাৰ বাবে অধিক সুযোগ অন্বেষণ কৰিবলৈ সন্মত হয়।

বৰ্তমানৰ বৰ্ধিত ভূ-ৰাজনৈতিক উত্তেজনা সন্দৰ্ভত নেতাদ্বয়ে বহুপাক্ষিকতাক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁলোকে বিবাদৰ শান্তিপূৰ্ণ সমাধানৰ বাবে আলোচনা আৰু অন্যান্য প্ৰণালীক উৎসাহিত কৰাৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি দৃঢ়তাৰে কয় যে কূটনীতি হৈছে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা নিশ্চিত কৰাৰ আটাইতকৈ কাৰ্যকৰী উপায়। তেওঁলোকে নিৰাপত্তা আৰু উন্নয়নৰ মাজৰ পাৰস্পৰিক নিৰ্ভৰশীলতাৰ ওপৰত আলোকপাত কৰে আৰু শান্তি স্থাপনৰ বাবে ব্যৱস্থা ত্বৰান্বিত কৰাৰ পোষকতা কৰাৰ লগতে কয় যে এয়া স্থায়ী শান্তিৰ নিশ্চয়তাৰ বাবে অত্যাৱশ্যকীয়।

নেতাদ্বয়ে লেটিন আমেৰিকা আৰু কেৰিবিয়ান, এছিয়া আৰু আফ্ৰিকাৰ দৰে কম প্ৰতিনিধিত্ব থকা অঞ্চলৰ উন্নয়নশীল দেশসমূহৰ অধিক প্ৰতিনিধিত্বৰ সৈতে স্থায়ী আৰু অস্থায়ী সদস্যপদ দুয়োটা শ্ৰেণীত ইয়াৰ সম্প্ৰসাৰণকে ধৰি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এক ব্যাপক সংস্কাৰৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে। এই সন্দৰ্ভত তেওঁলোকে সম্প্ৰসাৰিত নিৰাপত্তা পৰিষদত নিজৰ দেশসমূহৰ স্থায়ী সদস্যপদৰ বাবে পাৰস্পৰিক সমৰ্থনৰ কথা পুনৰ দোহাৰে। নেতাসকলে পুনৰ দৃঢ়তাৰে কয় যে ব্ৰাজিল আৰু ভাৰতে নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ বিষয়ত ঘনিষ্ঠ সমন্বয়ৰে কাম কৰি থাকিব। ভাৰতে ২০২৮-২৯ কাৰ্যকালত অস্থায়ী ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ আসনৰ বাবে ভাৰতৰ প্ৰাৰ্থীত্বৰ প্ৰতি ব্ৰাজিলৰ সমৰ্থনক আদৰণি জনায়।

নেতাদ্বয়ে তেওঁলোকৰ দেশসমূহৰ ঔপনিৱেশিকতাৰ পৰা পৰিত্ৰাণ পোৱা আৰু সাৰ্বভৌমত্বৰ নিশ্চয়তাৰ ঐতিহাসিক সংগ্ৰামৰ কথা স্মৰণ কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় আইনৰ শাসনৰ অধীনত এক সুন্দৰ আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা গঢ়ি তোলাৰ উদ্দেশ্য আৰু গ্লোবেল ছাউথৰ আকাংক্ষাৰ প্ৰতি মনোযোগ দিয়া সন্দৰ্ভত আলোচনা কৰে। ২০২৫ চনত ৰাষ্ট্ৰসংঘৰ ৮০ সংখ্যক বাৰ্ষিকীৰ কথা স্মৰণ কৰি তেওঁলোকে আন্তৰ্জাতিক শাসন প্ৰতিষ্ঠানসমূহৰ এক জৰুৰী আৰু ব্যাপক সংস্কাৰৰ হকে তেওঁলোকৰ সমৰ্থন প্ৰকাশ কৰে, যাৰ জৰিয়তে সিদ্ধান্ত গ্ৰহণ সংস্থাসমূহত উন্নয়নশীল দেশসমূহৰ প্ৰতিনিধিত্ব বৃদ্ধি হৈ সমসাময়িক ভূ-ৰাজনৈতিক বাস্তৱতাৰ সৈতে খাপ খাব। সাম্প্ৰতিক প্ৰত্যাহ্বানৰ পৰিসৰত সমানে উচ্চাকাংক্ষী সঁহাৰিৰ প্ৰয়োজন বুলি স্বীকাৰ কৰি তেওঁলোকে ৰাষ্ট্ৰসংঘৰ চনদৰ ১০৯ নং অনুচ্ছেদ অনুসৰি এক পুনৰীক্ষণ সন্মিলন আহ্বানকে ধৰি এক ব্যাপক সংস্কাৰক উৎসাহিত কৰে।

নেতাদ্বয়ে মধ্য প্ৰাচ্যত শেহতীয়াকৈ বৃদ্ধি পোৱা নিৰাপত্তা পৰিস্থিতি সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰাৰ লগতে কয় যে অঞ্চলটোৰ একাধিক সংঘাতৰ সমাধানৰ বাবে আলোচনা আৰু কূটনীতিৰ কোনো বিকল্প নাই। সকলো সংশ্লিষ্ট পক্ষই মধ্য প্ৰাচ্যত স্থায়ী শান্তি, নিৰাপত্তা আৰু সুস্থিৰতাৰ দিশত কাম কৰিব বুলি নেতাদ্বয়ে আশা প্ৰকাশ কৰে।

দুয়োগৰাকী নেতাই ইজৰাইলৰ সৈতে শান্তি আৰু নিৰাপত্তাত একেলগে সুৰক্ষিত আৰু পাৰস্পৰিকভাৱে স্বীকৃত সীমান্তৰ ভিতৰত বাস কৰা পেলেষ্টাইনৰ এক সাৰ্বভৌম ব্যৱহাৰযোগ্য আৰু স্বাধীন ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ বাবে আলোচনা কৰা দ্বি-ৰাষ্ট্ৰীয় সমাধানৰ গুৰুত্ব সন্দৰ্ভত আলোচনা কৰে। তেওঁলোকে সকলো পণবন্দীক মুকলি কৰাৰ লগতে গাজাৰ মাজেৰে দ্ৰুত, সুৰক্ষিত আৰু বাধাহীন মানৱীয় প্ৰৱেশৰ সুবিধাৰে ভৰা স্থায়ী শান্তি সুৰক্ষিত ৰখাৰ উদ্দেশ্যে আলোচনা অব্যাহত ৰখাৰ বাবে আহ্বান জনায়।

নেতাদ্বয়ে ইউ এন আৰ ডব্লিউ এৰ প্ৰতি তেওঁলোকৰ অটল সমৰ্থন পুনৰ প্ৰকাশ কৰে আৰু ইয়াৰ পাঁচটা ক্ষেত্ৰত পেলেষ্টাইন শৰণাৰ্থীসকলক মৌলিক সেৱাৰ ব্যৱস্থাৰ বাবে ইউ এন জি এৰ দ্বাৰা প্ৰদান কৰা জনাদেশক সম্পূৰ্ণৰূপে সন্মান কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

নেতাদ্বয়ে ইউক্ৰেইনৰ সংঘাতৰ বিষয়ে আলোচনা কৰাৰ লগতে বৃহৎ মানৱীয় তথা বস্তুগত ক্ষতিৰ লগতে গ্লোবেল ছাউথৰ দেশসমূহত ইয়াৰ প্ৰভাৱৰ বাবে দুখ প্ৰকাশ কৰে। তেওঁলোকে শত্ৰুতা বন্ধ কৰাৰ দিশত কৰা কূটনৈতিক প্ৰচেষ্টাক আদৰণি জনোৱাৰ লগতে সকলো পক্ষক সংঘাতৰ এক শান্তিপূৰ্ণ আৰু স্থায়ী সমাধানৰ দিশত আগবাঢ়ি যাবলৈ আহ্বান জনায়।

(খ) খাদ্য আৰু পুষ্টিৰ সুৰক্ষা

নেতাদ্বয়ে তেওঁলোকৰ দেশত উন্নয়ন, অসমতাৰ বিৰুদ্ধে যুঁজ আৰু সামাজিক অন্তৰ্ভুক্তি নীতিৰ প্ৰচাৰৰ বাবে সংকল্প পুনৰ নিশ্চিত কৰে। তেওঁলোকে খাদ্য আৰু পুষ্টি সুৰক্ষা বৃদ্ধিৰ লক্ষ্যৰে স্থায়ী কৃষি, লাভালাভ আৰু কৃষকসকলক উপাৰ্জন সমৰ্থনৰ জৰিয়তে উৎপাদনশীলতা বৃদ্ধিৰ লক্ষ্যত উপনীত হোৱাৰ লক্ষ্যৰে নীতি আৰু কাৰ্যসূচী প্ৰণয়ন কৰাৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, লগতে দাৰিদ্ৰতা, ক্ষুধা আৰু অপুষ্টিৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱিত লোকসকলৰ ওপৰত গুৰুত্ব দি স্বাস্থ্য আৰু মানসম্পন্ন শিক্ষা প্ৰদান কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। তেওঁলোকে ২০৩০ চনৰ ভিতৰত বিশ্বজুৰি ক্ষুধা নিৰ্মূলৰ লক্ষ্য স্মৰণ কৰাৰ লগতে ক্ষুধা আৰু দাৰিদ্ৰতাৰ বিৰুদ্ধে গোলকীয় মিত্ৰতাক তেওঁলোকৰ সমৰ্থন পুনৰ আৰম্ভ কৰি প্ৰমাণিত ফলপ্ৰসূ ৰাজহুৱা নীতি আৰু সামাজিক প্ৰযুক্তিৰ ৰূপায়ণৰ বাবে সম্পদ আৰু জ্ঞান একত্ৰিত কৰাত মিত্ৰজোঁটে পালন কৰিব পৰা গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকৃতি দিয়ে।

বিশ্বৰ প্ৰধান খাদ্য উৎপাদকসকলৰ কৰ্ণধাৰ হিচাপে তেওঁলোকে উৎপাদনশীল, বহনক্ষম আৰু স্থিতিস্থাপক কৃষিজাত খাদ্য প্ৰণালী প্ৰাপ্ত কৰাৰ এক উপায় হিচাপে নিৰপেক্ষ আৰু মুকলি কৃষি বাণিজ্যৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁলোকে সমগ্ৰ খাদ্য যোগান শৃংখলাত কৃষক আৰু শ্ৰমিকসকলৰ জীৱিকাৰ সহায় কৰাৰ লগতে ৰাষ্ট্ৰীয়, আঞ্চলিক আৰু বিশ্ব খাদ্য সুৰক্ষাৰ প্ৰচাৰৰ ক্ষেত্ৰত খাদ্য সুৰক্ষাৰ উদ্দেশ্যে ৰাজহুৱা ষ্টকহোল্ডিংকে ধৰি সুচাৰুৰূপে কাম কৰা কৃষি বজাৰ আৰু কৃষি নীতি বজাই ৰখাত চৰকাৰৰ কেন্দ্ৰীয় ভূমিকাৰ কথা পুনৰ নিশ্চিত কৰে। দুয়োপক্ষই দুয়োখন দেশৰ খাদ্য আৰু পুষ্টি সুৰক্ষা নিশ্চিত কৰা তথা বহনক্ষম কৃষি পদ্ধতিৰ বাবে প্ৰযুক্তি প্ৰৱৰ্তনৰ লক্ষ্যৰে বহুপাক্ষিক পৰ্যায়কে ধৰি কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ সম্ভাৱনাৰ ওপৰতো সন্মতি প্ৰকাশ কৰে। তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক মুকলি, নিৰপেক্ষ, স্বচ্ছ, অন্তৰ্ভুক্তিমূলক, ন্যায়সংগত, বৈষম্যহীন আৰু নিয়ম-আধাৰিত বহুপাক্ষিক বাণিজ্য ব্যৱস্থাক সন্মান জনাই পৰিৱেশ, নিৰাপত্তা বা জলবায়ুৰ উদ্বেগৰ অজুহাতৰ অধীনত প্ৰৱৰ্তন কৰা একপক্ষীয় নিষেধাজ্ঞা বা সুৰক্ষাবাদী ব্যৱস্থাৰ দ্বাৰা কৃষি বাণিজ্যক দুৰ্বল নকৰাটো নিশ্চিত কৰিবলৈ আহ্বান জনায়।

নেতাদ্বয়ে উমৈহতীয়া স্বাৰ্থৰ অন্যান্য পদক্ষেপৰ লগতে প্ৰজনন জৈৱ প্ৰযুক্তি কৌশলৰ প্ৰয়োগ আৰু পশু পুষ্টি বৃদ্ধিৰ জৰিয়তে কৃষি উৎপাদনশীলতা বৃদ্ধি তথা পশু জেনেটিক্স উন্নত কৰাৰ লক্ষ্যৰে যৌথ গৱেষণা আৰু উন্নয়নৰ সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই সন্দৰ্ভত তেওঁলোকে দুয়োখন দেশৰ প্ৰাসংগিক গৱেষণা আৰু উন্নয়ন প্ৰতিষ্ঠানসমূহক এই ক্ষেত্ৰত ইতিবাচক ফলাফল প্ৰাপ্ত কৰাৰ দিশত একেলগে কাম কৰিবলৈ উৎসাহিত কৰে।

(গ) শক্তি পৰিবৰ্তন আৰু জলবায়ু পৰিবৰ্তন

দুয়োগৰাকী নেতাই জৈৱ শক্তি আৰু জৈৱ ইন্ধনৰ ক্ষেত্ৰত ভাৰত আৰু ব্ৰাজিলৰ মাজত হোৱা অসামান্য সহযোগিতাক প্ৰশংসা কৰে আৰু দুয়োখন দেশৰ প্ৰতিষ্ঠাপক সদস্য হিচাপে পৰিগণিত বিশ্ব জৈৱ ইন্ধন মিত্ৰতাৰ সৈতে তেওঁলোকৰ সম্পৰ্ক পুনৰ আৰম্ভ কৰে। নেতাসকলে একাধিক পথৰ জৰিয়তে পৰিষ্কাৰ, বহনক্ষম, ন্যায়সংগত, সুলভ আৰু সামগ্ৰিক শক্তি পৰিবৰ্তনৰ প্ৰচাৰৰ জৰুৰী প্ৰয়োজনীয়তাৰ কথা স্বীকাৰ কৰাৰ লগতে বিভিন্ন নিম্ন-নিৰ্গমন শক্তি উৎস, বহনক্ষম ইন্ধন আৰু প্ৰযুক্তিৰ প্ৰয়োগৰ বাবে প্ৰযুক্তি-নিৰপেক্ষ, সংহত আৰু সামগ্ৰিক দৃষ্টিভংগীৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই সন্দৰ্ভত তেওঁলোকে পৰিবহণ আৰু গতিশীলতা খণ্ডক কাৰ্বন মুক্ত কৰা আৰু বহনক্ষম উন্নয়নৰ প্ৰচাৰত বহনক্ষম জৈৱ ইন্ধন আৰু ফ্লেক্স-ইন্ধন বাহনৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰে। তেওঁলোকে লগতে উল্লেখ কৰে যে বৰ্তমান বহনক্ষম বিমান ইন্ধন (এছ এ এফ) বিমান খণ্ডৰ পৰা নিৰ্গমন হ্ৰাস কৰাৰ বাবে প্ৰধান, পৰিপক্ক আৰু কাৰ্যকৰী পথ হৈ আছে আৰু এছ এ এফত ভাৰত-ব্ৰাজিলৰ অংশীদাৰিত্বই এছ এ এফৰ প্ৰয়োগ আৰু বিকাশত পালন কৰিব পৰা ভূমিকাক স্বীকৃতি দিয়ে।

ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে চি অ’ পি ৩০ৰ পূৰ্বে ট্ৰপিকেল ফৰেষ্ট ফৰেভাৰ ফাণ্ড (টি এফ এফ এফ) আৰম্ভ কৰাৰ বাবে ব্ৰাজিলৰ পদক্ষেপক আদৰণি জনায় আৰু এই উদ্যোগটোৱে এক গঠনমূলক আৰু প্ৰভাৱশালী ভূমিকা পালন কৰিব পাৰে বুলি আশা প্ৰকাশ কৰে। দুয়োগৰাকী নেতাই ক্ৰান্তীয় বনাঞ্চলৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে সমৰ্পিত এক আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা স্থাপনত সহায় কৰিবলৈ দৃঢ় পদক্ষেপৰ প্ৰচাৰৰ লক্ষ্যৰে বিনিময় আৰু যৌথ প্ৰচেষ্টা বৃদ্ধিৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ভাৰতে ব্ৰাজিলে বিত্ত মন্ত্ৰীসকলৰ চি অ’ পি ৩০ চক্ৰত যোগদান কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ বাবে প্ৰশংসা প্ৰকাশ কৰে, যাৰ উদ্দেশ্য হৈছে "বাকুৰ পৰা বেলেম ৰোডমেপলৈ ১৩০ কোটি ডলাৰ"ৰ বিকাশত অৰিহণা যোগোৱা আৰু এই প্ৰক্ৰিয়াত সক্ৰিয় অৱদান আগবঢ়োৱাৰ ক্ষেত্ৰত তেওঁৰ চৰকাৰৰ আগ্ৰহ প্ৰকাশ কৰে।

নেতাদ্বয়ে সন্মতি প্ৰকাশ কৰে যে জলবায়ু পৰিবৰ্তন আমাৰ সময়ৰ অন্যতম বৃহৎ প্ৰত্যাহ্বান আৰু ইয়াক বহনক্ষম উন্নয়ন আৰু দৰিদ্ৰতা নিৰ্মূলৰ সন্দৰ্ভত সমাধান কৰাৰ প্ৰয়োজন। তেওঁলোকে এই বিষয়ত দ্বিপাক্ষিক সহযোগিতা বিস্তৃত, গভীৰ আৰু বৈচিত্ৰ্যময় কৰাৰ বাবে প্ৰতিশ্ৰুতি দোহৰাৰ লগতে জলবায়ু পৰিবৰ্তনৰ ওপৰত ৰাষ্ট্ৰসংঘৰ ফ্ৰেমৱৰ্ক কনভেনশ্যন (ইউ এন এফ চি চি চি) কিয়োটো প্ৰট’কল আৰু পেৰিছ চুক্তিৰ অধীনত জলবায়ু পৰিবৰ্তন ব্যৱস্থাক শক্তিশালী কৰাৰ দিশত আলোচনা আৰু সমন্বয়ৰ পোষকতা কৰে। তেওঁলোকে বিশ্ব জলবায়ু সংকটৰ গুৰুত্ব আৰু জৰুৰী অৱস্থাৰ পৰিপ্ৰেক্ষিতত সমতা আৰু উত্তম উপলব্ধ বিজ্ঞানৰ প্ৰতি লক্ষ্য ৰাখি সন্মিলনখন ৰূপায়ণ আৰু পেৰিছ চুক্তিৰ লক্ষ্যত উপনীত হোৱাৰ দিশত একেলগে কাম কৰি থকাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। তেওঁলোকে জলবায়ু পৰিবৰ্তনৰ প্ৰতি বহুপাক্ষিক সঁহাৰি এনেদৰে বৃদ্ধি কৰাৰ হকে তেওঁলোকৰ সংকল্পৰ কথা পুনৰ দোহাৰে আৰু ইয়াৰ জৰিয়তে দেশসমূহৰ ভিতৰত থকা অসমতাসমূহৰ মোকাবিলা কৰাৰ আশা প্ৰকাশ কৰে। নেতাসকলে তৃতীয় দেশসমূহত আইএছএ (আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতা) আৰু চিডিআৰআই (দুৰ্যোগ প্ৰতিৰোধী আন্তঃগাঁথনিৰ বাবে মিত্ৰতা)ৰ অংশীদাৰিত্বত যৌথ প্ৰকল্পৰ গুৰুত্ব সন্দৰ্ভতো আলোকপাত কৰে। ভাৰতে ২০২৫ চনৰ নৱেম্বৰত বেলেমত অনুষ্ঠিত হ’বলগীয়া ইউ এন এফ চি চি চিৰ ৩০ সংখ্যক সন্মিলন (চি অ’ পি ৩০)ৰ ব্ৰাজিলৰ অধ্যক্ষতাক সমৰ্থনৰ আশ্বাস দিয়ে।

নেতাদ্বয়ে ভাৰত-ব্ৰাজিলৰ অৰ্থনৈতিক আৰু বিত্তীয় সম্পৰ্ক গভীৰ কৰাৰ গুৰুত্ব স্বীকাৰ কৰাৰ লগতে বহনক্ষম উন্নয়ন, স্থানীয় মুদ্ৰাৰ বিত্তীয় যোগান, জলবায়ু বিত্ত আৰু মূলধন বজাৰকে ধৰি সহযোগিতাৰ ক্ষেত্ৰসমূহ বিস্তৃত কৰাৰ বাবে এক অংশীদাৰী প্ৰতিশ্ৰুতি প্ৰকাশ কৰে। তেওঁলোকে প্ৰাসংগিক বহুপাক্ষিক মঞ্চ আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিষ্ঠান যেনে জি-২০ ফাইনেন্স ট্ৰেক, ব্ৰিকছ, আইবিএছএ, বিশ্ব বেংক, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আইএমএফ), এছিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট বেংক (এআইআইবি), আৰু নিউ ডেভেলপমেণ্ট বেংক (এনডিবি)ৰ ভিতৰত সহযোগিতা শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে। নেতাসকলে পাৰস্পৰিক স্বাৰ্থৰ ক্ষেত্ৰত নিয়মীয়া আলোচনা স্থাপনৰ বাবে ব্যৱস্থা অন্বেষণ কৰিবলৈ সন্মতি প্ৰকাশ কৰে।

নেতাদ্বয়ে উন্নয়নৰ বাবে বিত্তীয় সাহায্য শক্তিশালী কৰাৰ দিশত এক গঠনমূলক পদক্ষেপ হিচাপে চেভিল প্ৰতিশ্ৰুতিক গ্ৰহণ কৰাৰ পোষকতা কৰে। তেওঁলোকে উন্নয়নৰ প্ৰচাৰত ৰাষ্ট্ৰসংঘৰ নেতৃত্বৰ ভূমিকাৰ সৈতে এক শক্তিশালী, অধিক সুসংগত আৰু অধিক সামগ্ৰিক আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক আৰু বিত্তীয় গাঁথনিৰ প্ৰতি প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে। তেওঁলোকে ৰেহাইমূলক বিত্তৰ প্ৰৱেশাধিকাৰ উন্নত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে চৰকাৰী উন্নয়ন সাহায্য (অ’ ডি এ)ৰ হ্ৰাস পোৱা প্ৰৱণতাৰ বিপৰীতে উন্নত দেশসমূহক উন্নয়নশীল দেশসমূহৰ প্ৰতি তেওঁলোকৰ নিজ নিজ অ’ ডি এ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ আহ্বান জনায়।

নেতাদ্বয়ে ৰূপায়ণৰ প্ৰয়োজনীয় উপায়বোৰ সঞ্চালিত কৰি সন্তুলিত আৰু সংহতভাৱে বহনক্ষম উন্নয়নৰ বাবে ২০৩০ চনৰ কাৰ্যসূচীৰ সম্পূৰ্ণ ৰূপায়ণৰ প্ৰতি প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে। তেওঁলোকে জৈৱ-অৰ্থনীতি আৰু চক্ৰীয় অৰ্থনীতিয়ে ইয়াৰ তিনিটা দিশ-পৰিবেশ, অৰ্থনৈতিক আৰু সামাজিকত বহনক্ষম উন্নয়নৰ প্ৰচাৰৰ বাবে এক সঁজুলি হিচাপে পালন কৰিব পৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

(ঘ)ডিজিটেল ৰূপান্তৰ আৰু উদীয়মান প্ৰযুক্তি

ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি (ডিপিআই), কৃত্ৰিম বুদ্ধিমত্তা (এআই) আৰু অন্যান্য উদীয়মান প্ৰযুক্তিকে ধৰি ডিজিটেল কাৰ্যসূচীক তেওঁলোকৰ সমাজৰ অৰ্থনৈতিক বিকাশ আৰু ডিজিটেল ৰূপান্তৰৰ বাবে গুৰুত্বপূৰ্ণ বুলি স্বীকাৰ কৰি নেতাদ্বয়ে উদ্ভাৱনীমূলক ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ ব্যৱহাৰৰ সৈতে সহযোগিতামূলক পৰিকাঠামো আৰু প্ৰকল্পসমূহ অন্বেষণ তথা আগুৱাই নিয়াৰ ক্ষেত্ৰত সহযোগিতাক আদৰণি জনায়। দুয়োপক্ষই এই সন্দৰ্ভত যৌথ অংশীদাৰিত্ব গঢ়ি তোলাৰ ক্ষেত্ৰত কাম কৰিবলৈ সন্মত হয় আৰু এই সহযোগিতাৰ সম্প্ৰসাৰণ, সামৰ্থ্য নিৰ্মাণৰ বাবে যৌথ পদক্ষেপ বৃদ্ধি, ইতিবাচক অনুশীলনৰ আদান-প্ৰদান, পৰীক্ষণমূলক প্ৰকল্প আৰু প্ৰতিষ্ঠানিক সহযোগিতাৰ বিকাশ, ডিজিটেল ৰূপান্তৰক সমৰ্থন কৰা তথা তেওঁলোকৰ নাগৰিকসকলৰ বাবে পৰিসৰত মানসম্পন্ন ৰাজহুৱা সেৱাৰ ব্যৱস্থা কৰাৰ বাবে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰক আদৰণি জনায়। তেওঁলোকে ডিজিটেল প্ৰশাসনৰ সৈতে সম্পৰ্কিত বহুপাক্ষিক মঞ্চত একেলগে কাম কৰাৰ লগতে কৃত্ৰিম বুদ্ধিমত্তা আৰু ইয়াৰ সম্ভাৱ্য বিপদাশংকা আৰু লাভালাভৰ বিষয়ত বিশেষ গুৰুত্ব দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ' লুলা ডা ছিলভাই ২০২৬ চনত পৰৱৰ্তী কৃত্ৰিম বুদ্ধিমত্তা সন্মিলনৰ নেতৃত্ব দিয়াৰ বাবে ভাৰতক অভিনন্দন জনায়।

নেতাদ্বয়ে দুয়োখন দেশৰ অংশীদাৰী মূল্যবোধ আৰু পৰিপূৰক শক্তিৰ ওপৰত আধাৰিত বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন (এছ টি আই)ত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ সম্ভাৱনাৰ ওপৰত তেওঁলোকৰ দৃষ্টিভংগী পুনৰ নিশ্চিত কৰে। তেওঁলোকে দুয়োখন দেশৰ বাবে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, কৃত্ৰিম বুদ্ধিমত্তা, কোৱাণ্টাম প্ৰযুক্তি, নৱীকৰণযোগ্য শক্তি আৰু বাহ্যিক মহাকাশৰ দৰে অগ্ৰাধিকাৰমূলক ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে বৈজ্ঞানিক আৰু প্ৰযুক্তিগত সহযোগিতা সন্দৰ্ভত যুটীয়া আয়োগ আহ্বান কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত সন্মতি প্ৰকাশ কৰে। নেতাসকলে দৃঢ়, ফলাফলমুখী দ্বিপাক্ষিক অংশীদাৰিত্ব গঢ়ি তুলিবলৈ গৱেষক, উদ্ভাৱন কেন্দ্ৰ আৰু ষ্টাৰ্টআপৰ মাজত পোনপটীয়া সংযোগৰ প্ৰচাৰৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে।

(ঙ)কৌশলগত ক্ষেত্ৰত ঔদ্যোগিক অংশীদাৰীত্ব

বৰ্ধিত সুৰক্ষাবাদৰ দ্বাৰা চিহ্নিত এক ক্ৰমান্বয়ে প্ৰত্যাহ্বানপূৰ্ণ আন্তৰ্জাতিক পৰিস্থিতিত নেতাদ্বয়ে দ্বিপাক্ষিক অৰ্থনৈতিক আৰু বাণিজ্যিক সম্পৰ্ক গভীৰ কৰাৰ বাবে তেওঁলোকৰ ইচ্ছাক পুনৰ নিশ্চিত কৰে। নিজৰ দেশসমূহৰ মাজত বাণিজ্যিক প্ৰৱাহ বৃদ্ধিৰ বিশাল সম্ভাৱনা স্বীকাৰ কৰি, তেওঁলোকে দুয়োখন দেশৰ মাজত বাণিজ্যিক আৰু প্ৰযুক্তিগত পৰিপূৰকতা অন্বেষণ কৰিবলৈ আৰু দ্বিপাক্ষিক অংশীদাৰিত্বৰ জৰিয়তে নিম্নলিখিত গুৰুত্বপূৰ্ণ ঔদ্যোগিক খণ্ডত অধিক সহযোগিতা কৰিবলৈ সন্মত হৈছিলঃ (i) ফাৰ্মাচিউটিকেল উদ্যোগ; (ii) প্ৰতিৰক্ষা সঁজুলি; (iii) খনন তথা খনিজ আৰু (iv) তেল আৰু গেছ খণ্ড, যাৰ ভিতৰত আছে গৱেষণা, অন্বেষণ, নিষ্কাশন, শোধন আৰু বিতৰণ।

নেতাদ্বয়ে দুয়োখন দেশৰ মাজত পৰিপূৰকতাৰ দ্বাৰা চালিত ঔষধ খণ্ডত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি হোৱাক আদৰণি জনায়। তেওঁলোকে ব্ৰাজিলত কাম-কাজ কৰা ভাৰতীয় ফাৰ্মাচিউটিকেল কোম্পানীসমূহৰ বৰ্ধিত সংখ্যাক সন্তোষজনক বুলি উল্লেখ কৰে আৰু জেনেৰিক ঔষধ আৰু সক্ৰিয় ফাৰ্মাচিউটিকেল উপাদানসমূহকে ধৰি অত্যাৱশ্যকীয় ঔষধসমূহৰ স্থানীয় উৎপাদনত সহায় কৰিবলৈ ব্ৰাজিলৰ স্বাস্থ্য আৰু ফাৰ্মাচিউটিকেল কোম্পানীসমূহৰ সৈতে অংশীদাৰিত্ব স্থাপন কৰিবলৈ উৎসাহিত কৰে। তেওঁলোকে দুয়োখন দেশৰ প্ৰাসংগিক প্ৰতিষ্ঠানসমূহক অৱহেলিত আৰু গ্ৰীষ্মকালীন ৰোগকে ধৰি নতুন ঔষধ বিকশিত কৰাৰ বাবে যুটীয়া গৱেষণা আৰু উন্নয়নমূলক পদক্ষেপৰ অন্বেষণ কৰিবলৈ উৎসাহিত কৰে। তেওঁলোকে মত বিনিময় কৰে যে ফাৰ্মাচিউটিকেল উদ্যোগত অধিক সহযোগিতাই দুয়োখন দেশৰ স্বাস্থ্য খণ্ডক শক্তিশালী কৰিব আৰু সমগ্ৰ বিশ্বৰ দক্ষিণত সুলভ মূল্যৰ মানসম্পন্ন ঔষধৰ ন্যায়সংগত প্ৰৱেশাধিকাৰৰ কাৰ্যসূচী গঢ়ি তোলাত অৰিহণা যোগাব।

নেতাদ্বয়ে ভাৰত আৰু ব্ৰাজিলৰ ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ কোম্পানীসমূহৰ মাজত বিমান পৰিবহণ খণ্ডত অধিক সহযোগিতাৰ বাবে আগ্ৰহপূৰ্ণ সুযোগৰ কথা উল্লেখ কৰে আৰু তেওঁলোকক সহযোগিতা শক্তিশালী কৰিবলৈ উৎসাহিত কৰে।

নেতাদ্বয়ে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে। দুয়োগৰাকী নেতাই তেওঁলোকৰ প্ৰতিৰক্ষা উদ্যোগসমূহক সহযোগিতাৰ নতুন পথ অন্বেষণ কৰিবলৈ তথা ঔদ্যোগিক অংশীদাৰিত্ব স্থাপন কৰিবলৈ উৎসাহিত কৰে। তেওঁলোকে ব্যৱস্থা, সামুদ্ৰিক সম্পদ আৰু আকাশী সামৰ্থ্যৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ সম্ভাৱনাৰ বাবে তেওঁলোকৰ প্ৰশংসা কৰে।

অৰ্থনৈতিক উন্নয়ন আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগতে সৌৰ পেনেল, বায়ু টার্বাইন, বৈদ্যুতিক বাহন আৰু শক্তি সংৰক্ষণ প্ৰণালীৰ দৰে পৰিষ্কাৰ শক্তি প্ৰযুক্তিৰ বাবে গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থসমূহ অত্যাৱশ্যকীয় বুলি গুৰুত্ব আৰোপ কৰি নেতাদ্বয়ে খনিজ অন্বেষণ, খনন, লাভালাভ, সংসাধন, পুনৰ্ব্যৱহাৰ আৰু গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ শোধন খণ্ডৰ আন্তৰ্জাতিক প্ৰতিযোগিতা তথা যোগান মূল্য শৃংখল শক্তিশালী কৰাকে ধৰি নতুন আৰু উদীয়মান ক্ষেত্ৰত দুয়োপক্ষৰ ৰাজহুৱা আৰু ব্যক্তিগত কোম্পানীসমূহৰ মাজত যৌথ সহযোগিতাক আদৰণি জনায়।

নেতাদ্বয়ে দুয়োপক্ষৰ তেল আৰু গেছ উদ্যোগসমূহক সাগৰৰ পাৰৰ ক্ষেত্ৰত যৌথ প্ৰকল্পৰ জৰিয়তে দ্বিপাক্ষিক সহযোগিতাৰ ক্ষেত্ৰত অধিক জড়িত হ’বলৈ উৎসাহিত কৰাৰ লগতে প্ৰাৰম্ভিক উৎপাদন আৰু স্পষ্ট লাভালাভ প্ৰাপ্ত কৰাৰ ইচ্ছা প্ৰকাশ কৰে। তেওঁলোকে দুয়োপক্ষৰ উদ্যোগসমূহক উদাহৰণস্বৰূপে হ্রাস আৰু কাৰ্বন কেপচাৰ প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতাৰ নতুন পথ অন্বেষণ কৰিবলৈ উৎসাহিত কৰে।

দুয়োগৰাকী নেতাই দুয়োখন দেশৰ মাজত বাণিজ্যিক বিনিময়ৰ সম্পূৰ্ণ সম্ভাৱনা মুকলি কৰাৰ বাবে দ্বিপাক্ষিক বাণিজ্যত বিদ্যমান শুল্কবিহীন বাধাসমূহ চিনাক্ত আৰু সমাধান কৰিবলৈ নিজ নিজ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।

দুয়োখন দেশে ভিছা প্ৰক্ৰিয়া সুবিন্যস্ত কৰাৰ বাবে সমন্বিতভাৱে কাম কৰাৰ সময়ত তেওঁলোকৰ মাজত আহ-যাহৰ সূচলতা, পৰ্যটন আৰু ব্যৱসায়ৰ বাবে ভ্ৰমণৰ প্ৰবাহ বৃদ্ধি কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

দুয়োখন দিশত শেহতীয়া বিনিয়োগ বৃদ্ধি আৰু ব্ৰাজিল তথা ভাৰতীয় ব্যৱসায়ৰ মাজত স্থাপিত সফল অংশীদাৰিত্বক স্বীকাৰ কৰি দুয়োগৰাকী নেতাই দ্বিপাক্ষিক বাণিজ্য, ব্যৱসায় আৰু বিনিয়োগ বৃদ্ধিৰ লক্ষ্যৰে মন্ত্ৰী পৰ্যায়ত বাণিজ্য আৰু বাণিজ্য পৰ্যালোচনা প্ৰণালীৰ সৈতে সন্মত হয়। নেতাদ্বয়ে এই ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু দুয়োখন দেশৰ ব্যৱসায়িক নেতাসকলক পাৰস্পৰিক ব্যৱসায় তথা বিনিয়োগৰ সুযোগ বিচাৰি থাকিবলৈ আহ্বান জনায়। তেওঁলোকে ২০২০ চনৰ ২৫ জানুৱাৰীত স্বাক্ষৰিত দ্বিপাক্ষিক বিনিয়োগ সহযোগিতা আৰু সুবিধা চুক্তি তথা ২০২২ চনৰ ২৪ আগষ্টত স্বাক্ষৰিত দ্বৈত কৰ পৰিহাৰ চুক্তি সংশোধন কৰা প্ৰট'কলৰ বলৱৎকৰণ ত্বৰান্বিত কৰিবলৈ সন্মত হোৱাৰ লগতে ইয়াৰ জৰিয়তে উদ্যোগীসকল দ্বিপাক্ষিক ব্যৱসায়িক অংশীদাৰিত্ব আৰু যুটীয়া উদ্যোগত জড়িত হ'বলৈ অধিক উৎসাহিত হ’ব বুলি আশা প্ৰকাশ কৰে। তেওঁলোকে দুয়োখন দেশৰ উদ্যোগী আৰু উদ্যোগ চেম্বাৰক ব্ৰাজিল-ভাৰত ব্যৱসায়িক পৰিষদৰ জৰিয়তে এই লক্ষ্যত একেলগে কাম কৰি থাকিবলৈ আমন্ত্ৰণ জনায়।

নেতাদ্বয়ে ভাৰতৰ উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্যৰ প্ৰচাৰ বিভাগ তথা ব্ৰাজিলৰ উন্নয়ন, উদ্যোগ, বাণিজ্য আৰু সেৱা মন্ত্ৰালয়ৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিক আদৰণি জনোৱাৰ লগতে দুয়োটা প্ৰতিষ্ঠানক উদ্ভাৱন, সৃষ্টিশীলতা, প্ৰযুক্তিগত উন্নতি, বিনিময়ৰ বাবে দৃঢ় পদক্ষেপ ৰূপায়ণ কৰিবলৈ উৎসাহিত কৰে। তেওঁলোকে শেহতীয়াকৈ ছাওপাওলোত ভাৰতীয় এক্সিম বেংকৰ প্ৰতিনিধি কাৰ্যালয় আৰু দিল্লীত এ এন ভি আই এছ এ (এজেন্সিয়া নেচিঅনেল ডি ভিজিলেন্সিয়া ছেনিটাৰিয়া-ব্ৰাজিলিয়ান স্বাস্থ্য নিয়ন্ত্ৰক সংস্থা) মুকলি কৰাক আদৰণি জনায়।

দ্বিপাক্ষিক সহযোগিতাৰ অন্যান্য ক্ষেত্ৰসমূহ

নেতাদ্বয়ে সংস্কৃতি, স্বাস্থ্য, ক্ৰীড়া আৰু পৰম্পৰাগত জ্ঞানৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে দ্বিপাক্ষিক বুজাবুজিৰ অগ্ৰগতি সন্দৰ্ভত সন্তোষ প্ৰকাশ কৰে। পাৰস্পৰিক বুজাবুজি গভীৰ কৰা আৰু দুয়োখন ৰাষ্ট্ৰৰ সমৃদ্ধ সাংস্কৃতিক বৈচিত্ৰ্য উদযাপনৰ বাবে সাংস্কৃতিক বিনিময়ৰ গুৰুত্ব স্বীকাৰ কৰি নেতাসকলে দুয়োখন দেশৰ মাজত ধাৰণা, কলা আৰু পৰম্পৰাৰ এক জীৱন্ত প্ৰবাহ গঢ়ি তোলাৰ লক্ষ্যৰে নতুন সাংস্কৃতিক পদক্ষেপসমূহক সমৰ্থন কৰিবলৈ বছৰ বছৰ ধৰি সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ নৱীকৰণ কৰিবলৈ উৎসাহিত কৰে। তেওঁলোকে লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰত উদীয়মান সৃষ্টিশীল উদ্যোগসমূহৰ প্ৰতিযোগিতামূলক একত্ৰীকৰণৰ বাবে ৰণনীতিৰ ওপৰত আলোচনাত প্ৰাসংগিক চৰকাৰী সংস্থাসমূহক জড়িত কৰিবলৈ সন্মত হয় আৰু ইয়াৰ জৰিয়তে অৰ্থনৈতিক সুযোগ সৃষ্টি হোৱাৰ উপৰি আন্তৰ্জাতিক সাংস্কৃতিক পৰিসৰ সম্প্ৰসাৰিত হ’ব বুলি আশা প্ৰকাশ কৰে।

নেতাদ্বয়ে দ্বিপাক্ষিক শৈক্ষিক সহযোগিতা শক্তিশালী কৰাৰ সম্ভাৱনা সন্দৰ্ভত মত বিনিময় কৰে। তেওঁলোকে স্মৰণ কৰে যে ভাৰতীয় শিক্ষাৰ্থীসকল ব্ৰাজিলৰ স্নাতক শিক্ষাৰ্থীসকলৰ বিনিময় কাৰ্যসূচী (পি ই চি)ৰ বাবে যোগ্য আৰু ব্ৰাজিলৰ শিক্ষাৰ্থীসকল ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদ (আই চি চি আৰ)ৰ দ্বাৰা আগবঢ়োৱা বৃত্তিৰ বাবে যোগ্য। দুয়োপক্ষই প্ৰতিৰক্ষা প্ৰশিক্ষণকে ধৰি প্ৰশিক্ষণ আৰু সামৰ্থ্য নিৰ্মাণত সহযোগিতাক উৎসাহিত কৰে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত অনুষ্ঠিত এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ আগশাৰীৰ উচ্চ শিক্ষা অনুষ্ঠান এছিয়া-পেচিফিক এছ’চিয়েশ্যন ফৰ ইণ্টাৰনেশ্যনেল এডুকেচন (এপিএআইই)ৰ ২০২৫ চনৰ বাৰ্ষিক সন্মিলনত ব্ৰাজিলৰ অংশগ্ৰহণৰ বাবে প্ৰশংসা কৰে।

দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰা আৰু জনসাধাৰণৰ মাজত তথা ব্যৱসায়-বাণিজ্যৰ মাজত সম্পৰ্ক গঢ়ি তোলাৰ উমৈহতীয়া লক্ষ্যৰ সৈতে সংগতি ৰাখি, নেতাদ্বয়ে চৰকাৰী ভ্ৰমণৰ সময়ত তলত উল্লেখ কৰা চুক্তিসমূহত স্বাক্ষৰক আদৰণি জনায়ঃ

• আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠিত অপৰাধৰ বিৰুদ্ধে যুঁজত সহযোগিতাৰ চুক্তি।
• শ্ৰেণীবদ্ধ তথ্যৰ বিনিময় আৰু পাৰস্পৰিক সুৰক্ষাৰ চুক্তি।
• শ্ৰেণীবদ্ধ তথ্যৰ বিনিময় আৰু পাৰস্পৰিক সুৰক্ষাৰ চুক্তি।
• ই এম বি আৰ এ পি এ আৰু ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ মাজত কৃষি গৱেষণা সম্পৰ্কীয় বুজাবুজি চুক্তি।
• ডিজিটেল পৰিবৰ্তনৰ বাবে সফল বৃহৎ পৰিসৰৰ ডিজিটেল সমাধানৰ আদান-প্ৰদানৰ বাবে সহযোগিতাৰ বুজাবুজি চুক্তি।
• ভাৰতৰ ডি পি আই আই টি আৰু ব্ৰাজিলৰ এম ডি আই চিৰ মাজত বৌদ্ধিক সম্পত্তিৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজি চুক্তি।

নেতাদ্বয়ে দুয়োখন দেশৰ সংশ্লিষ্ট চৰকাৰী সংস্থাসমূহক অতি সোনকালে নিম্নলিখিত দ্বিপাক্ষিক চুক্তি সম্পন্ন কৰাৰ লক্ষ্যৰে সহযোগিতা কৰিবলৈ নিৰ্দেশ দিয়েঃ

• অসামৰিক বিষয়ত পাৰস্পৰিক আইনী সহায়ৰ চুক্তি।
• প্ৰতিৰক্ষা উদ্যোগৰ ক্ষেত্ৰত সহযোগিতাৰ বুজাবুজি চুক্তি।
• ক্ৰীড়া সহযোগিতাৰ ক্ষেত্ৰত বুজাবুজি চুক্তি।
• সংৰক্ষণাগাৰৰ ওপৰত বুজাবুজি চুক্তি।
• সাংস্কৃতিক বিনিময় কাৰ্যসূচী (চিইপি) ২০২৫-২৯।

ব্ৰাজিল আৰু ভাৰতৰ বৈদেশিক নীতিসমূহক পথ প্ৰদৰ্শন কৰা শান্তি, সমৃদ্ধি আৰু বহনক্ষম উন্নয়নৰ মহান উদ্দেশ্যসমূহৰ কথা স্মৰণ কৰি, বহুত্ববাদী পৰিচয় তথা স্থিতিস্থাপক জনসাধাৰণৰ সৈতে গ্লোবেল ছাউথৰ এই দুখন প্ৰাণৱন্ত গণতান্ত্ৰিক দেশৰ নেতাদ্বয়ে তেওঁলোকৰ দ্বিপাক্ষিক আলোচনাসমূহ অধিক বৃদ্ধি কৰিবলৈ আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত উভয় দেশৰ সহ-স্থপতি হিচাপে সকলোৰে বাবে এক সুন্দৰ, অধিক সৰ্বাত্মক আৰু অধিক বহনক্ষম বিশ্ব হিচাপে পৃথক ভূমিকাৰ সৈতে সংগতি ৰাখি এক বৰ্ধিত আৰু বৈচিত্ৰপূৰ্ণ সহযোগিতা কার্যসূচীৰ প্ৰচাৰ কৰিবলৈ সন্মত হয়।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰী ভ্ৰমণ আৰু সপ্তদশ ব্ৰিকছ সন্মিলনৰ সময়ত তেওঁক আৰু তেওঁৰ প্ৰতিনিধি দলক আগবঢ়োৱা উষ্মতা আৰু আতিথ্যৰ বাবে ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ’ লুলা ডা ছিলভাক ধন্যবাদ জ্ঞাপন কৰে তথা তেওঁক পাৰস্পৰিকভাৱে সুবিধাজনক সময়ত ভাৰত ভ্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনায়। ৰাষ্ট্ৰপতি লুলাই আনন্দৰে এই আমন্ত্ৰণ গ্ৰহণ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
AI could contribute over $500 bn to India's economy by 2030: IBM-IndiaAI study

Media Coverage

AI could contribute over $500 bn to India's economy by 2030: IBM-IndiaAI study
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister’s visit to the United Arab Emirates
May 15, 2026

Prime Minister Shri Narendra Modi paid an official visit to the United Arab Emirates today. He was received at the airport by His Highness Sheikh Mohammed bin Zayed Al Nahyan, President of the UAE and accorded a ceremonial welcome.

The two Leaders held a series of detailed discussions, during which Prime Minister reaffirmed India’s strong condemnation of the attacks on the UAE, as well as its solidarity with leadership and the people of the UAE. Prime Minister also conveyed India’s clear position in favour of ensuring safe transit passage and unimpeded navigation through the Strait of Hormuz, which is vital for enduring regional peace and stability, as well as energy and food security.

The Leaders also reviewed the entire gamut of bilateral relations and welcomed the deepening of the Comprehensive Strategic Partnership across multiple sectors, including energy, trade, investment, defense, security, fintech, infrastructure, education, culture and people to people ties. They acknowledged the success of the India–UAE Comprehensive Economic Partnership Agreement (CEPA), which has led to bilateral trade scaling new heights.

The two Leaders appreciated the vibrant and growing bilateral energy partnership, with the UAE maintaining its role as an important partner in India’s energy security, including in terms of crude oil, LNG and LPG supplies. The Leaders agreed to promote new initiatives for a comprehensive energy partnership. In this context, they welcomed the conclusion of a Strategic Collaboration Agreement between Indian Strategic Petroleum Reserves Limited and Abu Dhabi National Oil Company to enhance UAE’s participation in India’s Strategic Petroleum Reserves to 30 million barrels, and work together to set up strategic gas reserves in India. They also welcomed the arrangement entered into between Indian Oil Limited (IOCL) Company and Abu Dhabi National Oil Company (ADNOC) on long-term LPG supplies.

The two Leaders welcomed the announcement of USD 5 billion in investment into India by UAE entities. This includes investment of USD 3 billion by the Emirates New Development Bank (ENDB) in the RBL Bank of India, USD 1 billion by the Abu Dhabi Investment Authority (ADIA) with the National Infrastructure & Investment Fund of India (NIIF) in priority infrastructure projects in India, and USD 1 billion by the International Holding Company in Sammaan Capital of India. These investments underscore UAE’s sustained and long-term commitment to India’s growth story, while strengthening the bilateral strategic investment partnership.

The Leaders acknowledged the steady and strong bilateral defence cooperation as an important pillar of the Comprehensive Strategic Partnership. They welcomed the signing of the Framework for the Strategic Defence Partnership between the two countries during the visit. Under this, the two sides have agreed on deepening defence industrial collaboration and cooperation on innovation and advanced technology, training, exercises, maritime security, cyber defence, secure communications and information exchange.

The two Leaders also witnessed the conclusion of the following additional documents during the visit, which will further strengthen bilateral cooperation:

· MoU between Cochin Shipyard Limited and Drydocks World, Dubai on setting up Ship Repair Cluster at Vadinar, including offshore fabrication, under the Maritime Development Fund Scheme launched by the Government of India.

· Tripartite MoU between Cochin Shipyard Limited, the Drydocks World Dubai and Centre of Excellence in Maritime & Shipbuilding (CEMS) on Skill Development in Ship Repair. This establishes a framework to mobilize, train and employ a skilled maritime workforce, enhances the capabilities of the Indian maritime workforce and position India as a hub for skilled shipbuilding and ship repair professionals.

· Term Sheet for setting up 8 Exaflop Super Compute Cluster in partnership between CDAC, India and G-42, UAE.

The two leaders also welcomed the operationalisation of the Virtual Trade Corridor using MAITRI (Master Application for International Trade and Regulatory Interface interface). This digital framework, connecting customs and port authorities on both sides, will streamline cargo movement and reduce both costs and transit time, thereby enabling more efficient trade flows.

Prime Minister thanked President His Highness Sheikh Mohamed bin Zayed Al Nahyan for the warm welcome and gracious hospitality extended to him and invited him to visit India at an early date.