India and Mauritius are diverse and vibrant democracies, committed to working for the prosperity of our people, as well as for peace in our region and the world: PM
The Indian Ocean is a bridge between India and Mauritius: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী শ্ৰী প্ৰৱিন্দ জগনাথে আজি এক ভিডিঅ’ লিংকৰ মাধ্যমেৰে মৰিচাছত মেট্ৰ’ এক্সপ্ৰেছ আৰু ইএনটি হস্পিতাল যুটীয়াভাৱে উদ্বোধন কৰে৷

অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে মেট্ৰ’ আৰু স্বাস্থ্য সেৱা প্ৰকল্পই মৰিচাছৰ জনসাধাৰণৰ জীৱন-ধাৰণৰ মান অধিক উন্নত কৰাৰ সমান্তৰালকৈ দুয়োখন দেশৰ ঘনিষ্ঠতা অধিক গভীৰ কৰিব৷ তেওঁ লগতে কয় যে ভাৰত আৰু মৰিচাছৰ নেতাই ভাৰত মহাসাগৰৰ সীমা অতিক্ৰম কৰি ভিডিঅ’ লিংকৰ মাধ্যমেৰে একগোট হৈ এইধৰণৰ অনুষ্ঠানত অংশ লোৱাটো প্ৰথমবাৰৰ বাবে সংঘটিত হৈছে৷

 
 

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বহুপ্ৰত্যাশিত মেট্ৰ’ এক্সপ্ৰেছ প্ৰকল্পই মৰিচাছৰ যাতায়ত ব্যৱস্থাৰ ৰূপ সলনি কৰিব৷ অত্যাধুনিক ইএনটি হস্পিতালে উন্নতমানৰ স্বাস্থ্যসেৱা নিশ্চিত কৰিব আৰু অঞ্চলটোৰ জনসাধাৰণ ইয়াৰদ্বাৰা উপকৃত হ’ব৷ এয়া হ’ব মিৰিচাছৰ প্ৰথমখন পেপাৰলেছ ই-হস্পিতাল৷

প্ৰধানমন্ত্ৰী জগনাথে এই উন্নয়নমূলক প্ৰকল্প আৰু মৰিচাছত অব্যাহত থকা আন আন প্ৰকল্প ৰূপায়নত ভাৰতৰ সহযোগিতাক প্ৰশংসা কৰে৷ এই প্ৰকল্পসমূহ সময়মতে হৈ উঠাত সহযোগিতা আগবঢ়োৱা সকলো ষ্টেকহ’ল্ডাৰৰো তেওঁ শলাগ লয়৷
মৰিচাছত ৰেনেল ইউনিট, মেডি-ক্লিনিকছ আৰু এৰিয়া হেল্থ চেণ্টাৰ নিৰ্মাণত ভাৰত চৰকাৰে অনুদানৰ জৰিয়তে সহায় কৰিব বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে মৰিচাছক জানিবলৈ দিয়ে৷

দুয়োগৰাকী নেতাই ভাৰত-মৰিচাছৰ বৰ্ধিত সহযোগিতাক লৈ সন্তুষ্টি প্ৰকাশ কৰে৷ সমগ্ৰ বিশ্ব তথা ভাৰত মহাসাগৰ অঞ্চলৰ শান্তি-সম্প্ৰীতি আৰু দুয়ো দেশৰ জনসাধাৰণৰ কল্যাণৰ বাবে ভাৰত-মৰিচাছৰ সহযোগিতা আৱশ্যক বুলি তেওঁলোকে সহমত প্ৰকাশ কৰে৷

Click here to read PM's speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Labour reforms: Govt fully operationalises four new codes by publishing rules

Media Coverage

Labour reforms: Govt fully operationalises four new codes by publishing rules
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister meets Andhra Pradesh Chief Minister Shri N. Chandrababu Naidu and his family in Hyderabad
May 10, 2026

The Prime Minister, Shri Narendra Modi met the Chief Minister of Andhra Pradesh, Shri N. Chandrababu Naidu, and his family at his residence in Hyderabad today.

The Prime Minister said that it is always a delight to meet Shri Chandrababu Naidu and his family and exchange views on a wide range of subjects and diverse topics.

The Prime Minister wrote on X;

“In Hyderabad, went to Andhra Pradesh Chief Minister Shri Chandrababu Naidu Garu’s residence and met him along with his family. It’s always a delight to meet them and exchange views on so many diverse topics.

@ncbn”