শেহতীয়া মন কী বাতত, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শিশুসকলৰ বাবে নতুন খেলনা কিদৰে উপলব্ধ কৰিব পৰা যায় আৰু খেলনা সামগ্ৰী প্ৰস্তুতৰ ক্ষেত্ৰত ভাৰত কিদৰে এটা বৃহৎ কেন্দ্ৰ হৈ উঠিব পাৰিব, সেই সন্দৰ্ভত গান্ধীনগৰস্থিত শিশু বিশ্ববিদ্যালয়, মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয়, শিক্ষা মন্ত্ৰণালয় আৰু ক্ষুদ্ৰ-সৰু আৰু মজলীয়া প্ৰতিষ্ঠান মন্ত্ৰণালয়ৰে তেওঁ আলোচনা কৰাৰ কথা সদৰী কৰে। তেওঁ উল্লেখ কৰে যে খেলনা সামগ্ৰীসমূহ মাথো ডাঙৰ-দীঘল হোৱাতেই সহায়ক নহয়, বৰঞ্চ এইসমূহে আমাৰ আকাংক্ষাক গতি প্ৰদান কৰে। খেলনা সামগ্ৰী কেৱল মাত্ৰ মনোৰঞ্জনৰ বাবেই নহয়, ই মগজুৰ ক্ৰিয়া আৰু ইচ্ছাও জগাই তোলে, তেওঁ কয়।

গুৰুদেৱ ৰৱীন্দ্ৰনাথ ঠাকুৰে আগবঢ়োৱা খেলনা সা-সামগ্ৰীক লৈয়ো প্ৰধানমন্ত্ৰীয়ে এটা উপাখ্যান স্মৰণ কৰে। গুৰুদেৱে খেলনা সন্দৰ্ভত কি কৈছিল তাত গুৰুত্ব আৰোপ কৰে – যে উত্তম খেলনা সেইটো যিটো অসম্পূৰ্ণ, শিশুৱে খেলোতে এটা খেলনাই পূৰ্ণতা লাভ কৰে। গুৰুদেৱে কৈছিল যে খেলনা এনে হোৱা উচিত যিয়ে শিশুৰ শৈশৱক সমৃদ্ধ কৰে আৰু তেওঁৰ সৃষ্টিশীলতাকো সমানেই সমৃদ্ধ কৰিব পাৰে, তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে নতুন শিক্ষা নীতিখনত, শিশুৰ জীৱনৰ ভিন্ন দৃষ্টিকোণত খেলনাৰ প্ৰভাৱ সন্দৰ্ভত বিশেষ মনোযোগ প্ৰদান কৰা হৈছে। তেওঁ কয় যে এনে বহু দক্ষ শিল্পী আছে যিয়ে সু খেলনা প্ৰস্তুতত দক্ষতা প্ৰতিপন্ন কৰিছে আৰু কৰ্ণাটকৰ ৰামনগৰমৰ চান্নাপাটনা, অন্ধ্ৰ প্ৰদেশৰ কৃষ্ণাৰ কন্দাপল্লী, তামিল নাডুৰ থাঞ্জাভূৰ, অসমৰ ধুবুৰী, উত্তৰ প্ৰদেশৰ বাৰানসীৰ দৰে দেশখনৰ ভিন্ন অঞ্চল টয় ক্লাষ্টাৰ হিচাপে বিকশিত হৈছে। তেওঁ লগতে কয় যে বিশ্ব খেলনা উদ্যোগটো ৭ লাখ কোটি টকাৰো অধিক হৈ পৰাৰ বিপৰীতে, ভাৰতৰ সম্প্ৰতি ইয়াত শ্বেয়াৰ অতি নগণ্য হৈ আছে।

স্থানীয় খেলনাৰ হেৰোৱা গৰিমা ঘূৰাই আনি উৎকৃষ্ট মানসম্পন্ন ‘এতি-কপ্পাকা’ পুতলা প্ৰস্তুত কৰি উলিওৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে বিশাখাপট্টনমৰ শ্ৰী চি ভি ৰাজুৰ শলাগ লয়। তেওঁ খেলনা প্ৰস্তুতৰ বাবে উদ্যোগীসকলক একত্ৰিত হ’বলৈ উৎসাহ যোগাই কয় লোকেল খেলনাৰ প্ৰতি ভকলে হোৱাৰ সময় সমাগত।

কম্পিউটাৰ গেমৰ প্ৰৱণতা সন্দৰ্ভত ব্যক্ত কৰি, প্ৰধানমন্ত্ৰীয়ে আমাৰ ইতিহাসৰ বিচাৰ আৰু ধাৰণাৰ ওপৰত ভিত্তি কৰি এনে গেমসমূহ প্ৰস্তুত কৰি উলিওৱাৰ পৰামৰ্শ প্ৰদান কৰে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India among Asia's fastest-growing green economies with $110 billion revenue in 2025: LSEG

Media Coverage

India among Asia's fastest-growing green economies with $110 billion revenue in 2025: LSEG
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Abelardo de la Espriella on his victory in the Colombian presidential elections
June 26, 2026

Prime Minister Shri Narendra Modi congratulated Abelardo de la Espriella on his victory in the Colombian presidential elections.

The Prime Minister noted that India deeply values its close friendship with Colombia which continues to grow in all areas. “I convey my best wishes for a successful tenure and look forward to working together to further deepen our bilateral relations in the years ahead”, Shri Modi added.

Shri Modi posted on X;

Heartiest congratulations, Abelardo de la Espriella, on your victory in the Colombian presidential elections.

India values its close friendship with Colombia which continues to grow in all areas. I convey my best wishes for a successful tenure and look forward to working together to further deepen our bilateral relations in the years ahead.

@ABDELAESPRIELLA