নতুন দিল্লীত আজি ২০১৮ বৰ্ষত উত্তীৰ্ণ ১২৬গৰাকী আইপিএছৰ প্ৰশিক্ষণপ্ৰাপ্ত বিষয়াই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷

এই উপলক্ষে হোৱা বাৰ্তালাপত প্ৰধানমন্ত্রীয়ে বিষয়াসকলক তেওঁলোকৰ প্ৰতিদিনেই কামত আত্মনিয়োগ কৰিবলৈ পৰামর্শ আগবঢ়ায়৷ তেওঁ সাধাৰণ নাগৰিকৰ সৈতে আৰক্ষী বাহিনীক সংযুক্ত কৰাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে৷

তেওঁ কয় যে প্ৰতিগৰাকী বিষয়াই নাগৰিকক আৰক্ষী বাহিনীৰ সম্পর্কে বুজাব লাগিব আৰু আৰক্ষী বাহিনীক নাগৰিক অনুকূল আৰু গ্ৰহণযোগ্য কৰি তোলাৰ লক্ষ্যৰে কাম কৰিব লাগিব৷ আইপিএছ বিষয়াসকলৰ সৈতে হোৱা বাৰ্তালাপত প্ৰধানমন্ত্রীয়ে কয় যে আৰক্ষীৰ ভূমিকা অপৰাধ প্ৰতিৰোধী হোৱা উচিৎ। আধুনিক আৰক্ষী বাহিনী গঠনত প্ৰযুক্তিৰ গুৰুত্বৰ সন্দৰ্ভতো বহলাই কয় প্ৰধানমন্ত্ৰীয়ে৷

প্ৰধানমন্ত্রীয়ে পিছপৰা জিলাসমূহৰ পৰিৱর্তন আৰু সামাজিক দিশৰ পৰিৱর্তনৰ ক্ষেত্ৰত আৰক্ষীৰ ভূমিকা সন্ধৰ্ভতো আলোচনা কৰে৷ ২০১৮ চনত উত্তীৰ্ণ অধিক সংখ্যক প্ৰশিক্ষণপ্ৰাপ্ত মহিলাৰ উপস্থিতিৰো প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয় যে আৰক্ষী বাহিনীতে যিমানে বেছি মহিলা আহিব, সিমানে আৰক্ষীৰ কাম-কাজ তথা দেশ নিৰ্মাণত ইয়াৰ ইতিবাচক প্ৰভাব পৰিব৷

বিষয়াসকলৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰি প্ৰধানমন্ত্রীয়ে তেওঁলোকক নিজৰ প্ৰতি বিশ্বাস ৰাখিবলৈ কয়৷ তেওঁ লগতে কয় যে প্ৰশিক্ষণৰ লগতে আত্মবিশ্বাস আৰু আত্মশক্তিৰ জৰিয়তে বিষয়াসকল দৈনন্দিন সমস্যাৱলীৰ সমাধানৰ বাবে উপযুক্ত হৈ উঠিব৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre launches Bhavya scheme to set up 100 industrial parks across country

Media Coverage

Centre launches Bhavya scheme to set up 100 industrial parks across country
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 মে’ 2026
May 24, 2026

Strength, Growth & Global Trust: How PM Modi is Transforming India Across Frontiers