সততাৰ প্ৰতিষ্ঠা

Published By : Admin | March 14, 2019 | 14:33 IST
Share
 
Comments

এখন দেশত যেতিয়া ‘চলি আছে’ ধৰণৰ মনোবৃত্তি প্ৰৱৰ্তিত থাকে, তেনে অৱস্থাত ৰাজহুৱা জীৱন দুৰ্নীতিত নিমজ্জিত হয়, তাৰ বিপৰীতে বিগত ৫ বছৰত দুৰ্নীতি বিৰুদ্ধে যি এক সামগ্ৰিক আক্ৰমণ হৈছে ভাৰতত কেতিয়াও দেখিবলৈ পোৱা নাছিল৷ অন্যহাতে, এফালে সম্পদ আহৰণ বিচক্ষণতা আছিল যদিও আনফালে, বিতৰণ ব্যৱস্থাত মধ্যভোগীয়ে নিঃশেষ কৰিছিল আৰু তাত এতিয়া প্ৰত্যক্ষ, স্বচ্চ আৰু দক্ষ ব্যৱস্থা গঢ়ি তোলা হৈছে৷

জনতাক সবল কৰাৰ আহিলা হিচাপে জাম(জেএএম)৷

জন ধন যোজনা-আধাৰ-ম’বাইল অৰ্থাৎ জামে যে প্ৰত্যক্ষ লাভ হস্তান্তৰ (ডিবিটি)ৰ জৰিয়তে স্বচ্চতা বৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰৰ উদ্দেশ্য সফল কৰিছে, তাত কোনো সন্দেহ নাই৷ বিত্তীয় অন্তৰ্ভূক্তিৰ বৃহৎ পদক্ষেপ জন ধন যোজনাই বিতৰণ ব্যৱস্থাৰ দুৰ্নীতি প্ৰতিৰোধত সহায় কৰিছে৷ জন ধন-আধাৰ-ম’বাইল এই তিনিটাই মধ্যভোগীৰ দৌৰাত্ম্য হ্ৰাস কৰা আহিলা হিচাপে কাম কৰিছে৷ প্ৰতিটো একাউণ্টৰ সৈতে এক বিশেষ চিনাক্তকৰণ ব্যৱস্থা জড়িত হোৱাৰ ফলত ভুৱা একাউণ্ট অথবা ভুৱা হিতাধিকাৰীৰ কোনো আশংকা নাই৷ ২০১৯ৰ ফেব্ৰুৱাৰীলৈকে ডিবিটি ৫৫টা মন্ত্ৰালয়ৰ ৪৩৯খন আঁচনিত বলবৎ কৰা হৈছে৷

কল্পনা কৰকচোন জাম নথকা হ’লে ১২ হাজাৰ কৃষকক বছৰি ৬,০০০ টকাকৈ প্ৰদান কৰিবলগীয়া ঐতিহাসিক পিএম-কিষাণ সন্মান নিধি যোজনাত দুৰ্নীতিগ্ৰস্ত বিতৰণ ব্যৱস্থাৰ ফলত ব্যাপক ক্ষতি হ’লহেতেন৷

ইন্সস্পেক্টৰ ৰাজক লাইচেন্স প্ৰদান অতীতৰ এক ‘বাস্তৱ’ ঘটনা আছিল

যদিও ১৯৯১ৰ সংস্কাৰে ইন্সস্পেক্টৰ ৰাজক লাইচেন্স প্ৰদান ব্যৱস্থাৰ অন্ত পেলাব বিচাৰিছিল, বাস্তৱ ক্ষেত্ৰত এই পৰিৱৰ্তন ইমান ফলপ্ৰসূ হোৱা নাছিল৷ কিন্তু বৰ্তমানৰ দৰে অভিনৱ জিএছটি ব্যৱস্থাৰ উপৰি, প্ৰযুক্তিৰ সম্পূৰ্ণ ব্যৱহাৰ, ইন্সপেক্টৰ ৰাজৰ ‘দুৱাৰ বন্ধ’ কৰিছে চৰকাৰে৷  আইন মানি চলা ব্যৱসায়ী অথবা কৰ প্ৰদান কৰা দিয়া নাগৰিকক কোনো চৰকাৰী বিষয়াই হাৰাশাস্তি কৰা নাই৷ দৰাচলতে, জিএছটিৰ আগমনৰ লগে লগে সামগ্ৰী আৰু সেৱা কৰৰ ফলপ্ৰসূ কৰ হাৰৰ হ্ৰাস হৈ উপভোক্তাসকলক ব্যাপক হাৰত উপকৃত কৰিছে৷ কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত জিএছটিএনৰ একক কৰ ব্যৱস্থাৰ জৰিয়তে কৰদাতাসকলৰ বাবে একক আৰু মিলিত তথ্য প্ৰযুক্তি আন্তঃগাঁথনি গঢ়ি তুলিছে, যাৰ ফলত যিকোনো প্ৰকৃত লোকে ব্যৱস্থাটোৰ সৈতে সহজে একাত্ম হৈ পৰে৷ চৰকাৰী ই-বজাৰে(জিইএম) ডিজিটেল ই-বাণিজ্য পৰ্টেল হিচাপে বিভিন্ন চৰকাৰী বিভাগ/সংস্থা/ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানক প্ৰয়োজনীয় সামগ্ৰী অনলাইনযোগে আহৰণৰ সুবিধা প্ৰদানৰ উপৰি স্বচ্চতা, সক্ষমতা আৰু ৰাজহুৱা সম্পত্তি দ্ৰুতভাৱে আহৰণৰ লক্ষ্যত উপনীত হোৱাত আন এক পদক্ষেপ হিচাপে সুবিধা প্ৰদান কৰিছে৷

প্ৰতিবন্ধকতামুক্ত আৱণ্টন প্ৰক্ৰিয়া

চৰকাৰে দৈনন্দিন কাম-কাজত স্বচ্চতা বৃদ্ধি কৰিবলৈ সম্ভাব্য সকলো প্ৰচেষ্টা হাতত লৈছে৷ পূৰ্বৰ বছৰসমূহৰ ৰাজহুৱা সম্পদ যেনে কয়লা আৰু স্পেকট্ৰামৰ অস্বচ্ছ আৰু প্ৰতিবন্ধকতাপূৰ্ণ আৱণ্টনৰ সম্পূৰ্ণ বিপৰীত ছবি বৰ্তমান পৰিলক্ষিত হৈছে৷ বৰ্তমান চৰকাৰে এক ৰাজহুৱা নিবিদাৰ জৰিয়তে এক পৰিস্কাৰ আৰু স্বচ্চ ব্যৱস্থাৰ যিকোনো আৱণ্টন দিয়াৰ ফলত ব্যক্তিগত আৰু ৰাজহুৱা উভেয়েই মুকলিভাৱে সুবিধা লাভ কৰিছে৷

প্ৰতিবন্ধকামুক্ত নিয়ুক্তি প্ৰক্ৰিয়া

সকলো বিভাগৰ গ্ৰুপ চি আৰু ডি পৰ্যায়ৰ পদ আৰু নন-গেজেটেড পদৰ ক্ষেত্ৰত সাক্ষাৎকাৰ নাইকিয়া কৰি দুৰ্নীতিৰ বিৰুদ্ধে আন এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিলে৷ 

এই মনত ৰাখিবই লাগিব যে বিগত পাঁচ বছৰত সকলো ধৰণৰ দুৰ্নীতিৰ বিৰুদ্ধেই কেৱল সন্মুখৰ পৰা আক্ৰমণ কৰা নাই বৰঞ্চ চাৰিওফালে এক গঠনমূলক সততা প্ৰতিষ্ঠা কৰাৰো প্ৰচেষ্টা লোৱা হৈছে৷ প্ৰযুক্তি, বিত্তীয় অন্তৰ্ভূক্তি আৰু এক শক্তিশালী ৰাজনৈতিক ইচ্চাশক্তিৰ জৰিয়তে মোদী চৰকাৰে সততাত উচ্চ পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰ বাবে সম্ভাব্য সকলো প্ৰচেষ্টা গ্ৰহণ কৰে৷

 

Explore More
৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
Modi image, page committees, Patel govt: How BJP scripted historic win in Gujarat

Media Coverage

Modi image, page committees, Patel govt: How BJP scripted historic win in Gujarat
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi Adorns Colours of North East
March 22, 2019
Share
 
Comments

The scenic North East with its bountiful natural endowments, diverse culture and enterprising people is brimming with possibilities. Realising the region’s potential, the Modi government has been infusing a new vigour in the development of the seven sister states.

Citing ‘tyranny of distance’ as the reason for its isolation, its development was pushed to the background. However, taking a complete departure from the past, the Modi government has not only brought the focus back on the region but has, in fact, made it a priority area.

The rich cultural capital of the north east has been brought in focus by PM Modi. The manner in which he dons different headgears during his visits to the region ensures that the cultural significance of the region is highlighted. Here are some of the different headgears PM Modi has carried during his visits to India’s north east!