এখন দেশত যেতিয়া ‘চলি আছে’ ধৰণৰ মনোবৃত্তি প্ৰৱৰ্তিত থাকে, তেনে অৱস্থাত ৰাজহুৱা জীৱন দুৰ্নীতিত নিমজ্জিত হয়, তাৰ বিপৰীতে বিগত ৫ বছৰত দুৰ্নীতি বিৰুদ্ধে যি এক সামগ্ৰিক আক্ৰমণ হৈছে ভাৰতত কেতিয়াও দেখিবলৈ পোৱা নাছিল৷ অন্যহাতে, এফালে সম্পদ আহৰণ বিচক্ষণতা আছিল যদিও আনফালে, বিতৰণ ব্যৱস্থাত মধ্যভোগীয়ে নিঃশেষ কৰিছিল আৰু তাত এতিয়া প্ৰত্যক্ষ, স্বচ্চ আৰু দক্ষ ব্যৱস্থা গঢ়ি তোলা হৈছে৷
জনতাক সবল কৰাৰ আহিলা হিচাপে জাম(জেএএম)৷
জন ধন যোজনা-আধাৰ-ম’বাইল অৰ্থাৎ জামে যে প্ৰত্যক্ষ লাভ হস্তান্তৰ (ডিবিটি)ৰ জৰিয়তে স্বচ্চতা বৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰৰ উদ্দেশ্য সফল কৰিছে, তাত কোনো সন্দেহ নাই৷ বিত্তীয় অন্তৰ্ভূক্তিৰ বৃহৎ পদক্ষেপ জন ধন যোজনাই বিতৰণ ব্যৱস্থাৰ দুৰ্নীতি প্ৰতিৰোধত সহায় কৰিছে৷ জন ধন-আধাৰ-ম’বাইল এই তিনিটাই মধ্যভোগীৰ দৌৰাত্ম্য হ্ৰাস কৰা আহিলা হিচাপে কাম কৰিছে৷ প্ৰতিটো একাউণ্টৰ সৈতে এক বিশেষ চিনাক্তকৰণ ব্যৱস্থা জড়িত হোৱাৰ ফলত ভুৱা একাউণ্ট অথবা ভুৱা হিতাধিকাৰীৰ কোনো আশংকা নাই৷ ২০১৯ৰ ফেব্ৰুৱাৰীলৈকে ডিবিটি ৫৫টা মন্ত্ৰালয়ৰ ৪৩৯খন আঁচনিত বলবৎ কৰা হৈছে৷
কল্পনা কৰকচোন জাম নথকা হ’লে ১২ হাজাৰ কৃষকক বছৰি ৬,০০০ টকাকৈ প্ৰদান কৰিবলগীয়া ঐতিহাসিক পিএম-কিষাণ সন্মান নিধি যোজনাত দুৰ্নীতিগ্ৰস্ত বিতৰণ ব্যৱস্থাৰ ফলত ব্যাপক ক্ষতি হ’লহেতেন৷
ইন্সস্পেক্টৰ ৰাজক লাইচেন্স প্ৰদান অতীতৰ এক ‘বাস্তৱ’ ঘটনা আছিল
যদিও ১৯৯১ৰ সংস্কাৰে ইন্সস্পেক্টৰ ৰাজক লাইচেন্স প্ৰদান ব্যৱস্থাৰ অন্ত পেলাব বিচাৰিছিল, বাস্তৱ ক্ষেত্ৰত এই পৰিৱৰ্তন ইমান ফলপ্ৰসূ হোৱা নাছিল৷ কিন্তু বৰ্তমানৰ দৰে অভিনৱ জিএছটি ব্যৱস্থাৰ উপৰি, প্ৰযুক্তিৰ সম্পূৰ্ণ ব্যৱহাৰ, ইন্সপেক্টৰ ৰাজৰ ‘দুৱাৰ বন্ধ’ কৰিছে চৰকাৰে৷ আইন মানি চলা ব্যৱসায়ী অথবা কৰ প্ৰদান কৰা দিয়া নাগৰিকক কোনো চৰকাৰী বিষয়াই হাৰাশাস্তি কৰা নাই৷ দৰাচলতে, জিএছটিৰ আগমনৰ লগে লগে সামগ্ৰী আৰু সেৱা কৰৰ ফলপ্ৰসূ কৰ হাৰৰ হ্ৰাস হৈ উপভোক্তাসকলক ব্যাপক হাৰত উপকৃত কৰিছে৷ কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত জিএছটিএনৰ একক কৰ ব্যৱস্থাৰ জৰিয়তে কৰদাতাসকলৰ বাবে একক আৰু মিলিত তথ্য প্ৰযুক্তি আন্তঃগাঁথনি গঢ়ি তুলিছে, যাৰ ফলত যিকোনো প্ৰকৃত লোকে ব্যৱস্থাটোৰ সৈতে সহজে একাত্ম হৈ পৰে৷ চৰকাৰী ই-বজাৰে(জিইএম) ডিজিটেল ই-বাণিজ্য পৰ্টেল হিচাপে বিভিন্ন চৰকাৰী বিভাগ/সংস্থা/ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানক প্ৰয়োজনীয় সামগ্ৰী অনলাইনযোগে আহৰণৰ সুবিধা প্ৰদানৰ উপৰি স্বচ্চতা, সক্ষমতা আৰু ৰাজহুৱা সম্পত্তি দ্ৰুতভাৱে আহৰণৰ লক্ষ্যত উপনীত হোৱাত আন এক পদক্ষেপ হিচাপে সুবিধা প্ৰদান কৰিছে৷
প্ৰতিবন্ধকতামুক্ত আৱণ্টন প্ৰক্ৰিয়া
চৰকাৰে দৈনন্দিন কাম-কাজত স্বচ্চতা বৃদ্ধি কৰিবলৈ সম্ভাব্য সকলো প্ৰচেষ্টা হাতত লৈছে৷ পূৰ্বৰ বছৰসমূহৰ ৰাজহুৱা সম্পদ যেনে কয়লা আৰু স্পেকট্ৰামৰ অস্বচ্ছ আৰু প্ৰতিবন্ধকতাপূৰ্ণ আৱণ্টনৰ সম্পূৰ্ণ বিপৰীত ছবি বৰ্তমান পৰিলক্ষিত হৈছে৷ বৰ্তমান চৰকাৰে এক ৰাজহুৱা নিবিদাৰ জৰিয়তে এক পৰিস্কাৰ আৰু স্বচ্চ ব্যৱস্থাৰ যিকোনো আৱণ্টন দিয়াৰ ফলত ব্যক্তিগত আৰু ৰাজহুৱা উভেয়েই মুকলিভাৱে সুবিধা লাভ কৰিছে৷
প্ৰতিবন্ধকামুক্ত নিয়ুক্তি প্ৰক্ৰিয়া
সকলো বিভাগৰ গ্ৰুপ চি আৰু ডি পৰ্যায়ৰ পদ আৰু নন-গেজেটেড পদৰ ক্ষেত্ৰত সাক্ষাৎকাৰ নাইকিয়া কৰি দুৰ্নীতিৰ বিৰুদ্ধে আন এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিলে৷
এই মনত ৰাখিবই লাগিব যে বিগত পাঁচ বছৰত সকলো ধৰণৰ দুৰ্নীতিৰ বিৰুদ্ধেই কেৱল সন্মুখৰ পৰা আক্ৰমণ কৰা নাই বৰঞ্চ চাৰিওফালে এক গঠনমূলক সততা প্ৰতিষ্ঠা কৰাৰো প্ৰচেষ্টা লোৱা হৈছে৷ প্ৰযুক্তি, বিত্তীয় অন্তৰ্ভূক্তি আৰু এক শক্তিশালী ৰাজনৈতিক ইচ্চাশক্তিৰ জৰিয়তে মোদী চৰকাৰে সততাত উচ্চ পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰ বাবে সম্ভাব্য সকলো প্ৰচেষ্টা গ্ৰহণ কৰে৷




