পাকিস্তানৰ প্ৰধানমন্ত্রী যি বক্তব্য আগবঢ়াইছে তাৰ প্ৰত্যুত্তৰত মই এই সভাত ভাৰতৰ দৃষ্টিভংগী জনাব বিচাৰো৷

 

২. সাধাৰণ সভাৰ মঞ্চৰ পৰা যিবোৰ কথা কোৱা হৈছে, সেইবোৰে ইতিহাসৰ গুৰুত্বক বহন কৰি চলে বুলি বিশ্বাস কৰা হয়৷ দুর্ভাগ্যবশতঃ আমি আজি পাকিস্তানৰ প্ৰধানমন্ত্রী ইমৰান খানৰ দ্বিধাগ্ৰস্ত মানসিকতাপূর্ণ বিশ্বৰ এক নির্মম প্ৰতিফলনৰ প্ৰত্যক্ষ কৰিছো, যেনে–ধনী বনাম দুখীয়া, উত্তৰ বনাম দক্ষিণ, উন্নত বনাম উন্নয়নশীল, মুছলিম বনাম অন্য ধর্ম ইত্যাদি৷ তেওঁৰ ভাষণত ৰাষ্ট্ৰসংঘত বিভাজনৰ দৃষ্টিভংগী দাঙি ধৰে। এই ভাষণত তীব্ৰ মতবিৰোধিতা কৰাৰ লগতে ইয়াৰ ঘৃণাৰ সৃষ্টি হৈছে, সংক্ষেপতে ক’বলৈ গ’লে–‘এয়া ঘৃণনীয় ভাষণ’৷

 

৩. অতি কম সময়তে সাধাৰণ অধিৱেশনক এই ধৰনৰ অপব্যৱহাৰ লক্ষ্য কৰা গৈছে। প্ৰতিটো শব্দই কূটনীতিৰ প্ৰতি লক্ষ্য ৰাখি কোৱা হৈছে৷ ভাষণত বিভিন্ন বিশেষণ যেনে – ‘ৰক্তস্নান’, ‘জাতিগত সংখ্যাগৰিষ্ঠতা’, ‘অস্ত্ৰ গ্ৰহণ’ আৰু শেষলৈকে যুদ্ধৰ কথা আওৰাই মধ্যযুগীয় মানসিকতাৰে প্ৰতিফলন ঘটালে৷ এয়া একবিংশ শতিকাৰ দৃষ্টিভংগী নহয়৷

 

৪. প্ৰধানমন্ত্রী ইমৰান খানৰ পাৰমাণৱিক যুদ্ধৰ  ভাবুকি তেওঁৰ কূটনীতিসুলভ মানসিকতাৰ নহয়, বৰঞ্চ আগ্রাসী মনোভাৱৰে পৰিচয়।

 

৫. এনে এজন দেশৰ নেতাৰ মুখত এইবোৰ কথা উচ্চাৰিত হৈছে, য’ত সন্ত্রাস নামৰ উদ্যোগক গুৰুত্ব আৰু একচেটিয়া অধিকাৰ দিয়া হৈছে। সন্ত্রাসক লৈ প্ৰধানমন্ত্রী ইমৰান খানৰ ব্যাখ্যা ধৃষ্টতাপূৰ্ণ আৰু দ্বন্দৰ পৰিচায়ক৷

 

৬. ভদ্ৰ লোকে খেলা ক্রিকেট, যি এই খেলাৰ সৈতে ক্রিকেটাৰ হিচাপে জড়িত আছিল, তেওঁৰ পৰা আজি এনে ভাষণ শুনাটো বর্বৰতা আৰু নির্মমতাৰে প্ৰতিফলন, যি দাৰা আদম খেলেৰ অস্ত্ৰ–শস্ত্ৰ লৈ নৰসংহাৰৰ কথা মনত পেলায় দিয়ে৷

 

৭. প্ৰধানমন্ত্রী ইমৰান খানে এই কথা প্ৰমাণ কৰাৰ বাবে এতিয়া ৰাষ্ট্ৰসংঘক পাকিস্তানলৈ আহিবলৈ আহ্বান জনাইছে যে তাত কোনো উগ্ৰপন্থী সংগঠন নাই৷ সমগ্ৰ বিশ্বই তেওঁৰ এই প্ৰতিশ্রুতি সত্য বুলি মানি ল’ব নোৱাৰে৷

 

৮.  সভাত পাকিস্তানক কেইটামান প্ৰশ্ন কৰিব বিচাৰিছো৷ প্ৰয়োজনত পাকিস্তানে তাৰ জবাবদিহি কৰিব পাৰে৷

  • পাকিস্তান এই তথ্য উপেক্ষা কৰিব পাৰিবনে যে আজিলৈকে ৰাষ্ট্ৰসংঘৰ তালিকাভুক্ত ১৩০ জন কুখ্যাত সন্ত্ৰাসবাদী ২৫টা সন্ত্রাসবাদী সংগঠন সেই দেশত আছে?
  • পাকিস্তান এই কথা স্বীকাৰ কৰিবনে যে সমগ্ৰ বিশ্বত তেওঁলোকে একমাত্ৰ চৰকাৰ যি ৰাষ্ট্ৰসংঘৰ তালিকাভুক্ত আল কায়েদা সন্ত্ৰাসবাদী সংগঠনৰ এজনক পেন্সন দিয়ে!
  • পাকিস্তান এই প্ৰশ্নৰ উত্তৰ নিউইয়র্কক দিব পাৰিব নে যে সেই দেশৰ অগ্ৰণী হাবিব বেংকক সন্ত্রাসৰ সহায় আগবঢ়োৱাৰ বাবে কেইবা মিলিয়ন ডলাৰ জৰিমনা বিহাত বন্ধ কৰি দিবলগীয়া হৈছে?
  • পাকিস্তান এই তথ্য অস্বীকাৰ কৰিব পাৰিব নে যে ফাইনেন্সিয়েল একচন টাক্স ফোৰ্চে ইয়াৰ ২৭টা মাপকাঠিৰ ভিতৰত ২০টাতেই বিধি উলংঘৰ বাবে তেওঁলোকক জাননী জাৰি কৰা হৈছে?
  • প্ৰধানমন্ত্রী ইমৰান খানে নিউয়র্ক চহৰবাসীৰ ওচৰত অস্বীকাৰ কৰিব পাৰিবনে যে তেওঁ এসময়ত অ’ছামা বিন লাডেনক প্ৰকাশ্যে সমর্থন জনাইছিল?

মাননীয় সভাপতি,

   ৯. মূল ধাৰাৰ সৈতে সন্ত্রাসবাদ আৰু ঘৃণনীয়া বক্তব্যক সাঙুৰি পাকিস্তানে মানৱাধিকাৰৰ প্ৰশ্নত তেওঁৰ সর্বাত্মক চেষ্টা বজাই ৰাখিব বিচাৰিছে।

   

    ১০. পাকিস্তান এনে এখন দেশ য’ত সংখ্যালঘু সম্প্ৰদায়ৰ সংখ্যা ১৯৪৭ৰ ২৩ শতাংশৰ পৰা হ্ৰাস পাই আজি ৩ শতাংশত পাইছেগৈ৷ খ্রীষ্টান, শিখ, হিন্দু, ছিয়া, পাস্তুন, সিন্ধি আৰু বালুচদেৰ প্ৰতি স্বৈৰাতান্ত্রিক আঘাত হানিছে, মিছা গোচৰত জড়িত কৰি তেওঁলোকক অভিযুক্ত কৰা হৈছে, তেওঁলোকৰ প্ৰতি অমানৱীয় দুর্ব্যৱহাৰ কৰা হৈছে, আনকি বলপূর্বক অভিযোগ স্বীকাৰ কৰিবলৈ বাধ্য কৰোৱা হৈছে।

 

  ১১. মানৱাধিকাৰক লৈ এতিয়া এই দেশত যিবোৰ কথা আলোচনা হৈছে, সেয়া বিলুপ্তপ্রায় পাহাৰীয়া ছাগলী ‘মাৰখুৰ’ বিচৰাৰ দৰে কথা৷

 

মাননীয় সভাপতি,

 

১২. প্ৰধানমন্ত্রী ইমৰান খান বর্তমানৰ গণতন্ত্রৰ শক্তি সম্পর্কে নজনা নহয়৷ আমি আপোনাক ইতিহাস সম্পর্কে আপোনাৰ বিভ্রান্তিকৰ ধাৰণা মচি পেলাবলৈ অনুৰোধ জনাইছো৷ এই কথা পাহৰি নাযাব যে ১৯৭১ চনত আপোনাৰ নিজৰ দেশতে বর্বৰোচিত নৰহত্যা হৈছিল৷ নৰহত্যাত লেফটেনেণ্ট জেনেৰেল এ এ কে নিয়াজিৰ ভূমিকাও আপুনি পাহৰিলে নহ’ব৷ বাংলাদেশৰ প্ৰধানমন্ত্রীয়ে আজি আবেলি সাধাৰণ সভাক এনে হীনমানসিকতাৰ ঘটনাৰ কথা মনত পেলাই দিছে৷

মাননীয় সভাপতি,

 

১৩. এক অপ্রাসংগিক তথা অস্থায়ী ধাৰা, যি ভাৰতৰ ৰাজ্য জম্মু আৰু কাশ্মীৰৰ উন্নয়ন তথা অখণ্ডতাৰ ক্ষেত্রত বাধাৰ সৃষ্টি কৰছিল, সেয়া প্ৰত্যাহাৰৰ ক্ষেত্ৰত পাকিস্তানৰ প্ৰতিক্রিয়াই এই ঘটনাকে প্ৰমাণিত কৰে, যিসলে হাই–কাজিয়া চলাই যাব বিচাৰে, তেওঁলোকে কেতিয়াও শান্তিৰ বার্তাক আদৰণী জনাব নোৱাৰে৷

১৪. পাকিস্তানে এফালে সন্ত্রাসবাদক সহায় কৰিছে আৰু আজি এতিয়া ঘৃণনীয় ভাষণ প্ৰদান কৰিছে৷ ভাৰতে জম্মু আৰু কাশ্মীৰৰ উন্নয়নক আগুৱাই নিয়াৰ লক্ষ্যৰে কাম–কাজ চলাই যাব৷

১৫. জম্মু আৰু কাশ্মীৰ তথা লাদাখক উন্নয়নৰ মূলসুঁতিৰ সৈতে জড়িত কৰি ভাৰতে নিৰৱচ্ছিন্ন তথা প্রাণৱন্ত গণতন্ত্রৰ ৰূপকে প্ৰতিফলিত কৰিব বিচাৰে৷ ভাৰতীয় গণতন্ত্রৰ শত–সহস্ৰ প্রাচীন মূল্যবোধ ইয়াৰ বৈচিত্র্য, বহুত্ববাদ আৰু সহনশীলতাৰ মাজত নিহিত আছে৷

১৬. ভাৰতবাসীৰ হৈ কিবা কথা ক’বলৈ আন কোনো ব্যক্তিকে প্ৰয়োজন নাই, বিশেষকৈ সেই সকল ব্যক্তি, যিসকলে ঘৃণাৰ আদর্শৰ পৰা সন্ত্রাসৰ উদ্যোগ গঢ় দিছে৷

মাননীয় সভাপতি,

আপোনাক মই ধন্যবাদ জনাইছো৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India is reshaping strategy through diversified trade, stronger self-reliance, deeper partnerships

Media Coverage

India is reshaping strategy through diversified trade, stronger self-reliance, deeper partnerships
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM shares a Sanskrit Subhashitam highlighting the importance of complete and scientifically grounded knowledge
February 18, 2026

Prime Minister Shri Narendra Modi today shared a Sanskrit Subhashitam highlighting the importance of complete and scientifically grounded knowledge. Such a complete true wisdom leads an individual to fullness, Clarity and the supreme realisation of truth.

The PM quoted an ancient Sanskrit verse on X:

“ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः।

यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते।।”