ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি মহামহিমভ্লাদিমিৰ জেলেনস্কিৰ আমন্ত্ৰণমৰ্মে ২৩ আগষ্ট, ২০২৪ত ইউক্ৰেইন ভ্ৰমণ আৰম্ভ কৰে। ১৯৯২ত দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ পিছত ভাৰতৰ এগৰাকী প্ৰধানমন্ত্ৰীৰ এয়াই প্ৰথম ইউক্ৰেইন ভ্ৰমণ।


ৰাজনৈতিক সম্পৰ্ক


দুয়োগৰাকী নেতাই আগন্তুক দিনসমূহত দ্বিপাক্ষিক সম্পৰ্কক এক ব্যাপক অংশীদাৰিত্বৰপৰা কৌশলগত অংশীদাৰিত্বলৈ উন্নীতকৰণৰ অৰ্থে কাম কৰাৰ পাৰস্পৰিক আগ্ৰহ প্ৰকাশ কৰে।


তেওঁলোকে পাৰস্পৰিক বিশ্বাস, সন্মান আৰু স্পষ্টতাৰ আধাৰত ভিত্তি কৰি দুয়োখন দেশৰ জনসাধাৰণৰ সুবিধাৰ্থে দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ়কৰণৰ অংগীকাৰৰ কথা দোহাৰে।


নেতাদ্বয়ে যোৱা তিনিটা দশকত যথেষ্ট সুদৃঢ় হোৱা দ্বিপাক্ষিক সম্পৰ্কৰ সুস্থিৰ আৰু ইতিবাচক পৰিক্ৰমা সন্দৰ্ভত পৰ্য্যালোচনা কৰে।তেওঁলোকে জি-৭ সন্মিলনৰ আপাহত ২০২৪ৰ জুনত আপুলিয়াত আৰু ২০২৩ৰ মে’ত হিৰোচিমাত অনুষ্ঠিত হোৱা বৈঠককে প্ৰমুখ্য কৰি ভিন্ন পৰ্য্যায়ত ভাৰত আৰু ইউক্ৰেইনৰ মাজত নিয়মীয়াকৈ হোৱা যোগাযোগে পালন কৰা ভূমিকাৰ শলাগ লয়।একেদৰে, পাৰস্পৰিক বুজাবুজি, বিশ্বাস আৰু সহযোগিতা বৰ্ধনৰ ক্ষেত্ৰত২০২৪ৰ মাৰ্চত ইউক্ৰেইনৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰীৰ নতুন দিল্লী ভ্ৰমণ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী আৰু ইউক্ৰেইনৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰীৰ মাজত একাধিক মত-বিনিময় আৰু টেলিফোনিক বাৰ্তালাপ,ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ কাৰ্য্যালয়ৰ মুৰব্বীৰ মাজত হোৱা যোগাযোগতথা ২০২৩ৰ জুলাইত কিয়েভত অনুষ্ঠিত বৈদেশিক দপ্তৰৰ ৯ম লানি আলোচনাই পালন কৰা ভূমিকাৰ কথা উল্লেখ কৰে।


নেতাদ্বয়ে ভাইব্ৰেন্ট গুজৰাট গ্ল’বেল ছামিট-২০২৪আৰু ৰাইচিনা ডাইলগ-২০২৪ত ইউক্ৰেইনৰ চৰকাৰী প্ৰতিনিধিসকলৰ অংশগ্ৰহণৰ শলাগ লয়।


এক ব্যাপকন্যায্য আৰু স্থায়ী শান্তি নিশ্চিত কৰা


প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ৰাষ্ট্ৰসংঘৰ চনদকে প্ৰমুখ্য কৰি আন্তঃৰাষ্ট্ৰীয় আইনৰ নীতিসমূহ, যেনেঃ ভূখণ্ডৰ অখণ্ডতা আৰু ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বৰ প্ৰতি সন্মান জনোৱাৰ ক্ষেত্ৰত অধিক সহযোগিতাৰ বাবে তেওঁলোকৰ সাজু বুলি পুনৰবাৰ উল্লেখ কৰে। তেওঁলোকে এই সন্দৰ্ভত অধিক ঘনিষ্ঠ দ্বিপাক্ষিক আলোচনাৰ আৱশ্যকতাতসহমত পোষণ কৰে।


ভাৰতীয় পক্ষই ইয়াৰ নীতিগত স্থিতি তথা আলোচনা আৰু কূটনীতিৰ জৰিয়তে শান্তিপূৰ্ণ সমাধানত গুৰুত্ব আৰোপ কৰে, যাৰ অংশ হিচাপে ভাৰতে ২০২৪ৰ জুনত ছুইজাৰলেণ্ডৰ বাৰ্গেনষ্টকত অনুষ্ঠিত ইউক্ৰেইনৰ শান্তি সন্মিলনত অংশগ্ৰহণ কৰিছিল।


ইউক্ৰেইনৰ পক্ষই ভাৰতৰ এনে অংশগ্ৰহণক আদৰণি জনাই পৰৱৰ্তী শান্তি সন্মিলনত উচ্চ-পৰ্য্যায়ত ভাৰতৰ অংশগ্ৰহণৰ গুৰুত্ব সম্পৰ্কে আলোকপাত কৰে।

ইউক্ৰেইনৰ শান্তি সন্মিলনত গ্ৰহণ কৰা শান্তি কাঠামোৰ যৌথ বিজ্ঞপ্তিখনে আলোচনা, কূটনীতি আৰু আন্তঃৰাষ্ট্ৰীয় আইনৰ আধাৰত ন্যায্য শান্তিক প্ৰোৎসাহনৰ বাবে অধিক প্ৰচেষ্টাৰ ভিত্তি হিচাপে কাম কৰিব পাৰে বুলি ইউক্ৰেইনৰ পক্ষই প্ৰকাশ কৰে।


নেতাদ্বয়ে ইউক্ৰেইনৰ ‘হিউমেনেটেৰিয়ান গ্ৰেইন’ পদক্ষেপকে প্ৰমুখ্য কৰি বিশ্বৰ খাদ্য সুৰক্ষা নিশ্চিতকৰণৰ বাবে গ্ৰহণ কৰা ভিন্ন প্ৰচেষ্টাৰ শলাগ লয়। এছিয়া আৰু আফ্ৰিকাকেপ্ৰমুখ্য কৰি বিশ্বৰ বজাৰলৈ কৃষিজাত সামগ্ৰীৰ নিৰৱচ্ছিন্ন আৰু বাধাহীন যোগানত গুৰুত্ব আৰোপ কৰা হয়।


প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰ কয় যে উদ্ভাৱনীমূলক সমাধান সূত্ৰ নিৰূপণৰ অৰ্থে সকলো অংশীদাৰৰ মাজত আন্তৰিক আৰু ব্যৱহাৰিক যোগাযোগৰ প্ৰয়োজনীয়তা আছে,যাৰবিস্তৃত গ্ৰহণযোগ্যতা থাকিব আৰু যিয়ে সোনকালে শান্তিৰ পুনৰুদ্ধাৰৰ দিশত অৰিহণা যোগাব। তেখেতে সোনকালে শান্তি ঘূৰি অহাৰ ক্ষেত্ৰত ভাৰতৰসম্ভৱপৰ সকলো ধৰণেৰে অৰিহণা যোগাবলৈ থকা ইচ্ছাৰ কথা প্ৰকাশ কৰে।


অৰ্থনৈতিকবৈজ্ঞানিক আৰু কাৰিকৰী সহযোগিতা


নেতাদ্বয়ে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, উদ্যোগ, উৎপাদন, সেউজ শক্তি আদি ক্ষেত্ৰত অধিক সুদৃঢ় অংশীদাৰিত্বৰ সন্ধান কৰাৰ উপৰিও ব্যৱসায় আৰু বাণিজ্য, কৃষি, ঔষধ, প্ৰতিৰক্ষা, শিক্ষা, বিজ্ঞান আৰু প্ৰযুক্তি, সংস্কৃতিৰ দৰে ক্ষেত্ৰত সহযোগিতাৰবৰ্ধন সম্পৰ্কে আলোচনা কৰে।উভয় ৰাষ্ট্ৰৰ ব্যৱসায় আৰু উদ্যোগৰ অধিক যোগাযোগৰ জৰিয়তেও সম্পৰ্কৰ বৰ্ধনৰ পোষকতা কৰে।


দুয়োগৰাকী নেতাইউভয় দেশৰ মাজত ভৱিষ্যতমুখী আৰু অধিক সুদৃঢ় অৰ্থনৈতিক অংশীদাৰিত্ব প্ৰশস্তকৰণৰ ক্ষেত্ৰত ভাৰত-ইউক্ৰেইনৰ আন্তঃচৰকাৰী বাণিজ্য, অৰ্থনৈতিক, বৈজ্ঞানিক, কাৰিকৰী, ঔদ্যোগিক আৰু সাংস্কৃতিক সহযোগিতাআয়োগৰ (IGC) গুৰুত্ব সম্পৰ্কে ব্যক্ত কৰে।


২০২৪ৰ মাৰ্চত ইউক্ৰেইনৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ সময়ত অনুষ্ঠিত আইজিচিৰ পৰ্য্যালোচনা আৰু ২০২৪ত উভয়ৰে সুবিধাজনক সময়ত আইজিচিৰ ৭ম অধিবেশন আগতীয়াকৈ আয়োজনৰ লক্ষ্যৰে যৌথ কৰ্মগোটসমূহৰ বৈঠক অনুষ্ঠিতকৰণৰ প্ৰচেষ্টাক তেওঁলোকে শলাগ লয়। ভাৰতৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃএছ. জয়শংকৰক আইজিচিৰ সহ-অধ্যক্ষ/অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদানক ইউক্ৰেইনৰ পক্ষই আদৰণি জনায়।


অব্যাহত যুদ্ধৰে সম্পৰ্কীয় প্ৰত্যাহ্বানৰ বাবে ২০২২ৰ পৰা সামগ্ৰীৰ বাৰ্ষিক দ্বিপাক্ষিক বাণিজ্য যথেষ্ট হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত নেতাদ্বয়ে আইজিচিৰ সহ-অধ্যক্ষক কেৱল দ্বিপাক্ষিক বাণিজ্য পুনৰুদ্ধাৰ আৰু অৰ্থনৈতিক সম্পৰ্কক সংঘাতৰ-পূৰ্বৰ নিয়াই নহয়, বৰঞ্চ ইয়াৰ অধিক সম্প্ৰসাৰণ আৰু গভীৰ কৰি তুলিবলৈ সম্ভৱপৰ সকলো পথৰ অন্বেষণৰ পৰামৰ্শ আগবঢ়ায়।


নেতাসকলে ভাৰত আৰু ইউক্ৰেইনৰ মাজত ব্যাপকব্যৱসায় আৰু বাণিজ্যৰ বাবে যিকোনো বাধা আঁতৰোৱাৰ উপৰিও পাৰস্পৰিক অৰ্থনৈতিক কাৰ্য্যকলাপ আৰু বিনিয়োগৰ ক্ষেত্ৰত সুচলতা বৃদ্ধিতো গুৰুত্ব আৰোপ কৰে। যৌথ প্ৰকল্প, সহযোগিতাআৰু উদ্যোগসমূহ অন্বেষণ কৰিবলৈ চৰকাৰী আৰু ব্যৱসায়িক পৰ্য্যায়ত অধিক ঘনিষ্ঠতাকো পক্ষসমূহে উৎসাহিত কৰে।


নেতাসকলে কৃষিৰ ক্ষেত্ৰত দুয়োপক্ষৰ মাজত থকা শক্তিশালী সম্পৰ্ক তথা মানদণ্ড আৰু প্ৰমাণীকৰণ পদ্ধতিৰ সমন্বয়কে প্ৰমুখ্য কৰি পৰিপূৰক ক্ষেত্ৰত সামৰ্থ্যৰ ভিত্তিত দ্বিপাক্ষিক পাৰস্পৰিক ক্ৰিয়া-কলাপ আৰু বজাৰত প্ৰৱেশ বৃদ্ধিৰ বাঞ্ছনীয়তাৰকথা কয়।


ঔষধজাত সামগ্ৰীৰ ক্ষেত্ৰত সহযোগিতাক অংশীদাৰিত্বৰ অন্যতম শক্তিশালী স্তম্ভ হিচাপে স্বীকৃতি জনায় নেতাদ্বয়ে পৰীক্ষা, পৰিদৰ্শনআৰু পঞ্জীয়ন পদ্ধতিৰ জৰিয়তে তথা বিনিয়োগ আৰু যৌথ উদ্যোগৰ অধিক বজাৰ প্ৰৱেশ আৰু সুগমকৰণৰ ইচ্ছাক পুনৰ দৃঢ় কৰে। দুয়োপক্ষই ঔষধৰ ক্ষেত্ৰত সহযোগিতা বিস্তৃতকৰণৰ ইচ্ছা প্ৰকাশ কৰে, যি ক্ষেত্ৰত প্ৰশিক্ষণ আৰু উত্তম পদ্ধতিৰ আদান-প্ৰদানে অন্যতম গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ভাৰত গণৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰীয় সেৱাৰ মাজত ঔষধ নিয়ন্ত্ৰণ সম্পৰ্কীয় বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱাৰ লগতে ২০২৪ৰ আগষ্টত ভাৰ্চুৱেল ম’ডত ফাৰ্মাচিউটিকেল সহযোগিতা সন্দৰ্ভত ভাৰত-ইউক্ৰেইনৰ যুটীয়া কৰ্মগোটৰ ৩য় বৈঠক অনুষ্ঠিত হোৱা কাৰ্য্যক তেওঁলোকে আদৰণি জনায়। ইউক্ৰেইনৰ পক্ষই ভাৰতৰ ব্যয়-সাশ্ৰয়ী আৰু মানসম্পন্ন ঔষধ যোগানৰ নিশ্চিত উৎস হিচাপেও শলাগ লয়।


বিশেষকৈ বিনিয়োগৰ পাৰস্পৰিক সুৰক্ষাৰ ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্কৰ আইনী কাঠামো সম্প্ৰসাৰণৰ কাম ক্ষীপ্ৰকৰণৰ লগতে শৈক্ষিক নথিপত্ৰ, শৈক্ষিক ডিগ্ৰীআৰু ‘টাইটেল’ৰ পাৰস্পৰিক স্বীকৃতিৰ সন্ধানত পক্ষসমূহে সন্মতি প্ৰকাশ কৰে।


ভাৰত আৰু ইউক্ৰেইনৰ মাজত বৈজ্ঞানিক আৰু প্ৰযুক্তিগত সহযোগিতাৰ চুক্তিৰ সফল ৰূপায়ণ, বৈজ্ঞানিক আৰু কাৰিকৰী সহযোগিতাৰ ভাৰত-ইউক্ৰেইনৰ যুটীয়া কৰ্মগোটৰ ফলপ্ৰসূ কাৰ্য্যকলাপআৰু দ্বিপাক্ষিক গৱেষণা প্ৰকল্প সম্পূৰ্ণ হোৱাৰ কথা লক্ষ্য কৰি পক্ষসমূহে নিয়মীয়া আদান-প্ৰদান আৰু কাৰ্য্যসূচী অনুষ্ঠিত কৰিবলৈ উৎসাহিত কৰে, বিশেষকৈ আইচিটি, এআই, মেচিন লাৰ্নিং, ক্লাউড সেৱা, জৈৱ-প্ৰযুক্তি, নতুন সামগ্ৰী, সেউজ শক্তিআৰু ধৰিত্ৰী বিজ্ঞানৰ দৰে ক্ষেত্ৰত এনে পন্থা গ্ৰহণৰ কামনা কৰে। ২০২৪ৰ ২০ জুনত অনুষ্ঠিত বৈজ্ঞানিক আৰু প্ৰযুক্তিগত সহযোগিতাৰ জেডব্লিউজিৰ ৮ম বৈঠকক পক্ষসমূহে আদৰণি জনায়।

প্ৰতিৰক্ষা সহযোগিতা

ভাৰত আৰু ইউক্ৰেইনৰ মাজত প্ৰতিৰক্ষা সহযোগিতাৰ গুৰুত্ব সম্পৰ্কে আলোকপাতেৰে নেতাসকলে ভাৰতত উৎপাদনৰ বাবে যৌথ সহযোগিতা তথা অংশীদাৰিত্ব আৰু উদীয়মান ক্ষেত্ৰসমূহত সহযোগিতাকে প্ৰমুখ্য কৰি দুয়োখন দেশৰ প্ৰতিৰক্ষা সত্তাসমূহৰ মাজত অধিক শক্তিশালী সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰত কাম কৰি যাবলৈ সন্মতিপ্ৰকাশ কৰে। ২০১২ৰ প্ৰতিৰক্ষা সহযোগিতা চুক্তিৰ অধীনত স্থাপিত ভাৰত-ইউক্ৰেইনৰ সামৰিক-কাৰিকৰী সহযোগিতা সম্পৰ্কীয় যুটীয়া কৰ্মগোটৰ দ্বিতীয়খন বৈঠক অদূৰ ভৱিষ্যতে ভাৰতত অনুষ্ঠিত কৰিবলৈ পক্ষসমূহে সন্মতি প্ৰকাশ কৰে।


সাংস্কৃতিক আৰু জনতাৰ মাজত সম্পৰ্ক


ভাৰত আৰু ইউক্ৰেইনৰ মাজৰ স্থায়ী বন্ধুত্বত সংস্কৃতি আৰু জনসাধাৰণৰ সম্পৰ্কই পালনকৰা মূল ভূমিকাক স্বীকাৰেৰে পক্ষসমূহে সাংস্কৃতিক সহযোগিতাৰ দ্বিপাক্ষিক কাৰ্য্যসূচীৰ সামৰণিতথা ভাৰত আৰু ইউক্ৰেইনত সংস্কৃতিৰ উৎসৱ অনুষ্ঠিতকৰণৰ সিদ্ধান্তক আদৰণি জনায়। ভাৰতীয় কাৰিকৰী আৰু অৰ্থনৈতিক সহযোগিতা কাৰ্য্যসূচীৰ অধীনত প্ৰদান কৰা বৃত্তি আৰু ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদৰ সাধাৰণ সাংস্কৃতিক বৃত্তি আঁচনিৰ জৰিয়তে তথা জনসাধাৰণৰ মাজৰ সম্পৰ্ক আৰু সাংস্কৃতিক আদান-প্ৰদানত নেতাসকলে গুৰুত্ব আৰোপ কৰে।


দুয়োখন দেশৰ নাগৰিকৰ শৈক্ষিক প্ৰয়োজনীয়তা পৰিপূৰণৰ বাবে উচ্চ শিক্ষানুষ্ঠানৰ শাখাৰ পাৰস্পৰিক মুকলিৰ সম্ভাৱনা অন্বেষণ কৰিবলৈ পক্ষসমূহে সন্মতি প্ৰকাশ কৰে।


দুয়োখন দেশৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক আৰু জনসাধাৰণৰ যোগাযোগৰ বিকাশৰ ক্ষেত্ৰত ইউক্ৰেইনৰপ্ৰবাসী ভাৰতীয়সকলৰ অৱদানৰ শলাগ লয় নেতাসকলে।

২০২২ৰ জানুৱাৰীত ইউক্ৰেইনৰপৰা ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক উদ্ধাৰৰ লগতে ইউক্ৰেইনলৈ উভতি অহা সকলো ভাৰতীয় নাগৰিক আৰু ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষা আৰু মংগল নিশ্চিতকৰণৰ অৰ্থে ইউক্ৰেইনৰ পক্ষক সহায় আৰু সমৰ্থন আগবঢ়োৱাৰ বাবে ভাৰতীয় পক্ষই পুনৰ কৃতজ্ঞতা প্ৰকাশ কৰে। ভাৰতীয় পক্ষই ভাৰতীয় নাগৰিক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সহজ ভিছা আৰু পঞ্জীয়নৰ সুবিধাৰ ক্ষেত্ৰত ইউক্ৰেইনৰ পক্ষৰ সমৰ্থন অব্যাহত ৰাখিবলৈ অনুৰোধ জনায়।


ইউক্ৰেইনৰ পক্ষই আগবঢ়োৱা মানৱীয় সাহায্যৰ বাবে ভাৰতীয় পক্ষক কৃতজ্ঞতা জ্ঞাপনৰ লগতে ভাৰত আৰু ইউক্ৰেইনৰ মাজত অধিক প্ৰভাৱৰ সমাজ উন্নয়ন প্ৰকল্পৰ বুজাবুজিৰ চুক্তিখন সমাপ্ত হোৱাত আদৰণি জনায়, যিয়ে ভাৰতীয় অনুদান সাহায্যৰ জৰিয়তে পাৰস্পৰিকভাৱে সহমতত উপনীত হোৱা প্ৰকল্পসমূহৰ বিকাশ সাধন কৰিব।


ইউক্ৰেইনৰ পুনৰ্গঠন আৰু পুনৰুদ্ধাৰৰ ক্ষেত্ৰত ভাৰতীয় কোম্পানীসমূহ জড়িত হোৱাৰ সম্ভাৱনাউপযুক্তভাৱে অন্বেষণ কৰিবলৈ পক্ষসমূহে সন্মতিপ্ৰকাশ কৰে।

দুয়োপক্ষই সন্ত্ৰাসবাদক গৰিহণা দিয়ে। আন্তঃৰাষ্ট্ৰীয় আইন আৰু ৰাষ্ট্ৰসংঘৰ চনদৰ ভিত্তিত এই ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ গুৰুত্বৰ কথা উল্লেখেৰে তেওঁলোকে সন্ত্ৰাসবাদ আৰু উগ্ৰবাদৰ সকলো ৰূপ আৰু প্ৰকাশৰ বিৰুদ্ধে আপোচবিহীন যুঁজ দিয়াৰ আহ্বান জনায়।


সমসাময়িক বিশ্ব বাস্তৱতাক প্ৰতিফলিত কৰিবলৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ব্যাপক সংস্কাৰ তথা আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ বিষয়সমূহৰ সৈতে মোকাবিলাকৰণত ইয়াক অধিক প্ৰতিনিধিত্বমূলক, ফলপ্ৰসূ আৰু কাৰ্য্যক্ষম কৰি তুলিবলৈ দুয়োপক্ষই আহ্বান জনায়। ইউক্ৰেইনে সংস্কাৰিত আৰু সম্প্ৰসাৰিত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ প্ৰতি সমৰ্থন পুনৰবাৰ প্ৰকাশ কৰে।


ভাৰতীয় পক্ষই ইউক্ৰেইনে আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁট (ISA)ত যোগদান কৰিব বুলি আশা প্ৰকাশ কৰে।


নেতাসকলৰ দ্বিপাক্ষিক সম্পৰ্কৰ সমগ্ৰ প্ৰেক্ষাপটত বিস্তৃত আলোচনা আৰু সহভাজিত আগ্ৰহৰ আঞ্চলিক আৰু বৈশ্বিক বিষয়সমূহত মত-বিনিময়ে ভাৰত-ইউক্ৰেইনৰ সম্পৰ্কৰ গভীৰতাৰ লগতে পাৰস্পৰিক বুজাবুজি আৰু বিশ্বাসৰ প্ৰতিফলন ঘটাইছে।


প্ৰধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণৰ সময়ত তেখেত আৰু তেখেতৰ প্ৰতিনিধি দললৈ আগবঢ়োৱা উষ্ম-আতিথ্যৰ বাবে ৰাষ্ট্ৰপতি জেলেনস্কিকধন্যবাদ জ্ঞাপনেৰে পাৰস্পৰিক সুবিধাজনকভাৱে ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ জনায়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘PM Modi is so popular’: Malaysian PM on Modi’s international appeal’

Media Coverage

‘PM Modi is so popular’: Malaysian PM on Modi’s international appeal’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of Prime Minister's opening address during the 18th BRICS Summit session: "Resilience, Innovation, Cooperation, and Sustainability: Shaping the Future for Inclusive Global Development"
September 13, 2026

Your Highness,
Excellencies,
नमस्कार।

ब्रिक्स के विस्तृत परिवार में आप सभी का हार्दिक स्वागत है।

आज यह सभागार अलग-अलग महाद्वीपों, संस्कृतियों और विकास यात्राओं को एक साथ जोड़ रहा है। यह ब्रिक्स की बढ़ती ताकत, आकर्षण और अभूतपूर्व विश्वास का प्रमाण है।

Friends,

भारत की अध्यक्षता में हमने सभी प्रयास Resilience, Innovation, Cooperation और Sustainability, इन चार स्तंभों पर केंद्रित किये हैं। मुझे खुशी है कि आप सबके सहयोग और समर्थन से हम अपने साझा vision को win-win सहयोग में बदल सके।

आज विश्व में तनावों की संख्या लगातार बढ़ रही है, और सामान्य मानव के जीवन पर इसका बहुत negative प्रभाव भी हो रहा है, और व्यापक प्रभाव भी हो रहा है।

महामारियों, climate disasters और supply-chain disruptions ने दिखाया है कि आज के interconnected world में कोई भी संकट एक क्षेत्र तक सीमित नहीं रहता। इसलिए हमने ब्रिक्स समूह में Resilience बढ़ाने पर विशेष बल दिया है। चुनौतियों को समय रहते पहचानना, उनके लिए तैयार रहना और तुरंत कार्रवाई करना भी उतना ही आवश्यक है।

इसी सोच के साथ, infectious diseases के prevention और response के लिए BRICS Integrated Early Warning System पर सहमति बनी है। Disaster Management के लिए Early Warning Data Integration Guidelines तैयार की गई हैं। BRICS Logistics Supply Chain Cooperation Framework हमारी supply chains को अधिक reliable और resilient बनाने में सहायक होगा।

Friends,

Innovation के अंतर्गत BRICS Incubator Network हमारे start-ups और incubators को आपस में जोड़ेगा। Innovative और scalable solutions को बढ़ावा देने के लिए हमने BRICS Startup Innovation Fund का प्रस्ताव रखा है।

BRICS Network on Digital Agriculture किसानों के लिए नई संभावनाएं तैयार करेगा। इसके माध्यम से AI, geospatial technology और Digital Public Infrastructure को किसानों की वास्तविक आवश्यकताओं से जोड़ा जाएगा।

Technology और Critical Minerals का weaponization हमारी साझा प्रगति में बाधा बन सकता है। इसलिए हमने technology के adoption में inclusivity पर बल दिया है।

Friends,

भारत ने ब्रिक्स के मंच से मित्रता, सहभागिता और सहयोग को आगे बढ़ाया है।

हमारा प्रयास रहा है कि ब्रिक्स cooperation केवल सरकारों तक सीमित न रहे। हमारे entrepreneurs, farmers, researchers, women, youth और सामान्य नागरिक भी इसके सक्रिय भागीदार बनें।

हमने BRICS CONNECT के माध्यम से skills, employability, women in workforce, social security और capacity building को बढ़ावा दिया है।

छोटे उद्यमों को knowledge, finance और नए markets से जोड़ने के लिए, BRICS MSME Cooperation Portal का इनिश्यटिव लिया गया है।

हमारे शहरों के बीच best practices साझा करने के लिए BRICS Urban Mobility Hub की स्थापना की गई है।

Friends,

भारतीय सभ्यता में प्रकृति को माँ का दर्जा दिया गया है। सदियों से हमारी मान्यता रही है कि विकास और पर्यावरण एक-दूसरे के विकल्प नहीं, पूरक हैं। BRICS में भी हमने मानव विकास और पर्यावरण के बीच संतुलन पर बल दिया है।

यही Sustainability का आधार है। यह भावी पीढ़ियों के प्रति हमारा दायित्व भी है। इस दिशा में हमने कई पहलुओं पर प्रगति की है।

Smart Grids और Energy Storage के लिए हमने BRICS Digital Centre of Excellence बनाया है। यह हमारे clean energy systems को अधिक reliable, efficient और accessible बनाने में मदद करेगा।

Agro-Ecology और Regenerative Agriculture के Centers of Excellence, पारंपरिक ज्ञान को modern science से जोड़ेंगे। Community-based climate adaptation के लिए तैयार किये गए सिद्धांत, indigenous knowledge को climate action का महत्वपूर्ण आधार बनाएँगे।

Friends,

इन चारों स्तंभों पर आगे बढ़ते हुए BRICS के माध्यम से हमने inclusive global growth को बढ़ावा देने का प्रयास किया है। क्योंकि हमारा मानना है कि BRICS में विकसित solutions का लाभ केवल ब्रिक्स तक सीमित नहीं रहना चाहिए। इन्हें ग्लोबल साउथ की आवश्यकताओं के अनुरूप adaptable और accessible बनाना चाहिए।

साथियों,

मैं मेरे निजी अनुभव से कह सकता हूं कि BRICS में Global South के देशों का विश्वास बढ़ा है, क्योंकि BRICS में-

उनकी आवाज सुनी जाती है।
उनके अनुभव का सम्मान होता है।
और solutions उनके लिए नहीं, उनके साथ मिलकर बनाए जाते हैं।

BRICS की शक्ति हमारी diversity और cooperation में है।

We may be rooted in different realities, but together, we rise through cooperation, and blossom for humanity.

हमारी विविधता हमारी पहचान रहे, हमारा सहयोग हमारी प्रेरणा बने, और हमारी प्रगति पूरी मानवता के काम आए।

आप सबका बहुत-बहुत धन्यवाद।