ভাৰত ছিংগাপুৰৰ যুটীয়া বিবৃতি

Published By : Admin | September 4, 2025 | 20:04 IST

ছিংগাপুৰ গণৰাজ্যৰ প্ৰধানমন্ত্ৰী মহামহিম লৰেন্স ৱং ডাঙৰীয়াই ভাৰত গণৰাজ্যলৈ কৰা আনুষ্ঠানিক ভ্ৰমণৰ সময়ছোৱাত প্ৰস্তুত কৰা ভাৰত আৰু ছিংগাপুৰৰ মাজৰ ব্যাপক কৌশলগত অংশীদাৰিত্বৰ পথ-মানচিত্ৰ সন্দৰ্ভত প্ৰদান কৰা যুটীয়া বিবৃতি

১) ভাৰত গণৰাজ্যৰ মহামহিম প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ ক্ৰমে ছিংগাপুৰ গণৰাজ্যৰ মহামহিম প্ৰধানমন্ত্ৰী লৰেন্স ৱং ডাঙৰীয়াই ২০২৫ চনৰ ২ ছেপ্টেম্বৰৰ পৰা ৪ ছেপ্টেম্বৰলৈ ভাৰত ভ্ৰমণ কৰে।

 

২) ২০২৫ চনৰ ৪ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদী আৰু প্ৰধানমন্ত্ৰী ৱঙে বিস্তৃত পৰিসৰৰ এক আলোচনাত মিলিত হয়। ইয়াৰ পিছত দুয়গৰাকী নেতাৰ উপস্থিতিত দুয়োখন দেশৰ মাজত এলানি বুজাবুজি চুক্তি আদান-প্ৰদান কৰা হয়। প্ৰধানমন্ত্ৰী মোদীয়ে আয়োজন কৰা ভোজমেলত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী ৱঙে। তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি মহামান্যা শ্ৰীমতী দ্ৰৌপদী মুৰ্মুকো সাক্ষাত্ কৰে। মহাত্মা গান্ধীক পুষ্পাঞ্জলি প্ৰদান কৰাৰ উদ্দেশ্যে ৰাজঘাটত উপস্থিত হয় প্ৰধানমন্ত্ৰী ৱং। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে প্ৰধানমন্ত্ৰী ৱঙক সাক্ষাৎ কৰে।



৩) চলিত বৰ্ষত দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৬০ বছৰ সম্পূৰ্ণ হ'ল। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে আস্থা আৰু পাৰস্পৰিক সন্মানৰ ভিত্তিত অব্যাহত থকা ভাৰত আৰু ছিংগাপুৰৰ বন্ধুত্বৰ দীৰ্ঘদিনীয়া পৰম্পৰা, আৰু বহু ক্ষেত্ৰত ব্যাপক সহযোগিতাৰ কথা স্বীকাৰ কৰে। তেওঁলোকে শেহতীয়াকৈ ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত প্ৰধানমন্ত্ৰী মোদীৰ ছিংগাপুৰলৈ আনুষ্ঠানিক ভ্ৰমণ, ২০২৫ চনৰ জানুৱাৰী মাহত ছিংগাপুৰ গণৰাজ্যৰ মহামহিম ৰাষ্ট্ৰপতি থাৰমান শনমুগাৰত্নম ডাঙৰীয়াৰ আনুষ্ঠানিক ভ্ৰমণ আৰু ২০২৫ চনৰ আগষ্ট মাহত নতুন দিল্লীত অনুষ্ঠিত ‘তৃতীয় ভাৰত-ছিংগাপুৰ মন্ত্ৰীসভাৰ ঘূৰণীয়া মেজমেল’কে ধৰি দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতিসমূহৰ পৰ্যালোচনা কৰাৰ লগতে এইক্ষেত্ৰত সন্তুষ্টি প্ৰকাশ কৰে। দুয়োখন দেশৰ মাজৰ সম্পৰ্ক ৰাজনৈতিক, অৰ্থনৈতিক, নিৰাপত্তা, প্ৰযুক্তি, শিক্ষা, জনসাধাৰণৰ পাৰস্পৰিক মিলা-মিচা আৰু সাংস্কৃতিক সংযোগৰ ক্ষেত্ৰসমূহকে ধৰি এক সৰ্বাংগীন সহযোগিতালৈ বিকশিত হৈছে।

 

৪) ইয়াৰ ভিত্তিতে তেওঁলোকে ‘চি এছ পি’-ৰ বাবে আগন্তুক দৃষ্টিভংগী আৰু বস্তুনিষ্ঠ পথ-পৰিকল্পনা গ্ৰহণ কৰিবলৈ সন্মত হয়, যিয়ে দ্বিপাক্ষিক সম্পৰ্কৰ পৰৱৰ্তী পৰ্যায়ৰ দৃষ্টিভংগী আৰু দিশ নিৰ্ধাৰণ কৰিব, আৰু আঠটা ক্ষেত্ৰত সহযোগিতা গভীৰ কৰিব: (i) অৰ্থনৈতিক সহযোগিতা; (ii) দক্ষতা বিকাশ; (iii) ডিজিটেলাইজেশ্যন; (iv) বহনক্ষমতা; (v) সংযোগ ক্ষমতা; (vi) স্বাস্থ্যসেৱা আৰু চিকিৎসা; (vii) জনসাধাৰণৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক তথা সাংস্কৃতিক আদান-প্ৰদান; আৰু (viii) প্ৰতিৰক্ষা আৰু নিৰাপত্তা।

 


চিএছপি-ৰ বাবে পথ-নিৰ্দেশনা

 

 

অৰ্থনৈতিক সহযোগিতা: নতুন আৰু ভৱিষ্যত-দৰ্শী ক্ষেত্ৰসমূহত অৰ্থনৈতিক সম্পৰ্ক শক্তিশালী কৰা আৰু সহযোগিতা বৃদ্ধি কৰা

 

• বিস্তৃত অৰ্থনৈতিক সহযোগিতা চুক্তি (চিইচিএ)ক ভিত্তি কৰি নিৰ্মাণ কৰা, আৰু ‘বাণিজ্য আৰু বিনিয়োগৰ যুটীয়া কৰ্মগোট’ৰ বাৰ্ষিক বৈঠকৰ জৰিয়তে দুয়োখন দেশৰ বাণিজ্যিক প্ৰাথমিকতাসমূহ বিবেচনা কৰাকে ধৰি দ্বিপাক্ষিক বাণিজ্য আৰু বজাৰসমূহত প্ৰৱেশানুকূলতা গভীৰ কৰা;

 

• দুয়োপক্ষই আলোচনাত মিলিত হৈ থাকিব আৰু ‘চিইচিএ’-ৰ তৃতীয় পৰ্যালোচনা আৰম্ভ কৰাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰাৰ লগতে ২০২৫ চনত ‘আছিয়ান ভাৰত সামগ্ৰীৰ বাণিজ্য চুক্তি’ (আইটিজিএ)ৰ পৰ্যালোচনা সন্দৰ্ভত  যথেষ্ট অগ্ৰগতি  লাভ কৰিব;



• ‘ভাৰত-ছিংগাপুৰ অৰ্ধপৰিবাহী নীতি’ সম্পৰ্কীয় আলোচনাৰ অধীনত সহযোগিতাকে ধৰি ভাৰতৰ অৰ্ধপৰিবাহী উদ্যোগ আৰু পৰিৱেশ তন্ত্ৰৰ প্ৰসাৰত সহায় কৰা; ছিংগাপুৰৰ কোম্পানীসমূহক অংশীদাৰিত্বৰ সুবিধা প্ৰদান কৰা; অৰ্ধপৰিবাহীৰ স্থিতিস্থাপক যোগান শৃংখলা আগবঢ়াই নিয়া; পাৰস্পৰিকভাৱে লাভদায়ক গৱেষণা আৰু উন্নয়ন সহযোগিতাৰ সম্ভাৱনাসমূহৰ সন্ধান কৰা; কৰ্মবাহিনীৰ বিকাশৰ প্ৰসাৰ; আৰু তথ্য বিনিময়, উত্তম পদ্ধতিসমূহৰ বিনিময়, প্ৰত্যক্ষ বিনিয়োগ, আৰু ভাৰত আৰু ছিংগাপুৰৰ প্ৰতিষ্ঠানসমূহৰ মাজত সম্ভাৱ্য অংশীদাৰিত্বৰ জৰিয়তে ব্যৱসায়ৰ পৰা ব্যৱসায়লৈ আগবঢ়োৱা সহযোগিতাক উৎসাহিত কৰা;

 

• উদ্যোগ আৰু অংশীদাৰিত্বৰ সুবিধা প্ৰদান, জ্ঞান বিনিময়, সামৰ্থ্যবৰ্দ্ধন সম্পৰ্কীয় প্ৰশিক্ষণ, সেউজ মানক ৰূপায়ণ, গুৰু পৰিকল্পনা, আৰু প্ৰচাৰৰ ক্ষেত্ৰত চৰকাৰৰ পৰা চৰকাৰলৈ সহযোগিতা আদিৰ জৰিয়তে উন্নত উৎপাদন ক্ষমতাৰ সৈতে বহনক্ষম ঔদ্যোগিক উদ্যান আৰু পৰৱৰ্তী প্ৰজন্মৰ ঔদ্যোগিক উদ্যানসমূহ যৌথভাৱে বিকশিত কৰা;

 

• ভাৰত-ছিংগাপুৰৰ মূলধনী বজাৰৰ সংযোগ যৌথভাৱে বৃদ্ধি কৰা আৰু ‘এনএছই-আইএফএছচি-এছজিএক্স গিফ্ট কানেক্ট’ৰ দৰে যুটীয়া পদক্ষেপসমূহৰ ক্ষেত্ৰত ঘনিষ্ঠ সহযোগিতা গঢ়ি তোলা;

 

• ভাৰত আৰু ছিংগাপুৰৰ ব্যৱসায়িক সম্প্ৰদায়সমূহৰ মাজত অংশীদাৰিত্ব আৰু সহযোগিতা শক্তিশালী কৰা, বিশেষকৈ দ্বিপাক্ষিক সহযোগিতাৰ কাৰ্যসূচীৰ পৰিপূৰক ক্ষেত্ৰসমূহত, আৰু ‘ভাৰত-ছিংগাপুৰ ব্যৱসায়িক ঘূৰণীয়া মেজমেল’ (আই এছ বি আৰ)ৰ দৰে কাৰ্যক্ৰমেৰে ব্যৱসায়ৰ পৰা ব্যৱসায়লৈ সংযোগ গভীৰ কৰা;

 

• ‘ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ প্ৰসাৰ আৰু অনুমোদন কেন্দ্ৰ’ (ইন-স্পেচ) আৰু ‘অফিচ ফৰ স্পেচ টেকনলজী এণ্ড ইণ্ডাষ্ট্ৰিজ, ছিংগাপুৰ’ আৰু দুয়োখন দেশৰ মহাকাশ সম্পৰ্কীয় উদ্যোগসমূহৰ মাজত; মহাকাশ নীতি আৰু আইনৰ ক্ষেত্ৰত; আৰু পৃথিৱী পৰ্যবেক্ষণ আৰু কৃত্ৰিম উপগ্ৰহীয় যোগাযোগ প্ৰযুক্তি আৰু প্ৰয়োগৰ দৰে পাৰস্পৰিক আগ্ৰহৰ ক্ষেত্ৰত গৱেষণা আৰু উন্নয়নমূলক কাৰ্য্যকলাপকে ধৰি মহাকাশ খণ্ডত যৌথ সহযোগিতাৰ প্ৰসাৰ কৰা;

 

• ভাৰত আৰু ছিংগাপুৰৰ সংশ্লিষ্ট মন্ত্ৰালয়মূহৰ মাজৰ ঘনিস্থতাৰ জৰিয়তে দুয়োপক্ষৰ কাম-কাজ সম্পৰ্কীয় প্ৰয়োজনীয়তাসমূহ পূৰণৰ লক্ষ্যৰে সম্ভৱ হ’লে আইনী আৰু বিবাদ নিষ্পত্তিৰ সহযোগিতা বৃদ্ধি কৰা;

 

দক্ষতা বিকাশ: দক্ষতা বিকাশ আৰু সামৰ্থ্য বিকাশত অংশীদাৰিত্ব

 

• উদ্যোগৰ সংযোগ বৃদ্ধি আৰু পাঠ্যক্ৰমৰ মানৰ ক্ষেত্ৰত সহযোগিতা কৰা, প্ৰশিক্ষকসকলক প্ৰশিক্ষণ দিয়া, দক্ষতা প্ৰমাণীকৰণৰ কাঠামো বিকশিত কৰা, আৰু গুণগত মান বৰ্তাই ৰাখিবলৈ সময়ে সময়ে পৰ্যালোচনা আৰু মূল্যায়ন কৰাত মনোনিৱেশ কৰাৰ উদ্দেশ্যৰে তামিলনাডুৰ চেন্নাইত উন্নত উৎপাদন সম্পৰ্কীয় এটা ৰাষ্ট্ৰীয় উৎকৃষ্টতা কেন্দ্ৰ যুটীয়াভাৱে গঢ়ি তোলা; আৰু ব্যক্তিগত খণ্ডৰ সৈতে সহযোগিতা কৰি উন্নত উৎপাদন, বিমান পৰিবহণ আৰু ‘ৰক্ষণাবেক্ষণ মেৰামতি আৰু সংস্কাৰ’ (এম আৰ অ') সাধনকে ধৰি পাৰস্পৰিক আগ্ৰহৰ খণ্ডসমূহত দক্ষতা কেন্দ্ৰ গঢ়ি তোলা;

 

• ‘কাৰিকৰী বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণ’ (টিভিইটি) আৰু সামৰ্থ্য বিকাশৰ ক্ষেত্ৰত সহযোগিতা প্ৰসাৰিত কৰা; উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহৰ মাজত কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত সহযোগিতা; কৰ্মবাহিনীক পুনৰ দক্ষতা আৰু দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত তথ্য আৰু উত্তম পদ্ধতিসমূহৰ বিনিময়; ছাত্ৰ আৰু কৰ্মচাৰীৰ বিনিময়; ছাত্ৰ ইন্টাৰশ্বিপ আৰু অধ্যাপক ঔদ্যোগিক সংলগ্নতা, আৰু শিক্ষক প্ৰশিক্ষণৰ সুবিধা প্ৰদান কৰা। দুয়োপক্ষই শিক্ষা আৰু দক্ষতা বিকাশৰ কাৰ্যসূচীত অগ্ৰগতিৰ সুবিধা আৰু পৰ্যালোচনাৰ বাবে এক যৌথ কৰ্মগোট গঠন কৰিব;

 

• ‘ছিংগাপুৰ-অসম নাৰ্চিং প্ৰতিভা দক্ষতা সহযোগিতা’ৰ দৰে ছিংগাপুৰ আৰু ভাৰতৰ দক্ষতা পৰিৱেশ তন্ত্ৰৰ মাজত অব্যাহত সাম্প্ৰতিক শক্তিশালী সহযোগিতাৰ ভিত্তিত নিৰ্মিত ছিংগাপুৰৰ সৈতে ৰাজ্যিক পৰ্যায়ৰ দক্ষতা সহযোগিতাৰ কাৰ্যক্ৰমলৈ সহযোগিতা আগবঢ়োৱা;

 

ডিজিটেলাইজেশ্যন: ডিজিটেল আৰু বিত্তীয় প্ৰযুক্তিৰ সহযোগিতা গভীৰ কৰা

 

• ফিনটেক যৌথ কৰ্মগোটকে ধৰি ভাৰত আৰু ছিংগাপুৰৰ মাজত ডিজিটেল বিত্ত আৰু ফিনটেক সহযোগিতা শক্তিশালী কৰাৰ লগতে চাইবাৰ সুৰক্ষা আৰু মূলধনী বজাৰৰ সংযোগ শক্তিশালী কৰা;

 

• অভিজ্ঞতাসমূহৰ সহভাগ কৰা আৰু ডিজিটেল সমাধানৰ কাৰিকৰী বিশেষজ্ঞতা বিনিময় কৰা, আৰু পৰীক্ষামূলক প্ৰকল্পসমূহৰ জৰিয়তে ইয়াৰ ৰূপায়ণৰ সফলতা অন্বেষণ কৰা;

 

• ডিজিটেল ডমেইনত অংশীদাৰিত্বৰ সুবিধা প্ৰদান কৰাৰ লক্ষ্যৰে দুয়োপক্ষৰ ষ্টাৰ্ট-আপ আৰু ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ পৰিৱেশ তন্ত্ৰৰ মাজত সহযোগিতা বৃদ্ধি কৰা;

 

• চাইবাৰ নীতি, ‘চিইআৰটি-চিইআৰটি’ তথ্য বিনিময়, চাইবাৰ সুৰক্ষা সামৰ্থ্য বিকাশ আৰু চাইবাৰ সুৰক্ষা সম্পৰ্কীয় বিষয়সমূহৰ ক্ষেত্ৰত দুয়োপক্ষৰ অংশীদাৰসকলৰ মাজত সহযোগিতা শক্তিশালী কৰা;

 

• ‘গিফ্ট চিটী-ছিংগাপুৰ সহযোগিতা’ সন্দৰ্ভত  ভাৰত আৰু ছিংগাপুৰৰ সংশ্লিষ্ট সংস্থা আৰু নিয়ামক প্ৰধিকৰণসমূহৰ বিষয়াসকলে কাঠামোটোৰ প্ৰসংগত আলোচনা আৰম্ভ কৰিবলৈ এটা যৌথ কৰ্মগোট আহ্বান কৰাৰ লগতে সম্ভাৱ্য ব্যৱহাৰৰ ক্ষেত্ৰ যেনে- তথ্যৰ প্ৰকাৰ চিনাক্ত আৰু বিচাৰ কৰিব;

 

• ডিজিটেল প্ৰযুক্তি সম্পৰ্কীয় বৰ্তমানৰ যৌথ কৰ্মগোটৰ অধীনত উদ্ভাৱন, সমাৱেশন আৰু বহনক্ষম অৰ্থনৈতিক উথ্থানৰ প্ৰসাৰৰ বাবে, গুৰুত্বপূৰ্ণ আৰু উদীয়মান প্ৰযুক্তিসমূহত সহযোগিতাৰ সুযোগসমূহ অন্বেষণ কৰা;

 

• কৃষি, স্বাস্থ্যসেৱা, আৰু শিক্ষাৰ দৰে খণ্ডত এআই-প্ৰস্তুত তথ্যৰ গোট বিকশিত আৰু তথ্য-চালিত এআই ব্যৱহাৰৰ ক্ষেত্ৰ নিৰ্মাণৰ বাবে উত্তম পদ্ধতিসমূহৰ অংশীদাৰিত্বৰ জৰিয়তে কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত সহযোগিতা অন্বেষণ কৰা;

 

• ‘ইউপিআই-পে’নাউ’-ৰ সম্বন্ধক ভেটি হিচাপে ব্যৱহাৰ কৰি কাগজবিহীন আৰু সুৰক্ষিত সীমা অতিক্ৰম কৰা ব্যৱসায়ী আৰু ব্যক্তিগত লেন-দেনৰ সম্ভাৱনা সম্প্ৰসাৰণ আৰু সৰ্বাধিক কৰা;

 

• আন্তঃকাৰ্যকৰী ‘ই-বিল অব লেডিঙ’-ৰ বাবে ভাৰত আৰু ছিংগাপুৰৰ মাজত ‘ট্ৰেডট্ৰাষ্ট’-ৰ কাঠামো গ্ৰহণ কৰাটো শক্তিশালী কৰা আৰু অধিক নিৰ্ভৰযোগ্য আৰু সুৰক্ষিত বাণিজ্যিক নথিপত্ৰৰ সুবিধা প্ৰদান কৰা;

 

বহনক্ষমতা: বহনক্ষম উন্নয়ন আৰু সেউজ বাণিজ্যত সহযোগিতাৰ সুযোগসমূহৰ অন্বেষণ কৰা

 

• সেউজ হাইড্ৰজেন আৰু এমোনিয়া উৎপাদন আৰু বাণিজ্যকে ধৰি সম্প্ৰতি চলি থকা আৰু নতুন ক্ষেত্ৰসমূহত সহযোগিতা বৃদ্ধি কৰা;

 

• নগৰীয়া পানী ব্যৱস্থাপনাৰ ক্ষেত্ৰত সহযোগিতা অন্বেষণ কৰা;

 

• নাগৰিক পাৰমাণৱিক ক্ষেত্ৰত সহযোগিতাৰ পথসমূহ অন্বেষণ কৰা;

 

• জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ ‘পেৰিছ চুক্তিৰ ৬.২ অনুচ্ছেদ’ৰ অধীনত পাৰস্পৰিকভাৱে লাভদায়ক দ্বিপাক্ষিক সহযোগিতাৰ কাঠামো তৈয়াৰৰ দিশত কাম কৰা;

 

• ছিংগাপুৰ সদস্য হিচাপে থকা ‘আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁট’ আৰু ‘গ্ল’বেল বায়’ফুৱেলছ এলায়েন্স;-ৰ দৰে প্ৰাসংগিক বহুপক্ষীয় কাঠামোত সেউজ আৰু বহনক্ষম পদক্ষেপসমূহত সহযোগিতা কৰা;

 

• ভাৰত আৰু ছিংগাপুৰৰ মাজত আৰু তৃতীয় দেশলৈ খাদ্য সামগ্ৰীৰ ৰপ্তানি প্ৰসাৰিত কৰাৰ জৰিয়তে, নিৰ্বাচিত ৰপ্তানিৰ বাবে দেশ পৰ্যায়ৰ স্বীকৃতিৰ সন্ধান কৰাকে ধৰি খাদ্য সুৰক্ষা কাৰ্যক্ৰমৰ ক্ষেত্ৰত সহযোগিতা গভীৰ কৰা;

 

সংযোগ: সামুদ্ৰিক আৰু বিমান সংযোগৰ সম্প্ৰসাৰণ

 

• সামুদ্ৰিক সংযোগ গভীৰ কৰিবলৈ আৰু ‘সেউজ সামুদ্ৰিক ইন্ধন কৰিডৰ’ স্থাপনৰ দিশত কাম কৰিবলৈ ছিংগাপুৰ বন্দৰ আৰু ভাৰতৰ বন্দৰসমূহৰ মাজত ভাৰত-ছিংগাপুৰ ‘সেউজ আৰু ডিজিটেল জাহাজ পৰিবহণ কৰিডৰ’ (জিডিএছচি) স্থাপন কৰাত সহায় কৰা;

 

• এই খণ্ডসমূহত ভাৰতীয় আৰু ছিংগাপুৰৰ কোম্পানীসমূহৰ মাজত অংশীদাৰিত্বৰ জৰিয়তে ভাৰতৰ ক্ৰমবৰ্ধমান বিমান আৰু মহাকাশ এম আৰ অ’ খণ্ডসমূহত পৰিৱেশ তন্ত্ৰৰ সহযোগিতা গভীৰ কৰা, য’ত ছিংগাপুৰৰ বিশেষজ্ঞতাৰ সহভাগী আৰু দক্ষতা বৃদ্ধিৰ সুযোগ প্ৰদান কৰাৰ প্ৰসংগ অন্তৰ্ভুক্ত;

 

• দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে দুয়োখন দেশৰ মাজত ভ্ৰমণৰ চাহিদা বৃদ্ধিৰ কথা স্বীকাৰ কৰে, আৰু দুয়োখন দেশৰ অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষক বিমান সংযোগ বৃদ্ধিৰ বাবে দ্বিপাক্ষিক বিমান সেৱা চুক্তি সম্প্ৰসাৰণৰ বিষয়ে আলোচনা কৰিবলৈ উৎসাহিত কৰে;

 

• ভাৰতীয় বিমানবন্দৰসমূহৰ বাবে বিমানবন্দৰৰ পৰামৰ্শ আৰু পৰিচালনা সেৱাৰ অভিজ্ঞতা আৰু বিশেষজ্ঞতাৰ বিনিময়কে ধৰি সামৰ্থ্য বিকাশ আৰু বিমানবন্দৰ উন্নয়নৰ অংশীদাৰিত্ব অন্বেষণ কৰা;

 

• দুয়োপক্ষই বিমান খণ্ডত স্বচ্ছ আৰু বহনক্ষম শক্তি সমাধানৰ প্ৰসাৰৰ দিশত ‘বহনক্ষম বিমান ইন্ধন’ (এছ এ এফ)ৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হয়;

 

স্বাস্থ্যসেৱা আৰু চিকিৎসা: স্বাস্থ্যসেৱা আৰু চিকিৎসা সহযোগিতা শক্তিশালী কৰা

 

• স্বাস্থ্য আৰু চিকিৎসাৰ ক্ষেত্ৰত সহযোগিতাৰ বুজাবুজিৰ অধীনত মানৱ সম্পদ উন্নয়ন, ডিজিটেল স্বাস্থ্য হস্তক্ষেপ আৰু ৰোগ নিৰীক্ষণ, মাতৃ আৰু শিশুৰ স্বাস্থ্য আৰু পুষ্টি, স্বাস্থ্য নীতিকে ধৰি স্বাস্থ্য আৰু চিকিৎসা ক্ষেত্ৰসমূহত সহযোগিতা গভীৰ কৰা, চিকিৎসা সামগ্ৰীৰ প্ৰৱেশানুকূলতা আৰু সহযোগিতামূলক গৱেষণাৰ নিয়ন্ত্ৰণমূলক সুবিধা প্ৰদান, সংক্ৰামক আৰু অসংক্ৰামক ৰোগৰ বিৰুদ্ধে যুঁজ দিয়া, স্বাস্থ্য সুৰক্ষা আৰু নিৰাপত্তা, আৰু গৱেষণা আৰু উদ্ভাৱনত গুৰুত্ব আৰোপ কৰা;

 

• স্বাস্থ্য সহযোগিতাৰ যুটীয়া কৰ্মগোটৰ বৈঠক নিয়মিতভাৱে আহ্বান কৰা;

 

• নাৰ্চিং দক্ষতা প্ৰশিক্ষণৰ তথ্য আৰু জ্ঞানৰ বিনিময়ৰ জৰিয়তে নাৰ্চিং দক্ষতা বিকাশৰ ক্ষেত্ৰত সহযোগিতা গভীৰ কৰা, আৰু ছিংগাপুৰত নিয়োগযোগ্যতা বৃদ্ধি কৰা, যিটো বৰ্তমান ছিংগাপুৰ আৰু অসমৰ মাজত নাৰ্চিং প্ৰতিভা দক্ষতা সহযোগিতাৰ বুজাবুজি চুক্তিৰ অধীনত চলি আছে;

 

• সহযোগিতামূলক ঔদ্যোগিক গৱেষণা আৰু উন্নয়নত চলি থকা সহযোগিতা গভীৰ কৰা আৰু ডিজিটেল স্বাস্থ্য/চিকিৎসা প্ৰযুক্তিৰ ক্ষেত্ৰত নতুন যৌথ গৱেষণা প্ৰকল্পসমূহক সমৰ্থন কৰা;

 

জনসাধাৰণৰ মাজৰ পাৰস্পৰিক সহযোগিতা আৰু সাংস্কৃতিক বিনিময়: জনসাধাৰণ আৰু সাংস্কৃতিক সংযোগক সমৰ্থন কৰা

 

• সামুদ্ৰিক ঐতিহ্যৰ ক্ষেত্ৰত পাৰস্পৰিক আগ্ৰহৰ ক্ষেত্ৰসমূহৰ মাজেৰে সহযোগিতা অন্বেষণৰ জৰিয়তে ভাৰত আৰু ছিংগাপুৰৰ মাজত দীৰ্ঘদিনীয়া সামাজিক, সাংস্কৃতিক আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰা;

 

• কনফেডাৰেশ্যন অব ইণ্ডিয়ান ইণ্ডাষ্ট্ৰী-এণ্টাপ্ৰাইজ ছিংগাপুৰ ‘ইণ্ডিয়া ৰেডী টেলেণ্ট’ (আই আৰ টি) কাৰ্যসূচীৰ অধীনত ভাৰত ভিত্তিক কোম্পানীসমূহৰ সৈতে ছিংগাপুৰৰ ইন্টাৰ্ণসকলৰ সংলগ্নতাকে ধৰি ‘ছিংগাপুৰ-ইণ্ডিয়া পাৰ্টনাৰশ্বিপ ফাউণ্ডেশ্যন’ (এছ আই পি এফ)ৰ অধীনত ‘ইমাৰ্ছন প্ৰগ্ৰেম’ আৰু ইন্টাৰশ্বিপকে ধৰি বিভিন্ন পদক্ষেপৰ জৰিয়তে ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (আই টি আই)ৰ ছাত্ৰ-ছাত্ৰীকে ধৰি ছাত্ৰ-ছাত্ৰীসকলৰ বিনিময়ক প্ৰসাৰিত আৰু সম্প্ৰসাৰিত কৰা;

 

• বিনিময় কাৰ্যসূচীৰ জৰিয়তে সংসদীয় সংযোগক গভীৰ কৰাৰ প্ৰয়াসক উৎসাহিত কৰা;

 

• অধ্যয়নমূলক ভ্ৰমণকে ধৰি জ্যেষ্ঠ বিষয়া পৰ্যায়ত জনসেৱাৰ বিনিময় আৰু প্ৰশিক্ষণৰ সুবিধা প্ৰদান কৰা;

 

• সমস্যাসমূহ তৎকালীনভাৱে সমাধান কৰিবলৈ তদৰ্থ পৰামৰ্শকে ধৰি সংশ্লিষ্ট কৰ্তৃপক্ষসমূহৰ মাজত কনছুলাৰ বিষয়সমূহৰ প্ৰসংগত নিয়মীয়া আলোচনা অব্যাহত ৰখা;

 

• দুয়োখন দেশৰ থিংক টেংক, একাডেমী, শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ মাজত এক স্থায়ী স্তৰৰ নিয়োজন আৰু পাৰস্পৰিক ক্ৰিয়া-কলাপক উৎসাহিত কৰা;

 

• শিল্পী, কলা গোট আৰু প্ৰদৰ্শনীকে ধৰি সাংস্কৃতিক আদান-প্ৰদানক প্ৰসাৰিত কৰি ৰখা;

 

প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতা: আঞ্চলিক শান্তি আৰু স্থিতিশীলতাক প্ৰসাৰিত কৰাৰ বাবে কৌশলগত সহযোগিতা

 

• প্ৰতিৰক্ষা মন্ত্ৰী পৰ্যায়ৰ আলোচনাৰ জৰিয়তে দুয়োগৰাকী প্ৰতিৰক্ষা মন্ত্ৰীৰ মাজত আৰু প্ৰতিৰক্ষা নীতি আলোচনাৰ জৰিয়তে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ মাজত নিয়মীয়া বৈঠককে ধৰি সকলো স্তৰতে প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতাৰ অবিৰত আদান-প্ৰদান আৰু নিয়োজিততাক উৎসাহিত কৰা;

 

• বিভিন্ন আৰ্হিত সেনা, নৌসেনা, আৰু বায়ুসেনাৰ অনুশীলন যৌথ পৰিচালনাৰ জৰিয়তে সামৰিক সহযোগিতা আৰু বিনিময় অব্যাহত ৰখা;

 

• কোৱাণ্টাম কম্পিউটিং, এআই, অটোমেশ্যন আৰু মানৱবিহীন জাহাজৰ দৰে উদীয়মান ক্ষেত্ৰসমূহত প্ৰতিৰক্ষা প্ৰযুক্তিৰ সহযোগিতা গভীৰ কৰা;

 

• সামুদ্ৰিক সুৰক্ষা আৰু ছাবমেৰিন উদ্ধাৰৰ ক্ষেত্ৰত সহযোগিতা অব্যাহত ৰখা, লগতে ভাৰত-প্ৰশান্ত মহাসাগৰীয় আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় পদক্ষেপৰ সন্দৰ্ভত আছিয়ান দৃষ্টিভংগীৰ নীতি আৰু সহযোগিতাৰ ক্ষেত্ৰসমূহৰ সৈতে সংগতি ৰাখি আঞ্চলিক নিৰাপত্তা স্থাপত্যৰ ভিতৰত ঘনিষ্ঠভাৱে কাম কৰা;

 

• আন্তঃৰাষ্ট্ৰীয় যোগাযোগ বিষয়াসকলকে ধৰি নিজ নিজ তথ্য সংযোজন কেন্দ্ৰসমূহৰ মাজত সামুদ্ৰিক ডমেইন সজাগতাৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰা;

 

• ছিংগাপুৰে মালাক্কা ষ্ট্ৰেইটছ পেট্ৰ’ল-ৰ প্ৰতি ভাৰতৰ আগ্ৰহক প্ৰশংসাৰে স্বীকাৰ কৰিছে;

 

• সীমা পাৰৰ সন্ত্ৰাসবাদকে ধৰি সন্ত্ৰাসবাদৰ সকলো ৰূপ আৰু প্ৰকাশৰ বিৰুদ্ধে আৰু সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতাৰ নীতি পুনৰবাৰ উল্লেখ কৰি, দুয়োখন দেশেই দ্বিপাক্ষিক ব্যৱস্থা, ‘এফ এ টি এফ’ৰ জৰিয়তে গোলকীয় আৰু আঞ্চলিক সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদী সংগঠনসমূহৰ বিৰুদ্ধে যুঁজিবলৈ সহযোগিতা শক্তিশালী কৰিব, য’ত ‘ইউএনএছচি ১২৬৭ নিষেধাজ্ঞা সমিতি’ আৰু সন্ত্ৰাসবাদৰ বিত্তীয় সাহায্যৰ বিৰুদ্ধে নিষিদ্ধ কৰা সংগঠনসমূহো আৰু অন্যান্য বহুপক্ষীয় মঞ্চ অন্তৰ্ভুক্ত আছে;

 

• দুয়োখন দেশৰ মাজত অপৰাধমূলক তদন্ত আৰু কাৰ্যবিধিত সহযোগিতাৰ সুবিধা প্ৰদান কৰা দ্বিপাক্ষিক পাৰস্পৰিক আইনী সহযোগিতা চুক্তিৰ অধীনত সহযোগিতা শক্তিশালী কৰা;

 

• ছিংগাপুৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মাজত বৈদেশিক কাৰ্যালয়ৰ আলোচনাৰ জৰিয়তে দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতি নিয়মীয়াকৈ পৰ্যালোচনা কৰা;

 

৫) ব্যাপক কৌশলগত অংশীদাৰিত্ব ৰূপায়ণৰ ক্ষেত্ৰত বছৰি অগ্ৰগতি নিৰীক্ষণৰ বাবে ‘ভাৰত-ছিংগাপুৰ মন্ত্ৰীসভাৰ ঘূৰণীয়া মেজ’খনক অগ্ৰণী ব্যৱস্থা হিচাপে প্ৰতিষ্ঠানিকীকৰণৰ দিহা কৰিবলৈ দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে সন্মতি প্ৰকাশ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Cabinet approves Rs 4,415 crore upgrade of 233 km NH-347B in Madhya Pradesh

Media Coverage

Cabinet approves Rs 4,415 crore upgrade of 233 km NH-347B in Madhya Pradesh
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
UK Foreign Secretary meets Prime Minister
June 04, 2026

UK Foreign Secretary Yvette Cooper today met Prime Minister Shri Narendra Modi.

The Prime Minister expressed his pleasure upon the meeting and appreciated the deepening of the India-UK partnership in recent times which has unlocked unprecedented growth opportunities for both countries.

The Prime Minister affirmed that the India-UK Vision 2035 will continue to guide the partnership and strengthen joint efforts for the global good.

The Prime Minister posted on X:

"Pleased to meet UK Foreign Secretary Yvette Cooper. Appreciated the deepening of the India-UK partnership in recent times that has unlocked unprecedented growth opportunities for both our countries.

India-UK Vision 2035 will continue to guide our partnership and strengthen our joint efforts for global good.@YvetteCooperMP"