দক্ষতা আৰু পৰিমাপযোগ্যতাৰে পৰিচালনাৰ সামৰ্থ বৃদ্ধিৰ অৰ্থে অংশীদাৰিত্বৰ দৃষ্টিভংগী

২০২৬ চনৰ ২০ এপ্ৰিলত  ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ মৰ্মে কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম লি জে ম্যুঙে ভাৰত ভ্ৰমণ কৰাৰ সময়তে দুয়োপক্ষই জাহাজ নিৰ্মাণ, জাহাজ চালনা  আৰু সামুদ্ৰিক লজিষ্টিকছৰ অংশীদাৰিত্বৰ বাবে তেওঁলোকৰ চৰকাৰী সংস্থা তথা ব্যক্তিগত সত্তাসমূহৰ মাজত পাৰস্পৰিকভাৱে লাভজনক সহযোগিতাৰ বিশয়ত মত বিনিময় কৰে।

ভাৰত আৰু কোৰিয়া গণৰাজ্য,  দুয়োখন  দেশেই চহকী সামুদ্ৰিক পৰম্পৰা আৰু সামুদ্ৰিক উদ্যোগৰ ক্ষেত্ৰত বিস্তৃত উমৈহতীয়া স্বাৰ্থ তথা  পৰিপূৰক শক্তিৰ অংশীদাৰ হিচাবে বিবেচিত হৈ আহিছে । ভাৰতৰ দ্ৰুত অৰ্থনৈতিক বিকাশ আৰু অৰ্থনীতিৰ আন্তৰ্জাতিকীকৰণৰ লগে লগে ভাৰতৰ নিৰাপত্তা আৰু সমৃদ্ধিৰ বাবে সামুদ্ৰিক খণ্ড অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে।

দুয়োপক্ষই এই কথাত একমত হয় যে সামুদ্ৰিক  অমৃত কাল ২০৪৭ দৃষ্টিভংগীৰ অধীনত ভাৰতৰ সামুদ্ৰিক উচ্চাকাংক্ষাই আগশাৰীৰ জাহাজ নিৰ্মাণ আৰু সামুদ্ৰিক ক্ষমতা থকা বন্ধুত্বপূৰ্ণ ৰাষ্ট্ৰ কোৰিয়া গণৰাজ্যৰ সৈতে দীৰ্ঘম্যাদী সহযোগিতাৰ যথেষ্ট সুযোগ সৃষ্টি কৰিছে। জাহাজ নিৰ্মাণ, বন্দৰৰ উন্নয়ন আৰু সামুদ্ৰিক লজিষ্টিকছৰ সহযোগিতাই ভাৰত-কোৰিয়া গণৰাজ্যই বিশেষ কৌশলগত অংশীদাৰিত্বক দুয়োখন ৰাষ্ট্ৰৰ বাবে ব্যৱহাৰিক সুবিধা আৰু অৰ্থনৈতিক মূল্যৰ দিশত আগবঢ়াই নিব পাৰে, একে সময়তে তেওঁলোকৰ জনগোষ্ঠীৰ মাজত গভীৰ বুজাবুজি আৰু অংশীদাৰিত্ব গঢ়ি তুলিব পাৰে।

ভাৰতীয় পক্ষইকোৰিয়া গণৰাজ্য পক্ষক দেশত বৃহৎ পৰিসৰৰ গ্ৰীণফিল্ড জাহাজ নিৰ্মাণ ক্লাষ্টাৰ স্থাপনৰ সুযোগ আৰু ভাৰত চৰকাৰৰ জাহাজ নিৰ্মাণ উন্নয়ন আঁচনিৰ অধীনত উপলব্ধ উদগনিৰ লগতে ইয়াৰ বাবে সংশ্লিষ্ট ৰাজ্য চৰকাৰ আৰু ভাৰতীয় বিত্তীয় প্ৰতিষ্ঠানে প্ৰদান কৰা উদগনিৰ  বিষয়ে অৱগত কৰে। ভাৰতীয় পক্ষই এই ক্লাষ্টাৰসমূহৰ বাবে কাৰিকৰী আৰু কৌশলগত লংঘন হিচাপে কোৰিয়া গণৰাজ্যৰ পৰা আগশাৰীৰ জাহাজ নিৰ্মাতাক আমন্ত্ৰণ জনায়,  ডিজাইন, উৎপাদন অভিযান্ত্ৰিক, উন্নত উৎপাদন, গুণগত আৰু সুৰক্ষাৰ কাঠামো আৰু পৰিচালনাৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ পৰিবলৈ তেওঁলোকক আমন্ত্ৰণ জনোৱা হয়। ব্যৱসায়িক খণ্ডৰ অংশগ্ৰহণৰ ভিত্তিত সহযোগিতাৰ উন্নতিৰ বাবেকোৰিয়া গণৰাজ্য পক্ষই আশা প্ৰকাশ কৰে।

ইয়াৰ বাবে দুয়োপক্ষই কোৰিয়ান উদ্যোগ  আৰু ভাৰতৰ মাজৰ সহযোগিতাৰ ইতিবাচক লক্ষ্য স্থিৰ কৰে , যেনে কোৰিয়াৰ জাহাজ নিৰ্মাতা এইচ ডি কোৰিয়া শ্বিপবিল্ডিং এণ্ড অফশ্ব’ৰ ইঞ্জিনিয়াৰিং কোম্পানী লিমিটেড (এইচ ডি কে এছ অ’ ই), চিনাক্তকৃত ক্লাষ্টাৰ ডেভেলপাৰ আৰু সুবিধা প্ৰদানকাৰী, আৰু মূলধনী প্ৰদানকাৰী মেৰিটাইম ডেভেলপমেণ্ট ফাণ্ড (এম ডি এফ)ৰ মাজত যৌথ উন্নয়ন, বিত্তীয় সাহায্য, পদক্ষেপৰ কাৰ্যকৰীকৰণ,  দক্ষিণ ভাৰতৰ জাহাজ নিৰ্মাণ কাৰখানা পৰিচালনাৰ বাবে  বুজাবুজিৰ চুক্তি কৰা। তেওঁলোকে আশা কৰে যে প্ৰকল্পটো আগতীয়াকৈ ৰূপায়ণ হ’ব।

ভাৰতে অদূৰ ভৱিষ্যতে কেৱল ভাৰতৰ ৰাজহুৱা সংস্থাসমূহে ৪০০+ জাহাজ অধিগ্ৰহণৰ পৰিকল্পনা ঘোষণা কৰিছে,  যাৰ মুঠ মূল্য ২.২ লাখ কোটি টকা। ২০২৫ চনৰ ভাৰত সামুদ্ৰিক সপ্তাহত ২.২ লাখ কোটি (~২৫ বিলিয়ন মাৰ্কিন ডলাৰ) টকা ব্যয় কৰা হয়।স্থানীয় উৎপাদনত ভাৰত চৰকাৰৰ উৎপাদনভিত্তিক আৰ্থিক সহায়ৰ প্ৰতি লক্ষ্য ৰাখি, এই চাহিদাক দ্বিপাক্ষিক অংশীদাৰিত্বলৈ পৰিণত কৰিবলৈ এক ফলপ্ৰসূ সহযোগিতা ব্যৱস্থা স্থাপনৰ বাবে ভাৰত আৰু কোৰিয়া গণৰাজ্যৰ পৰা সংশ্লিষ্ট উদ্যোগসমূহৰ সহযোগিতাত দুয়োপক্ষই সমৰ্থন আগবঢ়ায়, যাৰ ফলত বহনক্ষম আৰু স্থিতিস্থাপক জাহাজ নিৰ্মাণ উদ্যোগ বৃদ্ধি পায়।

ব্ৰাউনফিল্ড ক্ষমতা সম্প্ৰসাৰণৰ কাম হাতত লোৱা জাহাজ নিৰ্মাণ কাৰখানাসমূহৰ বাবে ভাৰত চৰকাৰে প্ৰদান কৰা আৰ্থিক সাহায্যৰ স্বীকৃতি স্বৰূপে, বৃহৎ আৰু বিশেষ জাহাজ নিৰ্মাণৰ বাবে নতুন শুকান ডকক সহায় কৰিবলৈ দক্ষিণ ভাৰতত নিৰ্মাণ হৈ থকা ব্লক ফেব্ৰিকেশন সুবিধাকে ধৰি বৰ্তমানৰ ভাৰতীয় জাহাজ নিৰ্মাণ কাৰখানাসমূহ উন্নীতকৰণৰ বাবে ভাৰতীয় আৰু কোৰিয়া গণৰাজ্যই ব্যৱসায়ীসকলৰ মাজত সহযোগিতাক সমৰ্থন কৰে।

দুয়োপক্ষই বিশ্বাস কৰে যে ভাৰত চৰকাৰৰ পৰা ভাৰতীয় জাহাজ নিৰ্মাণৰ নীতি আৰু বিত্তীয় সহায়ৰ ফলত জাহাজ নিৰ্মাণ আৰু আনুষংগিক উদ্যোগত ব্যৱহৃত উপাদানসমূহৰ অতিৰিক্ত চাহিদা সৃষ্টি হ’ব, যাৰ ফলত বিশেষ কোৰিয়ান জাহাজ নিৰ্মাণৰ উপাদান নিৰ্মাতাসকলে স্থানীয় উৎপাদনৰ জৰিয়তে নিজৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে এক আকৰ্ষণীয় বজাৰ লাভ কৰিব। ইয়াৰ বাবে তেওঁলোকে মুম্বাইত কোৰিয়া মেৰিন ইকুইপমেণ্ট এছ’চিয়েশ্যনৰ (কোমেয়া) এটা শাখা মুকলি কৰা আৰু কোৰিয়া মেৰিন ইকুইপমেণ্ট ৰিচাৰ্চ ইনষ্টিটিউটৰ (কোমেৰী) আনুষংগিক সহযোগিতাৰ আগ্ৰহক আদৰণি জনায়। ভাৰতীয় জাহাজ নিৰ্মাণ পৰিৱেশ তন্ত্ৰৰ বৃদ্ধিত সহায় কৰিবলৈ দুয়োখন দেশৰ সংশ্লিষ্ট প্ৰতিষ্ঠান আৰু উদ্যোগৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবেও সন্মতি প্ৰকাশ কৰে।

ভাৰতৰ বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ সহযোগত কোৰিয়া আন্তৰ্জাতিক সহযোগিতা সংস্থা (KOICA)ই ৰূপায়ণ কৰিবলগীয়া প্ৰকল্পৰ জৰিয়তে ভাৰতত জাহাজ নিৰ্মাণ খণ্ডত দক্ষতা প্ৰশিক্ষণৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ দুয়োপক্ষই সন্মতি প্ৰকাশ কৰে। তেওঁলোকে উল্লেখ কৰে যে এই প্ৰকল্পই দুয়োখন দেশৰ মাজত উন্নয়নমূলক সহযোগিতা আৰু ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ জৰিয়তে ভাৰতৰ জাহাজ নিৰ্মাণৰ লক্ষ্যৰ বাবে প্ৰয়োজনীয় সামৰ্থ্য বিকাশত অৰিহণা যোগাব।

ভাৰতীয় পক্ষই কোৰিয়াৰ জাহাজৰ মালিকসকলক ভাৰতত জাহাজসমূহক ফ্লেগ কৰিবলৈ ভাৰতৰজিআইএফটি আইএফএছচিএ (GIFT IFSCA )আৰু ই-সমুদ্ৰ (E-Samudra )ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰে, যাতে মালিকীস্বত্বৰ গাঁথনি আৰু উপলব্ধ আৰ্থিক উদগনিৰ পৰা লাভাৱান্বিত  হ’ব পাৰে।

মন কৰিবলগীয়া যে ভাৰতৰ দ্ৰুতগতিত বৃদ্ধি পোৱা নাৱিকৰ পুলে (মহিলা নাৱিকৰ শক্তিশালী বৃদ্ধিৰ সৈতে প্ৰায় ৩২০,০০০ +) কোৰিয়াৰ জাহাজৰ মালিকসকলক কোৰিয়াৰ পতাকাৰ অধীনত সহায় কৰিবলৈ জনশক্তি নিযুক্তি দিবলৈ অনুমতি দিয়ে।

ভাৰতৰ এম অ’ পি এছ ডব্লিউ আৰু কোৰিয়া গণৰাজ্যত মহাসাগৰ তথা  মীন মন্ত্ৰালয়ৰ মাজত বন্দৰ উন্নয়নৰ বাবে সহযোগিতাৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰ কৰাত দুয়োপক্ষই আদৰণি জনায়, য’ত আন্তঃগাঁথনি উন্নয়ন, জ্ঞান বিনিময় আদিৰ ক্ষেত্ৰত সহযোগিতা জড়িত হৈ আছে ২৩ মিলিয়ন টিইইউ বাধ্বন কণ্টেইনাৰ বন্দৰ (মহাৰাষ্ট্ৰ), বহুদা (ওড়িশা )ত ১৫০ এমটিপিএ বহুমুখী টাৰ্মিনেল, দীনদয়াল বন্দৰ (গুজৰাট)ৰ ১৩৫ এমটিপিএ আধুনিক টাৰ্মিনেল আদি।

ভাৰতৰ ভাৰত আৰ্থ মুভাৰ্ছ লিমিটেড, এইচ ডি কোৰিয়া শ্বিপবিল্ডিং এণ্ড অফশ্ব’ৰ ইঞ্জিনিয়াৰিং কোম্পানী লিমিটেড (এইচ ডি কে এছ অ’ ই) আৰু কোৰিয়া গণৰাজ্যৰ এইচ ডি হুণ্ডাই চামহো কোম্পানী লিমিটেডৰ মাজত ভাৰতত পৰৱৰ্তী প্ৰজন্মৰ গতানুগতিক আৰু স্বায়ত্তশাসিত সামুদ্ৰিক আৰু বন্দৰ ক্ৰেনৰ যৌথ ডিজাইন, নিৰ্মাণ আৰু সমৰ্থনৰ বাবে স্বাক্ষৰিত বুজাবুজিৰ চুক্তিক দুয়োপক্ষই আদৰণি জনায়।

ভাৰতীয় সামুদ্ৰিক বিশ্ববিদ্যালয় (আইএমইউ) আৰু কোৰিয়া মেৰিটাইম এণ্ড অ’চেন বিশ্ববিদ্যালয় (কেএমঅ’ইউ)ৰ মাজত চলি থকা আলোচনাৰ প্ৰতি দুয়োপক্ষই ইতিবাচক দৃষ্টিভংগী ব্যক্ত কৰি নৌসেনাৰ স্থাপত্য, সামুদ্ৰিক অভিযান্ত্ৰিকী, আৰু বন্দৰ ব্যৱস্থাপনাৰ যৌথ কাৰ্যসূচীৰ সৈতে সামুদ্ৰিক শিক্ষা, গৱেষণা, আৰু উদ্ভাৱনৰ ক্ষেত্ৰত কৌশলগত অংশীদাৰিত্ব চূড়ান্ত কৰিবলৈ উৎসাহিত কৰে; সেউজ জাহাজ প্ৰযুক্তি, স্বায়ত্তশাসিত জাহাজ, আৰু ক্ৰেন স্বয়ংক্ৰিয়কৰণৰ বিষয়ত সহযোগিতামূলক অনুসন্ধান আৰু বিকাশ; আৰু ছাত্ৰ বিনিময়, অধ্যাপক সহযোগিতা, আৰু ভাৰতীয় আৰু আৰ কোৰিয়া গণৰাজ্যৰ ব্যৱসায়ৰে জড়িত উদ্যোগ-সংলগ্ন প্ৰকল্পৰ বাবে উদ্ভাৱন কেন্দ্ৰ স্থাপনত গুৰুত্ব দিয়াৱ হয়।

দুয়োখন দেশৰ সামুদ্ৰিক ঐতিহ্যৰ প্ৰাচীন উৎপত্তিৰ কথাও দুয়োপক্ষই গৌৰৱেৰে স্মৰণ কৰে। ভাৰতীয় পক্ষই কয় যে ভাৰতৰ গুজৰাট ৰাজ্যৰ লোথালত ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্স (এনএমএইচচি) বিশ্বৰ সৰ্ববৃহৎ সামুদ্ৰিক কমপ্লেক্স হিচাপে গঢ়ি তোলা হৈছে। দুয়োপক্ষই সামুদ্ৰিক ঐতিহ্যৰ ক্ষেত্ৰত সহযোগিতাৰ চুক্তিত স্বাক্ষৰ কৰি আদৰণি জনায় যাতে ভাগ-বাটোৱাৰা কৰা শিল্পকৰ্ম আৰু তথ্যৰ আদান-প্ৰদান, প্ৰযুক্তিগত সহায়, যৌথ কাৰ্যকলাপ, বিশ্ববিদ্যালয়, সংগ্ৰহালয়, আৰু প্ৰতিষ্ঠানৰ সৈতে সহযোগিতা আদিৰ সুবিধা প্ৰদান কৰে।

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি লীয়ে জাহাজ নিৰ্মাণ, জাহাজ পৰিবহণ আৰু বন্দৰৰ ক্ষেত্ৰত ভাৰত আৰু কোৰিয়া গণৰাজ্যৰ  মাজত সহযোগিতাত হোৱা অগ্ৰগতিৰ দিশ আৰু বিষয়বস্তুক লৈ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁলোকে আস্থা প্ৰকাশ কৰে যে, অনাগত বছৰবোৰত ভাৰত-কোৰিয়া গণৰাজ্যৰ  অংশীদাৰিত্বই দুয়োখন দেশ আৰু সামগ্ৰিকভাৱে বিশ্বক সুবিধা প্ৰদান কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s power sector set for strong FY27 growth on rising demand, capacity additions: Report

Media Coverage

India’s power sector set for strong FY27 growth on rising demand, capacity additions: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Mr. Andy Burnham on assuming office as Prime Minister of the United Kingdom
July 21, 2026

Prime Minister Shri Narendra Modi today extended congratulations to Mr. Andy Burnham on assuming office as Prime Minister of the United Kingdom.

Shri Modi noted that India and the UK are bound by shared democratic values and enjoy wide-ranging cooperation across trade, investment, technology, defence, and people-to-people relations. With CETA entering into force this month, the Prime Minister pointed out that the bilateral partnership is poised to grow even stronger.

The Prime Minister stated that he looks forward to working closely with him to further deepen the India-UK Comprehensive Strategic Partnership and advance their shared Vision 2035.

In a post on X, the Prime Minister shared:

"Warmest congratulations to Mr. Andy Burnham on assuming office as Prime Minister of the United Kingdom.

India and the UK are bound by shared democratic values and enjoy wide-ranging cooperation across trade, investment, technology, defence and people-to-people relations. With CETA entering into force this month, our bilateral partnership is poised to grow even stronger.

I look forward to working closely with you to further deepen the India-UK Comprehensive Strategic Partnership and advance our shared Vision 2035.

@andyburnham"