We stand on the cusp of a new chapter in India-Israel relations driven by our people & mutual opportunities for betterment of lives: PM
In India, we have been taking steady steps over 3 years at both macro as well as micro-level, to make a difference. Our motto is Reform, Perform and Transform: PM
To enable entry of capital and technology, most of the sectors including defence, have been opened for FDI...We are now among the most open economies: PM
India’s development agenda is huge. It presents a vast economic opportunity for Israeli companies: PM Modi

ইজৰাইলৰ মাননীয় প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু,

ভাৰত আৰু ইজৰাইলৰ ব্যৱসায়িক মুৰব্বীসকল,

উপস্থিত  বিশিষ্ট ব্যক্তিসকল,

ভাৰতবাসীৰ হৈ মই প্ৰধানমন্ত্ৰী নেতান্যাহু আৰু ইজৰাইলৰ প্ৰতিনিধিবৰ্গক আদৰণি জনাইছো। দুয়োখন দেশৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে একেলগ হ’বলৈ পাই মই নথৈ আনন্দিত হৈছো। কিছুসময়ৰ আগতে মই আৰু প্ৰধানমন্ত্ৰী নেতান্যাহুয়ে মুখ্য কাৰ্যবাহী বিষয়া ফ’ৰামৰ দ্বিপাক্ষিক বৈঠকৰ জৰিয়তে ভাৰত আৰু ইজৰাইলৰ ব্যৱসায়িক মুৰব্বীসকলৰ সৈতে এক ফলপ্ৰসূ বাৰ্তালাপ সম্পূৰ্ণ কৰিলো। এই বাৰ্তালাপ আৰু যোৱা বছৰৰ শেষৰফালে আৰম্ভ হোৱা মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সহযোগিতাক লৈ মই অত্যন্ত আশাবাদী।

বন্ধুসকল,

ইজৰাইল আৰু সেই দেশৰ নাগৰিকসকলৰ প্রতি মোৰ সদায় এটা গভীৰ অনুভুতি আছে। গুজৰাটৰ মুখ্যমন্ত্রী হিচাৰে মই ২০০৬ চনত ইজৰাইল ভ্ৰমণৰ বাবে গৈছিলো। পুনৰ যোৱা বছৰ জুলাই মাহত মই ইজৰাইল ভ্ৰমণ কৰো, ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে এয়া আছিল এনে ধৰণৰ প্রথম ভ্ৰমণ।

সেয়া এক বিশেষ ভ্ৰমণ আছিল। মই অতি ওচৰৰ পৰা ইজৰাইলৰ উদ্ভাৱনশীলতা, উদ্যোগ আৰু অধ্যৱসায়ৰ অভিজ্ঞতা লাভ কৰিছো। বিগত কেইবা বছৰ ধৰি নতুন শক্তি আৰু উদ্যমেৰে আমাৰ সম্পর্ক পুনৰুজ্জীৱিত হৈছে, যি আমাৰ মাজৰ সম্পর্কক নতুন উচ্চতাত উপনীত কৰাত সহায় কৰিব। আমি ভাৰত আৰু ইজৰাইলৰ মাজৰ সম্পর্কৰ এনে এক নতুন দিগন্তৰ সন্ধিক্ষণত উপনীত হৈছো, যি সম্পর্ক দুয়ো দেশৰ লোকসকলৰ লগতে তেওঁলোকৰ জীৱন যাত্রাৰ উন্নয়নৰ বাবে পাৰস্পৰিক সুযোগৰ দ্বাৰা পৰিচালিত।

আমাৰ এই সম্পর্কৰ পৰিৱৰ্তনৰ বাবে বাণিজ্য আৰু উদ্যোগ খণ্ডৰ ভূমিকা অতি গুৰুত্বপূর্ণ। আপোনালোকৰ যুটীয়া প্রচেষ্টাত আমাৰ আলোচনা আৰু বাস্তব সাফল্যত সঠিক মূল্য যুক্ত কৰিব। ভাৰতীয় অর্থনীতিত গতি প্ৰদান কৰি অহা আৰু আমাৰ বাবে ইজৰাইলৰ অত্যাধুনিক প্রযুক্তিৰ প্রাসঙ্গিকতাৰ ক্ষেত্রত আমি সম্মিলিতভাবে সীমাহীন বিষয় অর্জন কৰিবলৈ সক্ষম হ’ম।

বন্ধুসকল,

মই আনন্দিত যে আজি আমি  ‘ভাৰত-ইজৰাইল ঔদ্যোগিক গবেষণা আৰু উন্নয়ন তথা প্রযুক্তি উদ্ভাৱন পুঁজি (i4F)’ৰ অধীনত এক মাত্র যৌথ গবেষণা আৰু উন্নয়ন (আৰএণ্ডডি) প্রকল্পৰ শুভাৰম্ভ কৰিছো। বিগত জুলাই মাহত মই যেতিয়া ইজৰাইল ভ্ৰমণৰ বাবে গৈছিলো, তেতিয়া এই আই ফ’ৰৰ  ঘোষণা কৰা হৈছিল। অহা পাঁচ বছৰত ব্যৱহাৰ কৰিবলগীয়া এই পুঁজি মূলতঃ বাণিজ্যিকভাবে পৰিৱর্তিত কৰিব পৰা এনে আধুনিক প্রযুক্তিগত সমাধানৰ অৰ্থে দুয়ো দেশৰ প্রতিভাক একলগে সন্মিলিত কৰাৰ এক প্রাথমিক সুযোগ।

মই দুয়ো দেশৰ উদ্যোগীসকলক এই মঞ্চ ব্যৱহাৰৰ বাবে বিশেষভাৱে উৎসাহিত কৰিছো। তদুপৰি, ‘তথ্য বিশ্লেষণ’ তথা  ‘চাইবাৰ স্পেচ চিকিউৰিটি’ৰ দৰে ক্ষেত্রত যৌথ গবেষণা আৰু উন্নয়ন প্রকল্পৰ জৰিয়তে বিজ্ঞান আৰু প্রযুক্তি বিনিময়ৰ বিষয়ো সমানে উদ্দীপনাপূর্ণ।

মই আনন্দৰে উল্লেখ কৰিব বিচাৰো যে ভাৰতে অহা জুলাই মাহত (২০১৮) ভাৰত-ইজৰাইল উদ্ভাৱনা আৰু প্রযুক্তি কনক্লেভ অনুষ্ঠিত হ’ব। মই আশা কৰো এই কনক্লেভ নতুন প্রযুক্তিৰ ক্ষেত্রত সহযোগিতাপূর্ণ উন্নয়নক অনুপ্রাণিত কৰিব। সেয়েহে অহা বুধবাৰৰ পৰা আইক্ৰিয়েটৰ জৰিয়তে কাৰ্যকৰীভাৱে ইয়াৰ প্রাথমিক কাম আগৰম্ভ হ’ব। এই চৌহদৰ উদ্বোধনৰ বাবে আমি দুয়োজনেই গুজৰাটলৈ যাম। যি চৌহদক এটি উদ্ভাৱনী কেন্দ্র হিচাপে উন্নত কৰা হৈছে।

বন্ধুসকল,

মই প্রধানমন্ত্রী নেতান্যাহুক গুজৰাটৰ গ্রামীণ এলেকালৈ লৈ যাম। কিয়নো সাধাৰণ লোকসকলক সুবিধা প্রদানতে প্রযুক্তি আৰু উদ্ভাৱনৰ প্রকৃত শক্তি নিহিত আছে। উদ্ভাৱন আৰু চর্চাৰ এক অনন্য পৰিবেশত ষ্টার্ট-আপ দেশ হিচাপে ইজৰাইল সমগ্ৰ বিশ্বতে জনাজাত। ইজৰাইলৰ উদ্যোগীসকলৰ বাবেই এই স্বীকৃতি সম্ভৱ হৈছে। আপোনালোকে ইজৰাইলক এখন শক্তিশালী, স্থায়ী আৰু উদ্ভাৱনী অর্থনীতি হিচাপে গঢ়ি তুলিছে। আপোনালোকে ৮০ লাখ মানুহৰ বসতি থকা দেশখনক প্রযুক্তিৰ এক বৈশ্বিক কেন্দ্র বিন্দুত পৰিণত কৰিছে।

সেয়া জল ক্ষেত্রৰ প্রযুক্তিয়েই হওঁক বা কৃষি প্রযুক্তিয়েই হওঁক, অথবা খাদ্য উৎপাদন, ইয়াৰ প্রক্রিয়াকৰণ বা সংৰক্ষণেই হওঁক, ইজৰাইল এইবোৰৰ অগ্রগতি আৰু নতুন পথ নির্মাণৰ ক্ষেত্র এক উজ্জ্বল নিদৰ্শন হৈ আছে। ভূমি, জল আৰু অন্তৰীক্ষত আপোনালোকৰ ব্যৱহাৰিক বা ভার্চুয়েল সুৰক্ষাৰ প্রযুক্তি প্রশংসনীয়। মূলতঃ এখন পানীৰ অভাৱৰ ৰাজ্যৰ বাসিন্দা হিচাপে মই প্ৰকৃততে ইজৰাইলৰ জল-দক্ষতাৰ প্রশংসা কৰিছো।

বন্ধুসকল,

ভাৰতত সকলোতে পৰিৱর্তন আনিব পৰাকৈ আমি বিশাল পৰিসৰৰ সমান্তৰালভাৱে ক্ষুদ্র পর্যায়ৰ ক্ষেত্রতো আমি বিগত তিন বছৰ ধৰি দৃঢ় পদক্ষেপ গ্রহণ কৰিছো। আমাৰ মুলমন্ত্ৰাই হৈছেঃ সংস্কাৰ, সম্পাদন আৰু ৰূপান্তৰ।

ইয়াৰ ফলত দ্বিমুখী ফলাফল লাভ কৰিছো। এফালে আমাৰ প্রক্রিয়া, প্রণালী আৰু নিয়মক বিশ্বমানৰ কৰি তোলা হৈছে আৰু আনফালে আমি বিকাশ গতি দ্রুততৰ কৰিবলৈ সক্ষম হৈছো।

আন্তঃগাঁথনি খণ্ডত বিশেষ সংস্কাৰ সত্বেও আমি দ্রুততম ক্রমৱর্ধমান প্রধান অর্থনীতিৰ মাজতে আছো। প্রত্যক্ষ বিদেশী বিনিয়োগ ৪০ শতাংশ বৃদ্ধি পাই বৰ্তমান সর্বকালৰ ভিতৰতে সৰ্বাধিক হৈছে। যুৱক-যুৱতীসকলক দক্ষ কৰি তোলা আৰু তেওঁলোকৰ কর্মসংস্থাপনৰ ক্ষেত্রত অসাধাৰণ কাম কৰা হৈছে। আমাৰ মুঠ জনসংখ্যাৰ ৬৫ শতাংশৰ বয়স ৩৫ বছৰৰ তলত আৰু তেওঁলোক প্রযুক্তিনির্ভৰ বিকাশৰ প্ৰতি আগ্রহী।

এইটো আমাৰ বাবে প্ৰত্যাহ্বানৰ সমান্তৰালভাৱে বিশেষ সুযোগো। সেইবাবে আমি  ‘ষ্টার্ট-আপ ইণ্ডিয়া’ অভিযানৰ শুভাৰম্ভ কৰিছো। এই ক্ষেত্রত ভাৰত আৰু ইজৰাইলৰ অংশীদাৰিত্বৰ বিশেষ সম্ভাৱনা আছে। ভাৰত-ইজৰাইলৰ উদ্ভাৱনী সেতুৱে দুই পক্ষৰ  ‘ষ্টার্ট-আপ’ৰ ক্ষেত্রত সংযোগী হিচাপে কাম কৰিব। ভাৰতৰ উদ্যোগ, ষ্টার্ট-আপ আৰু শিক্ষানুষ্ঠানসমূহত বিশাল জ্ঞান সংগ্রহ কৰাৰ বাবে ইজৰাইলৰ এইবোৰ ক্ষেত্রৰ সৈতে সহযোগী হোৱা উচিত বুলি মই আগৰে পৰা কৈ আহিছো।

*ভাৰতৰ আছে আকাৰ আৰু মাত্ৰা  

*ইজৰাইলৰ আছে তীক্ষ্ণতা আৰু প্রথম অৱস্থানত থকা

প্রচুৰ ধাৰণা আৰু প্রযুক্তি আছে যি ভাৰতত ব্যৱহাৰযোগ্য অথবা বাণিজ্যিকভাবে অনাটো সম্ভৱ।

 

বন্ধুসকল,

আজি আমি বৃহৎ উৎপাদনশীল দেশসমূহৰ অন্তৰ্গত এখন দেশ হিচাপে অগ্ৰগতি লাভ কৰিছো। কিন্তু আমি এতিয়াও সকলো কাম শেষ কৰিব পৰা নাই। আমাৰ যুৱকসকলৰ একাংশৰ শক্তিক ব্যৱহাৰ কৰি আমি বিশ্বৰ নির্মাণ কেন্দ্রত পৰিণত হোৱাৰ চেষ্টা কৰিছো। এই লক্ষ্য পুৰণত সহায়ৰ হোৱাকৈ  ‘মেক ইন ইণ্ডিয়া’ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। এই প্ৰচেষ্টাসমূহৰ সৈতে পৰম্পৰাগত অর্থনীতি আৰু সমন্বিত কৰ ব্যৱস্থাৰ এক নতুন বাস্তুতন্ত্রৰ সন্মিলনৰ জৰিয়তে আমি নতুন ভাৰত নির্মাণৰ প্রচেষ্টা অব্যাহত ৰাখিছো।

আমি ভাৰতক এখন জ্ঞান নির্ভৰ, দক্ষতা-সমর্থিত আৰু প্রযুক্তিচালিত সমাজত পৰিণত কৰিবলৈ আগ্রহী। ইয়াৰ বাবে ডিজিটেল ইণ্ডিয়া আৰু স্কিল ইণ্ডিয়াৰ জৰিয়তে এক বৃহৎ আৰম্ভণি ইতিমধ্যে হৈ গৈছে। এই ৰূপান্তৰৰ বাবে বিগত কেইবা বছৰ ধৰি আমাৰ চৰকাৰে উল্লেখযোগ্য সংস্কাৰ সাধন কৰিছে।

ব্যৱসায়িক প্রতিষ্ঠান আৰু কোম্পানীয়ে যিবোৰ নিয়ম আৰু নীতিৰ বাবে সমস্যাৰ সন্মুখীন হয়, তাৰ বহুতেই আমি ইতিমধ্যে সমাধান কৰিছো। আমি ভাৰতত  ‘সহজে বাণিজ্য কৰিব পৰা ব্যৱস্থা’ৰ বাবে আন্তৰিকতাৰে কাম কৰিছো।

ইয়াৰ ফলত যি ফলাফল লাভ কৰিছো, সেইবোৰৰ ভিতৰত আছে:

*বিগত তিনিবছৰত ভাৰত বিশ্ব বেংকৰ সহজ বাণিজ্যৰ সূচকত ৪২টা স্থান অগ্ৰসৰ হৈছে;

*বিগত দুবছৰত আমি ডব্লিউআইপিঅ’ৰ বিশ্ব উদ্ভাৱনী সূচকত ২১টা স্থান উন্নীত হৈছো;

*বিগত দুবছৰত আমি বিশ্ব অর্থনৈতিক ফোৰামৰ বৈশ্বিক প্রতিযোগিতা সূচকত ৩২টা স্থান উন্নীত হৈছো, যিটো সকলো দেশৰ ভিতৰতে সর্বাধিক;

* আমি বিশ্ব বেংকৰ ২০১৬ চনৰ লজিষ্টিক পাৰফৰমেন্স সূচকত ১৯টা স্থান আগুৱাইছো;

*ইউএনচিটিএডিৰ ১০টা এফডিআই আকৰ্ষণস্থলীৰ ভিতৰতো আমি অন্যতম।

আমি ইয়াতকৈও আৰু ভাল কৰিব বিচাৰোঁ।

মুলধন বিনিয়োগ আৰু প্রযুক্তিক আৰু অধিক সহজে কৰিব পৰাকৈ প্রতিৰক্ষাকে ধৰি অধিকাংশ খণ্ডত এফডিআই মুক্ত কৰি দিয়া হৈছে। ৯০শতাংশতকৈও অধিক এফডিআইৰ অনুমোদন স্বয়ংক্রিয়ভাবেই হোৱাৰ ব্যৱস্থা ৰখা হৈছে। আমি এখন উদাৰ অর্থনীতিৰ দেশৰ অন্যতম। কেইদিনমানৰ আগতে আমি একক ব্ৰেণ্ডৰ খুচুৰা ব্যৱসায় আৰু উন্নয়নমুলক নিৰ্মাণৰ ক্ষেত্রত ১০০% স্বয়ংক্রিয় পথৰ এফডিআইত অনুমোদন জনাইছো। আমি আমাৰ নেচনেল কেৰিয়াৰ এয়াৰ ইণ্ডিয়াক বিদেশী বিনিয়োগকাৰীসকলৰ বাবে মুক্ত কৰি দিছো।

প্রতিদিনে আমি ভাৰতত সহজে বাণিজ্য কৰিব পৰা ব্যৱস্থাৰ বাবে কাম কৰি আহিছো। কৰৰ ক্ষেত্রত আমি কেতবোৰ ঐতিহাসিক সংস্কাৰ সাধন কৰিছো। যুগান্তকাৰী জিএছটিৰ সংস্কাৰ অতি সফলতাৰে আৰু সহজেই আৰম্ভ কৰিবলৈ সক্ষম হৈছো।

একেদৰে বাণিজ্য আৰু অর্থনীতিৰ ক্ষেত্ৰতো এই পর্যন্ত সর্ববৃহৎ সংস্কাৰ কৰিছে ভাৰতে। জিএছটি আৰু অর্থনৈতিক প্রযুক্তি আৰু ডিজিটেল লেনদেনৰ আৰম্ভ কৰাৰ জৰিয়তে আমি বাস্তবিকতে এক আধুনিক কৰ ব্যৱস্থাৰ দিশে অগ্ৰসৰ হৈছে, যি একেধাৰে স্বচ্ছ, স্থায়ী আৰু পূৰ্বানুমানযোগ্য।

বন্ধুসকল,

ইজৰাইলৰ বহু সংখ্যক কোম্পানীয়ে মেকিং ইন ইণ্ডিয়াৰ বাবে ভাৰতীয় কোম্পানীৰ সৈতে হাত মিলাইছে। অন্যান্য দিশৰ লগতে বিশেষকৈ জল-প্রযুক্তি, কৃষি কৌশল, প্রতিৰক্ষা আৰু সুৰক্ষা পদ্ধতি তথা ঔষধ উদ্যোগৰ ক্ষেত্রত যিসকল আগুৱাই আছে, তেওঁলোকেৰা ভাৰতৰ মাটিত কাম কৰা আৰম্ভ কৰিছে। একেদৰে তথ্য-প্রযুক্তি, জলসিঞ্চন আৰু ঔষধ উদ্যোগৰ বিভিন্ন ভাৰতীয় কোম্পানীয়েও ইজৰাইলত উল্লেখযোগ্য কাম কৰিছে।

আমাৰ বাণিজ্যৰ ক্ষেত্রত হীৰা হৈছে এক বিশেষ সামগ্রী। এই ক্ষেত্রত যুটীয়াভাৱে আগতকৈও বৰ্তমান বহুগুনে অধিক বাণিজ্য হৈছে। যদিও এয়া আৰম্ভণিহে মাত্ৰ। ইজৰাইলৰ সৈতে আমাৰ বাণিজ্য ৫ বিলিয়ন ডলাৰতকৈও অধিক হৈছে।

তথাপিতো এইবোৰৰ বাস্তৱ সম্ভাৱনীয়তা এতিয়াও পাছ পৰি আছে। আমাৰ সম্পৰ্ক জৰিয়তে নিশ্চিতভাৱে এই সম্ভাৱনীয়তাক সম্পূর্ণ কৰিব লাগিব। এয়া কেৱল কোনো কূটনৈতিক আৱশ্যকতা নহয়, ই এক অর্থনৈতিক বিষয়ো। আমাৰ সম্ভাৱনীয়াতাক কেনেকৈ মুক্ত কৰিব পৰা যায়, এই ক্ষেত্ৰত আপোনালোকৰ পৰামর্শক মই আদৰণি জনাইছো। উদ্ভাৱন, প্ৰতিশ্ৰুতি তথা সমস্যা সমাধানৰ বিষয়ত দুয়ো দেশে জ্ঞাত।

এই ক্ষেত্রত এটি উদাহৰণ দিব বিচাৰিছোঃ

আমি যদি কেৱল আমাৰ অপচয়ক বচাব পাৰো আৰু আমাৰ ফল-মূল, শাক-পাছলি আৰু উদ্যান শস্যক মূল্যযুক্ত কৰাত সহযোগী হওঁ, তেতিয়াহ’লে পৰিৱেশগত আৰু অর্থনৈতিক ক্ষেত্রত কিমানখিনি লাভ কৰিব পাৰিম, ভাৱকছোন। পানীৰ ক্ষেত্ৰতো একেই কথা প্রযোজ্য।

পানীৰ ক্ষেত্রত আমাৰ প্রাচুর্য যিমান আছে, সিমানেই অভাৱো আছে। আমাৰ যিমানবোৰ খোৱা বস্তু অপচয় হয়, সিমান সংখ্যক লোকেই ভোকাতুৰ হৈ ৰয়।

বন্ধুসকল,

ভাৰতৰ উন্নয়নৰ বিষয় সীমাহীন। ইজৰাইলৰ কোম্পানীৰ বাবে সেয়া এক বিশাল অর্থনৈতিক সুযোগ প্রদান কৰিছে। মই আৰু অধিক ইজৰাইলৰ জনসাধাৰণক, বাণিজ্যিত প্রতিষ্ঠান আৰু কোম্পানীক ভাৰতত কাম কৰাৰ বাবে আহিবলৈ আমন্ত্রণ জনাইছো। ভাৰতৰ চৰকাৰ আৰু জনগণৰ সৈতে ব্যৱসায়িক সম্প্রদায় আৰু এই ক্ষেত্রত হাত মিলাবলৈ আগ্রহী। মই আপোনালোকৰ কোম্পানী আৰু উদ্যোগসমূহৰ সাফল্য কামনা কৰিছো। যিবোৰ ক্ষেত্রত প্রয়োজন হ’ব তাত মই আৰু আমাৰ চৰকাৰে সহায়ৰ হাত আগবঢ়োৱাৰ নিশ্চয়তা প্ৰদান কৰিছো। ভাৰত আৰু ইজৰাইলৰ মাজত বাণিজ্য আৰু অর্থনৈতিক সহযোগিতাকে দ্রুততৰ কৰাৰ ক্ষেত্রত ধাৰাবাহিক অৱদানৰ বাবে মই প্রধানমন্ত্রী নেতান্যাহুক ধন্যবাদ জ্ঞাপন কৰিছো। আমাৰ এই সহযোগিতাৰ ক্ষেত্রত অনাগত দিনসমূহত আৰু অধিক সাফল্য নিহিত আছে বুলি মোৰ বিশ্বাস।

সকলোকে ধন্যবাদ।

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India identifies 102 GWp floating solar potential, eyes new push for reservoir-based projects

Media Coverage

India identifies 102 GWp floating solar potential, eyes new push for reservoir-based projects
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM chairs 11th Governing Council Meeting of NITI Aayog
June 11, 2026
Vision of Viksit Bharat should become the collective resolve of every State, district, block and village: PM
PM calls India's 70 crore youth its asset, urges States to transform this Demographic dividend into Development dividend
PM encourages States to create opportunities for youth and MSMEs and actively attract investments from countries with which India has signed FTAs
States to strengthen ODOP and leverage opportunities in defence manufacturing: PM
PM emphasizes that AI should be viewed as an opportunity and people should be equipped with future ready skills
PM highlights the need for coordinated efforts to address emerging social challenges such as drug abuse and cyber fraud
PM draws attention to concerns arising from El Niño and urges States to conserve water and promote natural farming
CMs/LGs/Administrators congratulate PM Modi on completing 12 years in office
States express solidarity with the Centre to withstand the global geo-political crisis and to strengthen India’s resilience
All States and 5 UTs attend meeting; first time when CMs of all 28 States participate
Theme of meeting : Inclusive Human Development for Viksit Bharat@2047

Prime Minister Shri Narendra Modi chaired the 11th Governing Council Meeting of NITI Aayog at Rashtrapati Bhavan Cultural Centre, New Delhi, earlier today. This year’s theme was Inclusive Human Development for Viksit Bharat@2047. It was attended by Chief Ministers, Lt. Governors and Administrators representing 28 States and 5 UTs. This was the first time when Chief Ministers of all 28 States participated in the Governing Council Meeting of NITI Aayog.

Prime Minister noted that at a time when many major economies are facing uncertainty and economic challenges, India’s growth story continues to inspire the world. He emphasized the need to further strengthen the nation’s resolve towards self-reliance and highlighted the importance of adopting and implementing global best practices, particularly in the renewable energy sector.

Underscoring the importance of cooperative federalism, Prime Minister stated that the Centre and the States must work together to achieve the goal of a Viksit Bharat. He stressed that the vision of Viksit Bharat should become the collective resolve of every State, district, block and village.

Highlighting the strength of India’s demographic profile, Prime Minister observed that the country’s youth constitute its greatest asset, with nearly 70 crore Indians below the age of 25 years. Calling this a demographic dividend, he urged States to focus on transforming it into a development dividend through education, skilling and capacity-building initiatives that prepare young people for future opportunities and challenges.

Referring to India’s recently concluded trade agreements with several countries, Prime Minister encouraged States to create opportunities for youth and MSMEs and to equip stakeholders to effectively leverage the benefits arising from these agreements. He also urged States to actively attract investments from partner countries.

Emphasizing women-led development, Prime Minister called upon States to work towards increasing the number of Lakhpati Didis from 3 crore to 6 crore and stressed the importance of ensuring a safe and secure environment for Nari Shakti.

Prime Minister urged States to focus on One District One Product (ODOP) initiatives and develop export-oriented strategies around it. He also identified defence manufacturing as an emerging sector where India is establishing a distinct identity and encouraged States to formulate policies to leverage the opportunities arising from its growth.

Prime Minister highlighted the need for coordinated efforts to address emerging social challenges such as drug abuse and cyber fraud through preventive measures, awareness campaigns and effective governance.

Prime Minister also drew attention to concerns arising from El Niño conditions and appealed to States to promote water conservation and encourage natural and organic farming practices. He noted that the purchase of 11 lakh tonnes of organic manure by farmers during the current Kharif season reflected growing confidence in sustainable agriculture.

Prime Minister emphasized the need to evaluate progress at the district level, particularly through aspirational district parameters. Prime Minister suggested that on similar lines, 100 districts should be identified in the field of agriculture to bring positive results. He urged the States to take lead in this pursuit so that a phenomenal change can be achieved through the aspirational approach.

Prime Minister emphasised the need for a monitoring framework and targeted 100-day and five-year goals towards achieving the vision of Viksit Bharat@2047.

Highlighting the importance of good governance, transparency, and infrastructure for attracting investment, he urged States to focus on branding, ease of doing business, and emerging opportunities in sectors such as data centres and artificial intelligence. He emphasized that AI should be viewed as an opportunity and called for greater efforts to equip people with the skills required for the future economy.

The Chief Ministers/Lt. Governors/Administrators congratulated Prime Minister Modi on completing 12 years in his office. They also expressed solidarity with the Centre to withstand the global geo-political crisis and to strengthen India’s resilience with respect to energy requirements, and sustain its growth trajectory.

Prime Minister noted that the discussions were constructive and reflected the aspirations, hopes, experiences, best practices, and challenges of the States. Prime Minister expressed his gratitude to all the CMs, LGs and Administrators for participating in the meeting and expressed confidence that Together, through cooperation, innovation, and a shared commitment to development, India can accelerate its journey towards a Viksit Bharat by 2047.