1. ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ মৰ্মে মালদ্বীপ গণৰাজ্যৰ ৰাষ্ট্ৰপতি ইব্ৰাহীম মহম্মেদ সলিহে এক আনুষ্ঠানিক ভ্ৰমণসূচী লৈ ভাৰতত উপস্থিত হয়হি।
  2. ২০১৮ চনৰ ১৭ নৱেম্বৰত ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰে পৰা এয়া তেওঁৰ তৃতীয়টো ভাৰত ভ্ৰমণ। ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে দেশখনৰ বিত্তমন্ত্ৰী মহামহিম ইব্ৰাহীম মীৰ, অৰ্থনৈতিক উন্নয়ণ দপ্তৰৰ মন্ত্ৰী ফায়াজ ইছমাইল, লিংগ, পৰিয়াল আৰু সামাজিক সেৱা দপ্তৰৰ মাননীয়া মন্ত্ৰী এইশ্বাথ মহম্মেদ দিদিকে ধৰি দেশখনৰ বাণিজ্যিক জগতৰ নেতৃবৃন্দৰে গঠিত এটা প্ৰতিনিধি দলো আহিছে।
  3. এই ভ্ৰমণৰ কালছোৱাত ৰাষ্ট্ৰপতি সলিহে নতুন দিল্লীত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে সীমিত আৰু প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয়। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি আৰু তেওঁৰ প্ৰতিনিধিদলটোক দুপৰীয়াৰ ভোজনৰেও আপ্যায়িত কৰে।
  4. এই ভ্ৰমণ কালত ৰাষ্টৰপতি সলিহে ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মকো সাক্ষাত্ কৰে আৰু ভাৰতৰ পঞ্চদশ গৰাকী ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে তেওঁক অভিনন্দন জনায়। ইফালে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড০ এছ জয়শংকৰে ৰাষ্ট্ৰপতি সলিহক সাক্ষাত্ কৰে। ভ্ৰমণসূচীৰ অংশ হিচাপে মুম্বাইলৈ যোৱাৰ মুহূৰ্তত ৰাষ্ট্ৰপতি সলিহক সাক্ষাত্ কৰিব মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ভগত সিং কোশিয়াৰীয়ে।
  5. ভাৰত-মালদ্বীপৰ মাজৰ দ্বিপাক্ষিক সম্বন্ধ ভৌগলিক ঘনিষ্ঠতা, ঐতিহাসিক, সাংস্কৃতিক বান্ধোন আৰু উমৈহতীয়া প্ৰমূল্যবোধৰে আবদ্ধ। ভাৰতীয়ৰ হৃদয় আৰু ভাৰতে গ্ৰহণ কৰা ‘চুবুৰীয়া প্ৰথম নীতি’ত মালদ্বীপে সদায়ে বিশেষ স্থান গ্ৰহণ কৰি আহিছে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। ৰাষ্ট্ৰপতি সলিহেও তেওঁৰ চৰকাৰে ‘ভাৰত প্ৰথম নীতি’কে সাৰোগত কৰি যোৱাৰ কথা দোহাৰে। শেহতীয়া বছৰচেৰেকত দুয়োখন দেশৰ নাগৰিকসকলক উপকৃত কৰিব পৰা ক্ষেত্ৰসমূহত দ্বিপাক্ষিক সম্পৰ্কৰ পৰিসৰে দ্ৰুত প্ৰসাৰ লাভ কৰা কাৰ্যত দুয়োগৰাকী নেতাই সন্তুষ্টি প্ৰকাশ কৰে। উভয় দেশকে উপকৃত কৰিব পৰা এই পাৰস্পৰিক সম্পৰ্ক অধিক শক্তিশালী আৰু গাঢ় কৰি তোলাৰ বাবে দুয়োজন নেতাই প্ৰতিশ্ৰুতি দোহাৰে।
  6. ‘ক’ভিড-১৯’ মহামাৰীৰ কালছোৱাত মালদ্বীপবাসীৰ লগতে চৰকাখনৰ কাষত আন্তৰিকতাৰে থিয় দিয়াৰ বাবে প্ৰধানমন্ত্ৰী মোদী আৰু ভাৰত চৰকাৰক ধন্যবাদ জনায় ৰাষ্ট্ৰপতি সলিহে। মহামাৰীয়ে সৃষ্টি কৰা স্বাস্থ্য তথা অৰ্থনৈতিক সংকটক অতিক্ৰম কৰাৰ ক্ষেত্ৰত ভাৰতে আগবঢ়োৱা চিকিত্সা আৰু বিত্তীয় সহযোগিতাই বাৰুকৈয়ে  সহায় কৰে। মালদ্বীপলৈ ‘ক’ভিড-১৯’ৰ প্ৰতিষেধকৰ উপহাৰ আগবঢ়োৱা প্ৰথমখন মিত্ৰ দেশ হ’ল ভাৰত। মহামাৰী-উত্তৰ পৰিস্থিতিত মালদ্বীপে পূৰ্বস্থিতিলৈ উভতি অহাৰ লগতে টীকাকৰণ অভিযান সম্পন্ন কৰা আৰু অৰ্থনৈতিক পুণৰ্গঠনৰ ক্ষেত্ৰত সফলতা প্ৰদাৰ্শন কৰাৰ বাবে ৰাষ্ট্ৰপতি সলিহ আৰু দেশখনৰ নাগৰিকসকলক প্ৰধানমন্ত্ৰী মোদীয়ে অভিনন্দন জনায়।
  7. প্ৰতিৰক্ষা আৰু নিৰাপত্তা, বিনিয়োগ বৃদ্ধি, মানৱ-সম্পদৰ উন্নয়ণ, জলবায়ু সংৰক্ষণ আৰু শক্তিখণ্ডকে ধৰি অন্যান্য ক্ষেত্ৰৰ আন্তঃগাঁথনি নিৰ্মাণ, অৰ্থনৈতিক সহযোগিতা তথা নাগৰিকৰ পাৰস্পৰিক সম্পৰ্ক স্থাপনৰ প্ৰসংগত সহযোগিতা বৃদ্ধিৰ বাবে প্ৰতিষ্ঠানিক সেঁতুবন্ধনক আৰু অধিক সুদৃঢ় কৰি তোলাৰ ক্ষেত্ৰত মোদী আৰু সলিহে সহমত ব্যক্ত কৰে।
  8. ভিছা মুক্ত ভ্ৰমণ, উন্নত বিমান যোগযোগ ব্যৱস্থা, বিনিময় কাৰ্যক্ৰম আৰু সাংস্কৃতিক আৰু অৰ্থনৈতিক সেঁতুবন্ধনৰ দৰে পদক্ষেপ গ্ৰহণৰ সুবাদত দুয়োখন দেশৰ নাগৰিকৰ মাজৰ সম্পৰ্কৰ বান্ধোন বৃদ্ধি পোৱা কথাক দুয়োগৰাকী নেতাই আদৰণি জনায়। নেতাদ্বয়ে দেশখনত ভাৰতীয় শিক্ষক, নাৰ্ছ, চিকিত্সা-কৰ্মী, চিকিত্সক, তথা অন্যান্য ক্ষেত্ৰতসমূহ কৰ্মৰত পেছাদাৰসকলে আগবঢ়োৱা মূল্যবান অৰিহণাৰ কথা স্বীকাৰ কৰে।
  9. অন্যান্য ক্ষেত্ৰসমূহকে ধৰি মীন, আন্তঃগাঁথনি, নৱীকৰণযোগ্য শক্তি, পৰ্যটন, স্বাস্থ্য তথা তথ্য-প্ৰযুক্তিৰ দৰে ক্ষেত্ৰসমূহক আন্তঃ সীমান্ত-বিনিয়োগ আৰু অংশীদাৰিত্বৰ জৰিয়তে অৰ্থনৈতিক সেঁতুবন্ধনৰ গতি অধিক উন্নত কৰি তোলাৰ বাবে দুয়োখন দেশৰ বাণিজ্যিক নেতৃবৃন্দই  পৰস্পৰে জড়িত হোৱা কথাক নেতাদ্বয়ে আদৰণি জনায়।

উন্নয়ণী জোঁটবন্ধন

  1. ‘ক’ভিড-১৯’ মহামাৰীৰ লগতে অন্যান্য গোলকীয় প্ৰত্যাহ্বানসমূহৰ মাজতো দুয়োখন দেশৰ মাজৰ উন্নয়ণী জোঁটবন্ধনে প্ৰশংসনীয় প্ৰগতি লাভ কৰাৰ কথা প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি সলিহে পৰ্যালোচনা কৰে। শেহতীয়া বছৰসমূহত ভাৰত-মালদ্বীপৰ মাজৰ উন্নয়ণী-জোঁটবন্ধনে দ্ৰুত প্ৰগতিৰ সাক্ষ্য বহণ কৰিছে।
  2. ভাৰতে আগবঢ়োৱা সাহায্য আৰু ৰেহাই হাৰৰ ঋণৰে সম্পাদান কৰিব খোজা ৫০০ নিযুত মাৰ্কিন ডলাৰ মূল্যমানৰ ‘গ্ৰেটাৰ মালে কানেক্টিভিটী প্ৰকল্প’ৰ ‘ভাৰ্চুৱেল’ আধাৰশিলা স্থাপন সমাৰোহতো দুয়োগৰাকী নেতাই অংশগ্ৰহণ কৰে। মালদ্বীপৰ ‘সৰ্ববৃহত্ আন্তঃগাঁথনিমূলক প্ৰকল্প’টোৰ কাম-কাজ নিৰ্দ্ধাৰিত সময়সূচী মতে সম্পন্ন কৰাৰ বাবে দুয়োগৰাকী নেতাই সংশ্লিষ্ট বিষয়াবৰ্গক নিৰ্দেশ প্ৰদান কৰে।
  3. প্ৰধানমন্ত্ৰী মোদীয়ে মালদ্বীপৰ বিত্তীয় আন্তঃগাঁথনি নিৰ্মাণৰ বাবে ভাৰত চৰকাৰে নতুনকৈ আগবঢ়াব খোজা ১০০ নিযুত মাৰ্কিন ডলাৰৰ এটা ‘লাইন অব ক্ৰেডিট’ৰ ঘোষণাও কৰে। এই সহযোগিতাৰ বাবে ৰাষ্ট্ৰপতি সলিহে ভাৰত চৰকাৰক ধন্যবাদ জনোৱাৰ লগতে এই অতিৰিক্ত সাহায্যই বিভিন্ন পৰ্যায়ত থকা উন্নয়ণী প্ৰকল্পসমূহৰ কাম সম্পূৰ্ণ কৰাত বাৰুকৈয়ে সহায় কৰিব বুলি নিশ্চয়তা প্ৰকাশ কৰে।
  4. দেশখনত চলি থকা ৪০০০টা সামাজিক আবাসগৃহ নিৰ্মাণ সম্পৰ্কীয় এটা প্ৰকল্পৰ অগ্ৰগতিৰো সমীক্ষা কৰে নেতাদ্বয়ে।
  5. ‘গ্ৰেটাৰ মালে’ত অতিৰিক্ত ভাবে আৰু ২০০০টা আবাসগৃহ নিৰ্মাণৰ বাবে ‘এগজিম বেংক অব ইণ্ডিয়া’ই অনুমোদন জনোৱা ১১৯ নিযুত মাৰ্কিন ডলাৰৰ অৰ্থসাহায্যৰ পদক্ষেপকো দুয়োগৰাকী নেতাই আদৰণি জনায়।
  6. ‘আড্ডু পথ প্ৰকল্প’, ৩৪টা দ্বীপত পানী যোগান আৰু পয়-প্ৰণালী ব্যৱস্থাৰ উন্নয়ণ সাধন আৰু হুকুৰা মিস্কি(শুকুৰবৰীয়া মছজিদ)ৰ পুনৰুদ্ধাৰ প্ৰকল্পকে ধৰি ভাৰতৰ অৰ্থ-সাহায্যৰে সম্পাদিত প্ৰকল্পসমূহৰ অগ্ৰগতিক লৈ দুয়োগৰাকী নেতাই সন্তুষ্টি প্ৰকাশ কৰে।
  7. ভাৰতৰ অনুদান তথা অৰ্থ সাহায্যৰে সম্পাদিত ৪৫টা সমূহীয়া উন্নয়ণ প্ৰকল্পই দ্বীপবাসী সম্প্ৰদায়সমূহৰ প্ৰতি আগবঢ়োৱা ইতিবাচক অৰিহণাক দুয়োগৰাকী নেতাই আদৰণী জনায়।
  8. বিগত কেইটামান বছৰত দুয়োখন দেশৰ সম্পৰ্ক গাঢ় কৰাৰ ক্ষেত্ৰত সামৰ্থ্য বৰ্দ্ধন আৰু প্ৰশিক্ষণ মুখ্য স্তম্ভ হিচাপে চিহ্নিত হোৱা কাৰ্যতো প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি সলিহে সন্তুষ্টি প্ৰকাশ কৰিছে।

 

প্ৰতিৰক্ষা আৰু নিৰাপত্তা

  1. ভাৰত-মালদ্বীপৰ প্ৰতিৰক্ষা আৰু নিৰাপত্তাসম্পৰ্কীয় অংশীদাৰিত্ব সময়-সিদ্ধ আৰু আন্তঃৰাষ্ট্ৰীয় অপৰাধ তথা দুৰ্যোগকালীন সাহায্যৰ ক্ষেত্ৰত আঞ্চলিক সহযোগিতাৰ উল্লেখনীয় নিদৰ্শন। ভাৰত মহাসাগৰীয় অঞ্চলৰ সুস্থিৰতাৰ ক্ষেত্ৰত এই সহযোগিতা শক্তি হিচাপেই পৰিগণিত হৈ আহিছে।
  2. চলি থকা প্ৰকল্প আৰু সামৰ্থ্য বৰ্দ্ধন সম্পৰ্কীয় পদক্ষেপসমূহৰ ৰূপায়ণৰ জৰিয়তে সামুদ্ৰিক সুৰক্ষা আৰু নিৰাপত্তা, সামুদ্ৰিক প্ৰেক্ষাপট সম্পৰ্কীয় সজাগতা, মানৱীয় সহযোগিতা আৰু দুৰ্যোগকালীন-সাহায্যৰ ক্ষেত্ৰত সহযোগিতাৰ পৰিসৰ আৰু অধিক বৃদ্ধিৰ বাবে নেতাদ্বয়ে সহমত ব্যক্ত কৰে। প্ৰধানমন্ত্ৰীয় মোদীয়ে ভাৰতৰ নিৰাপত্তা আৰু সকলো অঞ্চলৰ প্ৰগতি নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা ‘সাগৰ’ শীৰ্ষক দৃষ্টিভংগীৰ আধাৰত মালদ্বীপৰ সৈতে সহযোগিতাৰ পৰিসৰ বৃদ্ধিৰ বাবে ভাৰতৰ অংগীকাৰ দোহাৰে।
  3. ছিফাভাৰু-ত ‘কোষ্টগাৰ্ড হাৰবাৰ’ নিৰ্মাণৰ প্ৰাক-নিৰ্মাণ পৰ্যায়ৰ কাম-কাজৰ দ্ৰুত ৰূপায়ণত দুয়োগৰাকী নেতাই সন্তুষ্টি প্ৰকাশ কৰে।
  4. প্ৰধানমন্ত্ৰী মোদীয়ে দ্বিতীখন ‘লেণ্ডিং এছল্ট ক্ৰাফ্ট’(এলচিএ)ৰ লগতে ‘মালদ্বীপ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বাহিনী’লৈ ভাৰতে ইতিপূৰ্বে আগবঢ়োৱা ‘চিজিএছ হুৰাৱী’ নামৰ জাহাজখন প্ৰতিস্থাপন কৰিব পৰা আন এখন জাহাজ আগবঢ়োৱাৰ কথা ঘোষণা কৰে। প্ৰতিৰক্ষা বাহিনীটোলৈ ভাৰতৰ তৰফৰ পৰা ২৪খন বাহন আগবঢ়োৱাৰ কথাও প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰে।
  5. আড্ডু মহানগৰীত ২০২২ চনৰ মাৰ্চ মাহত উদ্বোধন কৰা ‘নেশ্যনেল কলেজ ফৰ পুলিচিং এণ্ড ল এনফৰ্চমেণ্ট’(এনচিপিএলই) স্থাপনৰ বাবে আগবঢ়োৱা সহযোগিতাৰ বাবে ৰাষ্ট্ৰপতি সলিহে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনায়।
  6. দ্বীপবাসীৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে সমগ্ৰ মালদ্বীপতে আৰক্ষীব্যৱস্থাৰ উত্তৰণৰ বাবে ৬১টা আৰক্ষী আন্তঃগাঁথনি উন্নয়ণ সম্পৰ্কীয় প্ৰকল্পৰ আৰ্হি প্ৰস্তুত তথা নিৰ্মাণৰ বাবে ‘বায়াৰ্ছ ক্ৰেডিট চুক্তি’ বিনিময় কৰাৰ কথাক দুয়োগৰাকী নেতাই আদৰণি জনায়।
  7. আঞ্চলিক আৰু বহুপক্ষীয় পদক্ষেপসমূহৰ ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিকো দুয়োগৰাকী নেতাই আদৰণি জনায়। ২০২২ মাৰ্চ মাহত ‘কলম্বো ছিকিউৰিটী কনক্লেভ’-ৰ পঞ্চমখন বৈঠক মালেত অনুষ্ঠিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি সলিহক অভিনন্দন জ্ঞাপন কৰে।
  8. ইফালে, যোৱা মাহত কোচিত অনুষ্ঠিত ‘কলম্বো ছিকিউৰিটী কনক্লেভ’ৰ সদস্য ৰাষ্ট্ৰসমূহৰ ‘ৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কীয় উপ-উপদেষ্টা’সকলৰ ষষ্ঠ সন্মিলনখনৰ সাফল্যৰ কথাও দুয়োগৰাকী নেতাই স্মৰণ কৰে। এই সন্মিলনৰ সপ্তমখন বৈঠক মালদ্বীপত অনুষ্ঠিত হ’ব।
  9. দুৰ্যোগ প্ৰবন্ধন আৰু ‘চাইবাৰ ছিকিউৰিটী’ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ বাবে স্বাক্ষৰিত বুজাবুজিৰ চুক্তি বিনিময় হোৱা কাৰ্যকো দুয়োগৰাকী নেতাই আদৰণি জনায়।
  10. সকলো ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপক নেতাদ্বয়ে গৰিহণা দিয়াৰ লগতে মৌলবাদ, হিংসাত্মক উগ্ৰপন্থা, সন্ত্ৰাসবাদ আৰু নিচাযুক্ত দ্ৰব্যৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিব পৰাকৈ দুয়োখন দেশৰ নিৰাপত্তা সংস্থাসমূহৰ সহযোগিতা বৃদ্ধিত গুৰুত্ব আৰোপ কৰে।

সহযোগিতাৰ ন-দিগন্ত

  1. পৰিৱেশ আৰু নৱীকৰণযোগ্য শক্তি খণ্ড, আন্তঃৰাষ্ট্ৰীয় সৌৰ মঞ্চ আৰু দুৰ্যোগ-সহণক্ষম আন্তঃগাঁথনি নিৰ্মাণ সম্পৰ্কীয় মৰ্চা গঠনৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত সহযোগিতা বৃদ্ধিৰ প্ৰসংগতো দুয়োগৰাকী নেতাই সহমত ব্যক্ত কৰে।
  2. ক্ৰীড়া আৰু যুৱ বিকাশৰ ক্ষেত্ৰত মালদ্বীপ আৰু ভাৰতৰ সহযোগিতা বৃদ্ধিত গুৰত্ব আৰোপ কৰে দুয়োগৰাকী নেতাই।

বহুপক্ষীয় মঞ্চ

  1. ৰাষ্ট্ৰসংঘৰ সংস্কাৰ, বিশেষককৈ নিৰাপত্তা পৰষদৰ আশু সংস্কাৰ সাধনৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত দুয়োগৰাকী নেতাই সহমত ব্যক্ত কৰে।

চুক্তি/বুজাবুজিৰ চুক্তি

  1. এই ভ্ৰমণৰ সময়ত স্বাক্ষৰিত হোৱা এলানি চুক্তি তথা বুজাবুজিৰ চুক্তি বিনিময়ৰো সাক্ষী হয় দুয়োগৰাকী নেতা। সেয়া হৈছে : সাম্ভাৱ্য মত্স্য ক্ষেত্ৰৰ আগলীবতৰা দিয়াৰ ক্ষেত্ৰত সামৰ্থ্য বৰ্দ্ধনৰ বাবে সহযোগিতা; চাইবাৰ ছিকিউৰিটীৰ ক্ষেত্ৰত সহযোগিতা; মহিলা উন্নয়ণ কমিটি আৰু মালদ্বীপৰ স্থানীয় চৰকাৰ প্ৰধিকৰণৰ সামৰ্থ্য বৰ্দ্ধন; দুৰ্যোগ প্ৰবন্ধন সন্দৰ্ভত সহযোগিতা; আৰক্ষী আন্তঃগাঁথনি নিৰ্মাণৰ বাবে ৪২ নিযুত মাৰ্কিন ডলাৰৰ ‘বায়াৰ্ছ ক্ৰেডিট চুক্তি’ৰ লগতে ২০০০টা সামাজিক আবাসগৃহ নিৰ্মাণ সম্পৰ্কত ‘লেটাৰ অব ইনটেণ্ট’।
  2. ৰাষ্ট্ৰপতি সলিহে তেওঁৰ লগতে তেওঁৰ সৈতে অহা প্ৰতিনিধিবৰ্গলৈ জনোৱা আন্তৰিকতাপূৰ্ণ আতিথ্যৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনায়।
  3. ৰাষ্ট্ৰপতি সলিহে ভাৰতৰ ৰাষ্ট্ৰপতিক মালদ্বীপ ভ্ৰমণৰ বাবে জনোৱা আহ্বান দোহৰাৰ লগতে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীকো দেশখনলৈ আমন্ত্ৰণ জনায়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Budget Driving AI, Semiconductors and IT Growth

Media Coverage

India’s Budget Driving AI, Semiconductors and IT Growth
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister speaks with the King of Jordan
March 02, 2026

Prime Minister Narendra Modi spoke with His Majesty King Abdullah II, the King of Jordan.

The Prime Minister conveyed deep concern at the evolving situation in the region. He reaffirmed support for the peace, security, and well-being of the people of Jordan.

The Prime Minister also thanked His Majesty for taking care of the Indian community in Jordan in this difficult hour.

The Prime Minister shared on X;

"Spoke with His Majesty King Abdullah II, the King of Jordan. Conveyed our deep concern at the evolving situation in the region. We reaffirm our support for peace, security and the well-being of the people of Jordan. I thanked him for taking care of the Indian community in Jordan in this difficult hour."