ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত ফিনলেণ্ড গণৰাজ্যৰ ৰাষ্ট্ৰপতি ডঃ আলেকজেণ্ডাৰ ষ্টাব ২০২৬ চনৰ ৪-৭ মাৰ্চত ভাৰতলৈ চৰকাৰী ভ্ৰমণসূচীলৈ আহিছে। ৰাষ্ট্ৰপতি হিচাপে প্ৰথমবাৰৰ বাবে ভাৰতলৈ অহা ৰাষ্ট্ৰপতি ষ্টাবে নতুন দিল্লী আৰু মুম্বাই ভ্ৰমণ কৰিছে আৰু তেওঁৰ সৈতে আছে ফিনলেণ্ডৰ জলবায়ু আৰু পৰিৱেশ মন্ত্ৰী শ্ৰীমতী ছাৰী মুল্টালা, ফিনলেণ্ডৰ নিয়োগ মন্ত্ৰী শ্ৰী মাটিয়াছ মাৰ্টিনেন তথা বিষয়া আৰু বাণিজ্যিক নেতৃত্বৰে গঠিত এক উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল। প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৬ চনৰ ৫ মাৰ্চত নতুন দিল্লীত ৰাইচিনা ডায়ালগৰ একাদশ সংস্কৰণ উদ্বোধন কৰে আৰু ৰাষ্ট্ৰপতি ষ্টাবে মুখ্য অতিথি হিচাপে উদ্বোধনী ভাষণ প্ৰদান কৰে। ২০২৬ চনৰ ফেব্ৰুৱাৰীত এআই ইম্পেক্ট সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ফিনলেণ্ড গণৰাজ্যৰ প্ৰধানমন্ত্ৰী শ্ৰী পেট্টেৰি অৰ্পোৰ ভ্ৰমণৰ পাছতে ৰাষ্ট্ৰপতি ষ্টাবৰ এই ভ্ৰমণ।

 

২০২৬চনৰ ৫মাৰ্চত ৰাষ্ট্ৰপতি ষ্টাবক ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত উষ্ম আদৰণি জনায়। প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি ষ্টাবে দ্বিপাক্ষিক বৈঠকত বিভিন্ন বিষয় আলোচনা কৰে আৰু যুটীয়াভাৱে সংবাদ মাধ্যমক সম্বোধন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ভ্ৰমণৰত ৰাষ্ট্ৰপ্ৰধানগৰাকীৰ সন্মানত দুপৰীয়াৰ আহাৰৰো আয়োজন কৰে।

ফিনলেণ্ডৰ ৰাষ্ট্ৰপতিয়ে এআই ইম্পেক্ট সন্মিলন ২০২৬ সফলতাৰে আয়োজন কৰাৰ বাবে ভাৰতক অভিনন্দন জনায়। দুয়োজন নেতাই এই মত ব্যক্ত কৰে যে এ আই-ৰ নিৰাপদ, বিশ্বাসযোগ্য আৰু সামগ্ৰিক বিকাশৰ দিশত কাম কৰাটো সৰ্বাধিক গুৰুত্বপূৰ্ণ।

নেতাদ্বয়ে পাৰস্পৰিক সন্মান আৰু গণতন্ত্ৰ তথা আইনৰ শাসনৰ মূল্যবোধৰ ভেটিৰ ওপৰত নিৰ্মিত ভাৰত আৰু ফিনলেণ্ডৰ মাজত গভীৰ আৰু স্থায়ী বন্ধুত্বৰ লগতে বিশ্ব শান্তি, নিৰাপত্তা আৰু আন্তঃৰাষ্ট্ৰীয় আইনৰ প্ৰতি দায়বদ্ধতা দৃঢ়তাৰে প্ৰকাশ কৰে।

ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু ফিনলেণ্ডৰ ৰাষ্ট্ৰপতিয়ে নিয়ম-আধাৰিত আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা আৰু ৰাষ্ট্ৰসংঘৰ সৈতে বহুপাক্ষিক সহযোগিতাৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে।

নেতাদ্বয়ে বহনক্ষম উন্নয়ন লক্ষ্যত উপনীত হোৱাৰ বাবে প্ৰচেষ্টা দুগুণ কৰাৰ গুৰুত্ব আৰু জলবায়ু পৰিৱৰ্তন আৰু জৈৱ বৈচিত্ৰ্যৰ ক্ষতিৰ প্ৰত্যাহ্বানৰ বিৰুদ্ধে বিশ্বজুৰি সহযোগিতাত গুৰুত্ব আৰোপ কৰে।

২০২৬চনৰ ২৭ জানুৱাৰীত ভাৰত-ইউৰোপীয় ইউনিয়ন সন্মিলনত ভাৰত আৰু ইউৰোপীয় ইউনিয়নৰ মাজত সম্পন্ন হোৱা যুগান্তকাৰী মুক্ত বাণিজ্য চুক্তিক আদৰণি জনাই নেতাসকলে ভাৰত-ফিনলেণ্ড দ্বিপাক্ষিক সম্পৰ্ককে ধৰি উভয় পক্ষৰ বাবে বাণিজ্য আৰু বিনিয়োগ বৃদ্ধিৰ অপৰিসীম আৰু পাৰস্পৰিকভাৱে লাভজনক সুযোগৰ সম্পৰ্কত সন্মতি প্ৰকাশ কৰে।

২০২১চনৰ ১৬মাৰ্চত ভাৰত-ফিনলেণ্ড ভাৰ্চুৱেল সন্মিলন আৰু ক্ৰমে ২০১৮ আৰু ২০২২ চনত ষ্টকহোম আৰু কোপনহেগেনত অনুষ্ঠিত ভাৰত-নৰ্ডিক সন্মিলনৰ দুটা সংস্কৰণৰ সমান্তৰালভাৱে দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীৰ বৈঠকৰ লগতে ২০২৬ চনৰ ফেব্ৰুৱাৰীত এআই ইম্পেক্ট সন্মিলনৰ দ্বাৰা প্ৰদান কৰা গতিৰ ওপৰত ভিত্তি কৰি নেতাদ্বয়ে দুয়োখন ৰাষ্ট্ৰৰ মাজত সহযোগিতা সম্প্ৰসাৰণ আৰু গভীৰ কৰি ৰখাৰ বাবে তেওঁলোকৰ অংশীদাৰী প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই উদ্যমেৰে নেতা দুজনে ভাৰত-ফিনলেণ্ডৰ সম্পৰ্কক নিজ নিজ স্বাৰ্থ আৰু পাৰস্পৰিক লাভালাভৰ ওপৰত ভিত্তি কৰি ডিজিটেলাইজেচন আৰু বহনক্ষমতাৰ ক্ষেত্ৰত এক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰিবলৈ সন্মত হয়।

বাণিজ্য আৰু বিনিয়োগ

ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু ফিনলেণ্ডৰ ৰাষ্ট্ৰপতিয়ে বাণিজ্যিক সম্প্ৰদায়ক ভাৰত-ইউৰোপীয় ইউনিয়নৰ যুগান্তকাৰী এফটিএৰ দ্বাৰা মুকলি কৰা বিশাল সুযোগসমূহৰ সদ্ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। এই সন্দৰ্ভত নেতাদ্বয়ে ২০৩০ চনৰ ভিতৰত ভাৰত আৰু ফিনলেণ্ডৰ মাজৰ বাণিজ্য বৰ্তমানৰ মূল্যৰ দুগুণ কৰাৰ লক্ষ্যত সন্মতি প্ৰকাশ কৰে।

নেতাদ্বয়ে সংশ্লিষ্ট বাণিজ্যিক সম্প্ৰদায়ৰ মাজত হোৱা ইতিবাচক মত বিনিময়ৰ কথা উল্লেখ কৰে, যিটো ফিনলেণ্ডৰ ৰাষ্ট্ৰপতিৰ সৈতে ভাৰত ভ্ৰমণ কৰা বৃহৎ বাণিজ্যিক প্ৰতিনিধি দলৰ লগতে নতুন দিল্লীত অনুষ্ঠিত এআই ইম্পেক্ট সন্মিলনত ফেব্ৰুৱাৰীত ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ সৈতে যোগদান কৰা কোম্পানীসমূহৰ দ্বাৰা প্ৰতিফলিত হৈছে। দুয়োগৰাকী নেতাই আস্থা প্ৰকাশ কৰে যে ৭ মাৰ্চত মুম্বাইত অনুষ্ঠিত হ’বলগীয়া ভাৰত-ফিনলেণ্ড ব্যৱসায়িক সন্মিলন আৰু চিইঅ’ৰ মত বিনিময়ে বাণিজ্য, প্ৰযুক্তি-সহযোগিতা আৰু বিনিয়োগ সম্পৰ্ক বৃদ্ধিৰ পথ প্ৰশস্ত কৰাত সহায় কৰিব।

নেতাদ্বয়ে হেলচিংকিৰ শ্লাছত ভাৰতীয় উদ্ভাৱনীমূলক ষ্টাৰ্টআপৰ আৰু নতুন দিল্লীৰ ষ্টাৰ্টআপ মহাকুম্ভত ফিনলেণ্ডৰ ষ্টাৰ্টআপৰ সক্ৰিয় অংশগ্ৰহণৰ জৰিয়তে বৃদ্ধি পোৱা ষ্টাৰ্টআপ সহযোগিতাৰ লগতে ভাৰত-ফিনলেণ্ড ষ্টাৰ্টআপ কৰিডৰৰ দৰে পদক্ষেপক আদৰণি জনায়।

ডিজিটেলাইজেচন

ডিজিটেলাইজেচনৰ পৰিৱৰ্তনকাৰী শক্তিক অন্তৰ্ভুক্তিমূলক সামাজিক আৰু অৰ্থনৈতিক বিকাশৰ মূল চালিকা শক্তি হিচাপে স্বীকাৰ কৰি নেতাদ্বয়ে ৫জি, ৬জি, উচ্চ-দক্ষতাসম্পন্ন আৰু কোৱাণ্টাম কম্পিউটিং তথা কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে নতুন আৰু উদীয়মান প্ৰযুক্তিকে ধৰি ডিজিটেল ৰূপান্তৰক অগ্ৰাধিকাৰৰ ক্ষেত্ৰ হিচাপে চিনাক্ত কৰে, য'ত পাৰস্পৰিক বিশ্বাস আৰু লাভালাভৰ ওপৰত আধাৰিত সহযোগিতা শক্তিশালী কৰিব পাৰি। নেতা দুজনে ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ (ইউ পি আই) ৰ দৰে ডিজিটেল পেমেণ্টকে ধৰি ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ ক্ষেত্ৰত ভাৰতৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰে আৰু এই ক্ষেত্ৰত সহযোগিতাৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰে।


এই পৰিপ্ৰেক্ষিতত নেতাদ্বয়ে সংশ্লিষ্ট মন্ত্ৰালয়সমূহক ডিজিটেলাইজেচনৰ ওপৰত এক আন্তঃক্ষেত্ৰীয় যুটীয়া কৰ্মগোষ্ঠী স্থাপন কৰিবলৈ আহ্বান জনায় যাতে অগ্ৰাধিকাৰসমূহ নিৰ্ধাৰণ কৰিব পাৰি আৰু ডিজিটেল পৰিৱৰ্তনক সম্ভৱ কৰা দৃঢ় তথা গুৰুত্বপূৰ্ণ পদক্ষেপৰ ওপৰত কাম কৰিব পাৰি।

ফিনলেণ্ডৰ ৰাষ্ট্ৰপতিয়ে ফিনলেণ্ডৰ গৱেষণা আৰু উন্নয়ন আৰু প্ৰযুক্তি উদ্ভাৱন পৰিৱেশতন্ত্ৰত যথেষ্ট সংখ্যক ভাৰতীয় পেছাদাৰীৰ ইতিবাচক প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যিয়ে সকলোক উপকৃত কৰিব পৰা ডিজিটেল পৰিৱৰ্তন আৰু বহনক্ষমতাৰ জৰিয়তে সামাজিক আৰু অৰ্থনৈতিক বিকাশত অৰিহণা যোগাইছে।

নেতাদ্বয়ে ছেমিকণ্ডাক্টৰ, ৬জি আৰু শক্তি প্ৰণালীৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভাৰতীয় আৰু ফিনলেণ্ডৰ কোম্পানী আৰু গৱেষণা সংস্থাসমূহৰ যুটীয়া পদক্ষেপৰ বাবে আৰডিআই পুঁজি প্ৰদানৰ বাবে ভাৰতীয় বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ তথা ফিনলেণ্ডৰ বাণিজ্য বিভাগৰ যুটীয়া আহ্বানত সন্তোষ প্ৰকাশ কৰে। তেওঁলোকে ভাৰত ৬জি এলায়েন্স আৰু ফিনলেণ্ডৰ অলু বিশ্ববিদ্যালয়ৰ মাজত সহযোগিতাৰ পৰিকাঠামোৰ কথাও উল্লেখ কৰে আৰু ৬জিৰ ওপৰত দ্বিপাক্ষিক সহযোগিতা অধিক শক্তিশালী কৰাৰ সকলো প্ৰচেষ্টাক আদৰণি জনায়।

তদুপৰি, নেতাদ্বয়ে ভাৰতৰ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় আৰু ফিনলেণ্ডৰ বাণিজ্য মন্ত্ৰালয়ৰ মাজত এআইৰ ওপৰত বিশেষ গুৰুত্ব দি আৰডিআই সহযোগিতাৰ ক্ষেত্ৰত অধিক অন্বেষণৰ বাবে কৰা কামক আদৰণি জনায়, লগতে উচ্চ-ক্ষমতাসম্পন্ন কম্পিউটাৰৰ সন্দৰ্ভত ইণ্ডিয়ান চেণ্টাৰ ফৰ ডেভেলপমেণ্ট অৱ এডভান্সড কম্পিউটিং আৰু ফিনলেণ্ডৰ আইটি চেণ্টাৰ ফৰ ছায়েন্সৰ মাজত হোৱা আলোচনাৰ কথাও উল্লেখ কৰে।

উন্নত প্ৰযুক্তিৰ ক্ষেত্ৰত নেতাদ্বয়ে ভাৰতীয় আৰু ফিনলেণ্ডৰ অংশীদাৰসকলৰ মাজত ভৱিষ্যতৰ যথেষ্ট সম্ভাৱনা আৰু সক্ৰিয় ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণৰ জৰিয়তে সহযোগিতাৰ এক উদীয়মান ক্ষেত্ৰ হিচাপে মহাকাশ প্ৰযুক্তিৰ ওপৰতো আলোকপাত কৰে।

 

বহনক্ষমতা

বহনক্ষমতাৰ ক্ষেত্ৰত দুয়োগৰাকী নেতাই বিশেষকৈ নিম্ন কাৰ্বন পৰিৱৰ্তন, শক্তি দক্ষতা, জৈৱ ইন্ধন, স্মাৰ্ট গ্ৰীড আৰু সেউজ হাইড্ৰ’জেনৰ দৰে ক্ষেত্ৰত পৰিষ্কাৰ শক্তি সমাধানৰ অগ্ৰগতিৰ বৃহৎ সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তদুপৰি তেওঁলোকে চক্ৰীয় অৰ্থনীতি, বহনক্ষম জল ব্যৱস্থাপনা আৰু বতৰ বিজ্ঞানত সহযোগিতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।

ইয়াৰ বাবে নেতাদ্বয়ে বহনক্ষমতা সম্পৰ্কীয় বিষয়সমূহত সহযোগিতা বৃদ্ধিৰ বাবে দুয়োখন দেশৰ প্ৰাসংগিক বিষয়সমূহক একত্ৰিত কৰি বহনক্ষমতাৰ ওপৰত এক যুটীয়া কৰ্মগোষ্ঠী গঠনক আদৰণি জনায়।

তদুপৰি নেতাদ্বয়ে নৱীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত সহযোগিতাৰ বুজাবুজিৰ চুক্তি ৰূপায়ণত গুৰুত্ব আৰোপ কৰে, য’ত জৈৱ শক্তি আৰু আৱৰ্জনাৰ পৰা শক্তিৰ সমাধান, শক্তি সংৰক্ষণ আৰু নমনীয় আৰই প্ৰণালী, সেউজ হাইড্ৰ’জেনৰ লগতে বায়ু, সৌৰ আৰু ক্ষুদ্ৰ জলবিদ্যুতকে ধৰি বহনক্ষমতাত অৰিহণা যোগোৱা সহযোগিতাৰ বহুতো গুৰুত্বপূৰ্ণ ক্ষেত্ৰ সামৰি লোৱা হৈছে।

তেওঁলোকে পৰিৱেশ সহযোগিতাৰ বুজাবুজিৰ চুক্তি নৱীকৰণ আৰু উদ্যোগ পৰিৱৰ্তনৰ বাবে নেতৃত্ব গোট (লিডআইটি) ৰ অধীনত সহযোগিতাক স্বীকৃতি দিয়ে আৰু চক্ৰীয় অৰ্থনীতি, জলবায়ু কাৰ্য আৰু বহনক্ষমতাৰ ক্ষেত্ৰত গভীৰ সহযোগিতা আগবঢ়াই নিয়াৰ বাবে সংশ্লিষ্ট পক্ষসমূহক উৎসাহিত কৰে।

দুয়োপক্ষই মানি লয় যে উন্নত মিটাৰিং আন্তঃগাঁথনি (এ এম আই) আৰু অন্যান্য ডিজিটেল গ্ৰীড প্ৰযুক্তিকে ধৰি স্মাৰ্ট শক্তি সমাধানৰ দ্ৰুত নিয়োজনে দক্ষতা বৃদ্ধি কৰাৰ বিপৰীতে গুৰুত্বপূৰ্ণ শক্তি আন্তঃগাঁথনিৰ বাবে চাইবাৰ সুৰক্ষাৰ বিপদৰ আশংকা বৃদ্ধি কৰিছে। তেওঁলোকে সহনশীল, নিৰ্ভৰযোগ্য আৰু বহনক্ষম স্মাৰ্ট গ্ৰীড প্ৰণালীক উৎসাহ দিয়াৰ ক্ষেত্ৰত ভৱিষ্যতৰ সহযোগিতাৰ ক্ষেত্ৰসমূহ অন্বেষণ কৰিবলৈ সন্মত হয়।

ফিনলেণ্ডৰ ৰাষ্ট্ৰপতিয়ে ২০২৬ চনৰ শেষৰ ফালে পৰৱৰ্তী ৱৰ্ল্ড চাৰ্কুলাৰ ইক'ন'মী ফ'ৰাম আয়োজন কৰাৰ বাবে ভাৰতক প্ৰশংসা কৰে, ই হৈছে ঘূৰ্ণীয়মান অৰ্থনীতি সমাধান বৃদ্ধি কৰা আৰু নতুন সহযোগিতামূলক পদক্ষেপৰ সন্ধানত আগশাৰীৰ দক্ষতা একত্ৰিত কৰাৰ বাবে এক মঞ্চ প্ৰদান কৰিবলৈ ফিনলেণ্ডৰ পদক্ষেপ।

ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ইণ্ডো-নৰ্ডিক ৱাটাৰ ফ’ৰামৰ পৰিকাঠামোত ভাৰতীয়, ফিনলেণ্ড আৰু অন্যান্য নৰ্ডিক অংশীদাৰসকলক একত্ৰিত কৰাত ফিনলেণ্ডৰ সক্ৰিয় ভূমিকাক স্বীকৃতি দিয়ে, যিয়ে চক্ৰীয় অৰ্থনীতি সমাধানৰ বাবে নতুন সহযোগিতা আৰু জল সম্পদ ব্যৱস্থাপনা তথা বৰ্জিত পানী ব্যৱস্থাপনাত সৰ্বশ্ৰেষ্ঠ অনুশীলনক উদগণি দিয়ে।
 

বতৰ বিজ্ঞানৰ ক্ষেত্ৰত সহযোগিতাৰ সন্দৰ্ভত নেতাদ্বয়ে ফিনলেণ্ডৰ বতৰ বিজ্ঞান প্ৰতিষ্ঠান (এফ এম আই) আৰু ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (আই এম ডি) মাজত এৰ’ছ’ল নিৰীক্ষণ আৰু বায়ুৰ মানৰ পূৰ্বানুমানৰ ক্ষেত্ৰত চলি থকা সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁলোকে এফ এম আই আৰু ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান মাদ্ৰাজৰ (আই আই টি এম) মাজত এক ভাৰ্চুৱেল গৱেষণা কেন্দ্ৰ স্থাপনৰ কামক আদৰণি জনায়, লগতে ইতিমধ্যে চলি থকা এফ এম আই-আই আই টি এম গৱেষণা সহযোগিতাৰ লগতে বহুপাক্ষিক প্ৰকল্পসমূহৰ মুঠ মূল্য ১১ নিযুত ইউৰো অতিক্ৰম কৰাৰ কথাও উল্লেখ কৰে।

নেতা দুজনে ভাৰতৰ গ্ৰামোন্নয়ন মন্ত্ৰালয় আৰু ফিনলেণ্ডৰ ৰাষ্ট্ৰীয় ভূমি জৰীপ আৰু ফিনলেণ্ডৰ পৰিৱেশ প্ৰতিষ্ঠান, চহৰ আৰু কোম্পানীসমূহৰ মাজত আৰু সম্পত্তিৰ তথ্যৰ এক সংহত জি আই এছ আধাৰিত ডিজিটেল মঞ্চ সম্পৰ্কত অভিজ্ঞতাৰ আদান-প্ৰদানৰ কথাও উল্লেখ কৰে।

নেতা দুজনে চৰকাৰী পৰিসংখ্যাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰক আদৰণি জনায় যিয়ে চৰকাৰী পৰিসংখ্যাৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ অনুশীলন, পদ্ধতি আৰু কাৰিকৰী দক্ষতাৰ বিনিময়ৰ বাবে এক পৰিকাঠামো প্ৰদান কৰে।


যাতায়াত, শিক্ষা আৰু জনসাধাৰণৰ মাজত সম্পৰ্ক

ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু ফিনলেণ্ডৰ ৰাষ্ট্ৰপতিয়ে দক্ষ শ্ৰমিক, বিশেষজ্ঞ আৰু যুৱ পেছাদাৰী, গৱেষক আৰু শিক্ষাৰ্থী, ব্যৱসায়ী আৰু শিক্ষাবিদকে ধৰি সকলো ক্ষেত্ৰতে জনসাধাৰণৰ মাজত সম্পৰ্কৰ গুৰুত্বক স্বীকৃতি দিয়ে, যাৰ ফলত অৰ্থনৈতিক সমৃদ্ধি বৃদ্ধি পায়, এক সমৃদ্ধ সামাজিক গাঁথনিত অৰিহণা যোগায়, আৰু পাৰস্পৰিক বুজাবুজি বৃদ্ধি কৰে।

এই সন্দৰ্ভত, নেতাদ্বয়ে আগন্তুক বছৰবোৰৰ বাবে মসৃণ, সুশৃঙ্খল আৰু পাৰস্পৰিকভাৱে লাভজনক যাতায়াতৰ বাবে পৰিকাঠামো প্ৰস্তুত কৰি প্ৰব্ৰজন আৰু যাতায়াত অংশীদাৰিত্বৰ ওপৰত এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰাৰ বাবে প্ৰশংসা কৰে। দুয়োপক্ষই বুজাবুজি চুক্তিখন ব্যাপক আৰু সমন্বিতভাৱে ৰূপায়ণৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ সন্মত হয়, যিয়ে ভাৰত আৰু ফিনলেণ্ড দুয়োখন ৰাষ্ট্ৰৰে সমৃদ্ধি আৰু অৰ্থনৈতিক বিকাশত সহায় কৰিব। নেতাদ্বয়ে বাণিজ্যৰ বিষয়ত দ্বিপাক্ষিক আলোচনা স্থাপনৰ সম্ভাৱনা বিচাৰি সংশ্লিষ্ট বৈদেশিক মন্ত্ৰালয়ৰ মাজত হোৱা সম্পৰ্কৰ কথাও স্বীকাৰ কৰে।

শিক্ষাৰ ক্ষেত্ৰত সহযোগিতাৰ ওপৰত উচ্চ পৰ্যায়ৰ আলোচনা (৩১জানুৱাৰী ২০২৪) ৰ দ্বাৰা অনুমোদিত যুটীয়া বিবৃতিৰ প্ৰতি নেতাদ্বয়ে গুৰুত্ব আৰোপ কৰে আৰু সংশ্লিষ্টসকলক ইতিমধ্যে সন্মত হোৱা মাধ্যমিক শিক্ষা, উচ্চ শিক্ষা, দক্ষতা বিকাশ আৰু শিক্ষাৰ্থীৰ যাতায়াতৰ দৰে উমৈহতীয়া কার্যসূচী আগবঢ়াই নিয়াৰ বাবে যৌথ প্ৰচেষ্টা ত্বৰান্বিত কৰিবলৈ উৎসাহ যোগায়।

এই সন্দৰ্ভত তেওঁলোকে ফিনলেণ্ডৰ শিক্ষা ব্যৱস্থাৰ প্ৰতি ভাৰতৰ বৰ্ধিত আগ্ৰহ, শিক্ষক প্ৰশিক্ষণৰ ক্ষেত্ৰত বৰ্ধিত সহযোগিতাৰ লগতে ফিনলেণ্ডৰ আৰ্হি অনুসৰি স্থাপন কৰা প্ৰাৰম্ভিক শৈশৱৰ শিক্ষা প্ৰতিষ্ঠান আৰু বিদ্যালয়সমূহ শিক্ষাৰ ক্ষেত্ৰত সহযোগিতা অব্যাহত ৰখাৰ বাবে অংশীদাৰসকলৰ অংশীদাৰী ইচ্ছা আৰু প্ৰতিশ্ৰুতিৰ দৃঢ় প্ৰকাশ হিচাপে উল্লেখ কৰে।

তদুপৰি নেতাসকলে এখন দ্বিপাক্ষিক অডিঅ’ ভিজুৱেল সহ-প্ৰযোজনা চুক্তিৰ বিষয়ে আলোচনাৰ ওপৰত আলোকপাত কৰে যি চলচ্চিত্ৰ আৰু গেমিং উদ্যোগত সহযোগিতা বৃদ্ধিৰ বাবে এক দৃঢ় পৰিকাঠামো প্ৰদান কৰিব।

ভাৰত-ইউৰোপীয় ইউনিয়নৰ সম্পৰ্ক

দুয়োগৰাকী নেতাই ২০২৬ চনৰ ২৭ জানুৱাৰীত ভাৰত-ইউৰোপীয় ইউনিয়নৰ সন্মিলনত অনুমোদন জনোৱা নতুন যুটীয়া ভাৰত-ইউৰোপীয় ইউনিয়নৰ ব্যাপক কৌশলগত কার্যসূচীক আদৰণি জনায়, যি অংশীদাৰী মূল্যবোধ আৰু নীতি, পাৰস্পৰিক বিশ্বাস, একত্ৰিত স্বাৰ্থ আৰু অংশীদাৰী ৰাজনৈতিক ইচ্ছাশক্তিৰ ওপৰত আধাৰিত। দুয়োপক্ষই সহমত পোষণ কৰে যে ভাৰত আৰু ইউৰোপীয় ইউনিয়ন সুস্থিৰ, পূৰ্বানুমানযোগ্য আৰু বিশ্বাসী অংশীদাৰ হ'ব পাৰে, দুয়ো পক্ষৰ বাবে বহুতো ইতিবাচক ফলাফলৰ সৈতে এক বহুমুখী আৰু গভীৰ দীৰ্ঘম্যাদী সম্পৰ্ক গঢ়ি তুলিব পাৰে।

নেতাদ্বয়ে গুৰুত্ব আৰোপ কৰে যে মুক্ত বাণিজ্য চুক্তিয়ে ভাৰত-ইউৰোপীয় ইউনিয়নৰ সম্পৰ্কক এক নতুন স্তৰলৈ লৈ গৈছে। বজাৰৰ প্ৰৱেশাধিকাৰ বৃদ্ধি আৰু বাণিজ্যিক বাধা দূৰ কৰি স্পষ্ট অৰ্থনৈতিক লাভালাভৰ উপৰি, দুয়োগৰাকী নেতাই উল্লেখ কৰে যে এফটিএ-য়ে গুৰুত্বপূৰ্ণ মূল্য শৃংখলৰ বৈচিত্ৰতা আৰু নতুন বজাৰ মুকলি কৰাৰ জৰিয়তে অৰ্থনৈতিক সুৰক্ষা আৰু সহশীলতাক সমৰ্থন কৰিব পাৰে।

গুৰুত্বপূৰ্ণ বাণিজ্য, প্ৰযুক্তি আৰু অৰ্থনৈতিক সুৰক্ষাৰ বিষয়বোৰ নিস্পত্তি কৰাৰ এক মঞ্চ হিচাপে নেতাসকলে ভাৰত-ইউৰোপীয় ইউনিয়ন প্ৰযুক্তি অংশীদাৰিত্বৰ আধাৰশিলা হিচাপে ভাৰত-ইউৰোপীয় ইউনিয়ন বাণিজ্য আৰু প্ৰযুক্তি পৰিষদৰ কাম অধিক বৃদ্ধি কৰাৰ বাবে তেওঁলোকৰ সমৰ্থন পুনৰ নিশ্চিত কৰে।

ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু ফিনলেণ্ডৰ ৰাষ্ট্ৰপতিয়ে গুৰুত্ব আৰোপ কৰি কয় যে ভাৰত-ইউৰোপীয় ইউনিয়নৰ নিৰাপত্তা আৰু প্ৰতিৰক্ষা সহযোগিতাত স্বাক্ষৰে ভাৰত-ইউৰোপীয় ইউনিয়নৰ কৌশলগত অংশীদাৰিত্বত আন এক অৰ্থপূৰ্ণ মাত্ৰা যোগ কৰিছে যিয়ে সামুদ্ৰিক সুৰক্ষা, প্ৰতিৰক্ষা উদ্যোগ, চাইবাৰ আৰু হাইব্ৰিড ভাবুকি, মহাকাশৰ লগতে সন্ত্ৰাসবাদ প্ৰতিৰোধকে ধৰি অংশীদাৰী স্বাৰ্থৰ ক্ষেত্ৰত সহযোগিতা গভীৰ কৰিব।

নেতাদ্বয়ে গতিশীলতাৰ ওপৰত সহযোগিতাৰ ব্যাপক পৰিকাঠামোৰ ওপৰত বুজাবুজি চুক্তিক স্বাক্ষৰ আৰু ভাৰতত পাইলট ইউৰোপীয় ইউনিয়ন আইনী গেটৱে কাৰ্যালয়ৰ শুভাৰম্ভক প্ৰশংসা কৰে।

বহুপাক্ষিক সহযোগিতা

নেতাদ্বয়ে ৰাষ্ট্ৰসংঘৰ ব্যৱস্থাৰ সংস্কাৰৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰে।এই সন্দৰ্ভত তেওঁলোকে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদক অধিক দক্ষ, প্ৰতিনিধিত্বমূলক, অন্তৰ্ভুক্তিমূলক আৰু সমসাময়িক ভূ-ৰাজনৈতিক বাস্তৱতাক প্ৰতিফলিত কৰাৰ বাবে এক ব্যাপক সংস্কাৰত গুৰুত্ব আৰোপ কৰে। ফিনলেণ্ডৰ ৰাষ্ট্ৰপতিয়ে এক সংস্কাৰিত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ বাবে ফিনলেণ্ডৰ সমৰ্থনৰ কথা পুনৰ দোহাৰে।

নেতাদ্বয়ে বহুপাক্ষিকতা সুৰক্ষিত কৰিবলৈ আৰু পাৰস্পৰিক প্ৰাৰ্থিত্ব আৰু মনোনয়নক সমৰ্থন কৰাকে ধৰি এক নিয়ম-আধাৰিত আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা বৰ্তাই ৰাখিবলৈ ৰাষ্ট্ৰসংঘ আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ ভিতৰত সহযোগিতাৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰে।

দুয়োপক্ষই শান্তি আৰু নিৰাপত্তা, মানৱ অধিকাৰ, বহনক্ষম উন্নয়নৰ লগতে জলবায়ুৰ পৰিৱৰ্তন আৰু জৈৱ বৈচিত্ৰ্যকে ধৰি বহুপাক্ষিক মঞ্চত তেওঁলোকৰ গঠনমূলক সহযোগিতা অব্যাহত ৰাখিবলৈ সন্মত হয়।

নেতাদ্বয়ে ইউএন চি এল অ’ এছ-কে ধৰি আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি এখন মুক্ত, মুকলি, শান্তিপূৰ্ণ আৰু সমৃদ্ধিশালী ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ উদগণিৰ বাবে তেওঁলোকৰ অংশীদাৰী প্ৰতিশ্ৰুতিৰ কথা পুনৰ দোহাৰে। এই সন্দৰ্ভত ভাৰতে ফিনলেণ্ডক ইণ্ডো-পেচিফিক অ’ চেন ইনিচিয়েটিভত যোগদান কৰিবলৈ আদৰণি জনায়।

দুয়োগৰাকী নেতাই যৌথ গৱেষণা পদক্ষেপ, শৈক্ষিক বিনিময় আৰু সামৰ্থ্য-নিৰ্মাণ কাৰ্যসূচীকে ধৰি মেৰু অঞ্চল বিষয়ত সহযোগিতা আৰু আলোচনা অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে। তেওঁলোকে ২০২৬ চনৰ জানুৱাৰী মাহত ফিনলেণ্ডৰ ৰোভানিমীত অনুষ্ঠিত "হিমালয়ান আৰু মেৰু অঞ্চল পৰিৱেশতন্ত্ৰঃ এক বহনক্ষম ভৱিষ্যতৰ বাবে ভাৰত-ফিনলেণ্ড অংশীদাৰিত্ব" শীৰ্ষক প্ৰথমখন ভাৰত-ফিনলেণ্ড মেৰু অঞ্চল সম্পৰ্কীয় আলোচনাৰ কথা উল্লেখ কৰে, যিয়ে সাংসদ, চৰকাৰী বিষয়া, শিক্ষাবিদ আৰু বিশেষজ্ঞসকলক মেৰু অঞ্চল বিষয়ত সহযোগিতা গভীৰ কৰাৰ কৌশল আৰু উপায় সম্পৰ্কত আলোচনা কৰিবলৈ একত্ৰিত কৰিছিল। দুয়োগৰাকী নেতাই আৰ্কটিক কাউঞ্চিলৰ গাঁথনিত আৰু ভাৰত-নৰ্ডিক সন্মিলনৰ বিস্তৃত পৰিকাঠামোৰ ভিতৰত সহযোগিতা আগবঢ়াই নিয়াৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

দুয়োগৰাকী নেতাই সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদকে ধৰি সকলো ধৰণৰ সন্ত্ৰাসবাদ আৰু হিংসাত্মক উগ্ৰবাদক দ্ব্যর্থহীনভাৱে আৰু কঠোৰ ভাষাৰে নিন্দা কৰে। তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি ব্যাপক আৰু ধাৰাবাহিকভাৱে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ নিৰ্ণায়ক আৰু সমন্বিত আন্তঃৰাষ্ট্ৰীয় প্ৰচেষ্টাৰ আহ্বান জনায়। তেওঁলোকে হিংসাত্মক মৌলবাদ আৰু উগ্ৰবাদৰ বিৰুদ্ধে যুঁজিবলৈ, সন্ত্ৰাসবাদৰ বিত্তীয় সাহায্যৰ বিৰুদ্ধে যুঁজিবলৈ, আন্তঃৰাষ্ট্ৰীয়ভাৱে ধনৰ অবৈধ লেনদেন বিৰোধী মানৰ প্ৰচাৰ কৰিবলৈ, সন্ত্ৰাসবাদী উদ্দেশ্যৰ বাবে নতুন আৰু উদীয়মান প্ৰযুক্তিৰ অপব্যৱহাৰ প্ৰতিৰোধ কৰিবলৈ আৰু সন্ত্ৰাসবাদীৰ নিযুক্তিৰ মোকাবিলা কৰিবলৈ সহযোগিতা বৃদ্ধি কৰিবলৈ সন্মত হয়। নেতাদ্বয়ে ৰাষ্ট্ৰসংঘ আৰু এফ এ টি এফ-কে ধৰি সন্ত্ৰাসবাদৰ বিত্তীয় ব্যৱস্থাসমূহ ব্যাহত কৰাৰ বাবে সক্ৰিয় ব্যৱস্থা গ্ৰহণ অব্যাহত ৰখাৰ দৃঢ় প্ৰতিশ্ৰুতি পুনৰ দোহাৰে। তেওঁলোকে ২০২৫ চনৰ ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ আৰু ২০২৫ চনৰ ১০ নৱেম্বৰত নতুন দিল্লীৰ লালকিল্লাৰ ওচৰত সংঘটিত সন্ত্ৰাসবাদী ঘটনাক কঠোৰতম ভাষাৰে নিন্দা কৰে।

দুয়োগৰাকী নেতাই ৰাষ্ট্ৰসংঘৰ চনদ আৰু স্বাধীনতা, সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতাকে ধৰি আন্তঃৰাষ্ট্ৰীয় আইনৰ নীতিৰ ওপৰত আধাৰিত আলোচনা আৰু কূটনীতিৰ জৰিয়তে ইউক্ৰেইনত এক ব্যাপক, ন্যায়সংগত আৰু স্থায়ী শান্তিৰ লক্ষ্যত উপনীত হোৱাৰ প্ৰচেষ্টাৰ প্ৰতি সমৰ্থন অব্যাহত ৰাখিবলৈ সন্মত হয়।

সামৰণি

ডিজিটেলাইজেচন আৰু বহনক্ষমতাৰ ক্ষেত্ৰত ভাৰত-ফিনলেণ্ড কৌশলগত অংশীদাৰিত্বৰ অধীনত সহযোগিতা আগবঢ়াই নিয়াৰ বাবে নেতাদ্বয়ে ডিজিটেলাইজেচন আৰু বহনক্ষমতাৰ ওপৰত সংশ্লিষ্ট কাৰ্যকৰী গোটসমূহক অগ্ৰাধিকাৰমূলক ক্ষেত্ৰ আৰু সম্পৰ্কিত কাৰ্যৰ সংজ্ঞাকে ধৰি ভৱিষ্যতমুখী আৰু দৃঢ় কাৰ্য পৰিকল্পনা বিকশিত কৰিবলৈ আৰু ফিনলেণ্ড গণৰাজ্যৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু ভাৰত গণৰাজ্যৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ক প্ৰাপ্ত অগ্ৰগতিৰ বিষয়ে প্ৰতিবেদন দিবলৈ আহ্বান জনায়।

ফিনলেণ্ডৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীক তেওঁৰ ভ্ৰমণৰ সময়ত আগবঢ়োৱা সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু দুয়োগৰাকী নেতাই মুকলি আৰু গঠনমূলক আলোচনা আৰু অগ্ৰগামী তথা বিকশিত সহযোগিতাৰ প্ৰশংসা কৰে। তেওঁলোকে পাৰস্পৰিক সন্মান আৰু সহযোগিতাৰ অংশীদাৰী মনোভাৱেৰে এক দৃঢ় ভিত্তিৰ সৈতে মত বিনিময় অব্যাহত ৰাখিবলৈ সন্মত হয়। ৰাষ্ট্ৰপতি ষ্টাবে প্ৰধানমন্ত্ৰী মোদীক ফিনলেণ্ড ভ্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনায় আৰু প্ৰধানমন্ত্ৰী মোদীয়ে এই আমন্ত্ৰণ গ্ৰহণ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's pace of economic growth shows that its Viksit Bharat dream is not out of reach

Media Coverage

India's pace of economic growth shows that its Viksit Bharat dream is not out of reach
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM chairs valedictory session of National Departmental Summit on Water
September 02, 2026
This marks the first in a series of Summits envisioned by PM to strengthen spirit of Team India and deepen cooperative federalism
PM stresses adoption of a continuous process of review and follow up to act on actionable and time-bound outcomes
Emphasising Jan Bhagidari, PM calls for promoting Jal Utsav to deepen public awareness on water conservation
PM calls for greater adoption of water-saving technologies and learning from global best practices
PM calls for robust water data governance through effective use of AI
PM suggests structured inter-State Study-visits involving public representatives, officials and farmers on water related issues

Prime Minister Shri Narendra Modi today chaired the valedictory session of the two-day National Departmental Summit on Water, organised by the Ministry of Jal Shakti. The Summit is the first in a series of Departmental Summits envisioned by Prime Minister to strengthen the spirit of Team India, deepen cooperative federalism and foster collective ownership of national priorities through closer collaboration between the Centre and the States. It brought together Ministers and senior officials from States and Union Territories for focused deliberations on various dimensions of India’s water security.

Prime Minister appreciated the intensive two-day deliberations and emphasised that the actionable and time-bound action points emerging from the Summit should be pursued through a continuous process of review and learning. He suggested that the Summit should not remain a one-time exercise and called for a continuous process of review and follow-up.

Prime Minister called for sensitising Urban Local Bodies to the challenges arising from urbanisation, including population growth and future water requirements, and suggested organising similar Chintan Shivirs for Urban Local Bodies. He called for greater adoption of water-saving technologies. He also suggested dedicated exhibitions and workshops, including exposure to global best practices, to enable Indian manufacturers and stakeholders to develop and scale efficient solutions.

Emphasising Jan Bhagidari, Prime Minister suggested promoting “Jal Utsav” to create greater awareness among people. Prime Minister called for making de-silting a regular programme and developing clear criteria and SOPs for de-silting. On dam safety, he stressed rigorous preparedness before every monsoon, adherence to prescribed precautions and creating awareness among school students, including through suitable incorporation in educational curricula.

Prime Minister further called for strengthening knowledge and capacity on water management and governance in universities and higher educational institutions. He suggested structured inter-State study-visits involving public representatives, officials and farmers to facilitate practical learning and replication of successful interventions.

Prime Minister called for robust water data governance, with water-sector data brought together, systematically managed, analysed and effectively utilised. He recommended the use of AI for data collection and analysis through a uniform format. He also stressed anticipatory and integrated planning to address water scarcity through suitable utilisation of treated water for agriculture and industrial purposes.

Drawing upon his experience as Chief Minister of Gujarat, Prime Minister noted that instances of water scarcity could be transformed into opportunities through systematic planning, commitment and deployment of adequate resources and capable officers.

Union Minister for Jal Shakti Shri C. R. Patil highlighted four key outcomes of the summit: accelerated completion of water infrastructure projects; strengthening water conservation as a sustained people’s movement; ensuring long-term sustainability of drinking-water sources; and institutionalising effective operation and maintenance of rural drinking-water schemes.