১. প্ৰধানমন্ত্ৰী মোডীৰ আমন্ত্ৰণ ক্ৰমে ভাৰতলৈ অহা বাংলাদেশ গণৰাজ্যৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই ৫ অক্টোবৰ, ২০১৯ তাৰিখে এক দ্বিপাক্ষিক আলোচনাত মিলিত হয়। নতুন দিল্লীত চৰকাৰী কাৰ্যসূচীত অংশ গ্ৰহণৰ উপৰি তেওঁ ‘ৱৰ্ল্ড ইকনমিক ফ’ৰাম’-য়ে  ৩ আৰু ৪ অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা ‘ভাৰত অৰ্থনৈতিক শীৰ্ষ সন্মিলন’ৰ মুখ্য অতিথি হিচাপেও সন্মিলনত উপস্থিত থাকে।

২. দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে সৌহাৰ্দ্যপূৰ্ণ বাতাবৰণত আন্তৰিকতাৰে এক বিস্তৃত আলোচনাত মিলিত হয়। ইয়াৰ পিচতে তেওলোকে দেশদুখনৰ মাজত সম্পাদিত হোৱা কেইবাখনো চুক্তি বিনিময় অনুষ্ঠানত অধ্যক্ষতা কৰাৰ লগতে দুয়োথন দেশে যুটীয়াভাবে ৰূপায়ণ কৰিব খোজা ৩টা প্ৰকল্পৰো ভিডিঅ’ লিংকিং ব্যৱস্থাৰে শুভাৰম্ভ ঘোষণা কৰে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে শোহতীয়া প্ৰেক্ষাপটত দুয়োখন দেশৰ মাজত অব্যাহত থকা উত্কৃষ্ট দ্বিপাক্ষিক সম্পৰ্কৰ কথা দোহাৰি সন্তুষ্টি প্ৰকাশ কৰে। উল্লেখ্য যে, ঐতিহাসিক আৰু গভীৰ ভ্ৰাতৃত্ববোধৰ আধাৰত প্ৰতিষ্ঠিত এই সম্পৰ্কই সাৰ্বভৌমত্ব,সমতা, বিশ্বাস আৰু বুজা–বুজিৰ আধাৰত গঢ়ি উঠা দ্বিপাক্ষিক সম্পৰ্কক প্ৰতিবিম্বিত কৰাৰ লগতে এক ৰণ-কৌশলগত অংশীদাৰিত্বৰ বুনিয়াদৰ বাবেও প্ৰেক্ষাপট নিৰ্মাণ কৰি তোলে। বিস্তৃত আৰু অক্ষৰিক অৰ্থতে ফলপ্ৰসূ হোৱা আলোচনালানিত তেওঁলোকে দুয়োখন দেশৰে সম্পৰ্কীত বিষয়বোৰৰ লগতে অন্যান্য আঞ্চলিক গুৰুত্ব থকা বিভিন্ন বিষয় সম্পৰ্কেও বিষদ আলোচনা কৰে। দুয়োজন নেতাই দুয়োখন দেশৰ স্বাৰ্থ জড়িত ক্ষেত্ৰসমূহত পৰস্পৰৰ সহযোগিতাৰে সম্ভৱ হ’ব পৰা সকোলো সম্ভাৱনাৰে পূৰ্ণ ব্যৱহাৰ কৰাৰ বাবে সহমত ব্যক্ত কৰাৰ লগতে বাংলাদেশৰ মুক্তি সংগ্ৰামেৰে সূচনা হোৱা বন্ধুত্বক আৰু অধিক গভীৰ কৰি তোলাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

ভাৰত আৰু বাংলাদেশ—কৌশলগত সম্পৰ্কৰ শ্ৰেষ্ঠ মৈত্ৰী

৩.দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে এই সম্পৰ্কৰ বুনিয়াদ গঢ়া পৰস্পৰৰ উমৈহতীয়া ঐতিহাসিক পটভূমি, সংস্কৃতি, ভাষা, ধৰ্ম-নিৰপেক্ষতাৰ আদৰ্শৰ লগতে অন্যান্য বৈশিষ্ট্যসমূহৰ কথা স্মৰণ কৰে। তেওঁলোকে বাংলাদেশৰ মুক্তি সংগ্ৰামত প্ৰাণাহুতি দিয়া ভাৰতীয় সৈনিকসকলৰ চৰম ত্যাগৰ কথা স্মৰণ কৰাৰ লগতে ১৯৭১চনৰ যুঁজৰ প্ৰতিগৰাকী মুক্তিযোদ্ধালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। নেতাদ্বয়ে গণতান্ত্ৰিক  বিচাৰধাৰাৰ প্ৰতি বাংলাদেশে প্ৰদৰ্শন কৰা প্ৰতিশ্ৰুতিবদ্ধতা আৰু সমতাৰ কথা বিশেষভাবে উল্লেখ কৰাৰ লগতে বাংলাদেশৰ ‘জাতীয় পিতা’, ‘বংগ-বন্ধু’ শ্বেইখ মজিবুৰ ৰহমানে প্ৰতীষ্ঠা কৰা আদৰ্শৰ আধাৰত পৰস্পৰৰ প্ৰমূল্যসমূহৰ উত্তৰণৰ বাবে আহোপুৰুষাৰ্থ কৰাৰ বাবে ঐকমত্য প্ৰকাশ কৰে। ইফালে এখন শান্তিপূৰ্ণ, সমৃদ্ধিশশালী বাংলাদেশ গঢ়াৰ বাবে প্ৰধানমন্ত্ৰী হাছিনাই দেখা সপোন সাৰ্থক কৰাৰ ক্ষেত্ৰত ভাৰতে প্ৰদান কৰা সহযোগিতাৰ প্ৰতিশ্ৰুতি সম্পূৰ্ণ ৰূপে অব্যাহত ৰখা হ’ব বুলি দোহাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী মোডীয়ে।

সীমান্ত সুৰক্ষা আৰু ব্যস্থাপনা

৪. সন্ত্ৰাসবাদৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই গ্ৰহণ কৰা শূণ্য সহনশীলতাৰ নীতি আৰু আঞ্চলিক শান্তি, সুৰক্ষা আৰু সুস্থিৰতা অক্ষুন্ন ৰখাৰ বাবে লোৱা ভূমিকাক প্ৰধানমন্ত্ৰী মোডীয়ে ভূয়সী প্ৰশংসা কৰে। দুয়োখন দেশৰ শান্তি, সুৰক্ষা আৰু সুস্থিৰতাৰ ক্ষেত্ৰত সন্ত্ৰাসবাদ আটাইতকৈ বৃহত্ প্ৰত্যাহ্বান বুলি স্বীকাৰকৰা নেতাদ্বয়ে যিকোনো ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ মষিমূৰ কৰাৰ লগতে কোনো পৰিস্থিতিতে কূটাঘাতমূলক কৰ্ম-কাণ্ডৰ পক্ষত থিয় নিদিয়াৰ বাবে লোৱা প্ৰতিশ্ৰুতিবদ্ধতা দোহাৰে। ২০১৯চনৰ আগষ্ট মাহত ভাৰতলৈ অহা বাংলাদেশৰ গৃহমন্ত্ৰীগৰাকীৰ সৈতে ভাৰতৰ গৃহমন্ত্ৰীৰ আলোচনা সফল হোৱা বুলিও তেওঁলোকে প্ৰসংগক্ৰমে প্ৰকাশ কৰে। এই আলোচনাত সন্ত্ৰাসবাদ আৰু মৌলবাদী গোটসমূহৰ লগতে সা-সামগ্ৰীৰ অবৈধ বেহা, নকল মুদ্ৰাৰ বেহা তথা সংগঠিত অপৰাধৰবিৰুদ্ধে দুয়োখন দেশে ঘনিষ্ঠ সহযোগিতাৰে পদক্ষেপ গ্ৰহণৰ বাবে সহমত ব্যক্ত কৰিছিল।

৫. সাধাৰণ নাগৰিকৰ মাজত সহজ আহ-যাহ সম্ভৱ হ’ব পৰা এক পৰিৱেশ সৃষ্টিৰ ক্ষেত্ৰত দুয়োখন দেশে গুৰুত্ব আৰোপ কৰে। স্থল পথ আৰু ৰে’লেৰে ভাৰতলৈ অহা বাংলাদেশী নাগৰিকৰ ক্ষেত্ৰত বিধি নিয়ম সৰল কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোডীক দেশখনৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ধন্যবাদ জনোৱাৰ লগতে একে ব্যৱস্থা নদীবন্দৰেদি আহিব খোজা বাংলাদেশী নগৰিকৰ বাবেও প্ৰযোজ্য কৰাৰ বাবে আহ্বান জনায়। তেওঁ এইসকল নাগৰিকৰ ক্ষেত্ৰত আৰোপিত বাধা-নিষেধৰো শিথিলকৰণৰ পোষকতা কৰে। উভয় পক্ষইস্থল-বন্দৰ সমূহৰে বৈধ নথি-পত্ৰ লৈ ভাৰতলৈ আহিব খোজা বাংলাদেশী নাগৰিকৰ ক্ষেত্ৰত আৰোপিত হৈ থকা অৱশিষ্ট বাধা-নিষেধসমূহো পৰ্যায়ক্ৰমে আঁতৰোৱাৰ বাবে আৰু ত্ৰিপুৰাৰ আখৌৰা আৰু পশ্চিমবংগৰ ঘোজাডাংগাত থকা পৰীক্ষণ চকীৰ পৰা এই কামৰ আৰম্ভণী কৰাৰ বাবে ঐকমত্যত উপনীত হয়।

৬. মৈত্ৰীপূৰ্ণ, সুস্থিৰ আৰু অপৰাধ মুক্ত সীমান্ত নিশ্চিতকৰণৰ বাবে এক প্ৰভাৱশালী সীমান্ত-প্ৰবন্ধন ব্যৱস্থাৰ গুৰুত্ব উভয় নেতাই উপলব্ধি কৰে। এই লক্ষ্যত উপনীত হোৱাৰ বাবে নেতাদ্বয়ে পৰস্পৰৰ সীমান্ত বাহিনীসমূহক অনতি বিলম্বে আন্তঃৰাষ্ট্ৰীয় সীমান্তত বাকী থকা বেৰাৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ দিহা কৰিবলৈ নিৰ্দেশ দিয়ে। ইফালে সীমান্ত অঞ্চলত সাধাৰণ নাগৰিকৰ প্ৰা্ণনাশৰ ঘটনা উদ্বিগ্নতাৰ কাৰণ বুলি স্বীকাৰ কৰা নেতাদ্বয়ে উভয় দেশৰ সীমান্ত বাহিনীৰ মাজত যোগাযোগৰ পৰিসৰ বৃদ্ধি কৰি সমন্বিত প্ৰয়াসৰ জৰিয়তে এনে অনাকাংক্ষিত ঘটনাশূণ্য কৰাত গুৰুত্ব আৰোপ কৰে।

৭. দু্ৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ প্ৰসংগতো নেতাদ্বয়ে সহমত ব্যক্ত কৰে। তেওঁলোকে এই প্ৰসংগত যুগুতাই থকা এখন বুজা-বুজিৰ চুক্তিৰ কামো সময় নিৰ্দ্ধাৰিত ৰূপত সম্পাদিত কৰাৰ প্ৰস্তাৱলৈ আদৰণি জনায়।

উভয় পক্ষ উপকৃত হব পৰা বাণিজ্যিক সহযোগিতা

৮.‘এলডিচি’ স্থিতিৰ পৰা বাংলাদেশৰ লক্ষণীয় উত্তৰণক স্বাগতম জনাই ভাৰতে দেশখনক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে। এনে প্ৰেক্ষাপটত ভাৰত আৰু বাংলাদেশৰ মাজত বিস্তৃত অৰ্থনৈতিক সহযোগিতা চুক্তি(চিইপিএ) সম্পাদিত কৰাৰ সম্ভাৱনীয়তা সন্দৰ্ভত যুটীয়া অধ্যয়ন কৰাৰ বাবে উভয় দেশে সহমত ব্যক্ত কৰে।

৯. ভাৰতে জনোৱা আহ্বানৰ প্ৰতি সহাৰি জনাই আখৌৰা-আগৰতালা বন্দৰেদি সৰবৰাহ কৰা সৰহখিনি নিয়মীয়া বাণিজ্যিক সা-সামগ্ৰীৰ ক্ষেত্ৰত থকা বাধা-নিষেধ অদূৰ ভৱিষ্যতে আঁতৰোৱাৰ ব্যৱস্থা কৰা হ’ব বুলি বাংলাদেশৰ পক্ষৰ পৰা জানিবলৈ দিয়ে।

১০. মৰাপাটৰ সামগ্ৰীকে ধৰি অন্যান্য বহু সামগ্ৰীৰ ক্ষেত্ৰত ভাৰতে আৰোপ কৰি অহা ‘এণ্টী ডাম্পিং’ আৰু ‘এণ্টী চাৰকামভেন্সন’ শুল্ক আঁতৰোৱাৰ কথা বিবেচনা কৰিবলৈও বাংলাদেশৰ তৰফৰ পৰা আহ্বান জনোৱা হয়। এই সন্দৰ্ভত সাম্প্ৰতিক বিধি-ব্যৱস্থাৰ আধাৰত বাণিজ্যিক সংস্কাৰ সম্পৰ্কীয় অনুসন্ধান অভিযান অব্যাহত ৰখাৰ কথা জানিবলৈ দিয়ে ভাৰতে। দুয়োগৰাকী নেতাই বাণিজ্যিক সংস্কাৰ সাধনৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহ বাস্তৱায়নৰ লগতে সহযোগিতা বৃদ্ধিৰ গতি ত্বৰান্বিত কৰিবলৈ পৰস্পৰৰ বিষয়া-বৰ্গক নিৰ্দেশ দিয়ে।

১১. সীমান্তৰ প্ৰত্যন্ত এলেকাসমূহত বসবাস কৰি থকা নাগৰিকসকলৰ জীৱন আৰু জীৱিকাৰ ওপৰত সীমান্ত-বজাৰৰ ইতিবাচক প্ৰভাৱৰ গুৰুত্ব উপলব্ধি কৰি নেতাদ্বয়ে ইতিমধ্যে গ্ৰহণ কৰা সিদ্ধান্তৰ আধাৰত আৰু ১২খন সীমান্ত-হাট স্থাপনৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ সংশ্লিষ্ট বিষয়া-বৰ্গক নিৰ্দেশ দিয়ে।

১২. ‘বাংলাদেশ ষ্টেণ্ডাৰ্ড এণ্ড টেষ্টিং ইনষ্টিটিউট’(বিএছটিআই) আৰু ‘ব্যুৰো অব ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড’(বিআইএছ)ৰ মাজত সম্পাদিত বুজা-বুজিৰ চুক্তিখনৰ নবীকৰণৰ পদক্ষেপক দুয়োগৰাকী নেতাই আদৰণি জনায়। এই চুক্তিৰ সুবাদত দুয়োখন দেশৰ মাজত সম্পাদিত বাণিজ্যই সমতুলতা লাভ কৰিব বুলিও তেওঁলোকে আশা প্ৰকাশ কৰে। ইফালে উভয় পক্ষই ‘এছীয়া পেচিফিক লেব’ৰেটৰী এক্ৰেডিটেশ্যন ক’-অপাৰেশ্যন’ৰ সদস্য হোৱাৰ লগতে শেহতীয়া ভাবে ‘বিএছটিআই’-য়ে ভাৰতীয় সংস্থা ‘এনএবিএল’-ৰ সমকক্ষ মানক ব্যৱহাৰ কৰিবলৈ লোৱাৰ পৰিপ্ৰেক্ষিতত ‘বিএবি’ আৰু ‘এনএবিএল’-য়ে পৰস্পৰৰ প্ৰত্যয়িতকৰণ ব্যৱস্থাক স্বীকৃতি প্ৰদান কৰাৰ বাবে সহমত ব্যক্ত কৰে।

১৩. বাংলাদেশৰ ৰপ্তানী সামগ্ৰীক ভাৰতীয় বজাৰত শুল্ক-মুক্ত আৰু কোটা-মুক্ত ভাবে প্ৰৱেশৰ সুযোগ দানৰ বাবে সাজু থকা প্ৰধানমন্ত্ৰী মোডীৰ স্থিতিক প্ৰশংসা কৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। ভাৰতলৈ হোৱা বাংলাদেশৰ ৰপ্তানী বাণিজ্যৰ পৰিসৰ ২০১৯চনত প্ৰথমবাৰৰ বাবে এক বিলিয়ন মাৰ্কিন ডলাৰৰ সীমা স্পৰ্শ কৰাৰ লগতে বছৰৰ পিচত বছৰ ধৰি হোৱা বৃদ্ধিৰ হাৰ ৫২শতাংশ হোৱা বিষয়টোকো দুয়োগৰাকী নেতাই আদৰণি জনায়।

১৪. বস্ত্ৰ আৰু মৰাপাট শিল্পৰ উত্তৰণৰ বাবে দুয়ো পক্ষৰ মাজত সহযোগিতাৰ পৰিসৰ বৃদ্ধিৰ স্বাৰ্থত ভাৰত চৰকাৰৰ বস্ত্ৰশিল্প মন্ত্ৰালয় আৰু বাংলাদেশ চকৰকাৰৰ বস্ত্ৰ আৰু মৰাপাট শিল্প মন্ত্ৰালয়ৰ মাজত অনতি বিলম্বে চুক্তি সম্পাদন কৰাৰ বাবে দুয়োগৰাকী নেতাই আহ্বান জনায়।

স্থল, জল, আকাশ মাৰ্গেৰে সংযোগ বৃদ্ধিত গুৰুত্ব

১৫. বায়ু, পানী, ৰে’ল আৰু স্থল পথেৰে সংযোগ বৃদ্ধিৰ পদক্ষেপে বাংলাদেশ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ লগতে অন্যান্য প্ৰান্তৰো অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰিববুলি উভয় দেশে আশা প্ৰকাশ কৰে। আনহতে চট্টগ্ৰাম আৰু মংলা বন্দৰৰে ভাৰতৰ পৰা আথবা ভাৰতলৈ, বিশেষকৈ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা বিভিন্ন সা-সামগ্ৰী সৰবৰাহ কৰিবৰ বাবে প্ৰয়োজন হোৱা ‘ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিঅ’ৰ’ৰ কাম সম্পূৰ্ণ হোৱা বিষয়টোক দুয়োগৰাকী নেতাই আদৰণি জনায়। ইয়ে উভয় দেশৰ অৰ্থনৈতিক প্ৰগতি অধিক ত্বৰান্বিত কৰি তুলিব। তেওঁলোক দুয়োগৰাকীয়ে আভ্যন্তৰীণ নদী পথৰ লগতে উপকূলীয় জাহাজ পৰিবহণ ব্যৱস্থাৰে বাণিজ্যিক সা-সামগ্ৰীৰ সৰবৰাহৰবিপুল সম্ভাৱনীয়তাৰ কথা বিশেষ ভাবে উপলব্ধি কৰে। এই প্ৰেক্ষাপটত তেওঁলোকে আভ্যন্তৰীণ জল পৰিবহণ আৰু বাণিজ্য প্ৰটোকলৰ অধীনত ধুলিয়ান-গদাগাৰী-ৰাজশ্বাহী-দৌলতদিয়া-অৰিচা জলপথ মুকলি কৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তক আদৰণি জনায়।

১৬. এই কথাৰ প্ৰতি দৃষ্টি ৰাখিয়ে দুয়োখন দেশে পৰস্পৰৰ ৰপ্তানী সামগ্ৰী সৰবৰহৰ বাবে অন্যান্য বন্দৰসমূহৰ সদ্ব্যৱহাৰ কৰাৰ বাবে প্ৰয়োজনীয় বিধি-ব্যৱস্থা সম্পূৰ্ণ কৰিবলৈ খৰটকীয়াকৈ আলোচনা অনুষ্ঠিত কৰাত গুৰুত্ব আৰোপ কৰে।

১৭. দুয়োখন দেশৰ মাজৰযোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লগতে যাত্ৰী আৰু সামগ্ৰী সৰবৰাহ প্ৰক্ৰীয়াৰ সৰলীকৰণ সম্ভৱ কৰিবলৈ দুয়োগৰাকী নেতাই ‘বিবিআইএন যান-বাহণ চুক্তি’ অচিৰেই সম্পাদন কৰা অথবা ‘ভাৰত-বাংলাদেশ দ্বিপাক্ষিক যান-বাহণ চুক্তি’ৰ যিখনেই অধিক ফলপ্ৰসূ বুলি বিবেচিত হয়, সেইখনকে ৰূপায়ণৰ ক্ষেত্ৰত সহমত ব্যক্ত কৰে।

১৮. দুয়োখন দেশৰ মাজৰ পথ যোগাযোগ-ব্যৱস্থাৰ পৰিসৰ আৰু অধিক বৃদ্ধিৰ লক্ষ্যৰে আৰম্ভ কৰিব খোজা ঢাকা-শিলিগুৰি বাছ সেৱাৰ প্ৰস্তাৱকো দুয়োগৰাকী নেতাই আদৰণি জনায়।

১৯.দুয়োখন দেশৰ জল-সম্পদ বিভাগৰ সচিৱ দুগৰাকীৰ মাজত ২০১৯ চনৰ আগষ্ট মাহত ঢাকাত অনুষ্ঠিত আলোচনা আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত প্ৰস্তাৱিত ‘গংগা-পদ্মা বুৰুজ প্ৰকল্প’ৰ ব্যৱহাৰিক সম্ভাৱনাৰ অধ্যয়ন কৰাৰ বাবে গঠিত হোৱা কাৰিকৰী সমিতিখনক লৈও দুয়োগৰাকী নেতাই সন্তুষ্টি প্ৰকাশ কৰে।

২০. দুয়োগৰাকী নেতাই যুটীয়া নদী আয়োগৰ কাৰিকৰী সমিতিখনক মনু, মুহুৰী, খোৱাই, গুমতি, ধৰলা আৰু দুধকুমাৰ নদীৰ শেহতীয়া তথ্য সৰবৰাহৰৰ কাম খৰটকীয়া কৰাৰ লগতে ফেনী নদী সম্পৰ্কীয় অন্তৰ্ৱতীকালীন খচৰাখন চূড়ান্ত কৰিবলৈ তথ্য সৰবৰাহৰবাবে সংশ্লিষ্টসকলক নিৰ্দেশ দিয়ে।

২১. তিস্তা নদীৰ পানী ব্যৱহাৰ সন্দৰ্ভত ২০১১ চনত দুয়োখন চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ আধাৰত যুগুতোৱা বিধি-নিয়ম সম্পৰ্কীয় অন্তৰ্ৱতীকালীন চুক্তিখনৰ আনুষ্ঠানিকতা সম্পূৰ্ণ কৰাৰ লগতে ইয়াৰ ৰূপায়ণৰ ব্যৱস্থা কৰাৰ বাবে বাংলাদেশীসকলে অধীৰ আগ্ৰহৰে বাট চাই আছে বুলি জানিবলৈ দিয়ে প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই। ইফালে চুক্তিখন যথা সম্ভৱ অনতি বিলম্বে বলবত্কৰণৰ বাবে সংশ্লিষ্ট সকলো পক্ষৰ সৈতে তেওঁৰ চৰকাৰে কাম কৰি আছে বুলি প্ৰধানমন্ত্ৰী মোডীয়ে তথ্য দাঙি ধৰে।

২২. দুয়োগৰাকী নেতাই ঢাকাত অনুষ্ঠিত  সচিৱ পৰ্যয়ৰ আলোচনাত ত্ৰিপুৰাৰ ছাবৰূম চহৰৰ ৰাইজৰ খোৱাপানীৰ সমস্যা আঁতৰোৱাৰ বাবে ফেনী নদীৰ ১.৮২কিউচেক পানী এৰাৰ বাবে লোৱা সিদ্ধান্তক আদৰণি জনায়।

২৩. ৰে’ল পৰিবহণ খণ্ডত সহযোগিতাৰ বিপুল সম্ভাৱনীয়তা থকাৰ কথা দুয়োগৰাকী নেতাই স্বীকাৰ কৰে। তেওঁলোকে চলিত বৰ্ষৰ আগষ্ট মাহত দুয়োখন দেশৰ ৰে’ল মন্ত্ৰী পৰ্যায়ত অনুষ্ঠিত অলোচনাৰ সফল্যক লৈও সন্তুষ্টি প্ৰকাশ কৰে।

২৪. নেতাদ্বয়ে দুয়ো দেশৰ নাগৰিকৰ মাজত সম্পৰ্ক গভীৰ কৰি তোলাৰ প্ৰয়োজনীয়তা দোহাৰে। এই উদ্দেশ্যকে সাৰোগত কৰি ‘মৈত্ৰী এক্সপ্ৰেছ’ আৰু ‘বন্ধন এক্সপ্ৰেছ’ নামৰ ৰে’লগাড়ী দুখনৰ চলাচল প্ৰতি সপ্তাহত বৰ্তমানৰ ৪ দিনৰ পৰা ৫ দিনলৈ আৰু ১ দিনৰ পৰা ২ দিনলৈ বৃদ্ধি কৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তক আদৰণি জনায়।

২৫. ভাৰতৰ পৰা বাংলাদেশলৈ ৰে’লৰ ‘ৰোলিং ষ্টক’ৰ যোগান নীতি নিৰ্দ্ধাৰণ প্ৰক্ৰিয়াৰ লগতে দেশখনৰ চাইদাপুৰত থকা কাৰখানাটোৰ আধুনিকীকৰণ খৰটকীয়া ভাবে সম্পূৰ্ণ কৰাৰ বাবে সংশ্লিষ্ট বিষয়া বৰ্গক নিৰ্দেশ দিয়ে দুয়োগৰাকী নেতাই।

২৬. ইফালে ব্ৰডগজ আৰু মিটাৰগজ ৰে’লৰ বহুকেইটা ইঞ্জিন অনুদান হিচাপে আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰী মোডীক ধন্যবাদ জ্ঞাপন কৰে আলহী প্ৰধানমন্ত্ৰীগৰাকীয়ে। এই সিদ্ধান্তই দুয়োখন দেশৰ মাজৰ বাণিজ্যক কাম-কাজৰ পৰিসৰ আৰু বৃদ্ধি কৰিব বুলি দুয়োগৰাকী নেতাই আশা প্ৰকাশ কৰে।

২৭. চলিত বৰ্ষৰ গ্ৰীষ্ম কালৰ পৰা দুয়োখন দেশৰ মাজত চলাচল কৰা বিমান পৰিবহণৰ বৰ্তমানৰ সাপ্তাহিক হাৰ ৬১খেপৰ ৯১খেপলৈ বৃদ্ধি কৰাৰ উপৰি ২০২০চনৰ শীতকালৰ পৰা এই হাৰ পুনৰ বৃদ্ধি কৰি সপ্তাহত ১২০খেপ কৰাৰ বাবে গ্ৰহণ কৰা প্ৰস্তাৱকো নেতাদ্বয়ে আদৰণি জনায়।

প্ৰতিৰক্ষা খণ্ডত সহযোগিতা বৃদ্ধিত গুৰুত্ব

২৮.১৯৭১চনত হোৱ বাংলাদেশৰ মুক্তিযুদ্ধৰ গৌৰৱোজ্জ্বল ইতিহাস সুঁৱৰি অধিক সংহত আৰু নিৰাপদ চুবুৰীয়াৰ নিশ্চয়তা প্ৰদানৰ স্বাৰ্থত দুয়োখন ৰাষ্ট্ৰৰ মাজত প্ৰতিৰক্ষা-সহযোগিতাৰ পৰিসৰ বৃদ্ধিৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰে দুয়োগৰাকী নেতাই।

২৯. নেতাদ্বয়ে নৌ সুৰক্ষা সহযোগিতা সুদৃঢ় কৰি তোলাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰাৰ লগতে বাংলাদেশত ‘উপকূল নীৰিক্ষণ ৰাডাৰ ব্যৱ্যস্থা’ স্থাপনৰ পদক্ষেপক আদৰণি জনায়। এই সন্দৰ্ভত অনতি বিলম্বে বুজাবুজিৰ চুক্তি সম্পাদন কৰাতো তেওঁলোকে গুৰুত্ব আৰোপ কৰে।

৩০. চলিত বৰ্ষৰ এপ্ৰিল মাহত গ্ৰহণ কৰা সিদ্ধান্তৰ আধাৰত ভাৰতে বাংলাদেশলৈ আগবঢ়োৱা ৫০০মাৰ্কিন ডলাৰ পৰিমানৰ ‘ডিফেন্স লাইন অব ক্ৰেডিট’ৰ বাস্তৱায়ন প্ৰক্ৰিয়া খৰটকীয়া কৰাৰ বাবেও দুয়োখন দেশে সহমত ব্যক্ত কৰে।

উন্নয়নমূলক সহযোগিতাৰ একত্ৰীকৰণ

৩১. বাংলাদেশৰ উন্নয়নমূলক কাম-কাজসমূহ তৃণমূল পৰ্যায়লৈকো লৈ যোৱাৰ বাবে ভাৰতে দেশখনত আৰম্ভ কৰিব খোজা এলানি ‘অতি প্ৰভৱশালী সমূহীয়া বিকাশ প্ৰকল্প’(এইচআইচিডিপি)ৰ লগতে বহুকেইটা অনুদান প্ৰকল্পৰ বাবে প্ৰধানমন্ত্ৰী হাছিনাই ভাৰতৰ প্ৰধানমন্ত্ৰী মোডীক ধন্যবাদ জ্ঞাপন কৰে।

৩২. দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে তিনিটা ‘লাইন অব ক্ৰেডিট’ৰ সদ-প্ৰয়োগক লৈ সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে এইসমূহ ‘এলঅ’চি’-ৰ জৰিয়তে পৰিচালিত হ’ব লগা প্ৰকল্পসমূহৰ কাম অনতি বিলম্বে আৰম্ভ কৰিবলৈ সংশ্লিষ্ট বিষয়াবৰ্গক নিৰ্দেশ দিয়ে।

৩৩. দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰত চৰকাৰে আগবঢ়োৱা ‘লাইন অব ক্ৰেডিট’ৰ প্ৰতিনিধি সংস্থা হিচাপে ভাৰতৰ এক্সিম বেংকৰ কাৰ্যালয় ঢাকাত স্থাপন কৰাৰ বাবে প্ৰস্তুত কৰা নীতি সম্পৰ্কীয় চুক্তিখনৰ স্বাক্ষৰ দানক লৈ সন্তুষ্টি প্ৰকাশ কৰে।

৩৪. দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ লিংক ব্যৱস্থাৰ জৰিয়তে তিনিটা ‘দ্বিপাক্ষিক উন্নয়নমূলক সহযোগিতা প্ৰকল্প’ৰ শুভাৰম্ভঘোষণা কৰে। ৫অক্টোবৰত মুকলি কৰা প্ৰকল্প কেইটা হ’ল-(ক) বাংলাদেশৰ পৰা ৰন্ধন গেছৰ আমদানী সম্পৰ্কীয় প্ৰকল্প, (খ) ঢাকাত থকা ৰামকৃষ্ণ মিছনত নিৰ্মাণ কৰা ছাত্ৰাবাস বিবেকানন্দ ভৱনৰ উদ্বোধন আৰু (গ) বাংলাদেশৰ খুলনাত থকা ‘ইনষ্টিটিউশ্যন অব ডিপ্লোমা ইঞ্জিনীয়াৰ্ছ’(আইডিইবি)ৰচৌহদত স্থাপন কৰা ‘বাংলদেশ-ইণ্ডিয়া প্ৰফেশ্যনেল স্কিল ডেভেলপমেণ্ট ইনষ্টিটিউট’ৰ উদ্বোধন।

৩৫. বাংলাদেশৰ অসামৰিক সেৱাৰ দক্ষতা বিকাশৰ ক্ষেত্ৰত সম্প্ৰতি অব্যাহত থকা দ্বিপাক্ষিক সহযোগিতাক লৈ উভয় পক্ষই সন্তুষ্টি প্ৰকাশ কৰে। ভাৰত চৰকাৰে ন্যায়-সংহিতাৰ উমৈহতীয়া বংশ-বৃক্ষ প্ৰদান কৰাৰ লগতে অদূৰ ভৱিষ্যতে বাংলাদেশৰ ন্যায়িক বিষয়া মণ্ডলীৰ প্ৰশিক্ষণ কাৰ্যক্ৰমৰ সংখ্যা বৃদ্ধিৰ বাবে পদক্ষেপ গ্ৰহণৰো সিদ্ধান্ত লোৱা হয়।

আন্তঃ সীমান্ত শক্তি সহযোগিতা

৩৬. বাংলাদেশী ট্ৰাকৰে দেশখনৰ পৰা ত্ৰিপুৰালৈ ৰন্ধন গেছৰ সৰবৰাহ সম্পৰ্কীয় প্ৰকল্পটো দুয়োগৰাকী নেতাই আনুষ্ঠানিক ভাবে মুকলি কৰাৰ লগতে এই প্ৰকল্পই আন্তঃসীমান্ত শক্তি বাণিজ্যক বিশেষ মাত্ৰা প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে।

৩৭. অলপতে ঢাকাত অনুষ্ঠিত শক্তি খণ্ডত ভাৰত-বাংলাদেশৰ সহযোগিতা সম্পৰ্কীয় সপ্তদশ ‘জেএছচি’ সভাত গ্ৰহণ কৰা সিদ্ধান্তসমূহক দুয়ো পক্ষই আদৰণি জনায়। এই সভাৰ সিদ্ধান্ত অনুসৰি ভাৰতৰ কাটিহাৰ, বাংলাদেশৰ পাৰ্বতীপুৰ আৰু ভাৰতৰ বৰনগৰৰ মাজত ৭৬৫কেভি ক্ষমতা সম্পন্ন এটা ‘ডাবল চাৰ্কিট ক্ৰছ-বৰ্ডাৰ ইলেক্ট্ৰিচিটী ইণ্টাৰকানেকশ্যন’স্থাপনৰ সিদ্ধান্ত  গ্ৰহণ কৰা হয়। ৰূপায়ন বিধি চূড়ান্ত কৰাৰ পিচত এই প্ৰকল্পই আন্তঃ আঞ্চলিক বিদ্যুত্ বাণিজ্য সম্প্ৰসাৰিত কৰাৰ লগতে ভাৰত, নেপাল আৰু ভূটানৰ জল বিদ্যুত্ প্ৰকল্পৰ দ্বাৰা উত্পাদিত বিদ্যুতৰ নিৰীক্ষৰ সৈতে ফেৰ মাৰিবলৈ সক্ষম হ’ব বুলি নেতাদ্বয়ে আশা প্ৰকাশ কৰে।

শিক্ষা আৰু যুৱ পৰিক্ৰমা প্ৰসংগৰ বিনিময়

৩৮. ভৱিষ্যতৰ বাবে বিনিয়োগৰ ৰূপত দুয়োখন দেশৰ যুৱ-প্ৰজন্মৰ মাজত সহযোগিতা বৃদ্ধিৰ প্ৰসংগত উভয় পক্ষই বিশেষ গুৰুত্ব আৰোপ কৰে। এই দিশত আগবঢ়োৱা পদক্ষেপ হিচাপে ইতিমধ্যে সম্পাদিত যুৱ পৰিক্ৰমা সম্পৰ্কীয় বুজাবুজিৰ চুক্তিখনৰ কথা তেওঁলোকে উল্লেখ কৰে। বাংলাদেশৰ বাবে উপযোগী প্ৰশিক্ষণ কাৰ্যসূচী আৰু অধিক ফলপ্ৰসু হ’ব বুলিও দুয়োগৰাকী নেতাই মন্তব্য কৰে।

৩৯. বৌদ্ধিক অৰ্হতাৰ পাৰস্পৰিক স্বীকৃতি প্ৰদান সম্পৰ্কীয় বুজাবুজিৰ চুক্তিখনৰ কাম অনতি বিলম্বে সসম্পূৰ্ণ কৰাৰ বাবে দুয়োগৰাকী নেতাই সংশ্লিষ্ট বিষয়া-বৰ্গক নিৰ্দেশ দিয়ে।

সাংস্কৃতিক সহযোগিতা—মহাত্মা গান্ধীৰ ১৫০সংখ্যক জন্ম জয়ন্তী(২০১৯) আৰু বংগ-বন্ধুৰ জন্ম শতবৰ্ষ(২০২০) আৰু বাংলাদেশৰ মুক্তিযুদ্ধৰ ৫০সংখ্যক জয়ন্তী(২০২১)

৪০. দুয়োগৰাকী নেতাই আতিকে গুৰুত্বপূৰ্ণ বুলি বিবেচিত ২০২০চনত বংগ-বন্ধু শ্বেইখ মুজিবুৰ ৰহমানৰ জন্ম শতবৰ্ষ আৰু ২০২১চনত মুক্তিযুদ্ধৰ ৫০সংখ্যক স্মাৰকবৰ্ষ উদযাপনৰ বাবে দুয়োখন দেশৰ মাজত বিশেষ সহযোগিতা স্থাপনৰ প্ৰসংগিকতা দোহাৰে। সেইদৰে ২০২১ চনত দুয়োখন দেশৰ মাজত স্থাপিত কূটনৈতিক সম্পৰ্কৰ স্মৃতিচাৰণ কৰা হব। এই অনুষ্ঠানৰ বাবে দুয়োখন দেশৰ মাজত সংস্কৃতি সহযোতগিতা বৃদ্ধি প্ৰসংগতো দুয়োগৰাকী নেতাই সহমত ব্যক্ত কৰে। ইপালে ২০১৯-২০২০ৰ সময়চোৱাত বাংলাদেশত ভাৰত মহোতসৱ উদ্যাপনৰ বাবে লোৱা সিদ্ধান্তৰ বাবে আলহী প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰধনমন্ত্ৰী মোডীৰ শলাগ লয়।

৪১. সাংস্কৃতিক বিনিময় সন্দৰ্ভত সম্পাদিত বুজাবুজিৰ চুক্তিখনৰ নবীকৰণক দুয়োপক্ষই আদৰণি জনায়।

৪২. ২০২০চনত উদযাপন কৰিবলগীয়া বংগ-বন্ধুৰ শতবৰ্ষ সমাৰোহৰ লগত সংগতি ৰাখি তেওঁৰ জীৱন আধাৰিত এখন কথাছৱি নিৰ্মাণ কৰি উলিয়াবৰ বাবে এনএফডিচি আৰু বিএফডিচিৰ মাজত এক বুজাবুজিৰ চুকতি সম্পাদনৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ বাবে দুয়োগৰাকী নেতাই বিষয়াবৰ্গক নিৰ্দেশ দিয়ে।

৪৩. ইফালে মহাত্মা গান্ধীৰ ১৫০সংখ্যক জন্ জয়ন্তীৰ সমাৰক হিচাপে বাংলাদেশে এটা ডাক টিকট প্ৰকাশ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোডীয়ে বাংলাদেশ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।

৪৪. ৰাষ্ট্ৰীয় যাদুঘৰ(ভাৰত) আৰু বংগ-বন্ধু যাদুঘৰ(বাংলাদেশ)ৰ মাজত সহযোগিতা বৃদ্ধিৰ প্ৰসংগত দুয়োপক্ষই সহমত ব্যক্ত কৰাৰ লগতে এই প্ৰসংগত এখন বুজাবুজিৰ চুক্তি অচিৰেই সম্পাদনৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিষয়া-বৰ্গক নিৰ্দেশ দিয়ে প্ৰধানমন্ত্ৰীদ্বয়ে।

ম্যানমাৰৰ ৰাখাইন প্ৰদেশৰ পৰা উচ্ছেদিত লোকৰ সংস্থাপন

৪৫. ম্যানমাৰৰ পৰা উচ্চেদিত লোকসকলক মানৱীয় দৃষ্টিভংগীৰে বাংলাদেশত সংস্থাপিত কৰাৰ বাবে হাছিনা চৰকাৰে লোৱা পদক্ষেপক প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰশংসা কৰে। ম্যানমাৰৰ ৰাখাইন প্ৰদেশৰ পৰা অহা ৰ’হিংগীয়াসকলক বাংলাদেশৰ কক্সবজাৰত অস্থায়ী সংস্থাপন দিয়াৰ ক্ষেত্ৰত বাংলা চৰকাৰক সহযোগিতা আগবঢ়োৱাৰ পদক্ষেপ হিচাপে ভাৰতে পঞ্চম খেপ সামগ্ৰী প্ৰেৰণৰ প্ৰতিশ্ৰুতি দিয়ে মোডীয়ে। এই সামগ্ৰীৰ ভিতৰত থাকিব শিবিৰ তৈয়াৰ কৰিব পৰা সা-সামগ্ৰী, খাদ্য দ্ৰব্য, উদ্ধাৰ অভিযানত ব্যৱহাৰ কৰিব পৰা সামগ্ৰী আৰু প্ৰব্ৰজিত ব্যক্তিসকলৰ মাজত দক্ষতা বিকশিত কৰাৰ বাবে এহাজাৰটা চিলাই মেছিন। তদুপৰি ভাৰতে ম্যানমাৰৰ ৰাখাইন প্ৰদেশত ২৫০টা ঘৰ নিৰ্মাণৰ প্ৰথমটো প্ৰকল্পৰ কাম ইতিমধ্যে সম্পূৰ্ণ কৰিছে। আৰু অচিৰেই সেই অঞ্চলত কেতবোৰ আৰ্থ-সামাজিক উন্নয়নমূলক প্ৰকল্পৰ কাম আৰম্ভ কৰাৰ বাবেও ভাৰতে উদ্যোগ গ্ৰহণ কৰিছে।

৪৬. ম্যানমাৰৰ পৰা উচ্ছেদিত লোকসকলৰ সংস্থাপনৰ বাবে ২০১৭চনৰ পৰা ভাৰতে মানৱীয়তাৰ স্বাৰ্থত সহযোগিতা আগবঢ়াই অহাৰ বাবে প্ৰধানমন্ত্ৰী হাছিনাই ভাৰত চৰকাৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। দুয়োগৰাকী নেতাই এইসকল উচ্ছেদিত লোকক স্বভূমিলৈ নিৰাপদে, ওভতাই পঠাবলৈ সকলো ধৰণৰ বিধিসন্মত কাৰ্যপন্থা হাতত লোৱাৰ প্ৰাসংগিকতা দোহাৰে।

আঞ্চলিক প্ৰসংগৰ লগতে বিশ্ব প্ৰেক্ষাপটৰো সহযোগী অংশীদাৰিত্ব

৪৭. ৰাষ্ট্ৰ সংঘৰ লগতে অন্যান্য বহু-ৰাষ্ট্ৰীয় সংগঠনত জোঁট বান্ধি কাম কৰাৰ বাবে লোৱা অংগীকাৰত অটল থকাৰ বাবে দুয়োখন দেশে পৰস্পৰৰ প্ৰতি প্ৰতিশ্ৰুতি দোহাৰে। সেইদৰে ‘এজেণ্ডা ২০৩০’ৰ  অন্তৰ্ভূক্ত প্ৰতিশ্ৰুতিসমূহ পূৰণৰ বাবে উন্নত দেশসমূহক সকীয়াই দিয়াৰ দায়িত্ব পালনৰ প্ৰতিশ্ৰুতিবদ্ধতাও দোহাৰে দুয়োগৰাকী নেতাই।

৪৮. আঞ্চলিক আৰু উপ আঞ্চলিক সহযোগিতাৰ প্ৰসংগক দুয়োখন দেশেই সৰ্বাধিক প্ৰথমিকতা প্ৰদান কৰি অহাৰ কথা দোহাৰে দুয়োগৰাকী নেতাই। নিজৰ লগতে আঞ্চলিক আৰু উপ আঞ্চলিক সমৃদ্ধি নিশ্চিত কৰাৰ স্বাৰ্থত ‘বিমষ্টেক সন্মিলন’ক উচিত মঞ্চ হিচাপে গঢ়ি তোলাৰ বাবে সকলোধৰণৰ প্ৰয়াস কৰাৰ বাবে দুয়োখন দেশে ঐকমত্য প্ৰকাশ কৰে।

৪৯. নিম্নোল্লেখিত নথিসমূহত স্বাক্ষৰদান কৰাৰ লগতে পৰস্পৰৰ মাজত বিনিময়, হস্তান্তৰকৰণৰ আনুষ্ঠানিকতা সম্পন্ন কৰা হয়। সেইবোৰ হ’ল–

0 উপকূলীয় নীৰিক্ষণ ব্যৱস্থা সংস্থাপিত কৰাৰ বাবে যুগুতোৱা বুজাবুজিৰ চুক্তি

0 চট্টগ্ৰাম আৰু মংলা বন্দৰেদি ভাৰতলৈ সা-সামগ্ৰীৰ সৰবৰাহ নিশ্চিত কৰিব পৰাকৈ যুগুতোৱা ‘ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিঅ’ৰ’(এছঅপি)

0ত্ৰিপুৰাৰ ছাবৰুম চহৰৰ বাসিন্দাসকললৈ খোৱা পানীৰ যোগান নিশ্চিত কৰিব পৰাকৈ ফেনি নদীৰ পৰা ১.৮২কিউচেক পানী এৰাৰ বাবে যুগুতোৱা বুজা-বুজিৰ চুক্তি

0ভাৰতে বাংলাদেশক দিব খোজা ‘লাইন অব ক্ৰেডিট’-ৰ বলবত্কৰণ সম্পৰ্কীয় চুক্তি

0  হাইদৰাবাদ বিশ্ববিদ্যালয় আৰু ঢাকা বিশ্ববিদ্যালয়ৰ মাজত সম্পাদিত হোৱা চুক্তি

0  সাংস্কৃতিক বিনিময় সম্পৰ্কীয় চুক্তি

0  যুৱ পৰিক্ৰমা সম্পৰ্কীয় বুজা-বুজিৰ চুক্তি

৫১.চেন্নাইত বাংলাদেশৰ উপ উচ্চায়ুক্তৰ কাৰ্যালয় স্থাপনৰ বাবে আগবঢ়োৱা এক প্ৰস্তাৱলৈ সঁহাৰি জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী হাছিনাই প্ৰধানমন্ত্ৰী মোডীক ধন্যবাদ জ্ঞাপন কৰে।

শীৰ্ষ পৰ্যায়ৰ ভ্ৰমণৰে ধাৰাবাহিকতা ৰক্ষাৰ প্ৰয়াস

৫২. প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই ভাৰতলৈ অহাৰে পৰা তেওঁৰ লগতে তেওঁৰ লগত অহা প্ৰতিগৰাকী সতীৰ্থই লাভ কৰা উষ্ম আদৰণি আৰু আন্তৰিক আতিথ্যৰ বাবে প্ৰধানমন্ত্ৰী মোডীক ধন্যবাদ জ্ঞাপন কৰে।

৫৩. তেওঁ প্ৰধানমন্ত্ৰী মোডীকো বাংলাদেশ ভ্ৰমণৰ বাবে আনুষ্ঠানিকভাবে আমন্ত্ৰণ জনায়, আৰু তেওঁৰ নিমন্ত্ৰণ স্বীকাৰ কৰি অচিৰেই বাংলাদেশ ভ্ৰমণৰ প্ৰতিশ্ৰুতি দিয়ে প্ৰধানমন্ত্ৰী মোডীয়ে। এই ভ্ৰমণৰ দিন তাৰিখ কূটনৈতিক প্ৰক্ৰিয়াৰ জৰিয়তে অচিৰেই ঘোষণা কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰা হয়।

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
'We bow to all the great women and men who made our Constitution': PM Modi extends Republic Day wishes

Media Coverage

'We bow to all the great women and men who made our Constitution': PM Modi extends Republic Day wishes
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister greets everyone on Republic Day
January 26, 2025

Greeting everyone on the occasion of Republic Day, the Prime Minister Shri Narendra Modi remarked that today we celebrate 75 glorious years of being a Republic.

In separate posts on X, the Prime Minister said:

“Happy Republic Day.

Today, we celebrate 75 glorious years of being a Republic. We bow to all the great women and men who made our Constitution and ensured that our journey is rooted in democracy, dignity and unity. May this occasion strengthen our efforts towards preserving the ideals of our Constitution and working towards a stronger and prosperous India.”

“गणतंत्र दिवस की ढेरों शुभकामनाएं!

आज हम अपने गौरवशाली गणतंत्र की 75वीं वर्षगांठ मना रहे हैं। इस अवसर पर हम उन सभी महान विभूतियों को नमन करते हैं, जिन्होंने हमारा संविधान बनाकर यह सुनिश्चित किया कि हमारी विकास यात्रा लोकतंत्र, गरिमा और एकता पर आधारित हो। यह राष्ट्रीय उत्सव हमारे संविधान के मूल्यों को संरक्षित करने के साथ ही एक सशक्त और समृद्ध भारत बनाने की दिशा में हमारे प्रयासों को और मजबूत करे, यही कामना है।”