তুৰস্ক চৰকাৰৰ সৈতে আলোচনাৰ ভিত্তিত অনুসন্ধান আৰু উদ্ধাৰকাৰী দল, চিকিৎসা দলৰ লগতে সাহায্য সামগ্ৰী প্ৰেৰণ কৰিব লাগিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তুৰস্কত হোৱা ভূমিকম্পৰ সৈতে মোকাবিলা কৰিবলৈ সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাৰ বাবে দিয়া নিৰ্দেশনাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ডঃ পি কে মিশ্ৰই তাৎক্ষণিক সাহায্য ব্যৱস্থাৰ বিষয়ে আলোচনা কৰিবলৈ ছাউথ ব্লকত এখন বৈঠক অনুষ্ঠিত কৰে। বৈঠকত তুৰস্ক চৰকাৰৰ সৈতে আলোচনা আৰু সমন্বয়ৰ ভিত্তিত এনডিআৰএফ আৰু চিকিৎসা দল, অনুসন্ধান আৰু উদ্ধাৰকাৰী দলৰ লগতে সাহায্য সামগ্ৰী অবিলম্বে প্ৰেৰণ কৰাৰ সিদ্ধান্ত লোৱা হয়।

বিশেষভাৱে প্ৰশিক্ষিত কুকুৰ দল আৰু প্ৰয়োজনীয় সঁজুলিৰ সৈতে ১০০ জন সদস্যক লৈ এন ডি আৰ এফৰ দুটা দল অনুসন্ধান আৰু উদ্ধাৰ অভিযানৰ বাবে ভূমিকম্পপীড়িত অঞ্চললৈ প্ৰেৰণ কৰা হব। চিকিৎসা দলবোৰক প্ৰশিক্ষিত চিকিৎসক আৰু অত্যাৱশ্যকীয় ঔষধৰ লগতে পেৰামেডিক্সৰ সৈতে সাজু কৰা হৈছে। তুৰস্কৰ চৰকাৰ আৰু আংকাৰাস্থিত ভাৰতীয় দূতাবাস আৰু ইস্তানবুলৰ কনচুলেট জেনেৰেল কাৰ্যালয়ৰ সৈতে যোগাযোগ আৰু সমন্বয়ৰ ভিত্তিত সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হ'ব।

বৈঠকত কেবিনেট সচিব, গৃহ মন্ত্ৰালয়, এনডিএমএ, এনডিআৰএফ, প্ৰতিৰক্ষা, বৈদেশিক মন্ত্ৰালয়, অসামৰিক বিমান পৰিবহন আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ প্ৰতিনিধিসকল উপস্থিত থাকে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Teachers: The artists of education

Media Coverage

Teachers: The artists of education
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 7 ছেপ্টেম্বৰ 2026
September 07, 2026

Vasudhaiva Kutumbakam in Action: Tech Hub, Border Villages, Global Leadership by PM Modi