প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৬ আগষ্ট, ২০২১ ৰ সন্ধিয়া ৬ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে দেশখনৰ ব্যৱসায় ও বাণিজ্য খণ্ডৰ অংশীদাৰসকলকে ধৰি ইণ্ডিয়ান মিছন এব’ৰ্ডৰ মুৰব্বীসকলৰ সৈতে মত-বিনিময় কৰিব। এই কাৰ্য্যসূচী প্ৰধানমন্ত্ৰীগৰাকীৰ ‘লোকেল গ’উজ গ্ল’বেল- মেক ইন ইণ্ডিয়া ফৰ দ্য ৱৰ্ল্ড’ৰ আহ্বানৰ সাক্ষী হৈ ৰ’ব।

মূলতঃ এমএছএমই আৰু উচ্চ শ্রম-প্ৰধান খণ্ডসমূহৰ অৰ্থে ৰপ্তানিৰ এটি বৃহৎ নিয়োগ সৃষ্টিৰ সম্ভাৱনা আছে, যিয়ে মেনুফেক্সাৰিং খণ্ডটো আৰু সামগ্ৰিক অৰ্থনীতিত ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। এই মত-বিনিময়ৰ উদ্দেশ্য হৈছে ভাৰতৰ ৰপ্তানি বৃদ্ধি আৰু সম্প্ৰসাৰণ তথা বৈশ্বিক ব্যৱসায়ত ইয়াৰ শ্বেয়াৰ বৃদ্ধিৰ বাবে সমনযোগী উদ্দীপনা আগবঢ়োৱা।

এই মত-বিনিময়ৰ লক্ষ্য হৈছে আমাৰ ৰপ্তানি সম্ভাৱনা সম্প্ৰসাৰণৰ অৰ্থে সকলো অংশীদাৰকে উদ্যত কৰা আৰু বৈশ্বিক চাহিদা পৰিপূৰণৰ বাবে স্থানীয় সামৰ্থ্যসমূহ ব্যৱহাৰ কৰা।

এই মত-বিনিময়ত কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰীও উপস্থিত থাকিব। এই মত-বিনিময়ত লগতে অংশগ্ৰহণ কৰিব বিশৰো অধিক বিভাগৰ সচিব, ৰাজ্য চৰকাৰৰ বিষয়া-বৰ্গ, এক্সপ’ৰ্ট প্ৰম’শ্যন কাউন্সিল আৰু চেম্বাৰ্ছ অৱ কমাৰ্ছৰ সদস্যসকলে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s economy resilient despite West Asia headwinds

Media Coverage

India’s economy resilient despite West Asia headwinds
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Nagaland meets Prime Minister
March 24, 2026