ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোৱিন্দ আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ৭ ছেপ্টেম্বৰ ২০২০ তাৰিখে পুৱা ১০.৩০ বজাত ভিডিঅ’ কনফাৰেন্সযোগে ৰাষ্ট্ৰীয় শিক্ষা নীতি বিষয়ত ৰাজ্যপালৰ সন্মিলনৰ মুকলি অনুষ্ঠানত ভাষণ প্ৰদান কৰিব৷

সন্মিলনখনৰ শিৰোনাম হৈছে ‘‘উচ্চ শিক্ষাৰ ৰূপান্তৰণত এনইপি-২০২০ৰ ভূমিকা’’ আৰু ইয়াৰ পৃষ্ঠপোষকতা কৰিছে ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে৷

১৯৮৬ চনত ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰৱৰ্তন হোৱা ৩৪ বছৰৰ পিছত এনইপি-২০২০ৰ সূচনা কৰা হৈছে৷ এনইপি-২০২০ৰ দ্বাৰা বিদ্যালয় আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত বৃহৎ পৰিৱৰ্তন সাধনৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে৷

এই নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ দ্বাৰা ভাৰতক এক সমমানৰ তথা অনুনাদশীল জ্ঞান সমাজৰ দিশত অগ্ৰসৰ কৰোৱাৰ প্ৰয়াস কৰা হৈছে৷ ভাৰতক বিশ্বৰ ছুপাৰপাৱাৰলৈ পৰিৱৰ্তন কৰাৰ দিশত ভাৰতকেন্দ্ৰিক শিক্ষা ব্যৱস্থাৰ অৱদানক ইয়াত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে৷

এনইপিৰ জৰিয়তে দেশৰ শিক্ষা ব্যৱস্থাত এক শৈক্ষিক জাগৰণ অনাৰ প্ৰয়াস কৰাৰ লগতে প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰ ভাৰত সৃষ্টি কৰাৰ ক্ষেত্ৰত এক প্ৰাণোচ্চল শৈক্ষিক পৰিবেশতন্ত্ৰ গঢ়াৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷

সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ সন্দৰ্ভত বিভিন্ন ৱেবিনাৰ, ভাৰ্চুৱেল সন্মিলনৰ আয়োজন কৰা হৈছে৷

শিক্ষা মন্ত্ৰালয় আৰু বিশ্ববিদ্যালয় অনুদান আয়োগে ‘‘ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ৰ অধীনত উচ্চ শিক্ষাৰ ৰূপান্তৰণশীল পৰিৱৰ্তন’’ৰ সন্মিলনৰ আয়োজন কৰিছিল আৰু ইয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰদান কৰিছিল৷

৭ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যপালৰ সন্মিলনত সকলো ৰাজ্যৰ শিক্ষা মন্ত্ৰী, ৰাজ্যিক বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্য আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকিব৷

মাননীয় ৰাষ্ট্ৰপতি তথা প্ৰধানমন্ত্ৰীৰ ভাষণ ডিডি নিউজত লাইভ সম্প্ৰচাৰ কৰা হ’ব৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian economy navigated well external uncertainties: RBI Bulletin

Media Coverage

Indian economy navigated well external uncertainties: RBI Bulletin
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 জুলাই 2026
July 23, 2026

Digital Rails, PLI Jobs & Swift Justice: How PM Modi’s Governance is Rewiring India’s Future