প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী পিভি নৰসিংহ ৰাও গাৰুক ভাৰত ৰত্ন প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে৷

তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী হিচাপে শ্ৰী নৰসিংহ ৰাওৰ কাৰ্যকালত কেইবাটাও উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা হৈছিল, যিয়ে ভাৰতক বিশ্ব বজাৰৰ বাবে মুকলি কৰি দিয়াৰ লগতে অৰ্থনৈতিক উন্নয়নৰ এক নতুন যুগৰ পোষকতা কৰিছিল।

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“জনাবলৈপাই আনন্দিত হৈছো যে আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী পি ভি নৰসিংহ ৰাও গাৰুক ভাৰত ৰত্নৰে সন্মানীত কৰা হ’ব৷

এগৰাকী বিশিষ্ট পণ্ডিত আৰু ৰাষ্ট্ৰনেতা হিচাপে নৰসিংহ ৰাও গাৰুৱে বিভিন্ন পদবীত ভাৰতৰ প্ৰতি অপৰিসীম সেৱা আগবঢ়াইছিল। অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ আৰু বিধায়ক হিচাপে বহু বছৰ ধৰি কৰা কামৰ বাবে তেওঁক সমানে স্মৰণ কৰা হয়। তেওঁৰ দূৰদৰ্শী নেতৃত্বই ভাৰতক অৰ্থনৈতিকভাৱে উন্নত কৰি তোলাত সহায় কৰিছিল, দেশৰ সমৃদ্ধি আৰু বৃদ্ধিৰ বাবে এক সুদৃঢ় ভেটি স্থাপন কৰিছিল।

প্ৰধানমন্ত্ৰী হিচাপে নৰসিংহ ৰাও গাৰুৰ কাৰ্যকালত কেতবোৰ উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা হৈছিল যিয়ে ভাৰতক বিশ্বৰ বজাৰৰ বাবে মুকলি কৰি দিয়াৰ লগতে অৰ্থনৈতিক উন্নয়নৰ নতুন যুগৰ পোষকতা কৰিছিল। তদুপৰি, ভাৰতৰ বৈদেশিক নীতি, ভাষা আৰু শিক্ষা খণ্ডলৈ তেওঁৰ অৱদানসমূহে ভাৰতক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ মাজেৰে পৰিচালিত কৰাই নহয়, ইয়াৰ সাংস্কৃতিক আৰু বৌদ্ধিক ঐতিহ্যকো সমৃদ্ধ কৰা এজন নেতা হিচাপে তেওঁৰ বহুমুখী উত্তৰাধিকাৰক আলোকপাত কৰে।"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From 'chalta hai' to 'badal sakta hai': Decoding PM Modi's Punctuality narrative

Media Coverage

From 'chalta hai' to 'badal sakta hai': Decoding PM Modi's Punctuality narrative
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 আগষ্ট 2026
August 23, 2026

From Free Coaching to 400+ Space Startups — India’s Atmanirbhar Leap Under PM Modi