For me, Rising India means the rise of 125 crores Indians: PM Modi
In many countries it is believed that government leads change. But now common citizens lead change and government follows: PM at #News18RisingIndia Summit
#SwachhBharatMission has become a public revolution. The country's people have accepted digital payments and made it their weapon: PM at #News18RisingIndia
India is the fastest growing country to make digital payments at large: PM Modi at #News18RisingIndia
The transformational shift in India is due to people and their will power: PM at #News18RisingIndia Summit
The #UjjwalaYojana is not only changing the face of kitchens, but also face of the nation: PM Modi at #News18RisingIndia summit
Our Govt is focused on Act East and India Act Fast for East: PM Modi at #News18RisingIndia summit
Isolation to Integration, is the only way to a ‘Rising India.’ And we have adopted this mantra: PM at #News18RisingIndia summit
This Government is focused on the mantra – No Silos, only Solution: PM Narendra Modi at #News18RisingIndia summit
We now have nearly 80% sanitation coverage in the country: PM Modi at #News18RisingIndia Summit
Yoga has become a mass movement today: PM Modi at #News18RisingIndia summit
It’s very important to have affordable and easily accessible healthcare. Government has opened Jan Aushadhi Kendras that provide medicines at affordable prices: PM Modi at #News18RisingIndia summit
We aim to bring health wellness in every panchayat and make healthcare affordable to people. We have reduced prices of heart stents and knee implants: PM at #News18RisingIndia summit
We have launched #NationalNutritionMission. This will have a positive impact on health of mother and child: PM Modi at #News18RisingIndia summit
The power sector is undergoing transformation to fight power shortage: PM Narendra Modi at #News18RisingIndia summit
India is moving from power shortage to power surplus, network failure to exporter. We have also moved towards 'One Nation One Grid': PM Modi at #News18RisingIndia Summit
India is spearheading solar revolution in the world. In the last 4 years, India's influence on world stage has increased consistently: PM at #News18RisingIndia Summit
India is working towards eradicating TB by 2025, which is fine years ahead of global aim: PM Modi at #News18RisingIndia Summit
India helped 48 countries during the crisis in Yemen. Our motto of 'Sabka Saath, Sabka Vikas' is not just restricted to our country, but covers the world: PM Modi at #News18RisingIndiaSummit
India has contributed massively to world economy. Our contribution has increased by 7 times: PM Modi at #News18RisingIndia Summit
India is today among the top two emerging economies and one of the most popular FDI destinations: PM Modi at #News18RisingIndia Summit

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নেটৱৰ্ক ১৮-ই আয়োজন কৰা ৰাইজিং ইণ্ডিয়া সন্মিলন সম্বোধন কৰে।

তেওঁ কয় যে, যেতিয়া আমি ৰাষ্ট্ৰ এখনৰ উদ্ভাৱনৰ কথা কওঁ, ইয়াৰ এক সামগ্ৰিক পটভূমি থাকে। ৰাইজিং ইণ্ডিয়াই ভাৰতৰ অৰ্থনীতিৰ উত্থানৰ উপৰি দেশবাসীৰ স্বাভিমানৰ প্ৰগতিক প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় মানুহৰ সামগ্ৰিক ইচ্ছা শক্তিয়ে অসম্ভৱকো সম্ভৱ কৰিব পাৰে। বৰ্তমান সময়ত, এই ইচ্ছা-শক্তিৰ জৰিয়তেই পুনৰাই নতুন ভাৰত নিৰ্মাণ হৈ আছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে বিভিন্ন ধৰণৰ ৰাষ্ট্ৰৰ দৃষ্টিভংগীৰ আধাৰত চৰকাৰ উন্নয়ন আৰু পৰিৰ্ৱতনৰ পথত অগ্ৰসৰ হৈছে, যিবোৰ নাগৰিকৰ অনুকৰণীয়। বিগত চাৰি বছৰৰ পৰা উন্নয়নৰ ধাৰাটো সলনি হোৱা দেখা গৈছে। এতিয়া নাগৰিকে নেতৃত্ব দিছে আৰু চৰকাৰে অণুসৰণ কৰিছে বুলিও তেওঁ উল্লেখ কৰে।     

প্ৰধানমন্ত্ৰীয়ে কয় যে- কম সময়ৰ ভিতৰতে স্বচ্ছ ভাৰত অভিযান গণ-আন্দোলন হৈ পৰিছে। নাগৰিকসকলে দুৰ্নীতি আৰু ক’লা ধনৰ বিৰুদ্ধে ডিজিটেল লেনদেনক আহিলা ৰূপে ব্যৱহাৰ কৰে। দেশখনৰ নাগৰিকে চৰকাৰক ডাঙৰ সিদ্ধান্ত লোৱাত আৰু সেইবোৰ কাৰ্যকৰী কৰাত অনুপ্ৰেৰণা যোগাইছে। তেওঁ লগতে উল্লেখ কৰে যে- ভাৰতবৰ্ষত যি পৰিৱৰ্তন হৈছে সেয়া ভাৰতবৰ্ষৰ নাগৰিকৰ প্ৰগতিৰ বাবে হোৱা পৰিবৰ্তন। চৰকাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত বৈষম্য দূৰ কৰাৰ বাবে সংকল্প লৈছে। এটা ভিডিঅ’ৰ জৰিয়তে তেওঁ কেনেকৈ “উজ্বলা যোজনা”ই অকল পাকঘৰেই নহয় গোটেই পৰিয়ালটোলৈ পৰিৱৰ্তন কঢ়িয়াই আনিছে—তাক বুজোৱাৰ প্ৰয়াস কৰে। এনেদৰে প্ৰধানমন্ত্ৰীয়ে আমাৰ সামাজিক ব্যৱস্থাৰ এক ডাঙৰ ভাৰসাম্যহীনতাক বিশ্লেষণ কৰে।

 

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মণিপুৰত তেওঁ বিজ্ঞান কংগ্ৰেছৰ উদ্বোধন, মণিপুৰ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপনৰ লগতে উত্তৰ-পূৱৰ বাবে বিভিন্ন উন্নয়নমূলক প্ৰকল্প মূকলি কৰি ইয়ালৈ আহিছে৷  উত্তৰ-পূবৰ জনসাধাৰণৰ প্ৰতি তেওঁৰ এক বিশেষ আৱেগ আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত চৰকাৰে ‘এক্ট ইষ্ট এণ্ড এক্ট ফাষ্ট’ মন্ত্ৰৰে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰগতিৰ বাবে কাম কৰি আছে৷  তেওঁ লগতে এই কথাও কয় যে—এই মন্ত্ৰই উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিম বংগ,উৰিষ্যা আদি ৰাজ্যসমূহো অৰ্ন্তভূক্ত কৰি লৈছে।

অসমৰ গেছ ক্ৰেকাৰ প্ৰকল্প, গোৰখপুৰ-বাৰানসী আৰু সিন্দ্ৰীত সাৰ-উদ্ভিদৰ পুনৰ উত্থান, জগদ্বীশপুৰৰ পৰা হলদিয়ালৈ যোৱা গেছৰ পাইপলাইন আৰু ধলা-শদিয়া দলঙৰ উদাহৰণ দাঙি ধৰি প্ৰধানমন্ত্ৰীয়ে এই কথা উপস্থাপন কৰে যে কিদৰে উত্তৰ-পূব ভাৰতত প্ৰকল্পসমূহৰ কাম আগবঢ়াই নিয়া হৈছে৷ উত্তৰ-পূৰ্বাঞ্চলত ১২ টা নতুন বিমান বন্দৰ স্থাপন কৰা হ’ব বুলিও তেওঁ প্ৰকাশ কৰে৷

 

প্ৰধানমন্ত্ৰীয়ে কয় যে- দেশৰ মুঠ ১৮০০০ গাঁও এতিয়াও বিদ্যুত সংযোগৰ পৰা আঁতৰত আছে; ইয়াৰে ১৩,০০০ পূব-ভাৰতৰ আৰু ৫,০০০ উত্তৰ-পূৰ্বাঞ্চলৰ। শীঘ্ৰে এই গাওঁসমুহক বিদ্যুত সংযোগেৰে সাঙুৰি লোৱা হ’ব। সৌভাগ্য যোজনাৰ জৰিয়তে প্ৰত্যেক ঘৰতে বিদ্যুত সংযোগ আগবঢ়োৱা হ’ব বুলি প্ৰধানমন্ত্ৰীয়ে আশ্বাস প্ৰদান কৰে৷

 

 স্বাস্থ্য সম্পৰ্কত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে—চৰকাৰে চাৰিটা স্তম্ভৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে—

 

·         প্ৰতিৰোধক স্বাস্থ্যসেৱা

·         সুলভমূল্যৰ স্বাস্থ্যসেৱা

·         স্বাস্থ্যজড়িত সুবিধা

·         লক্ষ্য পূৰণৰ মনোভাৱেৰে কাৰ্যৰূপায়ণ

 

প্ৰতিৰোধক স্বাস্থ্যসেৱা সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে-২০১৪ বৰ্ষত ৬.৫ কোটি মানুহৰ ঘৰত থকা শৌচালয়ৰ তুলনাত এতিয়া ১৩ কোটি মানুহৰ ঘৰত শৌচালয় আছে। স্বচ্ছতা বৰ্তমান ৩৮% ৰ পৰা ৮০% লৈ বৃদ্ধি পাইছে। যোগ এক গণ আন্দোলনত পৰিণত হ’বলৈ ধৰিছে। শেহতীয়াকৈ কেন্দ্ৰীয় বাজেটত সন্নিবিষ্ট হোৱা ‘কল্যাণ কেন্দ্ৰ’ৰ কথা উল্লেখ কৰে। টিকাকৰণ প্ৰক্ৰিয়াৰ কথাও প্ৰসংগক্ৰমে উত্থাপন কৰে৷

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে—সমগ্ৰ ভাৰতত ৩০০০তকৈও অধিক ‘জন ঔষধি কেন্দ্ৰ’ স্থাপন কৰা হৈছে য’ত কম মূল্যতে ৮০০ ঔষধ উপলব্ধ। ষ্টেণ্টছ আৰু আঠু সংৰোপন ব্যয়ো নিয়ন্ত্ৰণ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে৷ 

 

প্ৰধানমন্ত্ৰীয়ে ভাষণত পুনৰ কয় যে আয়ুষ্মান ভাৰত আঁচনিয়ে প্ৰায় ১০ কোটি পৰিয়ালক স্বাস্থ্য বীমাৰ সুবিধা আগবঢ়াব৷

 

প্ৰধানমন্ত্ৰীয়ে কয় যে  চিকিৎসকৰ সংখ্যা কম হোৱাৰ বাবে চিকিৎসা মহাবিদ্যালয়সমূহত আসনৰ পৰিমাণ বৃদ্ধি কৰা হৈছে। আন্ত:ৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনা ‘ৰাষ্ট্ৰীয় পুষ্টীকৰণ অভিযান’ৰ আৰম্ভণি কৰে বুলিও তেওঁ উল্লেখ কৰে।

 

প্ৰতিটো খণ্ডৰ বাবে এক বিশেষ উন্নয়নৰ আৰ্হিত কেনেকৈ কেন্দ্ৰীয় চৰকাৰে কাম কৰি আছে সেই বিষয়ে প্ৰধানমন্ত্ৰীয়ে ব্যাখ্যা আগবঢ়ায়।

 

 বিদ্যুৎ খণ্ডত স্থৱিৰতা ভংগ কৰি সমাধানৰ পথ বিচাৰি উলিওৱা বুলি প্ৰধানমন্ত্ৰীয়ে জোৰ প্ৰদান কৰে। বৰ্তমান শক্তি মন্ত্ৰালয়, নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয় আৰু কয়লা মন্ত্ৰালয় ঐক্যবদ্ধ হৈ কাম কৰি আছে বুলি  তেওঁ উল্লেখ কৰে।

ভাৰতে নিজৰ অক্ষমতাসমূহ পিছ পেলাব পাৰিব। এই বিশ্বাসকেই উদ্ভাৱন ভাৰতৰ ভিত্তি বুলি প্ৰধানমন্ত্ৰীয়ে কয়৷ তেওঁ পুনৰ উল্লেখ কৰে যে—সমগ্ৰ বিশ্বই ভাৰতৰ এই প্ৰগতি লক্ষ্য কৰিছে। ভাৰতে নিজৰ লগতে সমগ্ৰ বিশ্বক প্ৰগতিৰ পথ দেখুৱাইছে। অলপতে হৈ যোৱা আন্ত:ৰাষ্ট্ৰীয় সৌৰমৈত্ৰী  সন্মিলন মতে ভাৰতবৰ্ষই সৌৰশক্তি বিপ্লৱৰ মূখ্য ভূমিকা পালন কৰিছে। তেওঁ কয় যে, আন্ত:ৰাষ্ট্ৰীয় পটভূমিত যেনে জি-২০ আৰু ৰাষ্ট্ৰসংঘত ভাৰতবৰ্ষই কিছুমান বিষয় উত্থাপন কৰিবলৈ সক্ষম হৈছে যিবোৰে সমগ্ৰ পৃথিৱীৰ সন্ত্ৰাসবাদ, ক’লা ধন, দুৰ্নীতি আদিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছিল যে  অৰ্থব্যৱস্থাৰ ফালৰপৰা যোৱা ৩-৪ বছৰৰপৰা ভাৰতবৰ্ষই গোলকীয় অৰ্থনৈতিক ব্যৱস্থাৰ উন্নয়নত শক্তি প্ৰদান কৰিছে। সূক্ষ্ম অৰ্থনৈতিক মানদণ্ডৰ ক্ষেত্ৰতো দেশখনে ফলপ্ৰসূ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হয় বুলি তেওঁ কয়৷ তেওঁ লগতে কয় যে-ৰেটিং সংস্থাবোৰেও ভাৰতবৰ্ষৰ উত্থানৰ কথা ক’বলৈ ধৰিছে৷

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে-চৰকাৰে দুখীয়া, কম-মধ্যবিত্ত আৰু মধ্যবিত্ত শ্ৰেণীৰ আশা-আকাংক্ষালৈ লক্ষ্য ৰাখি সমগ্ৰতা পৰিপূৰ্ণ মনোভাৱেৰে কাম কৰি আছে। নৱ-প্ৰজন্ম আৰু মহিলাসকলৰ সৱলীকৰণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাই প্ৰভাৱশালী মাধ্যম হিচাপে কাম কৰি আহিছে বুলি তেওঁ উল্লেখ কৰে।      

Read Full Presentation Here

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India advances in clean energy race with Magnetoelectric Nano-Catalyst breakthrough

Media Coverage

India advances in clean energy race with Magnetoelectric Nano-Catalyst breakthrough
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the loss of lives in a fire incident in Palam, Delhi
March 18, 2026
PM announces ex-gratia from PMNRF

The Prime Minister has expressed deep sorrow over the tragic fire incident in Palam and has announced ex-gratia for the affected families.

Expressing deep sadness over the fire incident in Palam, Delhi, the Prime Minister extended his heartfelt condolences to those who have lost their loved ones and prayed for the earliest recovery of the injured. Shri Modi further announced that an ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased, while the injured would be provided Rs. 50,000.

The Prime Minister wrote on X;

"The fire incident in Palam, Delhi, is saddening. I extend my condolences to those who have lost their loved ones. May the injured recover at the earliest.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM"