ৰোমৰ খাদ্য আৰু কৃষি সংস্থাৰ মুখ্য কাৰ্যালয়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক আজি ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা (FAO)ৰ দ্বাৰা ২০২৬ চনৰ বাবে সন্মানীয় এগ্ৰিকোলা পদক প্ৰদান কৰা হয় । ভাৰত আৰু বিশ্ব পৰ্যায়ত খাদ্য সুৰক্ষা, বহনক্ষম কৃষি তথা গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰত তেওঁৰ ব্যতিক্ৰমী নেতৃত্বৰ স্বীকৃতি স্বৰূপে এই বঁটা প্ৰদান কৰা হয়।
প্ৰধানমন্ত্ৰীয়ে এই বঁটা গ্ৰহণ কৰে খাদ্য আৰু কৃষি সংস্থাৰ সঞ্চালক প্ৰধান ড° কু ডংগিউৰ পৰা। তেওঁ এই সন্মান ভাৰতীয় কৃষক আৰু ভাৰতীয় কৃষি বৈজ্ঞানিক সমাজলৈ উৎসৰ্গা কৰে, যিয়ে ভাৰতীয় তথা বিশ্বৰ মানুহৰ বাবে খাদ্য সুৰক্ষা আৰু পুষ্টি নিশ্চিত কৰাৰ বাবে অক্লান্তভাৱে কাম কৰিন আহিছে। তেওঁ এই স্বীকৃতি মানৱ কল্যাণ, খাদ্য সুৰক্ষা আৰু বহনক্ষম উন্নয়নৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰ প্ৰতি শ্ৰদ্ধা বুলি আলোকপাত কৰে। ভাৰতৰ কৃষি জীৱনৰ কেন্দ্ৰীয়তাৰ বিষয়ত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কৃষিক ধৰিত্ৰী আৰু ভাৰতীয় জনসাধাৰণৰ মাজত এক পবিত্ৰ বন্ধন বুলি কয়।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতৰ কৃষিৰ বৈজ্ঞানিক আৰু উদ্ভাৱনভিত্তিক পদ্ধতিয়ে এক বহনক্ষম, জলবায়ুৰ প্ৰতি স্থিতিস্থাপক আৰু ভৱিষ্যতৰ বাবে সাজু পৰিৱেশ তন্ত্ৰৰ পোষকতা কৰিছে। এই প্ৰচেষ্টাৰ প্ৰসংগত তেওঁ প্ৰকাশ কৰে যে ‘প্ৰতি টোপালত অধিক শস্য’ আৰু ক্ষুদ্ৰ জলসিঞ্চন তথা নিখুঁত কৃষিৰ মিছন ভিত্তিক পদ্ধতিৰ দৰে পদ্ধতিয়ে ইয়াৰ কৃষি নীতিক পথ প্ৰদৰ্শন কৰি আছে। প্ৰযুক্তি ভিত্তিক কৃষি সমাধানৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি তেওঁ কয় যে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, এআই ভিত্তিক পৰামৰ্শদাতা ব্যৱস্থা, ড্ৰ’ন, ৰিম’ট-চেন্সিং প্ৰযুক্তি আৰু চেন্সৰ ভিত্তিক যন্ত্ৰই ভাৰতীয় কৃষকসকলক উন্নত ফচল আৰু অধিক কৃষি আয় লাভ কৰাত সহায় কৰি আহিছে।

তেওঁ উল্লেখ কৰে যে বিগত ১০ বছৰত ভাৰতে প্ৰায় ৩ হাজাৰ জলবায়ু স্থিতিস্থাপক শস্যৰ জাত সৃষ্টি কৰিছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতৰ বিজ্ঞান-চালিত কৃষিয়ে বিশেষকৈ গ্ল’বেল চাউথৰ দেশসমূহৰ বাবে বিশ্ব খাদ্য সুৰক্ষা শক্তিশালী কৰি তুলিছে।
প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰে যে খাদ্য আৰু কৃষি সংস্থাৰ প্ৰতিষ্ঠাপক সদস্য হিচাপে ভাৰতে সংস্থাটোৰ সৈতে বিশ্বজুৰি খাদ্য সুৰক্ষা, বহনক্ষম কৃষি আৰু এখন ক্ষুধামুক্ত বিশ্বৰ পোষকতাৰ বাবে কাম কৰাৰ সৌভাগ্য লাভ কৰিছিল।

আন্তঃৰাষ্ট্ৰীয় বাজৰাৰ বছৰ উদযাপনৰ জৰিয়তে ভাৰতৰ সৈতে স্বাস্থ্যসন্মত খাদ্যৰ পছন্দৰ প্ৰসাৰৰ বাবে খাদ্য আৰু কৃষি সংস্থাক ধন্যবাদ জনায়।
প্ৰধানমন্ত্ৰী মোদীয়ে খাদ্য আৰু কৃষি সংস্থাৰ মুখ্য কাৰ্যালয়লৈ কৰা এই ভ্ৰমণ বিগত ৩০ বছৰৰ ভিতৰত ভাৰত চৰকাৰৰ কোনো মুৰব্বীৰ প্ৰথম ভ্ৰমণ।
हमारे शानदार स्वागत और ‘एग्री-कोला मेडल’ से सम्मानित करने के लिए... मैं FAO के Director General का ह्रदय से आभार व्यक्त करता हूं: PM @narendramodi
— PMO India (@PMOIndia) May 20, 2026
यह भारत के करोड़ों किसानों, पशुपालकों, मत्स्य पालकों, कृषि वैज्ञानिकों और श्रमिकों का सम्मान है।
— PMO India (@PMOIndia) May 20, 2026
यह भारत की उस अटूट प्रतिबद्धता का भी सम्मान है, जिसके केंद्र में मानव कल्याण, खाद्य सुरक्षा और Sustainable Development है: PM @narendramodi
हम सिर्फ Production बढ़ाने के लिए ही नहीं, एक ऐसा Farming Ecosystem बनाने के लिए भी काम कर रहे हैं, जो Sustainable भी हो, Climate-Resilient भी हो…और Future-Ready भी हो।
— PMO India (@PMOIndia) May 20, 2026
और इसीलिए पूरे भारत में Scientific Agriculture को Mission Mode में आगे बढ़ाया जा रहा है: PM @narendramodi
Technology आज Indian Agriculture की नई ताकत बन रही है: PM @narendramodi
— PMO India (@PMOIndia) May 20, 2026
हम मानते हैं कि Future Of Farming केवल “Produce More” में नहीं…बल्कि “Produce Better” में है: PM @narendramodi
— PMO India (@PMOIndia) May 20, 2026
भारत Food-Surplus Nation होने के साथ-साथ वैश्विक Food Security में भी महत्वपूर्ण योगदान दे रहा है।
— PMO India (@PMOIndia) May 20, 2026
मिल्क और स्पाइस प्रोडक्शन में भारत सबसे आगे है।
चावल, गेहूं, Fruits, Vegetables और Cotton के उत्पादन में भी भारत अग्रणी देशों में शामिल है: PM @narendramodi
हमारे लिए Food Security केवल Policy Matter नहीं है, यह मानवता के प्रति हमारी जिम्मेदारी है: PM @narendramodi
— PMO India (@PMOIndia) May 20, 2026


