প্ৰধানমন্ত্ৰীয়ে পেৰিছ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা দলৰ সৈতে মত বিনিময় কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পেৰিছ অলিম্পিকত আমাৰ দেশক প্ৰতিনিধিত্ব কৰা ভাৰতীয় দলটোৰ সৈতে মত বিনিময় কৰে। নতুন দিল্লীত তেওঁলোকক লগ পোৱাৰ সময়ত শ্ৰী মোদীয়ে খেলৰ পৰা হোৱা তেওঁলোকৰ অভিজ্ঞতাৰ কথা শুনে আৰু ক্ৰীড়াক্ষেত্ৰত তেওঁলোকৰ কৃতিত্বৰ প্ৰশংসা কৰে।

শ্ৰী মোদীয়ে কয় যে পেৰিছলৈ যোৱা প্ৰতিজন খেলুৱৈ একোজন চেম্পিয়ন। ভাৰত চৰকাৰে ক্ৰীড়াৰ প্ৰতি সমৰ্থন আগবঢ়াই যাব আৰু এক শীৰ্ষ মানৰ ক্ৰীড়া আন্তঃগাঁথনি নিৰ্মাণ হোৱাটো সুনিশ্চিত কৰিব।

এলানি এক্স পোষ্টত, প্ৰধানমন্ত্ৰীয়ে কয়;

“পেৰিছ অলিম্পিকত আমাৰ দেশক প্ৰতিনিধিত্ব কৰা ভাৰতীয় দলটোৰ সৈতে মত বিনিময় কৰাটো এক আনন্দৰ কথা আছিল। খেলৰ পৰা হোৱা তেওঁলোকৰ অভিজ্ঞতাৰ কথা শুনিলোঁ আৰু ক্ৰীড়াক্ষেত্ৰত লাভ কৰা তেওঁলোকৰ কৃতিত্বৰ প্ৰশংসা কৰিলোঁ।”

“পেৰিছলৈ যোৱা প্ৰতিজন খেলুৱৈয়েই একোজন চেম্পিয়ন। ভাৰত চৰকাৰে ক্ৰীড়াৰ প্ৰতি সমৰ্থন আগবঢ়াই যাব আৰু এক শীৰ্ষ মানৰ ক্ৰীড়াৰ আন্তঃগাঁথনি গঢ়ি তোলাটো সুনিশ্চিত কৰিব।”

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi Is Not Asking You Not To Spend, But Spend Wisely | Inside Story

Media Coverage

PM Modi Is Not Asking You Not To Spend, But Spend Wisely | Inside Story
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 মে’ 2026
May 13, 2026

Leadership That Leads by Example: PM Modi's Push for Mindful Growth, Innovation & Infrastructure