প্ৰধানমন্ত্ৰী কাৰ্নী,

মহামহিমসকল,

 

নমস্কাৰ!

 

জি-৭ শীৰ্ষ সন্মিলনলৈ আমাক আমন্ত্ৰণ জনোৱাৰ বাবে আৰু আমাক জনোৱা অনন্য  আদৰণিৰ বাবে প্ৰধানমন্ত্ৰী কাৰ্নীক মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। জি-৭ গোটৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ ঐতিহাসিক ক্ষণত মই আমাৰ সকলো বন্ধু-বান্ধৱী অভিনন্দন জনাইছো।

 

বন্ধুসকল,

 

ভৱিষ্যত প্ৰজন্মৰ বাবে শক্তি সুৰক্ষা নিশ্চিত কৰাটো আমাৰ বাবে  অন্যতম ডাঙৰ প্ৰত্যাহ্বান। আমি ইয়াক কেৱল অগ্ৰাধিকাৰ হিচাবে  নহয়, আমাৰ নাগৰিকৰ প্ৰতি এক দায়িত্ব হিচাপেও গণ্য কৰোঁ। উপলব্ধতা, সুলভতা, ব্যয়সাধ্যতা আৰু গ্ৰহণযোগ্যতাৰ মূল নীতিসমূহৰ ভিত্তিত  আগবাঢ়ি গৈ ভাৰতে এতিয়া সৰ্বাংগীন উন্নয়নৰ পথ বাছি লৈছে।

 

আজি ভাৰতৰ প্ৰায় সকলো ঘৰতে বিদ্যুতৰ সংযোগ আছে। ভাৰতত প্ৰতি ইউনিট বিদ্যুতৰ খৰচ আটাইতকৈ কম। বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনীতি হোৱাৰ পিছতো ভাৰতে পেৰিছ প্ৰতিশ্ৰুতিসমূহ সময়ৰ আগতেই সম্পূৰ্ণ কৰিছে। আমি ২০৭০ চনৰ ভিতৰত নেট জিৰ’ৰ লক্ষ্যৰ দিশতো দ্ৰুতগতিত আগবাঢ়িছো।বৰ্তমান আমাৰ মুঠ স্থাপন কৰা শক্তি ক্ষমতাৰ প্ৰায় ৫০% নবীকৰণযোগ্য শক্তি।

 

আমি ২০৩০ চনৰ ভিতৰত ৫০০ জিৱাট নবীকৰণযোগ্য শক্তিৰ লক্ষ্যৰ দিশত  দৃঢ়ভাবে আগবাঢ়িছো।আমি নিকা শক্তিৰ বাবে সেউজ হাইড্ৰজেন, পাৰমাণৱিক শক্তি, ইথানল মিশ্ৰণৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছো। আমি বিশ্বৰ সকলো দেশকে সেউজ আৰু বহনক্ষম ভৱিষ্যতৰ দিশত আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰিছো।

 

এনে লক্ষ্যত উপনীত হ'বলৈ আমি আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতা, দুৰ্যোগ স্থিতিস্থাপক আন্তঃগাঁথনিৰ বাবে মিত্ৰজোঁট, মিছন লাইফ, গ্ল’বেল বায়’ফুৱেলছ এলায়েন্স, ৱান ছান ৱান ৱৰ্ল্ড ৱান গ্ৰীডৰ দৰে বিশ্বব্যাপী পদক্ষেপক আঁকোৱালি লৈছো।

বন্ধুসকল,

 

শক্তি পৰিৱৰ্তনৰ দিশত সকলো দেশে একেলগে আগবাঢ়ি যোৱাটো অতি প্ৰয়োজনীয় কথা। আমি "মই নহয়, আমাক"ৰ মনোভাৱেৰে আগবাঢ়িব লাগিব। দুৰ্ভাগ্যজনকভাৱে গ্ল’বেল চাউথৰ দেশসমূহে অনিশ্চয়তা আৰু সংঘাতৰ সৰ্বাধিক প্ৰভাৱ বহন কৰিবলগীয়া হৈছে। পৃথিৱীৰ যি ঠাইতে উত্তেজনা নাথাকক কিয়, খাদ্য, ইন্ধন, সাৰ আৰু আৰ্থিক সংকটৰ দ্বাৰা এই দেশসমূহ প্ৰথমে ক্ষতিগ্ৰস্ত হয়।ভৰ, সামগ্ৰী, উৎপাদন আৰু গতিশীলতা আদিৰ বিষয়তো  প্ৰভাৱ পৰে। গ্ল’বেল চাউথৰ অগ্ৰাধিকাৰ আৰু উদ্বেগক বিশ্ব মঞ্চলৈ নিয়াটো  ভাৰতে দায়িত্ব বুলি গণ্য কৰে। আমি বিশ্বাস কৰোঁ যে যেতিয়ালৈকে যিকোনো ৰূপতে দ্বৈত মান  থাকিব, তেতিয়ালৈকে মানৱতাৰ বহনক্ষম আৰু সৰ্বাংগীন উন্নয়ন ঢুকি পোৱাৰ  বাহিৰত থাকিব।

 

বন্ধুসকল,

 

মই আন এটা গুৰুতৰ বিষয় - সন্ত্ৰাসবাদৰ প্ৰতি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো। সন্ত্ৰাসবাদৰ কথা আহিলে দ্বৈত মানৰ  কোনো স্থান নাথাকিবই লাগিব। শেহতীয়াকৈ ভাৰত এক নৃশংস আৰু ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সন্মুখীন হ’বলগীয়া হৈছে।

 

২২ এপ্ৰিলত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণ কেৱল পহলগামত চলোৱা  আক্ৰমণ নহয়,  এয়া প্ৰতিজন ভাৰতীয়ৰ আত্মা, পৰিচয়, মৰ্যাদাৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ। ই আছিল   মানৱতাৰ ওপৰত আক্ৰমণ। এই আক্ৰমণক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে আন্তৰিক সমবেদনা জ্ঞাপন কৰা সকলো বন্ধু-বান্ধৱীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

 

বন্ধুসকল,

 

সন্ত্ৰাসবাদ মানৱতাৰ শত্ৰু। গণতান্ত্ৰিক মূল্যবোধ ৰক্ষা কৰা সকলো দেশে ইয়াৰ  বিৰোধিতা কৰি থিয় দিছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ঐক্যবদ্ধতা অতি প্ৰয়োজন। দুৰ্ভাগ্যজনকভাৱে আমাৰ নিজৰ চুবুৰীটো সন্ত্ৰাসবাদ বৃদ্ধিৰ কেন্দ্ৰ  হৈ পৰিছে। বিশ্ব শান্তি আৰু সমৃদ্ধিৰ স্বাৰ্থত আমাৰ চিন্তাধাৰা আৰু আমাৰ নীতিসমূহ অত্যন্ত স্পষ্ট হ’ব লাগিব - সন্ত্ৰাসবাদক সমৰ্থন কৰা যিকোনো দেশক জবাবদিহি কৰিব লাগিব আৰু তাৰ মূল্য দিব লাগিব।

কিন্তু দুৰ্ভাগ্যজনকভাৱে বাস্তৱ ছবি খন একেবাৰে বিপৰীত। এফালে আমি নিজৰ পছন্দ আৰু স্বাৰ্থৰ ওপৰত ভিত্তি কৰি বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰিবলৈ  আগবাঢ়ি যাওঁ। আনহাতে, মুকলিকৈ সন্ত্ৰাসবাদক সমৰ্থন কৰা দেশসমূহক পুৰস্কাৰ প্ৰদান কৰাও অব্যাহত ৰাখো। ইয়াত   উপস্থিত থকাসকলৰ বাবে মোৰ কিছু গুৰুতৰ প্ৰশ্ন আছে।

 

সন্ত্ৰাসবাদক মোকাবিলা কৰাৰ বিষয়টোক  আমি সঁচাকৈয়ে  গভীৰভাবে লৈছো নে? আমাৰ নিজৰ দুৱাৰত টোকৰ মাৰিলেহে আমি সন্ত্ৰাসবাদৰ প্ৰকৃত অৰ্থ বুজি পাম নেকি? আতংক বিয়পোৱা আৰু ইয়াৰ দ্বাৰা আক্ৰান্ত হোৱাসকলক একেখন তুলাচনীৰে  ওজন কৰিব পৰা যাবনে? আমাৰ বিশ্বব্যাপী থকা  প্ৰতিষ্ঠানসমূহে নিজৰ বিশ্বাসযোগ্যতা হেৰুৱাৰ আশংকাত ভুগিছে নেকি ?

 

মানৱতাৰ বিৰুদ্ধে থিয় দিয়া এই সন্ত্ৰাসবাদৰ বিৰুদ্ধে আজি যদি আমি নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ নকৰো তেন্তে ইতিহাসে আমাক কেতিয়াও ক্ষমা নকৰে। ন্যস্ত স্বাৰ্থ আগত ৰাখি সন্ত্ৰাসবাদৰ প্ৰতি চকু মুদি কুলিৰ ভাও জুৰা  বা সন্ত্ৰাসবাদ বা সন্ত্ৰাসবাদীক সমৰ্থন আগবঢ়োৱা আদি কথাবোৰ  মানৱতাৰ প্ৰতি বিশ্বাসঘাতকতা।

 

বন্ধুসকল,

 

ভাৰতে সদায় মানৱতাৰ স্বাৰ্থত কাম কৰি আহিছে, নিজৰ স্বাৰ্থৰ উৰ্ধলৈ গৈ  । ভৱিষ্যতেও আমি জি-৭ৰ সৈতে সকলো বিষয়তে আলোচনা আৰু সহযোগিতা ৰক্ষা কৰি যাম।

 

ধন্যবাদ।

 

বন্ধুসকল,

 

প্ৰযুক্তি , এআই  আৰু শক্তিৰ বিষয়ত  কেইটামান কথা ক'ব কৰিব বিচাৰিছো। নিঃসন্দেহে এআইয়ে সকলো খণ্ডতে দক্ষতা বৃদ্ধি আৰু উদ্ভাৱনক লাভাৱান্বিত কৰাৰ এক শক্তিশালী আহিলা হিচাপে আত্মপ্ৰকাশ কৰিছে। অৱশ্যে এআই নিজেই এক অতিশয় শক্তি নিবিড় প্ৰযুক্তি। এআই ডাটা চেণ্টাৰৰ দ্বাৰা পৰিচালিত শক্তিৰ ক্ৰমবৰ্ধমান ব্যৱহাৰ  আৰু আজিৰ প্ৰযুক্তি-চালিত সমাজৰ বৰ্ধিত শক্তিৰ চাহিদা কেৱল নবীকৰণযোগ্য শক্তিৰ উৎসৰ জৰিয়তেহে বহনক্ষমভাৱে সমাধান কৰিব পৰা যাব।

 

সুলভ, নিৰ্ভৰযোগ্য  আৰু বহনক্ষম শক্তি নিশ্চিত কৰাটো ভাৰতৰ বাবে এক শীৰ্ষ অগ্ৰাধিকাৰ। ইয়াৰ বাবে আমি সৌৰশক্তি আৰু ক্ষুদ্ৰ মডুলাৰ ৰিয়েক্টৰৰ  বিষয়ত  গুৰুত্ব দিছো। আমি নবীকৰণযোগ্য শক্তি উৎপাদনক চাহিদা কেন্দ্ৰৰ সৈতে সংযোগ কৰিবলৈ স্মাৰ্ট গ্ৰীড, শক্তি সংৰক্ষণ ব্যৱস্থা, আৰু সেউজ শক্তি কৰিডৰো বিকশিত কৰিছো।

 

বন্ধুসকল,

 

ভাৰতবৰ্ষত আমাৰ সকলো প্ৰচেষ্টা মানৱকেন্দ্ৰিক দৃষ্টিভংগীৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। আমি বিশ্বাস কৰোঁ যে যিকোনো প্ৰযুক্তিৰ প্ৰকৃত মূল্য নিহিত হৈ থাকে ইয়াৰ একেবাৰে শেষ ব্যক্তিজনক উপকৃত কৰাৰ ক্ষমতাৰ ওপৰত । গ্ল’বেল চাউথৰ কোনো লোকেই পিছ পৰি ৰোৱা উচিত নহয়। উদাহৰণস্বৰূপে, যদি আমি এআই চালিত বতৰ ভৱিষ্যদ্বাণী এপ এটা প্ৰস্তুত কৰো, তেন্তে ইয়াৰ প্ৰকৃত সফলতা হ’ব যেতিয়া ইয়াৰ দ্বাৰা মোৰ দেশৰ সৰু গাঁৱত বাস কৰা এজন কৃষক বা মাছমৰীয়া  উপকৃত হয়।

 

ভাৰতত আমি ‘ভাছিনি’ নামৰ এ আই ভিত্তিক ভাষা এপ এটা প্ৰস্তুত কৰিছো,  যাতে কোনো দুৰ্গম গাঁৱৰ ব্যক্তিয়েও  বিশ্বৰ ভাষাসমূহৰ সৈতে সংযোগ স্থাপন কৰিব পাৰে আৰু বিশ্বব্যাপী কথোপকথনত অংশ ল’ব পাৰে। আমি প্ৰযুক্তিৰ গণতান্ত্ৰিক কৰি ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ জৰিয়তে আমাৰ অৰ্থনীতি আৰু সাধাৰণ মানুহক সবল কৰি তুলিছো।

 

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো আমি মানৱকেন্দ্ৰিক দৃষ্টিভংগী গ্ৰহণ কৰিব লাগিব। এআইৰ সম্ভাৱনা আৰু উপযোগিতাক সকলোৱে বুজি  উঠিছে। কিন্তু প্ৰকৃত প্ৰত্যাহ্বান এআইৰ শক্তি আৰু সামৰ্থ্য  নহয়, বৰঞ্চ এআই সঁজুলিয়ে যাতে মানৱ মৰ্যাদা আৰু সৱলীকৰণ বৃদ্ধি কৰে সেয়াহে  নিশ্চিত কৰিব লাগিব।

 

বন্ধুসকল,

 

সমৃদ্ধ তথ্যই হৈছে অন্তৰ্ভুক্ত, সক্ষম আৰু দায়বদ্ধ এআইৰ ভেটি। ভাৰতৰ বৈচিত্ৰ্যই ইয়াৰ সজীৱ জীৱনশৈলী, ভাষাৰ বিচিত্ৰ  আৰু বিশাল ভূগোলৰ দ্বাৰা প্ৰতিফলিত হৈ ইয়াক চহকী তথ্যৰ অন্যতম মূল্যৱান আৰু শক্তিশালী উৎস কৰি তুলিছে। ভাৰতৰ বৈচিত্ৰ্যৰ মানৰ বিপৰীতে বিকশিত আৰু পৰীক্ষা কৰা এআই মডেলসমূহে সেয়েহে সমগ্ৰ বিশ্বৰ বাবে অপৰিসীম প্ৰাসংগিক তথা উপযোগী হৈ পৰিছে। 

 

ভাৰতত আমি এক শক্তিশালী তথ্য সবলীকৰণ আৰু সুৰক্ষা স্থাপত্য গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো। ইয়াৰ সমান্তৰালভাৱে ভাৰতৰ এক বিশাল প্ৰতিভাৰ পুল আছে যিয়ে এআইৰ ক্ষেত্ৰত বিশ্বব্যাপী প্ৰচেষ্টাত যথেষ্ট অৰিহণা যোগাব পাৰে, ইয়াৰ পৰিসৰ, দক্ষতা, বৈচিত্ৰ্য, আৰু গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি দায়বদ্ধতাৰ জৰিয়তে।

 

বন্ধুসকল,

 

এআই বিষয়ত কেইটামান পৰামৰ্শ আগবঢ়াব বিচাৰিছো। প্ৰথমতে, আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰশাসনিকৰ দিশত কাম কৰিব লাগিব যিয়ে এআইৰ সৈতে জড়িত উদ্বেগসমূহক সম্বোধন কৰাৰ লগতে উদ্ভাৱনকো প্ৰসাৰিত কৰিব লাগিব । তেতিয়াহে আমি এআইক বিশ্বৰ মংগলৰ বাবে এক শক্তিলৈ ৰূপান্তৰিত কৰিব পাৰিম। দ্বিতীয়তে, এআইৰ যুগত জটিল খনিজ আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত ঘনিষ্ঠ সহযোগিতা অত্যন্ত গুৰুত্বপূৰ্ণ।

 

আমি তেওঁলোকৰ যোগান শৃংখলৰ স্থিতিস্থাপকতা সুৰক্ষিত আৰু শক্তিশালী কৰাত মনোনিৱেশ কৰিব লাগিব। আমি এয়াও নিশ্চিত কৰিব লাগিব যে কোনো দেশেই যাতে কেৱল নিজৰ স্বাৰ্থৰ বাবে বা অস্ত্ৰ হিচাপে সেইবোৰ ব্যৱহাৰ নকৰে। তৃতীয়তে, ডিপ ফেক এতিয়া চিন্তাৰ এটা ডাঙৰ কাৰণ হৈ পৰিছে, কিয়নো ই সমাজত ব্যাপক বিশৃংখলতাৰ সৃষ্টি কৰিব পাৰে। গতিকে এআইয়ে সৃষ্টি কৰা বিষয়বস্তু স্পষ্টভাৱে   ৱাটাৰ মাৰ্কেৰে চিহ্নিত হ’ব লাগিব বা স্পষ্ট ঘোষণাৰ সৈতে প্ৰকাশ কৰা হ'ব লাগিব।

 

বন্ধুসকল,

 

যোৱা শতিকাত আমি শক্তিৰ ওপৰত প্ৰতিযোগিতামুখী পৰিবেশৰ  সাক্ষী হৈছিলো। এই শতিকাত আমি প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতাক আঁকোৱালি ল’ব লাগিব। আমি ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, আৰু সবকা প্ৰয়াস’ অৰ্থাৎ মানুহ, গ্ৰহ, আৰু প্ৰগতিকলৈ ভাৰতৰ আহ্বানক সাৰোগত কৰি  পথ প্ৰদৰ্শকৰ নীতিৰে আগবাঢ়িব লাগিব। এই মনোভাৱেৰে অহা বছৰ ভাৰতত অনুষ্ঠিত হ’বলগীয়া এ আই ইমপেক্ট শীৰ্ষ সন্মিলনৰ বাবে আপোনালোক সকলোকে আন্তৰিক আমন্ত্ৰণ জনাইছো।

 

ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Sabka Saath, Sabka Vikaas': Minority Enrolment In Schools Highest In Past 5 Years Under Modi Govt

Media Coverage

'Sabka Saath, Sabka Vikaas': Minority Enrolment In Schools Highest In Past 5 Years Under Modi Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Seema on winning Bronze in Women’s Discus Throw at Commonwealth Games 2026
July 31, 2026

The Prime Minister, Shri Narendra Modi, has congratulated Seema on winning the Bronze medal in the Women’s Discus Throw event at the Glasgow Commonwealth Games 2026.

The Prime Minister noted that Seema secured the medal with a best throw of 58.65 metres.

Shri Modi said that her achievement has made India proud and inspired the youth of the nation. He wished her the very best for her future endeavours.

Shri Modi posted on X;

“Congratulations to Seema for securing a Bronze in the Women's Discus Throw event with a best throw of 58.65m. Her efforts have made India proud and motivated the youth of our nation. Wishing her the very best for the endeavours ahead.

#CWG2026”