ভাৰত-ইউৰোপীয় ইউনিয়নৰ সম্পৰ্কই এক নতুন যুগত প্ৰৱেশ কৰিছেঃ প্ৰধানমন্ত্ৰী
ঐতিহাসিক ভাৰত-ইউৰোপীয় ইউনিয়নৰ এফটিএই শ্ৰম-নিবিড় সামগ্ৰীৰ বাবে বজাৰ প্ৰৱেশ মুকলি কৰিছেঃ প্ৰধানমন্ত্ৰী
ভাৰত-ইউৰোপীয় ইউনিয়নৰ সম্পৰ্ক বৃদ্ধিৰ বাবে সমগ্ৰ সমাজৰ অংশীদাৰিত্বৰ আহ্বান প্ৰধানমন্ত্ৰীৰ
ভাৰত-ইইউ বিশ্ব বিকাশৰ ডাবল ইঞ্জিন হোৱা উচিতঃ প্ৰধানমন্ত্ৰী

মহামহিম,

অধ্যক্ষ মহোদয়, ভাৰত আৰু ইউৰোপীয় সংঘৰ ব্যৱসায়িক নেতাসকল, আপোনালোক সকলোকে মোৰ শুভেচ্ছা জনাইছো।

ভাৰত-ইউৰোপীয় সংঘৰ ব্যৱসায়িক মঞ্চত অংশগ্ৰহণ কৰি মই অতিশয় আনন্দিত হৈছো। ইউৰোপীয় সংঘৰ পৰিষদ আৰু আয়োগৰ অধ্যক্ষসকলৰ ভাৰত ভ্ৰমণ কোনো সাধাৰণ কূটনৈতিক ভ্ৰমণ নহয়; ভাৰত-ইউৰোপীয় সংঘৰ সম্পৰ্কৰ নতুন যুগৰ বাবে আৰম্ভণি হৈছে। প্ৰথমবাৰৰ বাবে ভাৰতৰ গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে ইউৰোপীয় সংঘৰ নেতাসকলৰ অংশগ্ৰহণ, ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত ভাৰতৰ ইতিহাসৰ সৰ্ববৃহৎ এফ টি এৰ সামৰণি আৰু আজি ইমান বৃহৎ চিইঅ’ৰ সৈতে ইমান বৃহৎ পৰিসৰত ভাৰত-ইউৰোপীয় সংঘৰ ব্যৱসায়িক মঞ্চৰ আয়োজন -এই সকলোবোৰ কৃতিত্ব বিশ্বৰ দুখন বৃহৎ গণতান্ত্ৰিক শক্তিৰ মাজত ঘটি থকা অভূতপূৰ্ব সংহতিৰ প্ৰতীক।

 

বন্ধুসকল,

এয়া কৃতিত্ব কোনো আকস্মিক ঘটনা নহয়; বজাৰ অৰ্থনীতি হিচাপে আমাৰ উমৈহতীয়া মূল্যবোধ  আছে। বিশ্বৰ সুস্থিৰতাৰ দিশত আমি অগ্ৰাধিকাৰ শ্বেয়াৰ কৰিছো আৰু মুক্ত সমাজ হিচাপে আমাৰ মানুহৰ মাজতো এক স্বাভাৱিক সংযোগ আছে। এই শক্তিশালী ভেটিৰ ওপৰত আমি আমাৰ অংশীদাৰিত্বক নতুন উচ্চতালৈ লৈ গৈছো। আমি ইয়াক বিশ্বৰ অন্যতম প্ৰভাৱশালী অংশীদাৰিত্ব হিচাপে প্ৰতিষ্ঠা কৰিছো আৰু ইয়াৰ ফলাফল আমাৰ বাবে স্পষ্টভাৱে দেখা গৈছে। যোৱা ১০ বছৰত আমাৰ বাণিজ্য দুগুণ হৈছে, ১৮০ বিলিয়ন ইউৰো হৈছে। ভাৰতত ৬ হাজাৰৰো অধিক ইউৰোপীয় কোম্পানীয়ে কাম কৰি আছে। ইউৰোপীয় সংঘৰ পৰা ভাৰতত ১২০ বিলিয়ন ইউৰোতকৈ অধিক বিনিয়োগ হৈছে। ইউৰোপীয় সংঘত ১৫০০ ভাৰতীয় কোম্পানী উপস্থিত আছে, আৰু তাত ভাৰতীয় বিনিয়োগ প্ৰায় ৪০ বিলিয়ন ইউৰো হৈছেগৈ। আজি ভাৰতীয় আৰু ইউৰোপীয় কোম্পানীসমূহৰ মাজত অনুসন্ধান আৰু বিকাশ, উৎপাদন, আৰু সেৱাকে ধৰি প্ৰতিটো ক্ষেত্ৰতে গভীৰ সহযোগিতা আছে। আৰু আপোনালোকৰ দৰে ব্যৱসায়িক নেতাসকলেই ইয়াৰ কৰ্তা আৰু হিতাধিকাৰী দুয়োটাই।

বন্ধুসকল,

এতিয়া এই অংশীদাৰিত্বক ‘সমগ্ৰ সমাজৰ অংশীদাৰিত্ব’ হিচাপে গঢ়ি তোলাৰ সময়।এই চিন্তাৰে আজি আমি এক বিস্তৃত এফটিএ সম্পূৰ্ণ কৰিলোঁ। ইয়াৰ জৰিয়তে ভাৰতৰ শ্ৰম নিবিড় সামগ্ৰীসমূহে ইউৰোপীয় সংঘৰ বজাৰত সহজে প্ৰৱেশ কৰিব পাৰিব। ইয়াৰ ভিতৰত বিশেষভাৱে বস্ত্ৰ, ৰত্ন আৰু গহনা, অটো পাৰ্টছ আৰু অভিযান্ত্ৰিক সামগ্ৰী আদি অন্তৰ্ভুক্ত। ফল-মূল, শাক-পাচলি, সংসাধিত খাদ্য, আৰু সাগৰীয় সামগ্ৰীৰ ক্ষেত্ৰত নতুন সুযোগৰ সৃষ্টি হ’ব। ইয়াৰ প্ৰত্যক্ষ লাভ আমাৰ কৃষক, আমাৰ মাছমৰীয়াৰ হাতলৈ যাব; আমাৰ সেৱা খণ্ডও ইয়াৰ দ্বাৰা লাভৱান হ’ব। বিশেষকৈ আই টি, শিক্ষা, পৰম্পৰাগত চিকিৎসা আৰু ব্যৱসায়িক সেৱা লাভৱান হ’ব।

 

বন্ধুসকল,

আজি বিশ্ব ব্যৱসায়ত বৃহৎ অৰাজকতাৰ সৃষ্টি হৈছে। প্ৰতিটো কোম্পানীয়ে নিজৰ বজাৰ কৌশল আৰু অংশীদাৰিত্বক নতুনকৈ চাইছে। এনে সময়ত এই এফ টি এ ব্যৱসায়িক জগতখনৰ বাবে এক স্পষ্ট আৰু ইতিবাচক বাৰ্তা। দুয়োপক্ষৰ ব্যৱসায়িক সম্প্ৰদায়ৰ বাবে এক সক্ষম, নিৰ্ভৰযোগ্য, আৰু ভৱিষ্যতমুখী অংশীদাৰিত্ব গঢ়ি তোলাৰ বাবে এইটো এটা স্পষ্ট আমন্ত্ৰণ। মোৰ সম্পূৰ্ণ বিশ্বাস যে আপোনালোক সকলোৱে এই এফ টি এৰ সুযোগৰ সম্পূৰ্ণ সুবিধা ল’ব।

বন্ধুসকল,

ভাৰত আৰু ইউৰোপীয় সংঘৰ ব্যৱসায়িক অংশীদাৰিত্বেও কেইবাটাও অগ্ৰাধিকাৰৰ পৰা লাভৱান হ’ব পাৰে। এই প্ৰসংগত মই তিনিটা অগ্ৰাধিকাৰৰ কথা ক’ম। প্ৰথম-আজি বিশ্বত বাণিজ্য, প্ৰযুক্তি আৰু গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থক অস্ত্ৰৰে সজ্জিত কৰা হৈছে। আমি একেলগে কাম কৰি আমাৰ নিৰ্ভৰশীলতাক বিপদমুক্ত কৰিব লাগিব। আমাৰ ব্যৱসায়িক সম্প্ৰদায়ে একেলগে ইভি, বেটাৰী, চিপ, আৰু এপিআইত বাহ্যিক নিৰ্ভৰশীলতা হ্ৰাস কৰিব নোৱাৰিমনে? আমি নিৰ্ভৰযোগ্য যোগান শৃংখলৰ এক উমৈহতীয়া বিকল্প গঢ়ি তুলিব পাৰোনে? দ্বিতীয়তে-ভাৰত আৰু ইউৰোপীয় সংঘ উভয়ৰে গুৰুত্ব প্ৰতিৰক্ষা উদ্যোগ আৰু সীমান্ত প্ৰযুক্তিৰ ওপৰত হৈ আহিছে। মই আপোনালোকক আহ্বান জনাইছো যে প্ৰতিৰক্ষা, মহাকাশ, টেলিকম আৰু এআইৰ দৰে খণ্ডত অংশীদাৰিত্ব বৃদ্ধি কৰক। তৃতীয়তে-স্বচ্ছ আৰু বহনক্ষম ভৱিষ্যত দুয়োৰে বাবে অগ্ৰাধিকাৰ। গ্ৰীণ হাইড্ৰজেনৰ পৰা আৰম্ভ কৰি সৌৰশক্তি আৰু স্মাৰ্ট গ্ৰীডলৈকে আমি প্ৰতিটো ক্ষেত্ৰতে যৌথ গৱেষণা আৰু বিনিয়োগ বৃদ্ধি কৰা উচিত। দুয়োটা উদ্যোগে একেলগে ক্ষুদ্ৰ মডুলাৰ ৰিয়েক্টৰ আৰু বহনক্ষম গতিশীলতাৰ ওপৰতো কাম কৰিব লাগে। ইয়াৰ লগতে প্ৰতিটো ক্ষেত্ৰতে পানী ব্যৱস্থাপনা, বৃত্তাকাৰ অৰ্থনীতি, আৰু বহনক্ষম কৃষিৰ ক্ষেত্ৰত একেলগে সমাধান বিকশিত কৰিব লাগে।

 

বন্ধুসকল,

আজিৰ ঐতিহাসিক সিদ্ধান্তৰ পিছত এতিয়া আপোনালোক সকলোৰে ওপৰত এক বিশেষ দায়িত্ব। এতিয়া পৰৱৰ্তী পদক্ষেপটো ব্যৱসায়ী সমাজে ল’ব লাগিব, বলটো আপোনাৰ ক’ৰ্টত আছে। আপোনালোকৰ পাৰস্পৰিক সহযোগিতাৰ জৰিয়তেহে আমাৰ অংশীদাৰিত্বই বিশ্বাস, প্ৰসাৰ, আৰু পৰিসৰ লাভ কৰিব। আপোনালোকৰ প্ৰচেষ্টাৰ জৰিয়তে আমি উমৈহতীয়া সমৃদ্ধি লাভ কৰিবলৈ সক্ষম হম। আহক, আমি নিজ নিজ সামৰ্থ্যৰ সৈতে যোগ দি সমগ্ৰ বিশ্বৰ বাবে বৃদ্ধিৰ দুটা ইঞ্জিন হওঁ।

আপোনালোকক অশেষ ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Make nutrition a true 'Jan Andolan': Union Minister Annpurna Devi

Media Coverage

Make nutrition a true 'Jan Andolan': Union Minister Annpurna Devi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam seeking blessings for well-being, wisdom and prosperity
September 10, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam invoking blessings for the well-being, auspiciousness, protection, peace, wisdom and prosperity of all. The Subhashitam seeks the blessings of Lord Indra, Lord Surya, Lord Garuda and Lord Brihaspati.

The Prime Minister shared a Sanskrit Subhashitam-

“स्वस्ति न इन्द्रो वृद्धश्रवाः।

स्वस्ति नः पूषा विश्ववेदाः।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः।

स्वस्ति नो बृहस्पतिर्दधातु॥”

The Subhashitam conveys that May the glorious Lord Indra bless us with well-being. May Lord Surya, the knower of the entire universe and the sustainer of all, bring auspiciousness to us. May Lord Garuda, the destroyer of obstacles, protect us all. May Lord Brihaspati, the lord of knowledge, bless us with peace, wisdom and prosperity.

The Prime Minister wrote on X;

“स्वस्ति न इन्द्रो वृद्धश्रवाः।

स्वस्ति नः पूषा विश्ववेदाः।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः।

स्वस्ति नो बृहस्पतिर्दधातु॥”