মহামান্যসকল,

আপোনাৰ মতামতৰ বাবে আপোনাক বহুত ধন্যবাদ। আমি নিশ্চিতভাৱে আমাৰ আলোচনাৰ পৰা উদ্ভৱ হোৱা ধাৰণাবোৰ বিবেচনা কৰিম। আমাৰ কিছুমান অংশীদাৰী অগ্ৰাধিকাৰ আৰু প্ৰশান্ত মহাসাগৰীয় দ্বীপৰ দেশসমূহৰ প্ৰয়োজনীয়তা আছে। এই মঞ্চত আমাৰ প্ৰয়াস হৈছে দুয়োটা দিশ মনত ৰাখি আগবাঢ়ি যোৱা। এফআইপিআইচি-ৰ ভিতৰত আমাৰ সহযোগিতা আৰু অধিক বৃদ্ধি কৰিবলৈ মই কিছুমান কথা ঘোষণা কৰিব বিচাৰো:

১. প্ৰশান্ত মহাসাগৰীয় অঞ্চলত স্বাস্থ্যসেৱা বৃদ্ধি কৰিবলৈ, আমি ফিজিত এখন চুপাৰ-স্পেচিয়েলিটি কাৰ্ডিঅ'লজী চিকিৎসালয় স্থাপন কৰাৰ সিদ্ধান্ত লৈছো। এই চিকিৎসালয়খনত প্ৰশিক্ষিত কৰ্মচাৰী, আধুনিক সুবিধা আৰু আন্তঃগাঁথনি থাকিব, আৰু ই সমগ্ৰ অঞ্চলটোৰ বাবে জীৱনৰেখা হিচাপে কাম কৰিব। ভাৰত চৰকাৰে এই বৃহৎ গ্ৰীণফিল্ড প্ৰকল্পটোৰ সম্পূৰ্ণ ব্যয় বহন কৰিব।

 

২. ভাৰতে প্ৰশান্ত মহাসাগৰৰ সকলো ১৪ খন দ্বীপ দেশত ডায়েলাইচিছ গোট স্থাপনত সহায় কৰিব।

 

৩. প্ৰশান্ত মহাসাগৰৰ সকলো ১৪ খন দ্বীপ দেশক সাগৰীয় এম্বুলেঞ্চ প্ৰদান কৰা হ'ব।

 

৪. ২০২২ চনত আমি ফিজিত জয়পুৰ ফুট কেম্প অনুষ্ঠিত কৰিছিলো।

 

এই শিবিৰত, ৬০০ৰো অধিক লোকক বিনামূলীয়াকৈ প্ৰস্থেটিক হাত-ভৰি প্ৰদান কৰা হৈছিল। বন্ধুসকল, এই উপহাৰ প্ৰাপ্তকৰ্তাসকলে এনে অনুভৱ কৰে যেন তেওঁলোকে জীৱনৰ উপহাৰ পাইছে।

 

পিআইচি অঞ্চলৰ বাবে, আমি এই বছৰ পাপুয়া নিউ গিনিত (পিএনজি) জয়পুৰ ফুট শিবিৰ আয়োজন কৰাৰ সিদ্ধান্ত লৈছো। ২০২৪ চনৰ পৰা আৰম্ভ কৰি, প্ৰশান্ত মহাসাগৰীয় দ্বীপদেশবোৰত প্ৰতি বছৰে এনে দুটা শিবিৰ আয়োজিত কৰা হ'ব।

 

৫.  ভাৰতত জন ঔষধি আঁচনিৰ জৰিয়তে, সুলভ মূল্যত লোকসকলক ১৮০০ৰো অধিক উচ্চ মানদণ্ডৰ জেনেৰিক ঔষধ প্ৰদান কৰা হৈছে। উদাহৰণ স্বৰূপে, বজাৰৰ মূল্যৰ তুলনাত জন ঔষধি কেন্দ্ৰত ডায়েবেটিচ-প্ৰতিৰোধী ঔষধ ৯০% লৈকে কম ব্যয়ত উপলব্ধ। অন্যান্য ঔষধবোৰো ৰেহাই মূল্যত উপলব্ধ, বজাৰ ব্যয়ৰ ৬০% ৰ পৰা ৯০% লৈকে। মই আপোনাৰ দেশসমূহলৈ একেধৰণৰ জন ঔষধি কেন্দ্ৰ অনাৰ প্ৰস্তাৱ দিছো।

 

৬. বৈজ্ঞানিক অধ্যয়নে দেখুৱাইছে যে ডায়েবেটিচৰ দৰে জীৱনশৈলীৰ ৰোগ প্ৰতিৰোধ কৰাত যোগ যথেষ্ট কাৰ্যকৰী হ'ব পাৰে। আমি আপোনাৰ দেশসমূহত ইয়াৰ লাভালাভৰ প্ৰচাৰৰ বাবে যোগ কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ দিছো।

 

৭. পিএনজিত তথ্য প্ৰযুক্তিৰ বাবে উৎকৰ্ষ কেন্দ্ৰটো উন্নীত কৰা হ'ব আৰু "আঞ্চলিক তথ্য প্ৰযুক্তি আৰু চাইবাৰ সুৰক্ষা কেন্দ্ৰ" লৈ ৰূপান্তৰিত কৰা হ'ব।

 

৮. ফিজিৰ নাগৰিকসকলৰ বাবে ২৪ x ৭ জৰুৰীকালীন হেল্পলাইন স্থাপন কৰা হ'ব, আৰু আমি সকলো পিআইচি দেশত একে ধৰণৰ সুবিধা স্থাপন কৰাত সহায় কৰি আনন্দিত হ'ম।

 

৯. মই প্ৰশান্ত মহাসাগৰীয় দ্বীপৰ প্ৰতিখন দেশত এছএমই খণ্ডৰ বিকাশৰ বাবে এটা প্ৰকল্প ঘোষণা কৰিছো। এই আঁচনিৰ অধীনত, যন্ত্ৰপাতি আৰু প্ৰযুক্তিৰ যোগান প্ৰদান কৰা হ'ব, আৰু সামৰ্থ্য বৃদ্ধিৰ বাবে ক্ষমতা নিৰ্মাণ কাৰ্যসূচী পৰিচালনা কৰা হ'ব।

 

১০. প্ৰশান্ত মহাসাগৰীয় দ্বীপৰ ৰাষ্ট্ৰপ্ৰধানসকলক সৌৰ শক্তিচালিত বাসস্থানলৈ ৰূপান্তৰ কৰাৰ প্ৰকল্পটো আপোনালোক সকলোৱে ভালদৰে গ্ৰহণ কৰিছিল। আমি এতিয়া সকলো এফআইপিআইচি দেশত কমেও এটা চৰকাৰী ভৱনক সৌৰ শক্তিচালিত ভৱনলৈ ৰূপান্তৰ কৰিম।

 

১১. পানীৰ অভাৱৰ সমস্যা সমাধানৰ বাবে, মই প্ৰশান্ত মহাসাগৰীয় দ্বীপৰ প্ৰতিখন দেশৰ লোকসকলৰ বাবে ডিচেলিনেচন ইউনিট প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছো।

 

১২. সামৰ্থ নিৰ্মাণৰ প্ৰতি আমাৰ দীৰ্ঘম্যাদী প্ৰতিশ্ৰুতি অব্যাহত ৰাখি, মই আজি প্ৰশান্ত মহাসাগৰীয় দ্বীপ দেশসমূহৰ বাবে "সাগৰ অমৃত বৃত্তি" আঁচনি ঘোষণা কৰিছো। এই কাৰ্যসূচীৰ অধীনত, পৰৱৰ্তী পাঁচ বছৰত ১০০০ আইটিইচি প্ৰশিক্ষণৰ সুযোগ প্ৰদান কৰা হ'ব।

 

মহামান্যসকল,

আজি, মই ইয়াত মোৰ ভাষণ সমাপ্ত কৰিছো। এই মঞ্চৰ প্ৰতি মোৰ এক বিশেষ সম্পৰ্ক আছে। ই সীমাক প্ৰত্যাহ্বান জনাইছে আৰু মানৱ সহযোগিতাৰ সীমাহীন সম্ভাৱনাক স্বীকৃতি দিয়ে। আকৌ এবাৰ, আজি ইয়াত আপোনালোকৰ উপস্থিতিৰ বাবে মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।

মই আশা কৰোঁ যে পৰৱৰ্তীবাৰ আমি ভাৰতত আপোনাক স্বাগতম জনোৱাৰ সুযোগ পাম।

ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Teachers: The artists of education

Media Coverage

Teachers: The artists of education
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 7 ছেপ্টেম্বৰ 2026
September 07, 2026

Vasudhaiva Kutumbakam in Action: Tech Hub, Border Villages, Global Leadership by PM Modi