“সমগ্ৰ দেশৰ হৈ মই সম্পূৰ্ণ টীমকে ধন্যবাদ জনাইছো, কিয়নো বহু দশকৰ পিচত ভাৰতীয় পতাকা শক্তিশালী ৰূপত উত্তোলিত হ’ল, এয়া কোনো সাধাৰণ কথা নহয়”
“এতিয়া ভাৰত পিচুৱাই থাকিব নোৱাৰে, আপোনালোকৰ বিজয়ে বহু প্ৰজন্মৰ খেলুৱৈক অনুপ্ৰাণিত কৰিব”
“এনে ধৰণৰ সাফল্যই দেশৰ ক্ৰীড়া-প্ৰেক্ষাপটটোতে অত্যধিক প্ৰেৰণা আৰু আত্মবিশ্বাস সঞ্চাৰিত কৰে”
“আমাৰ মহিলা টীমটোৱে বাৰে বাৰে নিজৰ উত্কৃষ্টতা প্ৰতিপন্ন কৰিছে, এতিয়া মাথোঁ সময়ৰহে অপেক্ষা, এইবাৰ নোৱাৰিলেও অহাবাৰ নিশ্চয় জিকিব”
“এতিয়াতো খেলিবও লাগিব আৰু প্ৰস্ফূতি হ’বও লাগিব”
“মই এয়া কৰিব পাৰিম- এয়াই হৈছে নতুন ভাৰতৰ ভাৱনা”
“এয়া ভাৰতৰ ক্ৰীড়া-ইতিহাসৰ এক সোণালী অধ্যায়ৰ দৰেই আৰু আপোনালোকৰ দৰে চেম্পিয়ন আৰু আপোনালোকৰ প্ৰজন্মৰ খেলুৱৈসকল ইয়াৰ মুখ্য প্ৰণেতা”
টেলিফোনত হোৱা কথা-বতৰাৰ সময়ত দিয়া প্ৰতিশ্ৰুতি ৰাখি ‘বাল মিঠাই’ অনাৰ বাবে লক্ষ্য সেনক ধন্যবাদ জনালে প্ৰধানমন্ত্ৰীয়ে


ধানমন্ত্ৰী জী: হয় শ্ৰীকান্ত কওক!

শ্ৰীকান্ত: Sir, first of all বহুত বহুত thank you sir, আপুনি আপোনাৰ ইমান important timeৰ পৰা আমাক time লৈ আমাৰ মেচৰ পিছত তৎক্ষণাত আপুনি কল কৰি আমাৰ সকলোৰে সৈতে কথা পাতিলে ছাৰ and I can very proudly say that no other athlete in the world can boost about this sir, only we have this privilege of talking to you immediately after the win Sir.

প্ৰধানমন্ত্ৰী জী: ঠিক আছে শ্ৰীকান্ত কওকচোন, এনেয়ে বেডমিণ্টন আৰু কেপ্টেইন মানুহৰ অন্তৰত সোনকালে নবহে, এতিয়া তোমাক কেপ্টেইন পতা হ'ল, এতিয়া ইমান ডাঙৰ টীম, ইমান ডাঙৰ চেলেঞ্জ, কি ভাব হৈছিল এই দায়িত্ব যেতিয়া আপোনাৰ সন্মুখলৈ আহে?

শ্ৰীকান্ত : ছাৰ কেৱল ইমানেই লাগিছিল যে সকলোৱে নিজৰ নিজৰ বহুত ভাল খেলি আছিল ছাৰ। কেৱল টীম ইভেণ্টত সকলোকে একেলগে লৈ আনিব লাগিব আৰু আমি সকলোৱে এক হৈ খেলিব লাগিব আৰু শেষলৈকে যুঁজ দিব লাগিব ছাৰ। এনেকুৱা কিছুমান সৰু সৰু বস্তু আছে ছাৰ, যাক আমি সকলো খেলুৱৈ লগলাগি আলোচনা কৰি, কেৱল ইমানেই কৰিবলগীয়া হ'ল ছাৰ, মই কেপ্টেইন হৈ ডাঙৰ কিবা কৰিবলগীয়া হোৱা নাই ছাৰ কিয়নো সকলোৱে নিজৰ নিজৰ ইতিমধ্যে বহুত ভাল খেলি আছে ছাৰ।

প্ৰধানমন্ত্ৰী জী: নহয় নহয়! সকলোৱে খেলিছে ঠিকেই কিন্তু এইটো সহজ কাম নহয় ডাঙৰীয়া। আপুনি যদিও সৰলতাৰে কৈ আছে, কিয়নো এটা ষ্টেজ অহাৰ পিছত যেতিয়া লাগে যে সন্মুখত আছে বিষয়, যেতিয়া লাষ্ট অভাৰত ক্ৰিকেটত কেপ্টেইনৰ সবাতোকৈ ডাঙৰ প্ৰত্যাহ্বান হৈ যায়, নিশ্চয় তেতিয়া আপোনাৰ ওপৰত হেঁচাৰ সৃষ্টি হ'ব।

শ্ৰীকান্ত: ছাৰ মানে বহুত এক privilege আছে মোৰ বাবে ফাইনেলত সেই গোটেই মেচ last decider winning moment, মই সঁচাকৈ খেলিব পাৰিলো ছাৰ যি মেচ বহুত গুৰুত্বপূৰ্ণ আছিল ভাৰতীয় দলৰ বাবে ফাইনেলত সেয়া আচলতে মোক এক privilege কৰি মই ভাবো ছাৰ আৰু ভাৰতৰ বাবে এটা সুযোগ আছিল আৰু মই মাথোঁ এইটো ভাবিছিলো যে মই সম্পূৰ্ণ চেষ্টা প্ৰয়োগ কৰি সৰ্বোত্তম বেডমিণ্টন খেলিব বিচাৰিছিলো আৰু মই কেৱল ক'ৰ্টত, যি সময়ত মই ক'ৰ্টত নামিছিলো কেৱল ইয়াকে ভাবিছিলো যে মই ১০০% খেলিব লাগিব আৰু best badminton খেলিব লাগিব ছাৰ।

 প্ৰধানমন্ত্ৰী জী: ঠিক আছে আপুনি বিশ্ব ৰেংকিঙত ১ নম্বৰত আছে আৰু এতিয়া আপুনি Thomas Cupত Gold Medal জয় কৰিছে, এনেয়ে সুধিব তো নালাগে কিয়নো প্ৰত্যেক সফলতাৰ নিজস্ব এক বৈশিষ্ট্য থাকে, তথাপিও যেনেকৈ সাংবাদিকৰ অভ্যাস থাকে তেনেকুৱা প্ৰশ্ন যদি মই সোধো যে এই দুয়োটাৰ ভিতৰত আপুনি কোনটো বস্তুক বেছি মহত্বপূৰ্ণ বুলি ভাবে?

 শ্ৰীকান্ত: ছাৰ এই দুয়োটা মোৰ সপোন যে ৱৰ্ল্ড নম্বৰ ১ হ'ব লাগিব কিয়নো সেয়া প্ৰতিজন খেলুৱৈৰ এটা সপোন ছাৰ যে ৱৰ্ল্ডত বেষ্ট হ'ব লাগিব আৰু থমাছ কাপ এনেকুৱা টুৰ্ণামেণ্ট য'ত ১০জন মানুহ লগ হৈ এটা টীমৰ দৰে হৈ খেলিব লাগিব। এয়া এটা সপোন ছাৰ কিয়নো ইয়াৰ আগতে ভাৰতে থমাছ কাপত কেতিয়াও মেডেল জয় কৰা নাই ছাৰ আৰু আমি এই বছৰ এইটো এটা ডাঙৰ সুযোগ পাইছো কিয়নো আমি সকলোৱেই ভাল খেলি আছিলো। সেয়ে দুয়োটাই সপোন ছাৰ দুয়োটাই পূৰণ হ'ল বাবে বহুত ভাল লাগিল ছাৰ।

 প্ৰধানমন্ত্ৰী জী: এই কথা সত্য যে আগতে থমাছ কাপত আমি ইমান পিছত আছিলো যে দেশত এনেকুৱা টুৰ্ণামেণ্টৰ আলোচনাই নহৈছিল। মানুহে গমেই পোৱা নাছিল যে কিবা ইমান ডাঙৰ টুৰ্ণামেণ্ট হৈ আছে আৰু সেয়ে যেতিয়া মানুহে গম পালে তেতিয়া মই আপোনাক ফোন কৰিও কৈছিলো যে সম্ভৱ হিন্দুস্তানত ৪-৬ ঘণ্টা লাগিব যে আপোনালোকে কি প্ৰাপ্ত কৰিছে। ঠিক আছে শ্ৰীকান্ত মই সমগ্ৰ দেশৰ হৈ আপোনাক আৰু আপোনাৰ টীমক বহুত অভিনন্দন জনাইছো কিয়নো কেইবা দশকৰ পিছত আপোনালোকে ভাৰতৰ পতাকা তুলি ধৰিলে, এয়া সৰু ঘটনা নহয় জী।

শ্ৰীকান্ত: আপোনাক ধন্যবাদ ছাৰ!

প্ৰধানমন্ত্ৰী জী: এজন খেলুৱৈ হিচাপে আৰু তাতো এজন কেপ্টেইন হিচাপে শেষ মুহূৰ্তত কিমান চাগে হেঁচা আছিল, ইয়াৰ মই ভালদৰে অনুমান কৰিব পাৰো কিন্তু অত্যন্ত ধৈৰ্য সহকাৰে গোটেই টীমক লগত লৈ আপুনি দেশক যি গৌৰৱ দিয়ালে মই আপোনাক আকৌ এবাৰ টেলিফোনত তো অভিনন্দন জনাইছিলো কিন্তু মই আকৌ এবাৰ মুখামুখীকৈ অভিনন্দন জনাই নিজে আনন্দ লৈছো।

শ্ৰীকান্ত: Thank you Sir!

প্ৰধানমন্ত্ৰী জী: অলপ খেলৰ বিষয়ে কওক। নিজৰ অনুভৱ কওক।

সাত্বিক : Definitely! যোৱা ১০ দিন বহুত স্মৰণীয় আছিল ছাৰ জীৱনত। যেনেকৈ আমি অন ক'ৰ্ট খেলিলো, অফ ক'ৰ্টতো বহুত ভাল ছাপ'ৰ্ট কৰি আছিল গোটেই টীমে, বহুত স্মৰণীয় আছিল, বহুত ছাপ'ৰ্ট পালো ছাপ'ৰ্ট ষ্টাফৰ পৰা আৰু ইফালে ভাৰতৰ পৰাও বহুত ছাপ'ৰ্ট পাইছিলো আৰু বহুত ভাল লাগিল যোৱা দিনবোৰ। এতিয়াও আমি তাতে থাইলেণ্ডত আছো। শৰীৰ ইয়াত আছে কিন্তু মন তাতেই আছে সেই লাষ্ট পইণ্টত যেনেকৈ শ্ৰীকান্ত ভাই জী আছিল চকুতে আছে ছাৰ এতিয়াও আমি সেই মুহূৰ্ত উপভোগ কৰি আছো ছাৰ।

প্ৰধানমন্ত্ৰী জী: ৰাতি কেপ্টেইনে গালি দি থকা দেখিছিল চাগৈ।

সাত্বিক: ছাৰ ফাইনেলৰ পাছত সকলোৱে মেডেল পিন্ধিয়েই শুলে ছাৰ। কোনেও নুখুলিলে।

প্ৰধানমন্ত্ৰী জী: মই কাৰোবাৰ টুইট দেখিলো, হয়তো প্ৰণয়ৰ দেখিলো। প্ৰণয়ে সেয়া লৈ বহি আছে আৰু কৈ আছে মোৰ টোপনি অহা নাই। ভাল খেলাৰ পাছত আপুনি ভিডিঅ' দেখি কি কম আছিল পৰীক্ষা কৰি লয় দুয়ো মিলি।

সাত্বিক: হয় ছাৰ প্ৰশিক্ষকৰ সৈতে বহি মেচৰ প্ৰথম খেল কাৰ লগত খেলিম তেওঁৰ গেম সম্পূৰ্ণ এনেলাইছিছ কৰি যাওঁ ছাৰ।

প্ৰধানমন্ত্ৰী জী: ঠিক আছে সাত্বিক আপোনাৰ সফলতাই কেৱল ইয়াকেই প্ৰতিপন্ন কৰা নাই যে আপোনাৰ প্ৰশিক্ষক সঠিক আছিল, বৰং এই কথাও প্ৰতিপন্ন কৰিলে যে আপুনি নিজেও এজন ভাল খেলুৱৈ আৰু ভাল খেলুৱৈ সেইজন যি নিজক খেলৰ প্ৰয়োজন অনুসৰি সাজু কৰে, তাত সোমাই যায়, পৰিৱৰ্তন থাকিলে মানি লয়, তেতিয়াই তো তেওঁ প্ৰাপ্ত কৰিব পাৰে আৰু আপুনি সেই পৰিৱৰ্তন মানি লয়। নিজে নিজক আগুৱাই নিবৰ বাবে যিয়েই প্ৰয়োজন আছিল আৰু আজি ইয়াৰ পৰিণাম স্বৰূপেই দেশৰ গৌৰৱ হৈ আছে। মোৰ ফালৰ পৰা আপোনাক বহুত শুভকামনা। আপুনি আগলৈ বহুত কিবা কৰিব লাগিব, ৰ'ব নালাগে। এনেকৈ শক্তিৰ সৈতে সংযুক্ত হৈ থাকক, বহুত বহুত শুভকামনা!

ঘোষক: চিৰাগ ছেট্টী

প্ৰধানমন্ত্ৰী জী: চোৱা চিৰাগ সাত্বিকে তোমাৰ প্ৰশংসা বহুত কৰিলে।

চিৰাগ ছেট্টী: ছাৰ নমস্কাৰ ছাৰ প্ৰথম কথা! মই ভাবো ছাৰ মোৰ এতিয়াও মনত আছে যোৱা বছৰ আমি আহিছিলো ইয়ালৈ। আপুনি আমাক অলিম্পিকৰ পাছত মাতিছিল, ১২০জন এথলীট আছিল আৰু সকলোকে আপুনি নিজৰ ঘৰলৈ মাতিছিল আৰু যি মেডেল জিকা নাছিল তেওঁলোকো আহিছিল ইয়ালৈ, তেতিয়া আমাৰ যথেষ্ট দুখ আছিল যে নিজৰ দেশৰ কাৰণে আমি মেডেল জিকিব নোৱাৰিলো কিন্তু এতিয়া এইবাৰ যেতিয়াই আমি থমাছ কাপলৈ গৈছিলো, আমাৰ এটা উদ্যম আছিল, নাজানো কি আছিল যে কিবা কৰি হ'লেও এটা মেডেল তো আনিবই লাগিব আৰু হয়তো আমি কাচিৎহে ভাবিছিলো যে সোণ হ'ব, কিন্তু মেডেলৰ কথা তো ভাবিছিলোৱেই। মই ভাবো ইয়াতকৈ ডাঙৰ আনন্দ আমি নিজৰ দেশৰ কাৰণে একো দিব নোৱাৰিম, সেই কথাটোকে মই ক'ব বিচাৰো ছাৰ।

প্ৰধানমন্ত্ৰী জী: চাওক আপোনালোক আহিছিল সেই সময়ত, তাৰ মাজতে মই দেখিছিলো যে কেইজনমানৰ চেহেৰা বৰ গোমা হৈ আছিল আৰু আপোনালোকৰ মনত এইটো আছিল যে চাওক আমি মেডেল নোহোৱাকৈয়ে আহিলো। কিন্তু সেইদিনাও মই কৈছিলো যে আপোনালোক তাত গৈ পোৱাটোও এটা মেডেল, মই সেইদিনা কৈছিলো আৰু আজি আপোনালোকে প্ৰমাণ কৰি দিলে যে এটা পৰাজয় পৰাজয় নহয়, জীৱনত জয়ৰ বাবে কেৱল উৎসাহ লাগে, উদ্যম লাগে, জয়ে চৰণ চুমিবলৈ কেতিয়াবা সন্মুখত আহি থিয় হৈ যায় আৰু আপোনালোকে কৰি দেখুৱালে। বাৰু চিৰাগ মই সতীৰ্থক তো সুধিলো আগতে আৰু তেওঁ কৈও দিলে কিন্তু আপোনালোক দুজনৰ যুটি আৰু মই জানো যে টকিঅ' অলিম্পিকত আপোনাৰ মনত এক উদাসীনতা আছিল কিন্তু আজি আপুনি সেয়া সুতসহ পূৰণ কৰি দিলে। দেশৰ গৌৰৱ আৰু বঢ়াই দিলে আৰু এটা টীম হিচাপে আপোনালোকে প্ৰয়াস কৰিলে আৰু মই ভাবো যে অলিম্পিকত নিৰাশাৰ দিন বেছিদিন নগ'ল, ইমান কম সময়ৰত সেয়া কি উদ্যম আছিল যে আপোনালোকে বিজয় প্ৰাপ্ত কৰি উভতিল, কি কাৰণ হ'ল?

চিৰাগ ছেট্টী: ছাৰ মূলতে আছিল যে অলিম্পিকত আমাৰ যথেষ্ট দুখ আছিল যাৰ কাৰণে আমি, যাক পৰাস্ত কৰিছিলো তেওঁৱেই পৰ্যায়ক্ৰমে গৈ সোণৰ পদক জিকিছিল আৰু আমাৰ হাততে হাৰিছিল তেওঁ এখন খেলত, বাকী কাৰো লগত হৰা নাছিল তাৰ পিছত। এইবাৰ কিছু ওলোটা হ'ল, আমি তেওঁলোকৰ হাতত হাৰিলো Pre Quarter Final Group Stageত আৰু আমি গৈ তাত সোণৰ পদক জয় কৰিলো। সেইটো এটা যথেষ্ট ভাল হ'ল। সেয়া ভাগ্যৰ খেল বুলিয়েই কওক বা অন্য কিন্তু আচলতে এটা উদ্যম আহি গ'ল যে কিবা নহয় কিবা কৰিব লাগিব, আৰু এয়া কেৱল মোৰ ভিতৰতে নহয়, আমি ১০জন লোক যি এয়া ইয়াত বহি আছো, যিমানেই দুখ নহওক যিয়েই নহওক, আমি একেলগে আছিলো আৰু মোৰ এনে লাগিছিল যে এই ১০জনে আমাৰ ভাৰতৰ জনসংখ্যাক প্ৰকৃততেই দেখুৱায় যে যিয়েই নহওক আমি fight back কৰিম।

প্ৰধানমন্ত্ৰী জী: বাহ! চাওক চিৰাগ আপোনাক আৰু গোটেই টীমক মই ক'ম যে আৰু বহুত মেডেল আনিব লাগিব। আৰু বহুত খেলিব লাগিব, বহুত ফুলিবও লাগিব আৰু দেশক খেলৰ জগতত টানি লৈও যাব লাগিব কিয়নো এতিয়া ভাৰত পিছুৱাই থাকিব নোৱাৰে আৰু মই বিচাৰিম যে আপোনালোকে যি এটাৰ পাছত এটা বিজয় প্ৰাপ্ত কৰিছে দেশৰ অনাগত প্ৰজন্মক খেলৰ প্ৰতি অনুপ্ৰাণিত কৰিছে আপোনালোকে আৰু এয়া মই ভাবো বহুত ডাঙৰ কথা সেয়ে মোৰ ফালৰ পৰা আপোনাক বহুত শুভকামনা দোস্ত।

চিৰাগ ছেট্টী: Thank you so much Sir.

ঘোষক: লক্ষ্য সেন

প্ৰধানমন্ত্ৰী জী: লক্ষ্যক মই প্ৰথমে কৃতজ্ঞতা প্ৰকাশ কৰিছো কিয়নো তেওঁক মই টেলিফোনত কৈছিলো অভিনন্দন জনোৱাৰ সময়ত যে ভাই মই তোমাৰ পৰা পাছত মিঠাই খাম আৰু তেওঁ আজি লৈ আহিল, সেয়া তেওঁ মনত ৰাখিলে। হয় লক্ষ্য কওক।

লক্ষ্য সেন: নমস্কাৰ ছাৰ! য়ুথ অলিম্পিকত যেতিয়া মই গ'ল্ড মেডেল জিকিছিলো তেতিয়া মই আপোনাৰ সৈতে লগ হৈছিলো আৰু আজি দ্বিতীয়বাৰ লগ পাই আছো। মই ইয়াকে ক'ব বিচাৰিম যে এনেকৈয়ে যেতিয়া আপোনাক লগ পাওঁ আমি যথেষ্ট motivated feel কৰো। সেই ফোন কলৰ পিছতো আৰু যেতিয়াই আপুনি লগ দিয়ে মই ইয়াকে বিচাৰিম যে মই এনেকৈয়ে ভাৰতৰ বাবে মেডেল জিকি থাকোঁ আৰু আপোনাৰ সৈতে লগ হৈ থাকোঁ আৰু মিঠাই আনি থাকোঁ।

প্ৰধানমন্ত্ৰী জী: ঠিক আছে লক্ষ্য মোক কোৱা হৈছে যে তোমাৰ food poisoning হৈছিল তাত?

লক্ষ্য সেন: হয় ছাৰ! আমি যিদিনা গৈ পাইছিলো সেইদিনা মোৰ food poisoning হৈছিল সেয়ে মই দুদিনৰ বাবে খেলিব নোৱাৰিছিলো। কিন্তু তাৰ পিছত যেতিয়া মই লাহে লাহে Group Stageৰ matches আৰম্ভ হয় তেতিয়ালৈকে অলপ ভাল পালো আৰু এখন মেচ খিলিছিলো আৰু আকৌ এখন মেচত জিৰণি লওঁ due to food poising.

প্ৰধানমন্ত্ৰী জী: এয়া যিকোনো খোৱাৰ অভ্যাস নে কি?

লক্ষ্য সেন: নহয় ছাৰ! তাত এয়াৰপৰ্টত কিবা ভুল খাইছিলো সেইদিনা তো তাৰ কাৰণে অলপ পেট বেয়া হৈছিল কিন্তু পিছত যেতিয়া টুৰ্ণামেণ্ট আগবাঢ়িল তেতিয়া মই এদিনৰ পিছত এদিন ভাল পাবলৈ ধৰিছিলো।

প্ৰধানমন্ত্ৰী জী: আজি দেশৰ সৰু সৰু শিশুৰো মন হয় যে আমি যাব লাগে। ৮-১০ বছৰীয়া শিশুৰ বাবে তোমাৰ বাৰ্তা কি থাকিব?

লক্ষ্য সেন: হয়, যেনেকৈ বিমল ছাৰে কৈছে যে মই যথেষ্ট উতপতীয়া আছিলো আৰু যথেষ্ট উৎপাত কৰিছিলো, তথাপি মই নিজেতো এইবুলি ক'ব বিচাৰো যে যদি মই অলপ কম উৎপাত কৰিলো হেঁতেন আৰু খেলত মনোযোগ দিলো হেঁতেন তেন্তে বেছি ভাল আছিল কিন্তু বাকী লোকসকলক মই ক'ব বিচাৰিম যে যি কামেই কৰক অন্তৰৰ পৰা কৰক আৰু সম্পূৰ্ণ মনোযোগ দি কৰক।

 প্ৰধানমন্ত্ৰী জী: Food poisoning হোৱাৰ পিছত শাৰীৰিক কষ্ট তো হৈছিল চাগৈ কিন্তু মানসিক কষ্ট চাগৈ বহুত হৈছিল। কিয়নো খেল চলি আছিল, শৰীৰে মনা নাই, সেই সময়ত তুমি যি বেলেঞ্চ ৰাখিছিলা চাগে, কেতিয়াবা আৰামেৰে ভাবিবা চোন যে সেয়া কেনেকুৱা শক্তি আছিল। সেয়া কেনেধৰণৰ পৃথিৱী আছিল যে food poisoningৰ কাৰণে হোৱা স্থিতিকো অতিক্ৰম কৰি আহিলা। ঠিক আছে, বহুত বহুত অভিনন্দন।

হয় প্ৰণয়, কওক চোন মই ঠিকেই কৈছো নহয়, তোমাৰেই টুইট আছিল নহয়।

প্ৰণয়: হয় ছাৰ, মোৰেই টুইট আছিল ছাৰ। Sir, it's been a very happy moment for all of us because we won the Thomas Cup after 73 years and I think even more proud moment because we could win it for our country on our 75 year of Independence. So I think that's a great gift for the country and I am very happy.

প্ৰধানমন্ত্ৰী : ঠিক আছে প্ৰণয়, মালয়েছিয়া, ডেনমাৰ্ক এনেধৰণৰ টীম আছে। আৰু তাৰ বেয়া কোৱাৰ্টাৰ ফাইনেল আৰু ছেমিফাইনেলত নিৰ্ণায়ক মেচত জিকাৰ সময়ত সকলোৰে দৃষ্টি প্ৰণয়ৰ ওপৰত আছিল চাগৈ। সেই প্ৰেছাৰত কেনেকৈ নিজে নিজক চম্ভালিলে আৰু কেনেকৈ aggressive result দিলে।

প্ৰণয় : ছাৰ, যথেষ্ট বেছি প্ৰেছাৰ আছিল। বিশেষকৈ কোৱাৰ্টাৰ ফাইনেলৰ দিনা। কিয়নো মই জানিছিলো যে যদি মই এইখন মেচত হাৰো তেতিয়া আমি আমি মেডেল নাপাম আৰু মানুহ without medal উভতিব লাগিব। কিন্তু সেই যি টীমৰ স্পিৰিট আছিল ছাৰ সমগ্ৰ টুৰ্ণামেণ্টত সকলোৰে যি উদ্যম আছিল যে যিকোনো কৰি আমি মেডেল নিবই লাগিব, সি আৰম্ভণিৰ দিনাৰ পৰাই যথেষ্ট শক্তি দি আছিল সমগ্ৰ দলক আৰু বিশেষকৈ ক'ৰ্টৰ ভিতৰলৈ যোৱাৰ পিছত ১০ মিনিটৰ পাছত মোৰ ধাৰণা হয় যে আজিতো যিকোনো উপায়েৰে জিকিবই লাগিব। And I think Semi Finalতো same situation আছিল, ছাৰ। বহুত বেছি প্ৰেছাৰ আছিল কিয়নো মই জানিছিলো যে যদি আমি ফাইনেলত উপনীত হওঁ তেন্তে আমি এটা সোণ লৈ যাব পাৰিম। সেয়ে মই তো জিকিবই লাগে ছাৰ। আৰু গোটেই টীমক ধন্যবাদ ছাৰ। কাৰণ তেওঁলোক খেলৰ বাবে তাত আছিল আৰু বহুত বেছি শক্তি দিলে তেওঁলোকে।

প্ৰধানমন্ত্ৰী : চাওক প্ৰণয়, মই দেখি আছো যে আপুনি যোদ্ধা। খেলতকৈও বেছি আপোনাৰ ভিতৰত যি এক বিজয়ৰ মেজাজ আছে সেয়াই ডাঙৰ শক্তি। মোৰ ফালৰ পৰা আপোনাক বহুত শুভকামনা, বহুত বহুত অভিনন্দন।

প্ৰণয়: Thank you very much sir।

ঘোষক: উন্নতি হুডা

প্ৰধানমন্ত্ৰী : কি উন্নতি সকলোতকৈ সৰু।

উন্নতি: গুড ইভিনিং ছাৰ।

প্ৰধানমন্ত্ৰী : কওক উন্নতি

উন্নতি: Sir, first of all because I am part of here and feeling very happy today. আৰু ছাৰ মোক এটা কথাই বহুত motivate কৰে যে আপুনি কেতিয়াও পদক বিজয়ী আৰু পদক নোপোৱা লোকৰ মাজত কেতিয়াও বৈষম্য নকৰে।

 প্ৰধানমন্ত্ৰী : বাহ জী বাহ! বাৰু ইমান কম বয়সত ইমান ডাঙৰ ছিনিয়ৰ মানুহৰ টীমত যোৱা আৰু তোমাৰ টীমত তো অলিম্পিক বিজেতাও আছে। মনত কেনেকুৱা লাগি আছিল। এনেয়ে তল পৰি গৈছিল নে নহয় নহয় ময়ো সমান, কেনেকুৱা লাগিছিল?

উন্নতি: ছাৰ, এই টুৰ্ণামেণ্টত বহুত অভিজ্ঞতা হ'ল আৰু বহুত শিকিবও পাৰিলো। আৰু ল'ৰাৰ টীম জিকিল আৰু ভাল অনুভৱো হ'ল আৰু ভাবিছো যে অহাবাৰ ছোৱালীৰ টীমো জিকিব লাগিব আৰু মেডেল আনিব লাগিব।

প্ৰধানমন্ত্ৰী : ঠিক আছে মোক কোৱাচোন এই হাৰিয়ানাৰ মাটিত এনেকুৱা কি আছে য'ত এজনতকৈ বেছি এজন খেলুৱৈ ওলাই আছে।

উন্নতি: ছাৰ, প্ৰথম কথা হৈছে গাখীৰ-দৈ খোৱা।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
IIT Delhi tops India in QS Rankings 2027; 52 Indian institutions feature

Media Coverage

IIT Delhi tops India in QS Rankings 2027; 52 Indian institutions feature
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister discusses maritime connectivity and collaboration opportunities with CMA CGM Chairman and CEO Rodolphe Saadé
June 18, 2026

The Prime Minister, Shri Narendra Modi, had a fruitful discussion with Mr. Rodolphe Saadé of CMA CGM on maritime connectivity, global shipping trends and emerging opportunities in India’s rapidly growing maritime sector.

The Prime Minister said that discussions were held on avenues for greater collaboration in shipbuilding, container manufacturing, digital maritime innovation, logistics and skill development.

Shri Modi noted that India’s expanding port infrastructure offers promising opportunities for global maritime leaders.

In a post on X, Shri Modi said;

“Had a fruitful discussion with Mr. Rodolphe Saadé of CMA CGM on maritime connectivity, global shipping trends and emerging opportunities in India’s rapidly growing maritime sector.

Discussed avenues for greater collaboration in shipbuilding, container manufacturing, digital maritime innovation, logistics and skill development.

India’s expanding port infrastructure offers promising opportunities for global maritime leaders.

@cmacgm”