Quote“Though India is visible in the symbols, it lives in its knowledge and thought. India lives in its quest for the eternal”
Quote“Our temples and pilgrimages have been symbols of the values and prosperity of our society for centuries”

নমস্কাৰম!

ত্ৰিশূৰ পূৰম উৎসৱ উপলক্ষে কেৰালা আৰু ত্ৰিশূৰৰ সকলো ভ্ৰাতৃ-ভগ্নীক অশেষ অভিনন্দন জনালোঁ। ত্ৰিশূৰ কেৰালাৰ সাংস্কৃতিক ৰাজধানী হিচাপে পৰিচিত। ইয়াত সংস্কৃতি বিদ্যমান, ইয়াত পৰম্পৰা আৰু কলাও আছে। আধ্যাত্মিকতাৰ লগতে দৰ্শনো আছে। উৎসৱৰ লগতে উল্লাসো আছে। মই ত্ৰিশূৰে এই ঐতিহ্য আৰু পৰিচয় জীয়াই ৰখাত সন্তোষ পাইছো। শ্ৰী সীতা ৰাম স্বামী মন্দিৰে বছৰ-বছৰ ধৰি চালিকা শক্তি হিচাপে কাম কৰি আহিছে। মই জানিব পাৰিছো যে এই মন্দিৰটোক এতিয়া অধিক ঐশ্বৰিক বুলি বিশ্বাস কৰা হয়। এই উপলক্ষে স্বৰ্ণ-খচিত এই পবিত্ৰ স্থানক ভগৱান শ্ৰী সীতা ৰাম, ভগৱান আয়াপ্পা আৰু ভগৱান শিৱৰ নামতো উচৰ্গা কৰা হৈছে।

আৰু বন্ধুসকল,

শ্ৰী সীতা ৰামৰ স্থানত শ্ৰী হনুমান নথকাটো অসম্ভৱ। সেয়েহে ৫৫ ফুট উচ্চতাৰ হনুমান জীৰ বিশাল প্ৰতিমূৰ্তিয়ে ভক্তসকলক আশীৰ্বাদ প্ৰদান কৰিব। এই উপলক্ষে সকলো ভক্তলৈ কুম্ভাভিষেকৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিশেষকৈ শ্ৰী টিএছ কল্যাণৰমণ জী আৰু কল্যাণ পৰিয়ালৰ সমূহ সদস্যলৈ অভিনন্দন জ্ঞাপন কৰিলোঁ। মোৰ মনত পৰিছে, বহু বছৰ পূৰ্বে গুজৰাটত এই মন্দিৰৰ মহিমা সম্পৰ্কে বিতংভাৱে জানিব পাৰিছিলো। আজি ভগৱান শ্ৰী সীতা ৰামজীৰ আশীৰ্বাদত মই এই শুভ অনুষ্ঠানৰ অংশ হৈছো। মন, হৃদয় আৰু চেতনাৰে মই অনুভৱ কৰিছো যে মই আপোনালোকৰ সৈতে মন্দিৰত আছো আৰু মই আধ্যাত্মিক শক্তিও অনুভৱ কৰিছো।

বন্ধুসকল,

ত্ৰিশূৰ আৰু শ্ৰী সীতা ৰাম স্বামী মন্দিৰ কেৱল বিশ্বাসৰ স্থলেই নহয়, বৰঞ্চ ভাৰতৰ চেতনা আৰু আত্মাৰো প্ৰতিফলন। মধ্যযুগত বিদেশী আগ্ৰাসনে আমাৰ মন্দিৰ আৰু কীৰ্তিৰাজি ধ্বংস কৰোতে তেওঁলোকে ভাবিছিল যে আতংকৰ জৰিয়তে ভাৰতৰ পৰিচয় ধ্বংস কৰিব পাৰি। কিন্তু তেওঁলোকে এই কথাও জানিছিল যে ভাৰতৰ যদিও প্ৰতীকৰাজিৰ জৰিয়তে প্ৰতিফলন ঘটিছে, তথাপিও ই নিজৰ জ্ঞান আৰু চিন্তাৰে সমৃদ্ধ। ভাৰতে নিজৰ চিৰন্তন সন্ধানেৰে জীয়াই আছে। এই কাৰণেই ভাৰত প্ৰতিটো প্ৰত্যাহ্বানৰ সন্মুখীন হৈয়ো জীয়াই আছে। সেইবাবেই ভাৰতৰ আত্মাই শ্ৰী সীতা ৰাম স্বামী আৰু ভগৱান আয়াপ্পাৰ ৰূপত নিজৰ অমৰত্ব ঘোষণা কৰিছে। সেই সময়ৰ এই মন্দিৰসমূহে ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ ধাৰণাটো হাজাৰ-হাজাৰ বছৰৰ অমৰ ধাৰণা বুলি প্ৰতিপন্ন কৰিছে। আজি আমি স্বাধীনতাৰ ‘অমৃত কাল’ত আমাৰ ঐতিহ্যক লৈ গৌৰৱ কৰাৰ অংগীকাৰেৰে এই ধাৰণাটোক আগুৱাই নিছো।

বন্ধুসকল,

আমাৰ মন্দিৰ আৰু তীৰ্থযাত্ৰাসমূহ যুগ-যুগ ধৰি আমাৰ সমাজৰ মূল্যবোধ আৰু সমৃদ্ধিৰ প্ৰতীক হৈ আহিছে। মই আনন্দিত যে শ্ৰী সীতা ৰাম স্বামী মন্দিৰে প্ৰাচীন ভাৰতৰ গৰিমা সংৰক্ষণ কৰি ৰাখিছে। আপোনালোকে মন্দিৰৰ পৰম্পৰাকো আগুৱাই লৈ গৈছে য’ত সমাজৰপৰা পোৱা সম্পদৰাজি সেৱা হিচাপে ঘূৰাই দিয়াৰ ব্যৱস্থা আছিল। মই জানিব পাৰিছো যে এই মন্দিৰৰ জৰিয়তে একাধিক জনকল্যাণমূলক কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছে। এই প্ৰচেষ্টাসমূহত মন্দিৰে দেশখনৰ অধিক সংকল্প সংযোজন কৰাটো মই কামনা কৰিছো। শ্ৰী অন্ন অভিযানেই হওঁক, স্বচ্ছতা অভিযানেই হওঁক বা প্ৰাকৃতিক কৃষিৰ প্ৰতি জনসচেতনতাই হওঁক, এই প্ৰচেষ্টাক আপোনাসৱে অধিক গতি প্ৰদান কৰিব পাৰে। মই নিশ্চিত যে শ্ৰী সীতা ৰাম স্বামী জীৰ আশীৰ্বাদ সকলোৰে ওপৰত পৰিব আৰু আমি দেশৰ সংকল্পৰ বাবে কাম কৰি যাম। আকৌ এবাৰ আপোনালোক সকলোকে এই শুভ অনুষ্ঠানত অশেষ অভিনন্দন জ্ঞাপন কৰিলোঁ।

বহু-বহু ধন্যবাদ।

 

  • कृष्ण सिंह राजपुरोहित भाजपा विधान सभा गुड़ामा लानी November 21, 2024

    जय श्री राम 🚩 वन्दे मातरम् जय भाजपा विजय भाजपा
  • Devendra Kunwar October 08, 2024

    BJP
  • दिग्विजय सिंह राना September 20, 2024

    हर हर महादेव
  • JBL SRIVASTAVA May 27, 2024

    मोदी जी 400 पार
  • Vaishali Tangsale February 12, 2024

    🙏🏻🙏🏻✌️❤️
  • ज्योती चंद्रकांत मारकडे February 11, 2024

    जय हो
  • ज्योती चंद्रकांत मारकडे February 11, 2024

    जय हो
  • Babla sengupta December 23, 2023

    Babla sengupta
  • Sunu Das May 17, 2023

    🚨🚨🚨🚨🚨🚨🚨🚨🚨🚨🚨🚨🚨🚨🚨Aisa hi agar Bangal mein kam hote Raha to next Bangal aapka hi hoga Abhishek Banerjee Jaise ground level mein jakar kam kar raha hai aapka neta log ko bhi ground level mein jakar kam karna padega Bangal ka next CM 🔥suvendu Adhikari 🥹🥹🥹🥹🥹🥹🥹🥹🥹🥹🥹🥹🥹🥹🥹🥹🥹 baki. Jay shree Ram 🚩,🙏😔 USA aap ja rahe hain na bahut jald baat karne Joe Biden se social 🙍media ka co se bhi baat kar lena aapka YouTube channel mein views nahin aata hai views down kar ke rakha hai jo jo kam kar rahe hain Janata ko pata chalega tabhi na vote milega aapka video YouTube recommend hi nahin karta hai 🤷🤷🤷🤷🤷🤷🤷🤷🤷🤷🤷🤷🤷🤷🤦
  • Rohit Saini May 07, 2023

    भारत माता की जय
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
From Digital India to Digital Classrooms-How Bharat’s Internet Revolution is Reaching its Young Learners

Media Coverage

From Digital India to Digital Classrooms-How Bharat’s Internet Revolution is Reaching its Young Learners
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM chairs PRAGATI meeting
May 28, 2025
QuotePM reviews Mega Infrastructure Projects Worth Over Rs 62,000 Crore
QuotePM stresses on timely completion of Projects Delays; Urges prioritisation of efficiency and accountability
QuotePM asks State Governments to ensure mandatory registration of all eligible real estate projects under RERA
QuotePM urges to ensure quality and timeliness of grievance disposal to ensure justice and fairness for homebuyers
QuotePM examines best practices related to the Semiconductor Ecosystem in India

Prime Minister Shri Narendra Modi chaired the PRAGATI meeting, the ICT-based multi-modal platform for Pro-Active Governance and Timely Implementation, involving Centre and State governments, earlier today.

During the meeting, Prime Minister reviewed three major infrastructure projects with a cumulative cost of over Rs 62,000 crore, spanning the sectors of Road Transport, Power, and Water Resources located across various States and UTs. Emphasizing the strategic importance of these projects, he called for concerted efforts to overcome implementation bottlenecks and ensure their timely completion.

Highlighting the adverse impact of project delays, Prime Minister reiterated that such setbacks not only inflate costs but also deprive citizens of essential services and infrastructure. He urged all stakeholders to prioritize efficiency and accountability, stressing that timely delivery is critical to maximizing socio-economic outcomes.

During a review of public grievances linked to the Real Estate Regulatory Authority (RERA), Prime Minister emphasized the need to improve the quality and timeliness of grievance disposal to ensure justice and fairness for homebuyers. He asked State Governments to ensure the mandatory registration of all eligible real estate projects under the RERA Act. The Prime Minister emphasized that strict compliance with RERA provisions is critical for restoring trust in the housing market.

Prime Minister examined notable best practices related to the development of the Semiconductor Ecosystem in India. He emphasized that such initiatives can serve as a guiding model for others and inspire broader adoption across States and UTs, thereby strengthening the National Semiconductor Mission.

Up to the present PRAGATI meetings, 373 projects having a total cost of around Rs 20.64 lakh crore have been reviewed.