“Though India is visible in the symbols, it lives in its knowledge and thought. India lives in its quest for the eternal”
“Our temples and pilgrimages have been symbols of the values and prosperity of our society for centuries”

নমস্কাৰম!

ত্ৰিশূৰ পূৰম উৎসৱ উপলক্ষে কেৰালা আৰু ত্ৰিশূৰৰ সকলো ভ্ৰাতৃ-ভগ্নীক অশেষ অভিনন্দন জনালোঁ। ত্ৰিশূৰ কেৰালাৰ সাংস্কৃতিক ৰাজধানী হিচাপে পৰিচিত। ইয়াত সংস্কৃতি বিদ্যমান, ইয়াত পৰম্পৰা আৰু কলাও আছে। আধ্যাত্মিকতাৰ লগতে দৰ্শনো আছে। উৎসৱৰ লগতে উল্লাসো আছে। মই ত্ৰিশূৰে এই ঐতিহ্য আৰু পৰিচয় জীয়াই ৰখাত সন্তোষ পাইছো। শ্ৰী সীতা ৰাম স্বামী মন্দিৰে বছৰ-বছৰ ধৰি চালিকা শক্তি হিচাপে কাম কৰি আহিছে। মই জানিব পাৰিছো যে এই মন্দিৰটোক এতিয়া অধিক ঐশ্বৰিক বুলি বিশ্বাস কৰা হয়। এই উপলক্ষে স্বৰ্ণ-খচিত এই পবিত্ৰ স্থানক ভগৱান শ্ৰী সীতা ৰাম, ভগৱান আয়াপ্পা আৰু ভগৱান শিৱৰ নামতো উচৰ্গা কৰা হৈছে।

আৰু বন্ধুসকল,

শ্ৰী সীতা ৰামৰ স্থানত শ্ৰী হনুমান নথকাটো অসম্ভৱ। সেয়েহে ৫৫ ফুট উচ্চতাৰ হনুমান জীৰ বিশাল প্ৰতিমূৰ্তিয়ে ভক্তসকলক আশীৰ্বাদ প্ৰদান কৰিব। এই উপলক্ষে সকলো ভক্তলৈ কুম্ভাভিষেকৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিশেষকৈ শ্ৰী টিএছ কল্যাণৰমণ জী আৰু কল্যাণ পৰিয়ালৰ সমূহ সদস্যলৈ অভিনন্দন জ্ঞাপন কৰিলোঁ। মোৰ মনত পৰিছে, বহু বছৰ পূৰ্বে গুজৰাটত এই মন্দিৰৰ মহিমা সম্পৰ্কে বিতংভাৱে জানিব পাৰিছিলো। আজি ভগৱান শ্ৰী সীতা ৰামজীৰ আশীৰ্বাদত মই এই শুভ অনুষ্ঠানৰ অংশ হৈছো। মন, হৃদয় আৰু চেতনাৰে মই অনুভৱ কৰিছো যে মই আপোনালোকৰ সৈতে মন্দিৰত আছো আৰু মই আধ্যাত্মিক শক্তিও অনুভৱ কৰিছো।

বন্ধুসকল,

ত্ৰিশূৰ আৰু শ্ৰী সীতা ৰাম স্বামী মন্দিৰ কেৱল বিশ্বাসৰ স্থলেই নহয়, বৰঞ্চ ভাৰতৰ চেতনা আৰু আত্মাৰো প্ৰতিফলন। মধ্যযুগত বিদেশী আগ্ৰাসনে আমাৰ মন্দিৰ আৰু কীৰ্তিৰাজি ধ্বংস কৰোতে তেওঁলোকে ভাবিছিল যে আতংকৰ জৰিয়তে ভাৰতৰ পৰিচয় ধ্বংস কৰিব পাৰি। কিন্তু তেওঁলোকে এই কথাও জানিছিল যে ভাৰতৰ যদিও প্ৰতীকৰাজিৰ জৰিয়তে প্ৰতিফলন ঘটিছে, তথাপিও ই নিজৰ জ্ঞান আৰু চিন্তাৰে সমৃদ্ধ। ভাৰতে নিজৰ চিৰন্তন সন্ধানেৰে জীয়াই আছে। এই কাৰণেই ভাৰত প্ৰতিটো প্ৰত্যাহ্বানৰ সন্মুখীন হৈয়ো জীয়াই আছে। সেইবাবেই ভাৰতৰ আত্মাই শ্ৰী সীতা ৰাম স্বামী আৰু ভগৱান আয়াপ্পাৰ ৰূপত নিজৰ অমৰত্ব ঘোষণা কৰিছে। সেই সময়ৰ এই মন্দিৰসমূহে ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ ধাৰণাটো হাজাৰ-হাজাৰ বছৰৰ অমৰ ধাৰণা বুলি প্ৰতিপন্ন কৰিছে। আজি আমি স্বাধীনতাৰ ‘অমৃত কাল’ত আমাৰ ঐতিহ্যক লৈ গৌৰৱ কৰাৰ অংগীকাৰেৰে এই ধাৰণাটোক আগুৱাই নিছো।

বন্ধুসকল,

আমাৰ মন্দিৰ আৰু তীৰ্থযাত্ৰাসমূহ যুগ-যুগ ধৰি আমাৰ সমাজৰ মূল্যবোধ আৰু সমৃদ্ধিৰ প্ৰতীক হৈ আহিছে। মই আনন্দিত যে শ্ৰী সীতা ৰাম স্বামী মন্দিৰে প্ৰাচীন ভাৰতৰ গৰিমা সংৰক্ষণ কৰি ৰাখিছে। আপোনালোকে মন্দিৰৰ পৰম্পৰাকো আগুৱাই লৈ গৈছে য’ত সমাজৰপৰা পোৱা সম্পদৰাজি সেৱা হিচাপে ঘূৰাই দিয়াৰ ব্যৱস্থা আছিল। মই জানিব পাৰিছো যে এই মন্দিৰৰ জৰিয়তে একাধিক জনকল্যাণমূলক কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছে। এই প্ৰচেষ্টাসমূহত মন্দিৰে দেশখনৰ অধিক সংকল্প সংযোজন কৰাটো মই কামনা কৰিছো। শ্ৰী অন্ন অভিযানেই হওঁক, স্বচ্ছতা অভিযানেই হওঁক বা প্ৰাকৃতিক কৃষিৰ প্ৰতি জনসচেতনতাই হওঁক, এই প্ৰচেষ্টাক আপোনাসৱে অধিক গতি প্ৰদান কৰিব পাৰে। মই নিশ্চিত যে শ্ৰী সীতা ৰাম স্বামী জীৰ আশীৰ্বাদ সকলোৰে ওপৰত পৰিব আৰু আমি দেশৰ সংকল্পৰ বাবে কাম কৰি যাম। আকৌ এবাৰ আপোনালোক সকলোকে এই শুভ অনুষ্ঠানত অশেষ অভিনন্দন জ্ঞাপন কৰিলোঁ।

বহু-বহু ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India stands tall in shaky world economy as Fitch lifts FY26 growth view to 7.5%

Media Coverage

India stands tall in shaky world economy as Fitch lifts FY26 growth view to 7.5%
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 14 মাৰ্চ 2026
March 14, 2026

Heartening Resolve Meets Bold Action: PM Modi's Transformative Push for a Developed Assam.