Share
 
Comments

আজি নতুন দিল্লীৰ লোক কল্যাণ মাৰ্গত থকা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত কাৰ্যালয়ৰ সকলো বিষয়া কৰ্মচাৰীৰ বাবে দীৱালী মিলন শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰা হয়। প্ৰধানমন্ত্ৰীয়ে সকলোকে দীপাৱলীৰ শুভেচ্ছাও জনায়।

সমগ্ৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলক তেওঁলোকৰ কৰ্মপৰায়নতাৰ বাবে প্ৰসংশা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰৰ দ্বাৰা কৰা আটাইবোৰ পৰিৱৰ্তনকামী কাম সফলতাৰে সম্ভৱ হোৱাৰ মূলতেই আছে কৰ্মচাৰীসকলৰ কঠোৰ পৰিশ্ৰম আৰু ধাৰাবাহিক প্ৰচেষ্টা। তেওঁ কৰ্মচাৰীসকলক বিগত বছৰটোত কি কি কাম হ’ল তাৰ এক খতিয়ান লৈ অনাগত বছৰটোত তাতোকৈ অধিক আৰু সফলতাৰ নতুন শিকৰত আৰোহন কৰিবলৈ উদগনি যোগায়।

প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সমগ্ৰ চৰকাৰখনৰ বাবেই এক আদৰ্শ হিচাপে কাম কৰে। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কেৱল কাম ৰূপায়নতেই সীমাবদ্ধ নহয়, বৰঞ্চ সকলোকে উদ্বুদ্ধ কৰে আৰু নেতৃত্বও বহন কৰে। সঠিক কৰ্মপৰায়ণতা আৰু প্ৰতিশ্ৰুতিবদ্ধতাৰে চৰকাৰৰ বাকীসকলৰ বাবেও আদৰ্শ অনুপ্ৰেৰণাৰ বাহক হ’বৰ বাবেও এই কাৰ্যালয়ৰ কৰ্মচাৰীসকলক আহ্বান জনায়। অহা ২০২২ চনত ভাৰতে স্বাধীনতাৰ ৭৫ তম স্বাধীনতা দিৱস উদযাপনৰ পূৰ্বে উপনীত হ’বলগীয়া কিছুমান লক্ষ্যৰ বিষয়ে উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে কোটি কোটি দেশবাসীৰ আশা-আকাঙ্খা পূৰ কৰাৰ বাবে কাম কৰি যাব লাগে।

 

Explore More
৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
First batch of Agniveers graduates after four months of training

Media Coverage

First batch of Agniveers graduates after four months of training
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Secretary of the Russian Security Council calls on Prime Minister Modi
March 29, 2023
Share
 
Comments

Secretary of the Security Council of the Russian Federation, H.E. Mr. Nikolai Patrushev, called on Prime Minister Shri Narendra Modi today.

They discussed issues of bilateral cooperation, as well as international issues of mutual interest.