আজি নতুন দিল্লীৰ লোক কল্যাণ মাৰ্গত থকা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত কাৰ্যালয়ৰ সকলো বিষয়া কৰ্মচাৰীৰ বাবে দীৱালী মিলন শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰা হয়। প্ৰধানমন্ত্ৰীয়ে সকলোকে দীপাৱলীৰ শুভেচ্ছাও জনায়।

সমগ্ৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলক তেওঁলোকৰ কৰ্মপৰায়নতাৰ বাবে প্ৰসংশা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰৰ দ্বাৰা কৰা আটাইবোৰ পৰিৱৰ্তনকামী কাম সফলতাৰে সম্ভৱ হোৱাৰ মূলতেই আছে কৰ্মচাৰীসকলৰ কঠোৰ পৰিশ্ৰম আৰু ধাৰাবাহিক প্ৰচেষ্টা। তেওঁ কৰ্মচাৰীসকলক বিগত বছৰটোত কি কি কাম হ’ল তাৰ এক খতিয়ান লৈ অনাগত বছৰটোত তাতোকৈ অধিক আৰু সফলতাৰ নতুন শিকৰত আৰোহন কৰিবলৈ উদগনি যোগায়।

প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সমগ্ৰ চৰকাৰখনৰ বাবেই এক আদৰ্শ হিচাপে কাম কৰে। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কেৱল কাম ৰূপায়নতেই সীমাবদ্ধ নহয়, বৰঞ্চ সকলোকে উদ্বুদ্ধ কৰে আৰু নেতৃত্বও বহন কৰে। সঠিক কৰ্মপৰায়ণতা আৰু প্ৰতিশ্ৰুতিবদ্ধতাৰে চৰকাৰৰ বাকীসকলৰ বাবেও আদৰ্শ অনুপ্ৰেৰণাৰ বাহক হ’বৰ বাবেও এই কাৰ্যালয়ৰ কৰ্মচাৰীসকলক আহ্বান জনায়। অহা ২০২২ চনত ভাৰতে স্বাধীনতাৰ ৭৫ তম স্বাধীনতা দিৱস উদযাপনৰ পূৰ্বে উপনীত হ’বলগীয়া কিছুমান লক্ষ্যৰ বিষয়ে উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে কোটি কোটি দেশবাসীৰ আশা-আকাঙ্খা পূৰ কৰাৰ বাবে কাম কৰি যাব লাগে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's forex reserves hit all-time high of $729.33 billion after $12.42 billion jump

Media Coverage

India's forex reserves hit all-time high of $729.33 billion after $12.42 billion jump
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 আগষ্ট 2026
August 29, 2026

New India, New Speed, New Stage: Missiles, Medals, Multilateralism under PM Modi