Time Magazine wrote that if there was one person who could unite the nation and heal its wounds, it was Sardar Patel: PM Modi during #MannKiBaat
Sardar Patel’s Jayanti on October 31st this year will be special, as on this day we will pay him the true homage by dedicating ‘State of Unity’ to the nation: PM Modi #MannKiBaat
Spirit, strength, skill, stamina - these are all critical elements in sports: PM Narendra Modi during #MannKiBaat
Was glad to meet the medal winners of Asian Para Games 2018 held in Jakarta. The players won a staggering 72 medals, thus creating a new record and elevating the pride of India: PM Modi #MannKiBaat
Had the opportunity to meet the winners of Summer Youth Olympics 2018 which were held in Argentina. Our players have performed the best ever in the Youth Olympics 2018: PM during #MannKiBaat
India has a golden history in hockey. In the past, not only India has got gold medals in many competitions but has also won the World Cup once: PM during #MannKiBaat
The way in which Indians are stepping forward to volunteer towards social causes is turning out to be an inspiration for the entire nation and thrusting its people with passion: PM #MannKiBaat
Living in harmony with nature has been involved in the culture of our tribal communities. Our tribal communities worship the trees and flowers as gods and goddesses: PM #MannKiBaat
World War I was a landmark event for India. We had no direct contact with that war. Despite this, our soldiers fought bravely and played a big role and gave supreme sacrifice: PM #MannKiBaat
Development of poorest of the poor is the true symbol of peace: PM Narendra Modi during #MannKiBaat
The charm of the Northeast is something else. The natural beauty of Northeast is unique and people here are very talented: PM during #MannKiBaat

মোৰ মৰমৰ দেশবাসীসকল৷ আপোনালোক সকলোকে নমস্কাৰ৷ ৩১ অক্টোবৰত আমাৰ সকলোৰে প্ৰিয় চৰ্দাৰ বল্লভ ভাই পেটেলৰ জয়ন্তী আৰু বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো ‘ৰাণ ফৰ ইউনিটী’ৰ বাবে দেশৰ যুৱ প্ৰজন্ম একতাৰ হকে দৌৰিবলৈ সাজু হৈছে৷ এতিয়া বতৰো সুন্দৰ আৰু সেইবাবে ‘ৰাণ ফৰ ইউনিটী’ৰ বাবে উৎসাহো অধিক হ’ব৷ মোৰ আহ্বান যে আপোনালোক সকলোৱে বৃহৎ সংখ্যাত এই ‘ৰাণ ফৰ ইউনিটী’ত দলেবলে অংশগ্ৰহণ কৰক৷ স্বাধীনতাৰ প্ৰায় চাৰে ছয়মাহ পূৰ্বে ২৭ জানুৱাৰী ১৯৪৭ তাৰিখে বিশ্বৰ প্ৰসিদ্ধ আন্তৰ্জাতিক আলোচনী ‘টাইম মেগাজিনে’ যি সংস্কৰণ প্ৰকাশ কৰিছিল, তাৰে মুখ্য পৃষ্ঠাত চৰ্দাৰ পেটেলৰ আলোকচিত্ৰ আছিল৷ তেওঁলোকৰ প্ৰধান খবৰত ভাৰতৰ এখন নক্সা তেওঁলোকে প্ৰকাশ কৰিছিল আৰু সেই নক্সা আজি আমি যেনে দেখোঁ তেনে নাছিল৷ সেয়া এনে এক নক্সা আছিল য’ত ভাৰতক কেইবাটাও ভাগত ভাগ কৰা হৈছিল৷ তেতিয়া ৫৫০ত কৈও অধিক দেশীয় ৰাজশাসন আছিল৷ ভাৰতৰ প্ৰতি ইংৰাজৰ ৰুচি সমাপ্ত হ’লেও তেওঁলোকে দেশখনক বহুতো ভাগত ভাগ কৰি থৈ যাব বিচাৰিছিল৷ ‘টাইম মেগাজিনে’ লিখিছিল যে ভাৰতত বিভাজন, হিংসা, খাদ্য সংকট, মূল্যবৃদ্ধি আৰু শাসনৰ ৰাজনীতিৰ দৰে বিপদে দেখা দিছে৷ ‘টাইম মেগাজিনে’ এয়াও লিখিছিল যে এই সকলোবোৰৰ মাজত দেশক একতাৰ ডোলৰে বান্ধিবলৈ তথা এই আঘাতসমূহক যদি কোনোবাই উপশম কৰিব পাৰে তেন্তে সেয়া হ’ল চৰ্দাৰ বল্লভ ভাই পেটেল৷ ‘টাইম মেগাজিন’ৰ খবৰত লৌহ পুৰুষজনৰ জীৱনৰ আন এটা দিশো প্ৰকাশিত হৈছিল৷ কিদৰে তেওঁ ১৯২০ৰ দশকত আহমেদাবাদত হোৱা বানপানীত সাহাৰ্যৰ ব্যৱস্থা কৰিছিল৷ কিদৰে তেওঁ বাৰডোলী সত্যাগ্ৰহক আগুৱাই নিছিল৷ দেশৰ বাবে তেওঁৰ দায়বদ্ধতা আৰু প্ৰতিশ্ৰুতি এনে আছিল যে কৃষক, শ্ৰমিকৰ পৰা আৰম্ভ কৰা উদ্যোগপতিলৈ সকলোৱে তেওঁক বিশ্বাস কৰিছিল৷ গান্ধীজীয়ে চৰ্দাৰ পেটেলক কৈছিল যে ৰাজ্যসমূহৰ সমস্যা ইমানেই যে কেৱল আপুনিহে ইয়াৰ সমাধান কৰিব পাৰিব আৰু চৰ্দাৰ পেটেলে এটা এটা কৈ সমাধান উলিয়াই দেশক একতাৰ ডোলত বান্ধি অসম্ভৱক সম্ভৱ কৰি তুলিছিল৷ তেওঁ সকলো সকলো ৰাজশাসন বিলুপ্ত কৰিছিল৷ জুনাগড়েই হওক অথবা হায়দৰাবাদ, শ্ৰাৱণকোৰেই হওক অথবা ৰাজস্থানৰ ৰাজশাসন- তেওঁ চৰ্দাৰ পেটেলেই আছিল যাৰ বিচক্ষণতা আৰু কূটনৈতিক কৌশলৰ দ্বাৰা আজি আমি একক ভাৰত দেখিবলৈ পাইছোঁ৷ একতাৰ বন্ধনত বন্ধা এই ৰাষ্ট্ৰক, আমাৰ ভাৰত মাতৃক দৰ্শন কৰি আমি স্বাভাৱিকতে চৰ্দাৰ বল্লভ ভাই পেটেলৰ পুণ্য স্মৃতি স্মৰণ কৰিছোঁ৷ এই ৩১ অক্টোবৰত চৰ্দাৰ পেটেলৰ জয়ন্তী আৰু অধিক বিশেষ ৰূপত পালন কৰা হ’ব- সেইদিনা চৰ্দাৰ পেটেলক প্ৰকৃত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰি আমি ষ্টেচু অব্ ইউনিটী ৰাষ্ট্ৰলৈ সমৰ্পিত কৰিম৷ গুজৰাটত নৰ্মদা নদীৰ তীৰত স্থাপিত এই প্ৰতিমাৰ উচ্চতা আমেৰিকাৰ ষ্টেচু অব্ লিবাৰ্টীতকৈও দুগুণ৷ এয়া বিশ্বৰ সবাতোকৈ ওখ গগনচুম্বী প্ৰতিমা৷ প্ৰতিজন ভাৰতীয়ই এতিয়া গৰ্ব কৰিব পাৰিব যে বিশ্বৰ সকলোতকৈ ওখ প্ৰতিমা ভাৰতৰ ভূমিত আছে৷ চৰ্দাৰ পেটেল যি মাটিৰ সৈতে জড়িত আছিল, তেওঁ এতিয়া আকাশৰ শোভাবৰ্ধন কৰিব৷ মই আশা প্ৰকাশ কৰিছোঁ যে দেশৰ প্ৰতিজন নাগৰিকে ‘ধৰিত্ৰী-মাতৃ’ৰ এই মহান উপলব্ধিৰ সৈতে বিশ্বৰ সন্মুখত গৰ্বৰ সৈতে বুকু ফুলাই, মূৰ থিয় কৰি ইয়াৰ গৌৰৱ গান কৰিব আৰু স্বাভাৱিকতে প্ৰত্যেকজন ভাৰতীয়ই এই ষ্টেচু অব্ ইউনিটী প্ৰত্যক্ষ কৰিবলৈ বিচাৰিব আৰু মোৰ বিশ্বাস যে ভাৰতৰ প্ৰতিটো কোণৰ লোকে এতিয়া এই স্থানকো প্ৰিয় স্থানৰ হিচাপত বাচনি কৰিব৷

মোৰ মৰমৰ ভাতৃ-ভগ্নীসকল, কালি আমি সকলো দেশবাসীয়ে ‘Infantry Day’ পালন কৰিলো৷ মই তেওঁলোক সকলোকে নমস্কাৰ জনাইছোঁ যি ভাৰতীয় সেনাৰ সৈতে জড়িত৷ মই আমাৰ সৈনিকসকলৰ পৰিয়ালকো তেওঁলোকৰ সাহসৰ বাবে ছেল্যুট প্ৰদান কৰিছোঁ, কিন্তু আপোনালোকে জানেনে যে আমি সকলো ভাৰতৰ নাগৰিকে এই ‘Infantry Day’ কিয় পালন কৰোঁ? এই দিনটোতেই ভাৰতীয় সেনাই কাশ্মীৰৰ ভূমিৰ পৰা অনুপ্ৰৱেশকাৰীসকলক উৎখাট কৰিছিল৷ এই ঐতিহাসিক ঘটনাৰ সৈতে চৰ্দাৰ বল্লভ ভাই পেটেলৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক আছে৷ মই ভাৰতৰ মহান সেনা বিষয়া ছেম মানেকশ্ব’ৰ এটা পুৰণি সাক্ষাৎকাৰ পঢ়ি আছিলো৷ সেই সাক্ষাৎকাৰটোত ফিল্ড মাৰ্শ্বেল মানেকশ্ব’ই সেই সময়ৰ স্মৃতি সোঁৱৰণ কৰিছিল যেতিয়া তেওঁ এজন কৰ্ণেল আছিল৷ সেই সময়ত ১৯৪৭ চনৰ অক্টোবৰত কাশ্মীৰত এক সেনা অভিযান আৰম্ভ হৈছিল৷ ফিল্ড মাৰ্শ্বেল মানেকশ্ব’ই কৈছিল যে কিদৰে এক বৈঠকৰ সময়চোৱাত কাশ্মীৰলৈ সেনা প্ৰেৰণত বিলম্ব কৰাত চৰ্দাৰ বল্লভ ভাই পেটেল ক্ৰোধান্বিত হৈ উঠিছিল৷ চৰ্দাৰ পেটেলে বৈঠকৰ সময়ত নিজস্ব ভংগীমাৰে তেওঁৱৈ চাই কৈছিল যে কাশ্মীৰলৈ সেনা অভিযানত যাতে অকণো বিলম্ব নহয় আৰু অতি সোনকালে ইয়াৰ সমাধান উলিয়াব লাগে৷ ইয়াৰ পিছত কাশ্মীৰলৈ সৈন্য প্ৰেৰণ কৰা হ’ল আৰু আমি ভাৰতীয় সেনাৰ সফলতা দেখিবলৈ পালো৷ ৩১ অক্টোবৰত আমাৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী শ্ৰীমতী ইন্দিৰা গান্ধীৰো পুণ্যতিথি৷ ইন্দিৰাজীতো আদৰৰে শ্ৰদ্ধাঞ্জলী যাচিছোঁ৷

মোৰ মৰমৰ দেশবাসীসকল, খেল কোনে ভাল নাপায়৷ খেল জগতৰ spirit, strength, skill, stamina- এই সকলো কথা অতি গুৰুত্বপূৰ্ণ৷ এয়া কোনো খেলুৱৈৰ সফলতাৰ কাৰণ হ’ব পাৰে আৰু এই চাৰিটা গুণেই কোনো ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে গুৰুত্বপূৰ্ণ হ’ব পাৰে৷ কোনো দেশৰ যুৱ প্ৰজন্মৰ ভিতৰত যদি এই চাৰিটা গুণ থাকে তেন্তে দেশে কেৱল অৰ্থব্যৱস্থা, বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত উৎকৰ্ষ লাভ কৰাই নহয় ক্ৰীড়া ক্ষেত্ৰতো অগ্ৰগতি লাভ কৰিব৷ অলপতে মই দুটা স্মৰণীয় ঘটনাৰ সন্মুখীন হ’লো৷ প্ৰথমে জাকাৰ্টাত হোৱা এছিয়ান পেৰা গেমছ ২০১৮ বৰ্ষৰ আমাৰ পেৰা এথলীটসকলৰ সৈতে সাক্ষাৎ কৰাৰ সৌভাগ্য হ’ল৷ এই ক্ৰীড়াত ভাৰতে মুঠ ৭২টা পদকেৰে এক নতুন অভিলেখ ৰচনা কৰি ভাৰতৰ গৌৰৱ বৃদ্ধি কৰিছে৷ এই সকলো প্ৰতিভাৱান পেৰা এথলীটৰ সৈতে মই স্বয়ং লগ কৰাৰ সৌভাগ্য লাভ কৰিলো আৰু তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিলো৷ তেওঁলোকৰ দৃঢ় ইচ্ছাশক্তি আৰু প্ৰতিটো প্ৰতিকূল পৰিস্থিতিৰ সৈতে যুঁজি আগবঢ়াৰ তেওঁলোকৰ উৎসাহে আমি দেশবাসীসকলক উৎসাহিত কৰে৷ এইদৰে আৰ্জেণ্টিনাত হোৱা ছামাৰ ইয়থ অলিম্পিকছ ২০১৮ চনৰ বিজেতাসকলৰ সৈতে সাক্ষাৎ কৰাৰ সৌভাগ্য লাভ কৰিলো৷ আপোনালোকে এয়া জানি সন্তোষ পাব যে ইয়থ অলিম্পিকছ ২০১৮ত আমাৰ খেলুৱৈসকলে এইবাৰ আগতকৈও উন্নত প্ৰদৰ্শন কৰিছে৷ এই আয়োজনত আমি ১৩টা পদকৰ উপৰিও মিক্স ইভেণ্টত ৩টা পদক অৰ্জন কৰিছোঁ৷ আপোনালোকৰ মনত আছে চাগে এইবাৰ এছিয়ান গেমছতো ভাৰতে উন্নত প্ৰদৰ্শন কৰিছে৷ চাওক, কেইমিনিটমান পূৰ্বে মই আপোনালোকৰ সন্মুখত কিমানবাৰ এই পৰ্যন্ত, উন্নত প্ৰদৰ্শন আদি শব্দৰ ব্যৱহাৰ কৰিছোঁ৷ এয়াই হ’ল আজিৰ ভাৰতীয় খেলৰ কাহিনী যি আকাশ স্পৰ্শ কৰিছে৷ ভাৰতে কেৱল খেলতেই নহয়, এনেকুৱা কিছুমান ক্ষেত্ৰতো নতুন অভিলেখ সৃষ্টি কৰিছে যাৰ বিষয়ে কেতিয়াও চিন্তা কৰা হোৱা নাছিল৷ উদাহৰণ স্বৰূপে আপোনালোকক পেৰা এথলীট নাৰায়ণ ঠাকুৰৰ বিষয়ে ক’ব খুজিছোঁ৷ তেওঁ ২০১৮ চনৰ এছিয়ান পেৰা গেমছত দেশৰ হৈ এথলীট শাখাত সোণৰ পদক জয় কৰিছে৷ তেওঁ জন্মৰ পৰাই দিব্যাংগ৷ আঠ বছৰ বয়সত তেওঁ নিজৰ পিতৃক হেৰুৱাইছিল৷ পিছৰ আঠ বছৰ তেওঁ অনাথালয়ত আছিল৷ অনাথালয় এৰাৰ পিছত জীৱনৰ গাড়ী আগুৱাই নিবলৈ তেওঁ ডিটিচিৰ বাছসমূহ পৰিষ্কাৰ কৰিবলৈ আৰু দিল্লীৰ ৰাস্তাৰ কাষৰ ধাবাসমূহত ৱেটাৰৰ কাম কৰিবলৈ আৰম্ভ কৰিলে৷ আজি সেইজন নাৰায়ণেই আন্তৰ্জাতিক প্ৰতিযোগিতাত ভাৰতৰ বাবে সোণৰ পদক জয় কৰিছে৷ এয়াই নহয়, ভাৰতৰ খেলৰ উৎকৃষ্টতাৰ পৰিসীমা প্ৰত্যক্ষ কৰক, ভাৰতে জুডোত কেতিয়াও, সেয়া জ্যেষ্ঠ শাখাতেই হওক অথবা কনিষ্ঠ শাখাতেই হওক, কেতিয়াও অলিম্পিকৰ মেডেল জয় কৰিব পৰা নাই৷ কিন্তু তবাবী দেৱীয়ে ইয়থ অলিম্পিকত জুডোত ৰূপৰ পদক জয় কৰি ইতিহাস ৰচনা কৰিলে৷ ১৬ বৰ্ষীয় যুৱ খেলুৱৈ তবাবী দেৱী মণিপুৰৰ এখন গাঁৱৰ বাসিন্দা৷ তেওঁৰ পিতৃ এজন শ্ৰমিক আৰু মাকে মাছ বিক্ৰী কৰি ঘৰ চলাই৷ কিমানবাৰ এনে হৈছে যে তেওঁলোকৰ খাবলৈও টকা নাই৷ এনে পৰিস্থিতিতো তবাবী দেৱীয়ে সাহস হেৰুওৱা নাছিল৷ আৰু তেওঁ দেশৰ বাবে মেডেল জয় কৰি ইতিহাস ৰচনা কৰিলে৷ এনেকুৱা অসংখ্য কথা আছে৷ সকলোৰে জীৱন প্ৰেৰণাৰ স্ৰোতস্বৰূপ৷ সকলো যুৱ খেলুৱৈৰ উদ্দীপনা নতুন ভাৰতৰ পৰিচয়স্বৰূপ৷

মোৰ মৰমৰ দেশবাসীসকল, আপোনালোকৰ মনত আছে, আমি ২০১৭ চনত ফিফা ১৭ অনুৰ্ধ বিশ্বকাপৰ সফল আয়োজন কৰিছিলো৷ সমগ্ৰ বিশ্বই ইয়াক সফল টুৰ্ণামেণ্ট হিচাপে প্ৰশংসা কৰিছিল৷ ফিফা ১৭ অনুৰ্ধ বিশ্বকাপত দৰ্শকৰ সংখ্যাইও এক অভিলেখ ৰচনা কৰিছিল৷ দেশৰ বিভিন্ন ষ্টেডিয়ামত ১২লাখতকৈও অধিক লোকে ফুটবল মেচৰ আনন্দ উপভোগ কৰিছিল আৰু যুৱ খেলুৱৈসকলৰ উৎসাহ বৃদ্ধি কৰিছিল৷ এইবাৰ ভাৰতে ভূৱনেশ্বৰত পুৰুষ হকী বিশ্বকাপ ২০১৮ৰ আয়োজন কৰাৰ সৌভাগ্য লাভ কৰিছে৷ হকী বিশ্বকাপ ২০১৮ নৱেম্বৰৰ পৰা আৰম্ভ হৈ ১৬ ডিচেম্বৰলৈ চলিব৷ প্ৰত্যেক ভাৰতীয়ৰে লাগিলে তেওঁ যি খেলকেই খেলক অথবা যি খেলতেই ৰুচি নাথাকক কিয়, হকীৰ প্ৰতি এক আকৰ্ষণ তেওঁৰ মনত অৱশ্যেই থাকে৷ ভাৰতৰ হকীৰ এক স্বৰ্ণীল ইতিহাস আছে৷ অতীতত ভাৰতে বিভিন্ন প্ৰতিযোগিতাত স্বৰ্ণ লাভ কৰিছে আৰু এবাৰ বিশ্বকাপো জয় কৰিছে৷ ভাৰতে হকীৰ কেইবাজনো মহান খেলুৱৈৰ জন্ম দিছে৷ বিশ্বত যেতিয়াই হকীৰ চৰ্চা হ’ব তেতিয়াই ভাৰতৰ এই মহান খেলুৱৈসকলৰ অবিহনে হকীৰ কাহিনী আধৰুৱা হ’ব৷ হকীৰ যাদুকৰ মেজৰ ধ্যানচাঁদৰ কথা সমগ্ৰ বিশ্বই জানে৷ তেওঁৰ পিছত বলৱিন্দৰ সিং  জ্যেষ্ঠ, লেচলী ক্ল’ডিয়াছ, মোহম্মদ শ্বাহিদ, উধম সিঙৰ পৰা আৰম্ভ কৰি ধনৰাজ পিল্লাই পৰ্যন্ত হকীয়ে এক বৃহৎ পৰিক্ৰমা কৰিছে৷ আজিও টীম ইণ্ডিয়াৰ খেলুৱৈসকলে নিজৰ পৰিশ্ৰম আৰু সাধনাৰ জৰিয়তে পোৱা সাফল্যসমূহৰ দ্বাৰা হকীৰ নতুন প্ৰজন্মক উৎসাহিত কৰি আহিছে৷ ক্ৰীড়াপ্ৰেমীসকলৰ বাবে ৰোমাঞ্চক খেল উপভোগ কৰাটো এক সুন্দৰ অৱকাশ৷ ভূৱনেশ্বৰলৈ যাওক আৰু কেৱল ভাৰতীয় দলৰেই নহয়, সকলো দলৰ উৎসাহ বৃদ্ধি কৰক৷ উৰিষ্যা এনে এক ৰাজ্য যাৰ নিজৰ গৌৰৱপূৰ্ণ ইতিহাস আছে, সমৃদ্ধ, সাংস্কৃতিক ঐতিহ্য আছে আৰু তাৰে বাসিন্দসকলো অতি উৎসাহীও৷ ক্ৰীড়া প্ৰেমীসকলৰ বাবে উৰিষ্য দৰ্শনো এক সুন্দৰ সুযোগ হ’ব৷ খেলৰ আনন্দৰ সৈতে কোণাৰ্কৰ সূৰ্য মন্দিৰ, পুৰীৰ ভগবান জগন্নাথৰ মন্দিৰ আৰু চিল্কা হ্ৰদৰ সৈতে বিশ্বপ্ৰসিদ্ধ দৰ্শনীয় আৰু পবিত্ৰ স্থানসমূহ নিশ্চয় দৰ্শন কৰিব৷ মই এই প্ৰতিযোগিতাৰ বাবে ভাৰতীয় পুৰুষ হকী দলক শুভকামনা জনাইছোঁ আৰু তেওঁলোকক আশ্বাস দিছোঁ যে এশ পঁচিছ কোটি ভাৰতীয় তেওঁলোকৰ সৈতে আছে, তেওঁলোকক সমৰ্থন প্ৰদান কৰিছে আৰু ভাৰতলৈ অহা বিশ্বৰ অন্য দলসমূহকো অশেষ শুভকামনা জনাইছোঁ৷

মোৰ মৰমৰ দেশবাসীসকল, সামাজিক কাৰ্যৰ বাবে যিদৰে লোকসকল ওলাই আহিছে, স্বেচ্ছাসেৱী হৈছে, সেয়া দেশৰ বাবেই প্ৰেৰণাদায়ক কাৰ্য হিচাপে বিবেচিত হৈছে৷ এনেও সেৱা পৰমো ধৰ্মঃ ভাৰতৰ ঐতিহ্য৷ ই আমাৰ শতিকা পুৰণি পৰম্পৰা আৰু সমাজৰ প্ৰতিটো কোণত, সকলো ক্ষেত্ৰত ইয়াৰ সুগন্ধ আজিও আমি অনুভৱ কৰিব পাৰিছোঁ৷ কিন্তু নতুন যুগত নতুন ধৰণে নতুন প্ৰজন্ম, নতুন উৎসাহেৰে, নতুন সপোনৰ সৈতে এই কাম কৰাৰ বাবে আজি সকলো আগবাঢ়ি আহিছে৷ কেইদিনমান পূৰ্বে মই এক অনুষ্ঠানলৈ গৈ এক প’ৰ্টেল মুকলি কৰিছিলো যাৰ নাম হ’ল- ‘Self 4 Society’, মাই গ’ভ আৰু দেশৰ তথ্য প্ৰযুক্তি তথা বৈদ্যুতিক বিভাগে নিজৰ কৰ্মচাৰীসকলক সামাজিক কৰ্মৰ বাবে উৎসাহিত কৰিবলৈ তথা তেওঁলোকক এই সুবিধা প্ৰদান কৰিবলৈ এই প’ৰ্টেল মুকলি কৰিছে৷ এই কাৰ্যৰ বাবে তেওঁলোকৰ যি উৎসাহ পৰিলক্ষিত হৈছে , সেয়া প্ৰত্যক্ষ কৰি সকলো ভাৰতীয়ই গৰ্ব অনুভৱ কৰিব৷ আইটিৰ পৰা সমাজ, মইৰ পৰা আমি, অহমৰ পৰা বয়ম, স্বৰ পৰা সমষ্টিলৈ যাত্ৰা ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে৷ কোনোবাই শিশুক পঢ়ুৱাই আছে, কোনোবাই প্ৰাপ্ত বয়স্কক পঢ়ুৱই আছে, কোনোবা স্বচ্ছতা কৰ্মৰ সৈতে জড়িত, কোনোবাই কৃষকক সহায় কৰি আছে আৰু ইয়াৰ অন্তৰালত কোনো লালসা নাই, ইয়াৰ পৰিৱৰ্তে ইয়াত সমৰ্পণ আৰু সংকল্পৰ এক নিঃস্বাৰ্থ ভাব আছে৷ এজন যুৱকে দিব্যাংগৰ হুইলচেয়াৰ বাস্কেটবলৰ দলক সহায় কৰিবলৈ নিজে হুইলচেয়াৰ বাস্কেটবল শিকিলে৷ এই যি উৎসাহ, এই যি সমৰ্পণ- এয়া অভিযানভিত্তিক কাৰ্যকলাপ৷ ইয়াৰ দ্বাৰা ভাৰতীয়সকলে গৰ্ব নকৰিবনে? নিশ্চয় কৰিব! ‘মই নহয় আমি’ৰ এই ভাবনাই আমাক সকলোকে প্ৰেৰণা দিব৷

মোৰ মৰমৰ ভাতৃ-ভগ্নীসকল, এইবাৰ যেতিয়া মই ‘মন কী বাত’ত আপোনালোকৰ চিন্তা-পৰামৰ্শ প্ৰত্যক্ষ কৰিছিলো তেতিয়া মই পুডুচেৰীৰ শ্ৰী মনীষ মহাপাত্ৰৰ এক ৰোমাঞ্চকৰ টিপ্পনী দেখিবলৈ পালো৷ তেওঁ মাই গ’ভত লিখিছে- ‘অনুগ্ৰহ কৰি ‘মন কী বাত’ত ভাৰতৰ জনজাতিসকলে কিদৰে তেওঁলোকৰ ৰীতি-নীতি আৰু পৰম্পৰা প্ৰকৃতিৰ সৈতে অস্তিত্বৰ সৰ্বশ্ৰেষ্ঠ উদাহৰণ দিবলৈ সমৰ্থ হৈছে এই বিষয়ে যেন চৰ্চা কৰে৷’ বহনক্ষম উন্নয়নৰ বাবে কিদৰে তেওঁলোকৰ পৰম্পৰাক আমি নিজৰ জীৱনত প্ৰয়োগ কৰিব লাগে, তেওঁলোকৰ পৰা কি কি শিকিব লাগে৷ মনীষ মহোহয়- এই বিষয়ত ‘মন কী বাত’ৰ শ্ৰোতাৰ সন্মুখত প্ৰস্তুত কৰাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ৷ এয়া এনেকুৱা এক বিষয় যি আমাক আমাৰ গৌৰৱপূৰ্ণ ইতিহাস আৰু সংস্কৃতি প্ৰত্যক্ষ কৰাৰ বাবে উৎসাহিত কৰে৷ আজি সমগ্ৰ বিশ্ব বিশেষ ৰূপত পশ্চিমীয়া দেশৰ পৰিবেশ সংৰক্ষণৰ চৰ্চা কৰি আছে আৰু সন্তুলিত জীৱনশৈলী ভাৰসাম্য জীৱনৰ বাবে নতুন পথৰ সন্ধান কৰি আছে৷ অৱশ্যে আমাৰ ভাৰতবৰ্ষও এই সমস্যাৰ সন্মুখীন নোহোৱাটো নহয়, কিন্তু ইয়াৰ সমাধানৰ বাবে আমি কেৱল নিজৰ ভিতৰলৈ ভুমুকিয়াই চাব লাগিব, নিজৰ সমৃদ্ধ ইতিহাস, পৰম্পৰা প্ৰত্যক্ষ কৰিব লাগিব, বিশেষকৈ আমাৰ জনজাতি সম্প্ৰদায়ৰ জীৱন-শৈলী লক্ষ্য কৰিব লাগিব৷ প্ৰকৃতিৰ সৈতে সামঞ্জস্য বৰ্তাই ৰখাটো আমাৰ আদিবাসী সম্প্ৰদায়ৰ সংস্কৃতিৰ এক অংগ৷ আমাৰ আদিবাসী ভাই-ভনীসকলে গছ-বন আৰু ফুলৰ পূজা দেৱ-দেৱীৰ দৰে কৰে৷ মধ্য ভাৰতৰ ভীল জনজাতিৰ মাজত বিশেষকৈ মধ্য প্ৰদেশ আৰু ছট্টিশগড়ত মানুহে বট গছ আৰু অৰ্জুন গছক শ্ৰদ্ধাৰে পূজা কৰে৷ ৰাজস্থানৰ দৰে মৰুভূমিত বিষ্ণই সমাজে পৰিবেশ সংৰক্ষণৰ পথ আমাক দেখুৱাইছে৷ বিশেষকৈ বৃক্ষৰ সংৰক্ষণৰ সন্দৰ্ভত তেওঁলোকে নিজৰ জীৱন পৰিত্যাগ কৰিব কিন্তু এদাল বৃক্ষৰো লোকচান হ’বলৈ নিদিব৷ অৰুণাচলৰ মিচিমি জনজাতিয়ে বাঘৰ সৈতে নিজৰ সম্পৰ্ক দাবী কৰে৷ তেওঁলোকে বাঘক ভাই-ভনী হিচাপে স্বীকাৰ কৰে৷ নাগালেণ্ডতো বাঘক বনৰ ৰক্ষক হিচাপে স্বীকাৰ কৰা হয়৷ মহাৰাষ্ট্ৰৰ বাৰ্লি সম্প্ৰদায়ৰ লোকে বাঘক অতিথি হিচাপে মানে আৰু তেওঁলোকৰ বাবে বাঘৰ উপস্থিতিয়ে সমৃদ্ধি আনে বুলি বিশ্বাস কৰে৷ মধ্য ভাৰতৰ কোল সম্প্ৰদায়ে তেওঁলোকৰ ভাগ্য বাঘৰ সৈতে জড়িত বুলি বিশ্বাস কৰে৷ যদি বাঘে খাবলৈ নাপায় তেন্তে গাঁওবাসীয়েও নোখোৱাকৈ থাকিব- এয়া তেওঁলোকৰ শ্ৰদ্ধা৷ মধ্য ভাৰতৰ গোণ্ড জনজাতিয়ে প্ৰজনন ঋতুৰ সময়ত কেথন নদীৰ কিছু অংশত মাছ ধৰা বন্ধ কৰে৷ এই স্থানসমূহক তেওঁলোকে মাছৰ আশ্ৰয়স্থল হিচাপে মানে আৰু এই প্ৰথাৰ জৰিয়তে তেওঁলোকে পিছত ভৰপূৰ মাত্ৰাত সুস্থ মাছ লাভ কৰে৷ আদিবাসী সম্প্ৰদায়ে নিজৰ বাসস্থানসমূহ প্ৰাকৃতিক সামগ্ৰীৰে নিৰ্মাণ কৰে আৰু এয়া শক্তিশালী হোৱাৰ লগতে পৰিবেশ অনুকূলো হয়৷ দক্ষিণ ভাৰতৰ নীলগিৰী পাহাৰৰ একান্ত ক্ষেত্ৰত এক সৰু সম্প্ৰদায়ে তেওঁলোকৰ ঘৰসমূহ স্থানীয় পৰ্যায়ত উপলব্ধ সামগ্ৰীৰ সহায়ত নিৰ্মাণ কৰে৷

মোৰ মৰমৰ ভাতৃ-ভগ্নীসকল, এয়া সত্য যে আদিবাসী সম্প্ৰদায়সকলে অতিশয় শান্তিপূৰ্ণ আৰু নিজৰ মাজত মিলিজুলি বাস কৰে, কিন্তু যেতিয়া কোনোবাই তেওঁলোকৰ প্ৰাকৃতিক সংসাধনৰ ক্ষতি কৰিলে তেওঁলোকেও নিজৰ অধিকাৰৰ বাবে যুদ্ধ কৰিবলৈ পিছ নোহঁহকে৷ এয়া আশ্বৰ্যৰ কথা নহয় যে আমাৰ স্বাধীনতা সেনানীসমূহৰ ভিতৰত সৰ্বপ্ৰথম সেনা এই আদিবাসী লোকসকলৰেই আছিল৷ ভগবান বীৰছা মুণ্ডাৰ কথা কোনে পাহৰিব পাৰে যিয়ে নিজৰ বন্যভূমিৰ সুৰক্ষাৰ বাবে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে তুমূল সংঘৰ্ষত লিপ্ত হৈছিল৷ মই যিবোৰ কথা ক’লো তাৰে সূচী অনেক দীঘল৷ আদিবাসী সম্প্ৰদায়ৰ এনেকুৱা উদাহৰণ বহু আছে যিয়ে আমাক প্ৰকৃতিৰ সৈতে কিদৰ সামঞ্জস্য বৰ্তাই ৰাখিব লাগে সেই বিষয়ে শিক্ষা দিয়ে আৰু আজি আমাৰ ওচৰত যি বনজ সম্পদ আছে তাৰবাবে দেশ আমাৰ আদিবাসীসকলৰ ওচৰত ঋণী৷ আহক! তেওঁলোকৰ প্ৰতি আমাৰ আদৰ ভাব প্ৰদৰ্শন কৰোঁ৷

মোৰ মৰমৰ দেশবাসীসকল, ‘মন কী বাত’ত মই সেই ব্যক্তি আৰু সংস্থাসমূহৰ বিষয়ে কওঁ যি সমাজৰ বাবে অসাধাৰণ কাম কৰে৷ এনেকুৱা কাৰ্য যি দেখাত সাধাৰণ যেন লাগিলেও বাস্তৱিকতে তাৰ প্ৰভাৱ অধিক হয়৷ আমাৰ মানসিকতা পৰিৱৰ্তনত, সমাজৰ দিশ পৰিৱৰ্তন৷ কিছুদিন পূৰ্বে মই পাঞ্জাৱৰ কৃষক ভাতৃ গুৰবচন সিংজীৰ বিষয়ে অধ্যয়ন কৰি আছিলো৷ এক সামান্য আৰু পৰিশ্ৰমী কৃষক গুৰবচন সিংজীৰ পুত্ৰৰ বিবাহ অনুষ্ঠান আছিল৷ এই বিবাহৰ পূৰ্বে গুৰবচন জীয়ে কইনাৰ পিতৃ-মাতৃক ক’লে যে আমি বিয়া সাধাৰণভাৱে অনুষ্ঠিত কৰিম৷ ইয়াত অত্যাধিক ব্যয় কৰাৰ প্ৰয়োজন নাই৷ আমি ইয়াক অতি সাধাৰণভাৱে কৰিম৷ কিন্তু হঠাতে তেওঁ ক’লে যে মোৰ এটা চৰ্ত আছে আৰু সাধাৰণতে এনে হয় যে চৰ্তৰ কথা ক’লে কিবা এটা ডাঙৰ বস্তু খোজাৰ কথা কোৱা যেন হয়৷ হয়তো এনেকৱা বস্তু খুজিব যে কন্যাৰ পিতৃ-মাতৃৰ পক্ষে সেয়া অসম্ভৱ হৈ পৰে৷ কিন্তু আপুনি জানি আচৰিত হ’ব যে গুৰবচন সিং আছিল সৰল কৃষক৷ তেওঁ কইনাৰ দেউতাকক যি ক’লে, যি চৰ্তৰ কথা ক’লে সেয়াই আমাৰ সমাজৰ প্ৰকৃত শক্তি৷ গুৰবচন সিংজীয়ে তেওঁক ক’লে যে আপুনি মোক কথা দিয়ক যে এতিয়াৰে পৰা আপুনি আপোনাৰ খেতিত ‘পৰালি’ নজ্বলাব৷আপুনি কল্পনা কৰিব পাৰে ইয়াত কিমান ডাঙৰ সামাজিক শক্তি আছে৷ গুৰবচন সিংজীৰ এই কথা সাধাৰণ যেন লাগিলেও ইয়াৰ পৰা তেওঁৰ ব্যক্তিত্বৰ বিষয়ে গম পোৱা যায় আৰু আমি দেখিছোঁ যে আমাৰ সমাজত এনেকুৱা বহু পৰিয়াল আছে যি ব্যক্তিগত প্ৰসংগক সমাজৰ হিতলৈ পৰিৱৰ্তন কৰে৷ শ্ৰীমান গুৰবচন সিংজীৰ পৰিয়ালে এনে এক আদৰ্শ আমাৰ সন্মুখত দাঙি ধৰিলে৷ মই পাঞ্জাৱৰ আৰু এখন গাঁও কল্লৰ মাজৰাৰ বিষয়ে পঢ়িলো যি নাভাৰ কাষত অৱস্থিত৷ কল্লৰ মাজৰা এইবাবেই চৰ্চালৈ আহিল কাৰণ তাৰে বাসিন্দাই ধানৰ ‘পৰালি’ জ্বলাই দিয়াৰ পৰিৱৰ্তে সেইসমূহ একত্ৰ কৰি তাক মাটিৰ সৈতে মিহলাই দিয়ে আৰু তাৰ বাবে যি প্ৰযুক্তিৰ ব্যৱহাৰ হয় সেয়া গোটাই লয়৷ ভাই গুৰবচন সিংজীক অভিনন্দন জনাইছোঁ৷ কল্লৰ মাজৰা আৰু সেই স্থানসমূহৰ বাসিন্দাসকলকো অভিনন্দন জনাইছোঁ যিয়ে বাতাৱৰণ স্বচ্ছ কৰি ৰখাৰ বাবে নিজৰ শ্ৰেষ্ঠতম প্ৰয়াস কৰে৷ আপোনালোক সকলোৱে সুস্থ জীৱনশৈলীৰ ভাৰতীয় ঐতিহ্যক এক প্ৰকৃত উত্তৰাধিকাৰীৰ ৰূপত আগুৱাই লৈ গৈ আছে৷ যিদৰে অসংখ্য টোপালৰ পৰা সাগৰৰ সৃষ্টি হয় ঠিক সেইদৰে সৰু সৰু সজাগতা আৰু সক্ৰিয়তা তথা ধনাত্মক ক্ৰিয়াই সদায় ধনাত্মক পৰিবেশ সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷

মোৰ মৰমৰ দেশবাসীসকল, আমাৰ গ্ৰন্থসমূহত উল্লেখ আছেঃ-    

ॐ द्यौः शान्तिः अन्तरिक्षं शान्तिः,

पृथिवी शान्तिः आपः शान्तिः औषधयः शान्तिः।

वनस्पतयः शान्तिः विश्वेदेवाः शान्तिः ब्रह्म शान्तिः,

सर्वं शान्तिःशान्तिरेव शान्तिः सामा शान्तिरेधि||

ॐ शान्ति: शान्ति:शान्ति:||

ইয়াৰ অৰ্থ হ’ল, হে ঈশ্বৰ, তিনিও লোকত যাতে শান্তিৰ স্থাপনা হওক, জলত, পৃথিৱীত, আকাশত, মহাকাশত, অগ্নিত, বায়ুত, ঔষধিত, বনস্পতিত, উপবনত, অবচেতনত, সম্পূৰ্ণ ব্ৰক্ষ্মাণ্ডত শান্তিৰ স্থাপনা হওক৷ জীৱমাত্ৰত, হৃদয়ত, মোত, আপোনাত, জগতৰ প্ৰতিটো কোণত, সকলো স্থানতে শান্তি স্থাপিত হওক৷ ঔম শান্তিঃ শান্তিঃ শান্তিঃ৷৷

যেতিয়াই বিশ্ব শান্তিৰ কথা কোৱা হ’ব তেতিয়াই ভাৰতৰ অংশগ্ৰহণৰ কথা সোণালী আখৰেৰে লিখা ৰ’ব৷ ভাৰতৰ বাবে এই বৰ্ষৰ ১১ নৱেম্বৰৰ দিনটো অতিশয় গুৰুত্বপূৰ্ণ কাৰণ আজিৰ পৰা ১০০ বছৰ পূৰ্বে প্ৰথম বিশ্বযুদ্ধ সমাপ্ত হৈছিল৷ সেই সমাপ্তিৰ ১০০ বৰ্ষ সম্পূৰ্ণ হ’ব অৰ্থাৎ সেইসময়ত হোৱা বিশাল পৰিমাণৰ বিনাশ আৰু জনহানিৰ এটা শতাব্দী সম্পূৰ্ণ হ’ব৷ ভাৰতৰ বাবে প্ৰথম বিশ্বযুদ্ধ এক গুৰুত্বপূৰ্ণ ঘটনা আছিল৷ প্ৰকৃততে ক’বলৈ গ’লে সেই যুদ্ধৰ সৈতে আমাৰ কোনো সম্পৰ্ক নাছিল৷ তথাপিও আমাৰ সৈন্যই বীৰত্বৰে যুঁজিছিল আৰু সৰ্বোচ্চ বলিদানেৰে বৃহৎ ভূমিকা পালন কৰিছিল৷ ভাৰতীয় সৈন্যই বিশ্বক দেখুৱালে যে যুদ্ধৰ সময়ত আমাৰ সৈন্যই পিছ নোহঁহকে৷ আমাৰ সৈন্যই দুৰ্গম ক্ষেত্ৰত, বিষম পৰিস্থিতিতো নিজৰ শৌৰ্য প্ৰদৰ্শন কৰিছিল৷ এই সকলোবোৰৰ অন্তৰালত এটাই উদ্দেশ্য আছিল- শান্তিৰ পুনঃ স্থাপনা৷ প্ৰথম বিশ্বযুদ্ধত বিশ্বই বিনাশৰ তাণ্ডৱ প্ৰত্যক্ষ কৰিছিল৷ আনুমানিক ১ কোটি সৈনিক আৰু সিমান পৰিমাণৰ নাগৰিকে নিজৰ জীৱন হেৰুৱাইছিল৷ ইয়াৰ দ্বাৰা সমগ্ৰ বিশ্বই শান্তিৰ গুৰুত্ব কি- এয়া বুজি পালে৷ বিগত ১০০টা বৰ্ষত শান্তিৰ পৰিভাষা পৰিৱৰ্তন হৈছে৷ আজি শান্তি আৰু সৌহাৰ্দৰ অৰ্থ কেৱল যুদ্ধ নোহোৱাটোৱেই নহয়৷ সন্ত্ৰাসবাদৰ পৰা আৰম্ভ কৰি জলবায়ু পৰিৱৰ্তন, আৰ্থিক বিকাশৰ পৰা আৰম্ভ কৰি সামাজিক ন্যায়, এই সকলোবোৰকে ধৰি বিশ্বজনীন সহযোগিতা আৰু সমন্বয়ৰ সৈতে কাম কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে৷ দৰিদ্ৰতকৈও দৰিদ্ৰতম ব্যক্তিৰ বিকাশেই শান্তিৰ প্ৰকৃত প্ৰতীক৷

মোৰ মৰমৰ দেশবাসীসকল, আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কথাই বেলেগ৷ পূৰ্বাঞ্চলৰ প্ৰাকৃতিক সৌন্দৰ্য অনুপম আৰু ইয়াৰ লোকসকল অত্যন্ত প্ৰতিভাশালী৷ আমাৰ উত্তৰ পূৰ্বাঞ্চল বিভিন্ন শ্ৰেষ্ঠ কৰ্মৰ বাবে পৰিচিত৷ উত্তৰ পূৰ্বাঞ্চল এনে এক ক্ষেত্ৰ য’ত জৈৱিক কৃষিৰ উত্তৰণ হৈছে৷ কিছুদিন পূৰ্বে ছিক্কিমে বহনক্ষম খাদ্য ব্যৱস্থাপনাক উৎসাহিত কৰাৰ বাবে প্ৰখ্যাত Future Policy Gold Award 2018  লাভ কৰিছে৷ এই বঁটা সংযুক্ত ৰাষ্ট্ৰৰ সৈতে জড়িত এফ এ অ’ অৰ্থাৎ Food and Agriculture Organisationৰ তৰফৰ পৰা প্ৰদান কৰা হয়৷ আপোনালোকে জানি সুখী হ’ব, এই খণ্ডত উন্নত নীতি নিৰ্ধাৰণৰ বাবে দিয়া এই পুৰষ্কাৰ সেই ক্ষেত্ৰৰ অস্কাৰৰ সমপৰ্যায়ৰ৷ এয়াই নহয়, আমাৰ ছিক্কিমে ২৫খন দেশৰ ৫১টা মনোনীত নীতিক পিছ পেলাই এই বঁটা লাভ কৰিছে৷ ইয়াৰ বাবে মই ছিক্কিমৰ জনসাধাৰণক অশেষ অভিনন্দন জনাইছোঁ৷

মোৰ মৰমৰ দেশবাসীসকল, অক্টোবৰ মাহটো সমাপ্তিৰ পথত৷ বতৰৰো বহু পৰিৱৰ্তন অনুভূত হৈছে৷ শীতকাল আৰম্ভ হৈছে আৰু বতৰ পৰিৱৰ্তনৰ লগতে উৎসৱৰ বতৰো আহিছে৷ ধনতেৰছ, দীপাৱলী, ভায়া-দুজ, ষঠ.. এক প্ৰকাৰে ক’বলৈ গ’লে এই নৱেম্বৰ মাহটো উৎসৱৰ মাহ৷ আপোনালোক সকলো দেশবাসীক এই সকলো উৎসৱৰ অশেষ শুভ কামনা যাচিলোঁ৷

মই আপোনালোক সকলোকে আহ্বান কৰিম, এই উৎসৱৰ বতৰত যাতে নিজৰ প্ৰতিও লক্ষ্য ৰাখে, নিজৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰখাৰ লগতে সমাজৰ হিতৰ প্ৰতিও যাতে লক্ষ্য ৰাখে৷ মোৰ বিশ্বাস যে এই উৎসৱ নতুন সংকল্পৰ উৎসৱ৷ এই উৎসৱ নতুন সিদ্ধান্তৰ উৎসৱ৷ এই উৎসৱে আপোনাৰ জীৱনলৈ যাতে এক অভিযানৰ ভিত্তিত আগুৱাই যোৱাৰ, দৃঢ় সংকল্প লোৱাৰ অৱকাশ সৃষ্টি কৰে৷ আপোনালোকৰ প্ৰগতি দেশৰ প্ৰগতিৰ এক গুৰুত্বপূৰ্ণ অংশ৷ আপোনালোকৰ যিমানেই প্ৰগতি হ’ব সিমানেই দেশৰ প্ৰগতি হ’ব৷ আপোনালোক সকলোলৈ মোৰ শুভ কামনা থাকিল৷ অশেষ ধন্যবাদ৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
IIT Delhi tops India in QS Rankings 2027; 52 Indian institutions feature

Media Coverage

IIT Delhi tops India in QS Rankings 2027; 52 Indian institutions feature
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of Prime Minister addresses the Indian Community in Paris
June 18, 2026

नमस्ते!

बों जू!

ऐसा लग रहा है, आप सब छुट्टी के मूड में हैं।

साथियों,

ये पेरिस शहर, Lights का शहर है, रंगों का शहर है, यहां Art है, Ideas हैं, और innovation की प्रेरणा भी है। इस शहर को भारत के अलग-अलग राज्यों से आए आप सभी लोग और भी खूबसूरत बना देते हैं। नए नए रंगों से भर देते हैं।

कोई तमिल है, कोई पंजाबी है, कोई गुजराती है, तो कोई मराठी है, और कोई बंगाली है। भारत के हर कोने का प्रतिनिधित्व यहां दिखाई देता है।

साथियों,

मैं जब 14 जून को नीस पहुंचा था तो सबसे पहले भारत इनोवेट्स कार्यक्रम में शामिल हुआ था। आज जब मैं फ्रांस से वापसी की तैयारी में हूं तो लग रहा है जैसे भारत कनेक्ट्स कार्यक्रम में आ गया हूं।

फ्रांस में रहने वाले आप लोगों ने 21वीं सदी के भारत-फ्रांस रिश्तों को जिस तरह कनेक्ट किया है, वो हमारी Strategic Partnership की बहुत बड़ी ताकत बन रही है। मैं आप सभी के लिए भारत से 140 करोड़ देशवासियों की शुभकामनाएं लेकर आया हूं। इस आत्मीय स्वागत के लिए, मैं आप सभी का हृदय से आभार व्यक्त करता हूं।

साथियों,

आज मैं ऐसे समय में फ्रांस आया हूं जब कुछ ही दिन पहले हमारी सरकार के 12 वर्ष पूरे हुए हैं। चुने हुए प्रधानमंत्री के रूप निरंतर 12 साल तक देश की सेवा करना मेरे जीवन का बहुत बड़ा सौभाग्य रहा है। यह भारत के लोकतंत्र की शक्ति है जिसने एक चायवाले को यहां तक पहुंचा दिया।

साथियों,

बीते 12 वर्ष, 140 करोड़ भारतीयों के अद्भुत सामर्थ्य के रहे हैं। 12 साल के इस कालखंड में भारत का GDP दोगुना हुआ है। Airports की संख्या दोगुनी हुई है। Universities की संख्या भी दोगुनी हो गई है। Highway Construction की स्पीड तीन गुना बढ़ गई। और Metro Network, चार गुणा बड़ा हो गया है।

मैं आपको कुछ और फैक्ट्स दूंगा, उससे आप अंदाजा लगा पाएंगे कि भारत किस स्पीड और कितने बड़े स्केल पर काम कर रहा है। पिछले 12 वर्षों में भारत का Defence Export 35 गुणा यानि Thirty Five Times बढ़ गया है।

औऱ एक फैक्ट सुनिए भारत में मोबाइल मैन्यूफैक्टरिंग यूनिट्स में, 100 गुणा की बढ़ोतरी हुई है। 100 times. भारत अब दुनिया का दूसरा सबसे बड़ा mobile phone manufacturer है। इसी गति, इसी प्रगति का नतीजा है कि आज भारत दुनिया की Fastest Growing Major Economy है।

साथियों,

आज भारत की कहानी सिर्फ Economic Progress की कहानी नहीं है। सिर्फ यहाँ अटक नहीं जाती है। ये Social Transformation की भी कहानी है।

पिछले 12 साल में देश में 25 करोड़ लोग गरीबी से बाहर निकले हैं। यानि एक ऐसी प्रगति जिसका लाभ समाज के अंतिम व्यक्ति तक पहुंच रहा है। फ्रांस में जितने घर हैं, उससे भी अधिक पक्के घर बीते 12 वर्ष में हमने जरूरतमंदों के लिए बनाए हैं।

अब हर परिवार के पास, गरीब से गरीब क्यों न हो, Bank Account है। Financial Inclusion एक सरकारी कार्यक्रम नहीं, बल्कि सामाजिक परिवर्तन का अभियान बना है।

साथियों,

इन 12 वर्षों की उपलब्धियों में, एक उपलब्धि ऐसी भी है जिसे किसी आंकड़े से, या अंकों से, नहीं मापा जा सकता। वह है 140 करोड़ भारतीयों का आत्मविश्वास।

आज का भारत और आज के भारत का युवा बहुत बड़े सपने देख रहा है। भारत का किसान नई संभावनाओं के साथ आगे बढ़ रहा है। भारत की महिलाएं नए नेतृत्व का परिचय दे रही हैं। इसलिए ये सिर्फ Achievements के 12 साल नहीं हैं, ये भारत की एस्पिरेशन्स को नई बुलंदी देने का कालखंड रहा है।

साथियों,

एक समय था जब दूर-दराज के गांवों तक आधुनिक सुविधाएं पहुंचाना वाकई बहुत मुश्किल भरा था। आज उन्हीं गांवों में बिजली भी है, इंटरनेट भी है, और डिजिटल सेवाओं की पूरी दुनिया भी है। आज एक क्लिक पर, कभी भी, कहीं भी बैंकिंग सेवाएं उपलब्ध हैं।

आज मोबाइल फोन, भारत के नागरिकों को अनेक सुविधाओं से कनेक्ट कर रहा है। हमारे किसान, हमारे मछुआरे, हमारे dairy farmers, हमारी महिलाएं, हमारे स्टूडेंट्स, सभी टेक्नोलॉजी के माध्यम से सशक्त हो रहे हैं, और अपने लिए नए अवसर बना रहे हैं।

साथियों,

आपने 125 करोड़ से अधिक Aadhaar IDs के बारे में सुना है। लेकिन आज भारत सिर्फ पहचान को डिजिटल नहीं बना रहा। आज करीब 90 करोड़ भारतीयों की Unique Digital Health IDs बनाई जा चुकी हैं। जिससे मेडिकल रिकॉर्ड सुरक्षित और accessible बन गए हैं। इससे हेल्थकेयर डिलीवरी और अधिक आसान और efficient हो रही है।

साथियों,

इन उपलब्धियों की सबसे बड़ी विशेषता यह है कि इनमें से अधिकांश चीजें कुछ वर्ष पहले तक कल्पना जैसी लगती थीं। कौन सोच सकता था कि गांव-गांव तक हाई-स्पीड इंटरनेट पहुंचेगा ? कौन सोच सकता था कि दूर-सुदूर के गांवों में भी QR code जीवन का हिस्सा बन जायेगा ? गांव में कोई बहन, ड्रोन से खेती करने में मदद करेगी, ये भी असंभव लगता था।

लेकिन आज यह सब, भारत के करोड़ों लोगों के जीवन का सामान्य हिस्सा बनता जा रहा है। और आपको गर्व होगा साथियों, यही नए भारत की पहचान है।

जो कभी सपना था, वह आज सच्चाई है। जो कभी नामुमकिन लगता था, वो आज मुमकिन हुआ है, औऱ ये करने के पीछे सबसे बड़ी ताकत क्या है? किसकी वजह से ये सब संभव हुआ है? यह मोदी के कारण नहीं, वो ताकत है- भारत का लोकतंत्र, भारत की डेमोक्रेसी। इस डेमोक्रेसी में सबका साथ है, सबका विकास है।

साथियों,

आज से 50 या 100 साल बाद जब भारत के इस कालखंड की समीक्षा होगी, तो ये बात उभरकर सामने आएगी कि इस कालखंड को भारत की Aspirations ने ड्राइव किया। यह भारत के एस्पिरेशन्स का नया युग है।

जहां बिजली पहुंची है, वहां लोग सिर्फ बिजली नहीं चाहते, वे Smart Living चाहते हैं। जहां ट्रेन पहुंची है, वहां लोग High-Speed Connectivity चाहते हैं। जहां हाईवे बने हैं, वहां लोग World-Class Expressways चाहते हैं। जहां इंटरनेट पहुंचा है, वहां लोग AI और Digital Innovation में नेतृत्व चाहते हैं।

यानि आज भारत के लोग अपने जीवन को भी Next Level पर ले जाना चाहते हैं, और भारत को भी Next Level पर ले जाना उनका मकसद है, उनका संकल्प है, उनके सपने है।

और साथियों,

यही Aspirations आज भारत की विकास यात्रा की सबसे बड़ी शक्ति हैं। मैं आपको भारत की Space Journey का उदाहरण दूंगा।

भारत ने चंद्रयान को चंद्रमा के South Pole पर उतारा। दुनिया ने इसे एक बहुत बड़ी उपलब्धि माना। लेकिन भारत इसे अपनी मंजिल मानकर रुका नहीं। आज देश गगनयान की तैयारी कर रहा है। भारत अंतरिक्ष में अपना Space Station बनाने की दिशा में आगे बढ़ रहा है।

हमारे Space Startups Global Space Economy में अपनी जगह बनाने के लिए पुरजोश काम कर रहे हैं, आगे बढ़ रहे हैं।

साथियों,

Green Energy के क्षेत्र में भी भारत की यही एस्पिरेशंस दिखाई देती है। Solar Power में भारत की उपलब्धियों की दुनिया भर में लगातार चर्चा हो रही हैं। लेकिन भारत अगली छलांग की तैयारी कर रहा है।

Green Hydrogen में बड़े निवेश हो रहे हैं। Advanced Nuclear Energy पर तेजी से काम हो रहा है। आपने भारत के Fast Breeder nuclear Reactor से जुड़ी प्रोग्रेस के बारे में भी सुना ज़रूर होगा। ये भारत के न्यूक्लियर एनर्जी लैंडस्केप में क्रांतिकारी परिवर्तन करने का बहुत बड़ा अचीवमेंट हमारे सीसेन्टिस्टों ने किया है।

साथियों,

आज का भारत भविष्य का पूरा Ecosystem बना रहा है। भारत एक साथ हर उस क्षेत्र में निवेश कर रहा है, जो आने वाले दशकों की दिशा तय करेगा।

अभी आपने कुछ दिन पहले ही देखा है नीस में भारत इनोवेट्स का एक आयोजन किया। ये इवेंट भारत के डीप टेक सामर्थ्य को दुनिया तक पहुंचाने का एक और माध्यम था। इसमें भारत के 120 Deep-Tech Startups उपस्थित थे। Bharat Innovates में करीब एक हजार चार सौ B2B Meetings हुईं है। कई Startups के लिए Investment Commitments आगे बढ़ीं, Commercial Orders के लिए रास्ते खुले। French और European Universities तथा Incubators के साथ Engagements बढ़ रही हैं।

Student Exchanges, Joint Research, और Innovation Support के नए रास्ते बने। इसलिए Bharat Innovates सिर्फ एक Summit नहीं रहा। यह Innovation Diplomacy का एक नया मॉडल बना है।

और आज ही पेरिस में VivaTech इवेंट के जरिए, इस यात्रा को हमने और आगे बढ़ाया। नीस में हमने Ideas को Capital से जोड़ा और पेरिस में Indian Innovation को Global Scale से जोड़ा। आज दुनिया देख रही है भारत केवल भविष्य के लिए तैयार नहीं हो रहा है। भारत भविष्य को आकार दे रहा है।

साथियों,

एक समय था, जब देशों के बीच रिश्ते केवल व्यापार से तय होते थे। आज व्यापार के साथ-साथ Trust यानि भरोसा भी उतना ही महत्वपूर्ण हो गया है।

हर देश Reliable Supply Chains चाहता है। हर देश Stable Partnerships चाहता है। हर देश ऐसे साथियों की तलाश में है, जिन पर लंबे समय तक भरोसा किया जा सके। और ऐसे समय में, भारत विश्व में एक Trusted Partner के रूप में उभर रहा है।

एवियां में G7 बैठक के दौरान मैंने trust based partnerships बनाने पर ज़ोर दिया। ग्लोबल साउथ के देशों के साथ equal पार्टनर्स के रूप में आगे बढ़ने का आह्वान किया। भारत का G7 समिट में संदेश था Global Governance तभी प्रभावी होगी जब वह Inclusive होगी। Global Growth तभी Sustainable होगी जब वह शेयर्ड होगी। और Global Technology तभी मानवता के लिए उपयोगी होगी जब वह Trusted होगी।

साथियों,

भारत और दुनिया के बीच व्यापारिक रिश्तों में नई ऊर्जा नज़र आ रही है। फ्रांस के साथ भारत का ट्रेड लगतार बढ़ रहा है। पिछले कुछ वर्षों में भारत ने दुनिया के अनेक देशों के साथ Free Trade Agreements किए हैं। यूरोपियन यूनियन हो, यूनाइटेड किंगडम हो दुनिया के हर देश, हर रीजन के साथ भारत समझौते कर रहा है।

अगले महीने से भारत और UK के बीच ट्रेड एग्रीमेंट भी लागू हो जाएगा। यह एग्रीमेंट भारत के farmers, workers और innovators को अनेक नए अवसर प्रदान करेगा।

साथियों,

आज दुनिया Uncertainty और Disruption के दौर से गुजर रही है। ऐसे समय में भारत और फ्रांस की साझेदारी विश्वास, स्थिरता और सहयोग का एक मजबूत स्तंभ बन रहा है।

इस वर्ष हमने भारत और फ्रांस के संबंधों को Special Global Strategic Partnership का दर्जा दिया था। नीस में मेरे मित्र President Macron और मैंने हमारे संबंधों को force for global good बनाने पर चर्चा की। Defence से लेकर space और नुक्लियर तक AI और क्रिटीकल मिनरल्स से लेकर high speed railway तक, हर क्षेत्र में हम मिलकर आगे बढ़ेंगे।

साथियों,

Solar energy हो, या AI के क्षेत्र में सहयोग हो, भारत और फ्रांस मिलकर ऐसे समाधान विकसित कर रहे हैं जो पूरी मानवता के हित में हैं। पिछले वर्ष पेरिस में और इस वर्ष दिल्ली में हमने AI Summit को Co-chair किया।

अब हम साथ मिलकर अगले वर्ष “तृष्णा” satellite को लॉन्च करने जा रहें हैं। यह “तृष्णा” satellite जो विश्व में फूड और वाटर सिक्युरिटी सुनिश्चित करने में योगदान देगा।

और साथियों,

यह सभी गवर्नमेंट टू गवर्नमेंट पहलो में आप सभी का योगदान बहुत महत्वपूर्ण है। ये आप हैं जो भारत और यूरोप के बीच सबसे मजबूत सेतु हैं। आप दोनों समाजों को समझते हैं। दोनों बाजारों को समझते हैं। आने वाले समय में Talent, Trade, Technology, Tourism और Investment के नए अवसरों को आगे बढ़ाने में आपकी भूमिका लगातार बढ़ने वाली हैं।

साथियों,

भारत और फ्रांस के रिश्तों को साझा इतिहास, साझा मूल्यों और साझा विश्वास ने आगे बढ़ाया है। विश्व युद्धों के दौरान फ्रांस की धरती पर बलिदान देने वाले भारतीय सैनिकों की स्मृतियां आज भी हमें जोड़ती हैं।

मुझे पहले नव शापेल में श्रद्धांजलि देने का अवसर मिला, पिछले वर्ष प्रेसिडेंट मैक्रों के साथ मार्सेय के वॉर मेमोरियल जाने का अवसर भी मिला। ये हमारी साझा विरासत है।

फ्रांस, भारतीयों के योगदान को संजोता भी है और सराहता भी है। भारतीय मूल की नूर इनायत खान हों, जिन्होंने फ्रांस की Resistance के लिए अपना जीवन बलिदान किया, या महाराजा रणजीत सिंह के साथ काम करने वाले जनरल जां फ्रांस्वा अलार हों ये सभी भारत और फ्रांस की साझा विरासत के प्रतीक हैं।

भारत के राज्य पुडुचेरी में भी फ्रेंच विरासत की झलक दिखाई देती है। वहां का Architecture, वहां की कला-संस्कृति और खान-पान सभी में हमारे संबंधों की महेक है।

साथियों,

इस समय फ्रांस समेत पूरी दुनिया में International Yoga Day की तैयारी भी चल रही है। इस अवसर पर मैं, फ्रांस में योग को आगे बढ़ाने वाले श्रीमान महेश घाट्राड्याल जी को भी आदरपूर्वक श्रद्धांजलि देता हूं। मैं पद्म पुरस्कार से सम्मानित, शार्लोत शोपां जी को भी प्रणाम करता हूं। जिन्होंने सौ वर्ष की आयु में भी, योग के माध्यम से फ़्रांस को भारत की विरासत से जोड़ा है। उनका जीवन यह सिद्ध करता है: Yoga does not add years to life, it adds life to years.

साथियों,

मैं फ्रेद नेग्री जी को भी आदरपूर्वक श्रद्धापूर्वक याद करता हूं। भारतीय विरासत को संरक्षित करने में उनका योगदान अतुल्य रहा है।

साथियों,

भारत और फ्रांस को कनेक्ट करने वाली एक और चीज है, और वो है फुटबॉल। इस वक्त यहां फुटबॉल फीवर पूरे जोर पर है। फ्रांस में इसकी दीवानगी, चप्पे-चप्पे पर दिखती है। लेकिन भारत में भी फुटबॉल का क्रेज़ सिर चढ़कर बोलता है।

खासतौर पर फ्रांस की टीम के फैन्स भारत में बहुत अधिक हैं। फ़्रांस ने इस वर्ल्ड कप की शुरुआत एक जोरदार जीत से शुरू की है। मैं फ्रांस की टीम को बहुत-बहुत शुभकामनाएं देता हूं।

साथियों,

जाने से पहले, आप सभी के लिए कुछ और अच्छी खबरें भी लेकर के आया हूँ। वो आपके लिए हैं। पिछले वर्ष, मार्सेय में कॉन्सुलेट खोला गया, इससे काफी अधिक सुविधा मिल रही है। कुछ हफ्ते पहले, Indian Nationals के लिए French Airports पर Visa-free Transit की व्यवस्था शुरू हो गई है।

Students और Professionals की Mobility बढ़ाना हो, या Educational Qualifications की Mutual Recognition की बात हो, या फिर French Universities के भारत में Campus खोलना हो, इन सभी पर हम मिलकर आगे बढ़ रहें हैं।

अब फ्रांस में UPI के उपयोग का दायरा भी और बढ़ने जा रहा है। यानि भारत-फ्रांस कनेक्ट भी Instant और आपसी Payment भी Instant!

साथियों,

इन सभी पहलों से, हम भारत और फ़्रांस को और करीब ला रहें हैं। और मैं फिर कहूंगा इस साझेदारी की नींव, इस रिश्ते की असली ताकत आप सभी हैं। आप सब मेरे देशवासी हैं।

आज जब भारत तेज़ी से विकसित भारत के लक्ष्य की ओर बढ़ रहा है, तो मैं आप सभी से भारत के साथ और गहराई से जुडने का आग्रह करूंगा। इससे भारत की विकास यात्रा को नई शक्ति मिलेगी, और आपको अपनी पुरखों की धरती की सेवा करने का अवसर भी मिलेगा।

इन्हीं शब्दों के साथ आप सभी के प्रेम आपके उत्साह और इस आत्मीय स्वागत के लिए मैं एक बार फिर आप सभी का आभार व्यक्त करता हूं।

भारत माता की जय!

बहुत बहुत धन्यवाद।