প্ৰথম দিনৰ পৰাই এনডিএ চৰকাৰে আন্তঃগাঁথনি সৃষ্টিত গুৰুত্ব প্ৰদান কৰি আহিছে৷ লাগিলে সেয়া ৰে’লৱেই হওক, পথ অথবা জল পৰিবহণেই হওক, চৰকাৰে যোগাযোগৰ অন্তঃগাঁথনি উত্তৰণত গুৰুত্ব প্ৰদান কৰি আহিছে৷
প্ৰথমবাৰৰ বাবে ৰে’লৱে বাজেটত পৰিকাঠামো সংশোধনী আৰু আন্তঃগাঁথনি পৰিৱৰ্তনত গুৰুত্ব প্ৰদান কৰা হৈছে৷ পূৰ্বে ৰাজনৈতিক চমকৰ বাবে ঘোষণা কৰা নতুন ৰে’ল এতিয়া দৈনন্দিন কাৰ্যৰ অংশ হৈ পৰিছে৷ যাত্ৰীঅনুকূল বিভিন্ন সুবিধা যেনে ৰে’লৱে ষ্টেচনত ৱাই-ফাই, যাত্ৰীৰ হেল্পলাইন (১৩৮), নিৰাপত্তা হেল্পলাইন (১৮২), কাগজবিহীন অসংৰক্ষিত টিকেটিং, ই-কেটাৰিং, ম’বাইল সুৰক্ষা এপ আৰু মহিলাৰ সুৰক্ষাৰ বাবে চিচিটিভি কেমেৰা ইত্যাদিৰ সুবিধা প্ৰদান কৰা হৈছে৷ ৰে’লৱেয়ে অৰ্থনীতিৰ বাহক হিচাপে কাম কৰি খনি, বন্দৰ আদিক সংযোজিত কৰিছে৷ মুম্বাই-আহমেদাবাদ কৰিড’ৰৰ বাবে উচ্চ গতিৰ বুলেট ৰে’লৰ পৰিকল্পনা কৰা হৈছে৷ নতুন দিল্লী-চেন্নাই পথৰ ব্যৱহাৰ্যতা অধ্যয়ন আৰম্ভ কৰা হৈছে৷
এই বৰ্ষত ১,৯৮৩ কিলোমিটাৰৰ ৰে’লৱে পথ মুকলি কৰা হৈছে আৰু ১,৩৭৫ কিলোমিটাৰ পথৰ বৈদ্যুতিকীকৰণ কৰা হৈছে যি এই পৰ্যন্ত উত্কৃষ্ট সাফল্য হিচাপে পৰিগণিত হৈছে৷ ৬খন নতুন তীৰ্থযাত্ৰীৰ ৰে’ল মুকলি কৰা হৈছে আৰু বৈষ্ণোদেৱীলৈ ভ্ৰমণৰ বাবে কাট্ৰা লাইন মুকলি কৰা হৈছে৷
স্থলপথৰ ক্ষেত্ৰত স্থগতি পথ প্ৰকল্পসমূহ পুনৰ প্ৰণয়ন কৰা হৈছে, দীৰ্ঘদিন ধৰি ওলমি থকা ঠিকাভিত্তিক বিবাদসমূহ সমাধান কৰা হৈছে আৰু অবিশ্বাস্য প্ৰকল্পসমূহ বাতিল কৰা হৈছে৷ ভাৰতীয় সীমা তথা সাগৰীয় অঞ্চলসমূহত পথ নিৰ্মাণৰ বাবে ভাৰতমালা শীৰ্ষক এক অভিলাষী যোঁজনা প্ৰণয়ন কৰা হৈছে৷ যাত্ৰীসকলৰ সুবিধাৰ বাবে ৬২টা টোল প্লাজা বন্ধ কৰা হৈছে৷ ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰকল্পৰ কাম যোৱা বৰ্ষত ১২০% পৰ্যন্ত সম্পন্ন বৃদ্ধি কৰা হৈছে৷ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনতো পথ নিৰ্মাণৰ কাম বৃদ্ধি কৰা হৈছে৷
এনডিএ চৰকাৰৰ আমোলত ভাৰতে জাহাজ পৰিবহণৰ ক্ষেত্ৰতো এক যুগান্তকাৰী অভিলেখ গঢ়িবলৈ সক্ষম হৈছে৷ সাগৰমালা প্ৰকল্পৰ জৰিয়তে বন্দৰসমূহৰ ব্যাপক উন্নয়ন কৰি উপকূলীয় অঞ্চলৰ প্ৰভূত বিকাশ সাধন কৰা হৈছে৷ এই বৰ্ষত বন্দৰসমূহত কাৰ্গো পৰিবহণ ৪%ৰ পৰা দুগুণ হৈ ৮% হৈছে৷ আফগানিস্তান আৰু মধ্য এছিয়াৰ ৰাজ্যসমূহলৈ পৰিবহণৰ বাবে চাহাবাহাৰ বন্দৰৰ উন্নয়নৰ বাবে ইৰাণৰ সৈতে বুজাবুজিৰ চুক্তিপত্ৰতো স্বাক্ষৰ কৰা হৈছে৷ জল পৰিবহণত উদগনি দিবলৈ তথা গংগাত আন্তঃদেশীয় জল পৰিবহণৰ উন্নতিৰ বাবে জল মাৰ্গ বিকাশ প্ৰকল্প মুকলি কৰা হৈছে৷
ঠিক সেইদৰে অসামৰিক বিমান পৰিবহণ খণ্ডতো দ্ৰুত উন্নয়ন হৈছে৷ মহালি, তিৰুপতি আৰু খাজুৰাহোত নিৰ্মীয়মান নতুন সংবদ্ধ টাৰ্মিনেল ভৱন এতিয়া নিৰ্মাণৰ সমাপ্তিৰ পথত৷ কাডাপ্পা আৰু বিকানেৰৰ টাৰ্মিনেল নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে৷ আঞ্চলিক যোগাযোগৰ বিকাশৰ বাবে হুবলি, বেলাগাম, কিশানগড়, তেজু আৰু ঝাৰছুগুড়াৰ বিমানবন্দৰ উত্তৰণৰ কাম হাতত লোৱা হৈছে৷ ভাৰতৰ আন্তৰ্জাতিক এভিয়েচন ছেফটি অডিট (আইএএছএ) এফএএৰ দ্বাৰা উচ্চ সুৰক্ষা মূল্যায়ন, বিমানৰ সংখ্যা বৃদ্ধিৰ বাবে উত্তৰণ কৰা হৈছে৷
See how technology is aiding infrastructure development