ভাৰতৰ জাহাজ নিৰ্মাণ আৰু সামুদ্ৰিক খণ্ডক পুনৰুজ্জীৱিত কৰাৰ বাবে ৬৯,৭২৫ কোটি টকাৰ পেকেজত কেবিনেটৰ অনুমোদন
জাহাজ নিৰ্মাণ বিত্তীয় সাহায্য আঁচনিখন মুঠ ২৪,৭৩৬ কোটি টকাৰ পুঁজিসহ ২০৩৬ চনৰ ৩১মাৰ্চলৈকে সম্প্ৰসাৰিত কৰা হৈছে
২০,০০০ কোটি টকাৰ সামুদ্ৰিক বিনিয়োগ পুঁজিসহ সামুদ্ৰিক উন্নয়ন পুঁজি অনুমোদিত
১৯,৯৮৯ কোটি টকা ব্যয়ৰ জাহাজ নিৰ্মাণ উন্নয়ন আঁচনিৰ লক্ষ্য হৈছে ঘৰুৱা জাহাজ নিৰ্মাণ ক্ষমতা মুঠ ৪.৫মিলিয়ন টনলৈ বৃদ্ধি কৰা

সামুদ্ৰিক খণ্ডৰ কৌশলগত আৰু অৰ্থনৈতিক গুৰুত্ব স্বীকাৰ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি ভাৰতৰ জাহাজ নিৰ্মাণ আৰু সামুদ্ৰিক পৰিৱেশ তন্ত্ৰক পুনৰুজ্জীৱিত কৰাৰ বাবে ৬৯,৭২৫কোটি টকাৰ এক ব্যাপক পেকেজত অনুমোদন জনাইছে। এই পেকেজৰ জৰিয়তে ঘৰুৱা ক্ষমতা শক্তিশালী কৰা, দীৰ্ঘম্যাদী বিত্তীয় উন্নয়ন, গ্ৰীণফিল্ড আৰু ব্ৰাউনফিল্ড শ্বিপয়াৰ্ড উন্নয়নৰ সংবৰ্ধন, কাৰিকৰী ক্ষমতা তথা দক্ষতা বৃদ্ধি আৰু এক শক্তিশালী সামুদ্ৰিক আন্তঃগাঁথনি সৃষ্টিৰ বাবে আইনী, কৰ আৰু নীতিগত সংস্কাৰ ৰূপায়ণৰ উদ্দেশ্যে প্ৰস্তুত কৰা চাৰিটা স্তম্ভৰ দৃষ্টিভংগীৰ সূচনা কৰা হৈছে।

 

এই পেকেজৰ অধীনত জাহাজ নিৰ্মাণ বিত্তীয় সাহায্য আঁচনি (এছ বি এফ এ এছ)ৰ ম্যাদ ২০৩৬ চনৰ ৩১মাৰ্চলৈকে বৃদ্ধি কৰা হ'ব আৰু ইয়াৰ মুঠ পুঁজি হ'ব ২৪,৭৩৬ কোটি টকা। এই আঁচনিখনৰ লক্ষ্য হৈছে ভাৰতত জাহাজ নিৰ্মাণক উৎসাহিত কৰা। ইয়াত ৪,০০১ কোটি টকাৰ আৱণ্টনৰ সৈতে এটা শ্বিপব্ৰেকিং ক্ৰেডিট নোট অন্তৰ্ভুক্ত কৰা হৈছে। সকলো পদক্ষেপৰ ৰূপায়ণ নিৰীক্ষণ কৰিবলৈ এক ৰাষ্ট্ৰীয় জাহাজ নিৰ্মাণ মিছনৰো সূচনা কৰা হ'ব।

 

ইয়াৰ উপৰি, এই খণ্ডটোৰ বাবে দীৰ্ঘম্যাদী বিত্তীয় সাহায্য প্ৰদানৰ বাবে ২৫,০০০ কোটি টকাৰ পুঁজিসহ সামুদ্ৰিক উন্নয়ন নিধিত (এম ডি এফ) অনুমোদন জনোৱা হৈছে। ইয়াৰ ভিতৰত আছে ভাৰত চৰকাৰৰ ৪৯শতাংশ অংশগ্ৰহণৰ সৈতে ২০,০০০ কোটি টকাৰ সামুদ্ৰিক বিনিয়োগ পুঁজি আৰু ঋণৰ কাৰ্যকৰী ব্যয় হ্ৰাস কৰিবলৈ তথা প্ৰকল্পৰ বেংকযোগ্যতা উন্নত কৰিবলৈ ৫,০০০কোটি টকাৰ সুতৰ প্ৰেৰণা পুঁজি। তদুপৰি, ১৯,৯৮৯ কোটি টকাৰ বাজেট ব্যয়ৰ সৈতে জাহাজ নিৰ্মাণ উন্নয়ন আঁচনি (এছবিডিএছ)ৰ লক্ষ্য হৈছে ঘৰুৱা জাহাজ নিৰ্মাণ ক্ষমতা বছৰি মুঠ ৪৫নিযুত টনলৈ সম্প্ৰসাৰিত কৰা, বৃহৎ জাহাজ নিৰ্মাণ গোটসমূহক সমৰ্থন কৰা, আন্তঃগাঁথনি সম্প্ৰসাৰণ, ভাৰতীয় সামুদ্ৰিক বিশ্ববিদ্যালয়ৰ অধীনত ভাৰতীয় জাহাজ প্ৰযুক্তি কেন্দ্ৰ স্থাপন কৰা আৰু জাহাজ নিৰ্মাণ প্ৰকল্পৰ বাবে বীমা সমৰ্থনকে ধৰি বিপৰ আশংকাৰ সামৰি লোৱা।

 

এই পেকেজটোৱে সামগ্ৰিকভাৱে জাহাজ নিৰ্মাণ ক্ষমতা মুঠ ৪.৫নিযুত টন বৃদ্ধি কৰাৰ লগতে প্ৰায় ৩০লাখ চাকৰি সৃষ্টি কৰিব আৰু ভাৰতৰ সামুদ্ৰিক খণ্ডত প্ৰায় ৪.৫লাখ কোটি টকাৰ বিনিয়োগ আকৰ্ষণ কৰিব বুলি আশা কৰা হৈছে।ইয়াৰ অৰ্থনৈতিক প্ৰভাৱৰ বাহিৰেও, এই উদ্যোগটোৱে গুৰুত্বপূৰ্ণ যোগান শৃংখল আৰু সামুদ্ৰিক পথসমূহত স্থিতিস্থাপকতা আনি ৰাষ্ট্ৰীয়, শক্তি আৰু খাদ্য সুৰক্ষাক শক্তিশালী কৰিব। ই ভাৰতৰ ভূ-ৰাজনৈতিক স্থিতিস্থাপকতা আৰু কৌশলগত আত্মনিৰ্ভৰশীলতাক শক্তিশালী কৰাৰ লগতে আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীক আগুৱাই নিব আৰু আন্তৰ্জাতিক জাহাজ পৰিবহণ আৰু জাহাজ নিৰ্মাণত ভাৰতক এক আগশাৰীৰ শক্তি হিচাপে পৰিগণিত কৰা হ’ব।

 

বহু শতিকাৰ বাণিজ্য আৰু সাগৰীয় যাত্ৰাৰ সৈতে উপমহাদেশখনক বিশ্বৰ সৈতে সংযোগ কৰা ভাৰতৰ এক দীঘলীয়া আৰু সুপ্ৰসিদ্ধ সামুদ্ৰিক ইতিহাস আছে। সম্প্ৰতি সামুদ্ৰিক খণ্ড ভাৰতীয় অৰ্থনীতিৰ মেৰুদণ্ড হিচাপে পৰিগণিত হৈছে। এই খণ্ডই ৰাষ্ট্ৰৰ বাণিজ্যৰ প্ৰায় ৯৫শতাংশ আৰু মূল্যৰ ফালৰ পৰা ৭০শতাংশ বৰঙণি যোগাইছে।  ইয়াৰ মূলতে আছে "গধুৰ অভিযান্ত্ৰিকৰ মাতৃ" আখ্যা পোৱা জাহাজ নিৰ্মাণ খণ্ড। এই খণ্ডই কেৱল নিযুক্তি আৰু বিনিয়োগত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱাই নহয়, ৰাষ্ট্ৰীয় নিৰাপত্তা, কৌশলগত স্বাধীনতা, আৰু বাণিজ্য আৰু শক্তি যোগান শৃংখলৰ স্থিতিস্থাপকতাও বৃদ্ধি কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Shortcuts will cut you short’: PM Modi’s message for youngsters at former President Kovind’s autobiography launch

Media Coverage

‘Shortcuts will cut you short’: PM Modi’s message for youngsters at former President Kovind’s autobiography launch
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 আগষ্ট 2026
August 13, 2026

Aatmanirbhar in Motion: Solar Homes, Made-in-India Containers, Record Exports & a Rising Global Footprint Under the Leadership of PM Modi