মহামান্যসকল,

আপোনালোকৰ মূল্যৱান পৰামৰ্শ আৰু ইতিবাচক চিন্তাক মই স্বাগতম জনাইছো। ভাৰতৰ প্ৰস্তাৱসমূহৰ প্ৰতি সন্মান জনাই, আমাৰ দলে সবিশেষ আপোনালোকৰ সৈতে ভাগ বাটোৱাৰা কৰিব, আৰু আমি সকলো বিষয়ত সময় নিৰ্ধাৰিত ভিত্তিত অগ্ৰসৰ হম।


মহামান্যসকল,

ভাৰত আৰু কেৰিকম দেশসমূহৰ মাজৰ সম্পৰ্ক আমাৰ অতীতৰ অংশীদাৰীত্বপূৰ্ণ অভিজ্ঞতা, আমাৰ বৰ্তমানৰ অংশীদাৰীত্বপূৰ্ণ প্ৰয়োজনীয়তা আৰু ভৱিষ্যতৰ বাবে আমাৰ অংশীদাৰীত্বপূৰ্ণ আকাংক্ষাৰ ওপৰত আধাৰিত।

 

ভাৰতে এই সম্পৰ্কবোৰক নতুন শিখৰলৈ লৈ যাবলৈ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ। আমাৰ সকলো প্ৰচেষ্টাত আমি গ্ল’বেল চাউথৰ উদ্বেগ আৰু ইয়াৰ অগ্ৰাধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো।


অধ্যক্ষ হিচাপে ভাৰতৰ কাৰ্যকালত যোৱা বছৰ জি-২০ গ্ল’বেল চাউথৰ কণ্ঠস্বৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল। কালি ব্ৰাজিলতো মই বিশ্ব সম্প্ৰদায়ক গ্ল’বেল চাউথৰ দেশসমূহক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনাইছো।


মই আনন্দিত যে ভাৰত আৰু আমাৰ সকলো কেৰিকম বন্ধুৱে এই কথাত সন্মতি প্ৰকাশ কৰিছে যে গোলকীয় প্ৰতিষ্ঠানসমূহৰ সংস্কাৰ প্ৰয়োজনীয়।


এই প্ৰতিষ্ঠানবোৰে আজিৰ পৃথিৱী আৰু সমাজৰ বাবে খাপখোৱাকৈ নিজকে গঢ়ি তুলিব লাগিব। এইটো হৈছে সময়ৰ প্ৰয়োজন। ইয়াক বাস্তৱত পৰিণত কৰাৰ বাবে, কেৰিকম আৰু কেৰিকমৰ সমৰ্থনৰ ঘনিষ্ঠ সহযোগিতা অতি গুৰুত্বপূৰ্ণ।
 
 

 

মহামান্যসকল,

আজি আমাৰ বৈঠকত লোৱা সিদ্ধান্তসমূহে প্ৰতিটো ক্ষেত্ৰতে আমাৰ সহযোগিতাত নতুন মাত্ৰা যোগ দিব। ভাৰত-কেৰিকম যুটীয়া আয়োগ আৰু যুটীয়া কাৰ্যকৰী গোটসমূহে সেইবোৰ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

 

আমাৰ ইতিবাচক সহযোগিতাক আগুৱাই নিয়াৰ বাবে, মই ভাৰতত তৃতীয় কেৰিকম সন্মিলন আয়োজন কৰাৰ প্ৰস্তাৱ আগবঢ়াইছো।


আকৌ এবাৰ মই ৰাষ্ট্ৰপতি ইৰফান আলী, প্ৰধানমন্ত্ৰী ডিকন মিচেল, কেৰিকম সচিবালয় আৰু আপোনালোক সকলোকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
EPFO settles 8.3 crore claims in FY26; cheque leaf upload reform benefits 7 crore members, says govt

Media Coverage

EPFO settles 8.3 crore claims in FY26; cheque leaf upload reform benefits 7 crore members, says govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 08 আগষ্ট 2026
August 08, 2026

Infrastructure + Inclusion + Innovation: How PM Modi’s Agenda is Rewiring India’s Growth Engine