দ্বিপাক্ষিক সম্পৰ্কৰ বাবে সীমান্তত শান্তি আৰু সুস্থিৰতা বজাই ৰখাত গুৰুত্ব প্ৰধানমন্ত্ৰীৰ
যোৱা বছৰ কাজানত ৰাষ্ট্ৰপতি জিৰ সৈতে হোৱা বৈঠকৰ পিছত দ্বিপাক্ষিক সম্পৰ্কৰ অবিৰত আৰু ইতিবাচক অগ্ৰগতিক আদৰণি জনালে প্ৰধানমন্ত্ৰীয়ে
এছ চি অ’ সন্মিলনত অংশগ্ৰহণৰ বাবে ৰাষ্ট্ৰপতি জিৰ আমন্ত্ৰণ গ্ৰহণ প্ৰধানমন্ত্ৰীৰ
সুস্থিৰ, পূৰ্বানুমানযোগ্য আৰু গঠনমূলক দ্বিপাক্ষিক সম্পৰ্কই আঞ্চলিক আৰু বিশ্ব শান্তি আৰু সমৃদ্ধিত যথেষ্ট অৰিহণা যোগাব বুলি আলোকপাত কৰিলে প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কমিউনিষ্ট পাৰ্টিৰ পলিটব্যুৰোৰ সদস্য তথা চীনৰ বৈদেশিক মন্ত্ৰী শ্ৰী ৱাং য়িক আদৰণি জনায়।

ৱাং য়িয়ে টিয়ানজিনত অনুষ্ঠিত হ’বলগীয়া এছচিঅ’ সন্মিলনৰ বাবে প্ৰধানমন্ত্ৰীক ৰাষ্ট্ৰপতি জিৰ বাৰ্তা আৰু আমন্ত্ৰণ প্ৰদান কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰৰ সৈতে দ্বিপাক্ষিক বৈঠক আৰু তেওঁৰ ভ্ৰমণৰ সময়ত এনএছএ শ্ৰী অজিত ডোভালৰ সৈতে সহ-অধ্যক্ষতা কৰা বিশেষ প্ৰতিনিধিৰ ২৪সংখ্যক বৈঠকৰ ইতিবাচক মূল্যায়নো তেওঁ শ্বেয়াৰ কৰে।

প্ৰধানমন্ত্ৰীয়ে সীমান্তত শান্তি আৰু সুস্থিৰতা বজাই ৰখাত গুৰুত্ব আৰোপ কৰে আৰু সীমা সম্পৰ্কীয় প্ৰশ্নৰ ন্যায্য, যুক্তিসংগত আৰু পাৰস্পৰিকভাৱে গ্ৰহণযোগ্য সমাধানৰ প্ৰতি ভাৰতৰ দায়বদ্ধতা পুনৰবাৰ উল্লেখ কৰে।

পাৰস্পৰিক সন্মান, পাৰস্পৰিক স্বাৰ্থ আৰু পাৰস্পৰিক সংবেদনশীলতাৰ দ্বাৰা পৰিচালিত, কৈলাশ মান সৰোবৰ যাত্ৰা পুনৰ আৰম্ভ কৰাকে ধৰি যোৱা বছৰ কাজানত ৰাষ্ট্ৰপতি জিৰ সৈতে হোৱা বৈঠকৰ পিছত দ্বিপাক্ষিক সম্পৰ্কৰ অবিৰত আৰু ইতিবাচক অগ্ৰগতিক প্ৰধানমন্ত্ৰীয়ে আদৰণি জনায়।

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি জিক এছচিঅ’ সন্মিলনলৈ আমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি তেওঁৰ নিমন্ত্ৰণ গ্ৰহণ কৰে। তেওঁ এছচিঅ’ সন্মিলনৰ চীনৰ অধ্যক্ষতাৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰি কয় যে তেওঁ টিয়ানজিনত ৰাষ্ট্ৰপতি জিক সাক্ষাৎ কৰিবলৈ আগ্ৰহী। ভাৰত আৰু চীনৰ মাজত সুস্থিৰ, পুৰ্বানুমানযোগ্য আৰু গঠনমূলক সম্পৰ্কই আঞ্চলিক আৰু বিশ্ব শান্তি আৰু সমৃদ্ধিৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাব বুলি আলোকপাত কৰে প্ৰধানমন্ত্ৰীয়ে।.

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Domestic manufacturers outpace global firms in India’s factory space race

Media Coverage

Domestic manufacturers outpace global firms in India’s factory space race
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister offers prayers to Bhagwan Shri Ganesh during Ganpati Darshan at Union Minister Piyush Goyal’s residence
September 14, 2026

The Prime Minister, Shri Narendra Modi has visited the residence of Union Minister Shri Piyush Goyal for Ganpati Darshan.

The Prime Minister prayed for the blessings of Bhagwan Shri Ganesh for everyone.

The Prime Minister wrote on X;

“Went for Ganpati Darshan at the residence of Union Minister Shri Piyush Goyal Ji.

May Bhagwan Shri Ganesh bless everyone!

@PiyushGoyal”