প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ইতিহাসৰ পাতত চৌৰি চৌৰাৰ শ্বহীদসকলক উপযুক্ত মর্যাদা দিয়া হোৱা নাই বুলি আজি উদ্বেগ প্রকাশ কৰে৷ তেওঁ কয় যে যিসকল শ্বহীদ আৰু স্বাধীনতা সংগ্রামী কম পৰিচিত তেওঁলোকৰ ঘটনাৱলীক জনতাৰ মাজলৈ অনাৰ প্ৰচেষ্টা আৰম্ভ হৈছে। দেশে স্বাধীনতাৰ ৭৫ বছৰত প্রৱেশ কৰাৰ সময়ত এই ঘটনাবোৰ আৰু অধিক প্রাসংগিক হৈ পৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে উত্তৰপ্রদেশৰ গোৰখপুৰৰ চৌৰি চৌৰাৰ ঘটনাৰ শতবার্ষিকী উদযাপনৰ উদ্বোধনৰ সময়ত এইদৰে কয়৷

 

প্রধানমন্ত্রীয়ে কয় যে চৌৰি চৌৰাৰ শ্বহীদসকলৰ সম্পর্কে যিমান আলোচনা হোৱা উচিত আছিল, সেইদৰে নোহোৱাটো দুর্ভাগ্যজনক। ‘চৌৰি চৌৰা’ সাধাৰণ জনতাৰ স্বতঃস্ফৰ্ত এক সংগ্রাম আছিল৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ‘যদিও ইতিহাসৰ পাতত এই সংগ্রামত জড়িত বিপ্লৱীসকলে উপযুক্ত মর্যাদা পোৱা নাই তথাপি তেওঁলোকৰ তেজ দেশৰ মাটিত মিহলি হৈছে।’

 

প্রধানমন্ত্রীয়ে কয় যে স্বাধীনতা সংগ্রামৰ এটা ঘটনায় ১৯জন স্বাধীনতা সংগ্রামীক ফাঁচী দিয়া ঘটনাৰ নজিৰ অত্যন্ত বিৰল। তেওঁ বাবা ৰাঘবদাস আৰু পণ্ডিত মদন মোহন মালব্যই ১৫০জনক ফাঁচী দিয়াৰ পৰা ৰক্ষা কৰোৱা প্ৰচেষ্টাৰ কথা স্মৰণ কৰে৷

 

ছাত্র-ছাত্রী আৰু যুৱক-যুৱতীসকলে স্বাধীনতা সংগ্রামৰ কমকৈ আলোচনা হোৱা দিশবোৰক লৈ কাম কৰাক লৈ প্রধানমন্ত্রীয়ে সন্তুষ্টি প্রকাশ কৰে৷ স্বাধীনতা সংগ্রামীসকলক লৈ নৱ-প্ৰজন্মৰ লেখক-লেখিকাসকলক গ্ৰন্থ প্রকাশৰ বাবে শিক্ষা মন্ত্ৰালয়ে আমন্ত্রণ জনোৱা প্ৰসংগও তেওঁ উল্লেখ কৰে৷ শ্রী মোদীয়ে চৌৰি চৌৰাৰ বহু স্বাধীনতা সংগ্রামীৰ কথা দেশে জানিব পাৰিব বুলি আশা প্ৰকাশ কৰে৷

 

আমাৰ স্বাধীনতা সংগ্রামীসকলৰ প্রতি উপযুক্ত শ্রদ্ধা জনাবলৈ স্থানীয় শিল্প আৰু সংস্কৃতি তথা আত্মনির্ভৰতা অর্জনৰ জৰিয়তে চৌৰি চৌৰা শতবার্ষিকী উদযাপন কৰা হৈছে বুলি প্রধানমন্ত্রীয়ে সদৰি কৰে৷ এই অনুষ্ঠান আয়োজন কৰাৰ বাবে উত্তৰপ্রদেশৰ মুখ্যমন্ত্রী শ্রী যোগী আদিত্যনাথ আৰু ৰাজ্য চৰকাৰক তেওঁ প্রশংসা কৰে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games

Media Coverage

Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 ছেপ্টেম্বৰ 2026
September 04, 2026

Make in India, Power India, Play for India: Multi-Sector Momentum Under PM Modi’s Leadership