আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ছিংগাপুৰৰ উপ প্ৰধানমন্ত্ৰী তথা বিত্ত মন্ত্ৰী হেং ছুই কীটে সাক্ষাৎ কৰে৷

উপ মুখ্যমন্ত্ৰী কীটে প্ৰধানমন্ত্ৰী লী ছিয়েন লুং আৰু মন্ত্ৰী এমেৰিটাছ গহ চ’ক টঙৰ প্ৰীতি বাৰ্তা বিনিময় কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়েও তেওঁলোকৰ পূৰ্বৰ সাক্ষাতৰ বিষয়ে সোঁৱৰণ কৰি উপ মুখ্যমন্ত্ৰী কীটক তেওঁৰ শুভেচ্ছা প্ৰেৰণ কৰিবলৈ অনুৰোধ জনায়৷

প্ৰধানমন্ত্ৰী মোদীয়ে যোৱা মাহত নিউয়ৰ্কত ৰাষ্ট্ৰসংঘত মহাত্মা গান্ধীৰ ১৫০তম জন্মজয়ন্তী অনুষ্ঠানত প্ৰধানমন্ত্ৰী লী ছিয়েন লুঙে কৰা অংশগ্ৰহণত সন্তুষ্টি প্ৰকাশ কৰে৷

উপ মুখ্যমন্ত্ৰী কীটে ভাৰত চৰকাৰে গ্ৰহণ কৰা পৰিৱৰ্তনমূলক পদক্ষেপসমূহৰ বিষয়ে আলোকপাত কৰি বিশেষকৈ ভাৰতৰ আন্তঃগাঁথনি খণ্ডত বিনিয়োগৰ সম্ভাৱনা বৃদ্ধিৰ কথা উল্লেখ কৰে৷ ফিন টেককে ধৰি প্ৰযুক্তি খণ্ডত ভাৰত আৰু ছিংগাপুৰৰ মাজত বৃদ্ধি হোৱা সহযোগিতাৰ বিষয়েও তেওঁ উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰী মোদীয়ে দুয়োখন দেশৰ মাজত বৰ্ধিত বিনিয়োগ আৰু ব্যৱসায়িক সম্বন্ধত সন্তোষ প্ৰকাশ কৰে৷ তেওঁ কয় যে ছিংগাপুৰত ৰুপে’ কাৰ্ড আৰু ভীম এপৰ প্ৰৱৰ্তনে বিত্তীয় লেনদেনৰ সৰলতা অধিক বৃদ্ধি কৰিছে৷ তাৰোপৰি তেওঁ চেন্নাইত অনুষ্ঠিত দ্বিতীয় যুটীয়া হেকাথনত ছিংগাপুৰৰ শিক্ষাৰ্থীৰ অংশগ্ৰহণৰ বিষয়েও উল্লেখ কৰে৷ তেওঁ উক্ত সকলোবোৰ বিকাশে দুয়োখন দেশৰ মাজত সমাজ, ব্যৱসায় আৰু উদ্ভাৱনী সহযোগিতাক নিৰ্দেশায়িত কৰিছে বুলি উল্লেখ কৰে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Two-wheeler sales rise 35% in February on low base, GST-led recovery

Media Coverage

Two-wheeler sales rise 35% in February on low base, GST-led recovery
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 মাৰ্চ 2026
March 03, 2026

Citizens Express Their Appreciation on Heartfelt Leadership, Historic Gains: PM Modi’s India Shines in Conservation, Commerce, and Clean Energy