প্ৰকল্পসমূহৰ মুঠ আনুমানিক ব্যয় প্ৰায় ৬,৪৫৬ কোটি টকা আৰু ২০২৮-২৯ চনৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব
এই প্ৰকল্পসমূহ নিৰ্মাণৰ সময়ত প্ৰায় ১১৪ (এশ চৈধ্য) লাখ মানৱ দিনৰ নিয়োগ সৃষ্টি হ’ব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অর্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটী (চিচিইএ)য়ে ৰে’ল মন্ত্ৰালয়ৰ প্ৰায় ৬,৪৫৬ কোটি টকাৰ মুঠ আনুমানিক ব্যয় সাপেক্ষে তিনিটা প্ৰকল্পত অনুমোদন জনাইছে।

এই প্ৰকল্পসমূহে দুৰ্গম অঞ্চলসমূহ সংযোগ কৰি, লজিষ্টিক দক্ষতা উন্নত কৰা, বৰ্তমানৰ লাইন ক্ষমতা বৃদ্ধি কৰা আৰু পৰিবহণ নেটৱৰ্ক সম্প্ৰসাৰণ কৰাৰ লগতে যোগান শৃংখলা সুশৃংখলিত কৰিব, যাৰ ফলত দ্ৰুত অৰ্থনৈতিক বিকাশ হ’ব।

নতুন লাইনৰ প্ৰস্তাৱসমূহে প্ৰত্যক্ষ সংযোগ সৃষ্টি কৰিব আৰু গতিশীলতা উন্নত কৰিব, আৰু ভাৰতীয় ৰে’লৱেৰ দক্ষতা আৰু সেৱাৰ নিৰ্ভৰযোগ্যতা বৃদ্ধি কৰিব। মাল্টি ট্ৰেকিং প্ৰস্তাৱে কাম-কাজ সহজ কৰি তুলিব আৰু যানজঁট হ্ৰাস কৰিব, যাৰ ফলত ভাৰতীয় ৰে’লৱেৰ ব্যস্ততম অংশত অতি প্ৰয়োজনীয় আন্তঃগাঁথনিৰ উন্নতি হ’ব। এই প্ৰকল্পসমূহ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নতুন ভাৰতৰ দৃষ্টিভংগীৰ সৈতে মিল আছে, যাৰ ফলত বিভিন্ন খণ্ডৰ সৰ্বাংগীন উন্নয়ন হ'ব আৰু মানুহক "আত্মনিৰ্ভৰশীল" কৰি তোলা হ'ব আৰু তেওঁলোকৰ কৰ্ম সংস্থাপন/আত্ম সংস্থাপনৰ সুযোগ বৃদ্ধি পাব।

এই প্ৰকল্পসমূহ মাল্টি-মডেল কানেক্টিভিটিৰ বাবে পিএম-গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰ ফল, যি এক সংহত পৰিকল্পনাৰ ডিজাইনৰ দ্বাৰা সম্ভৱ হৈছে আৰু যিয়ে মানুহ, সামগ্ৰী আৰু সেৱাৰ চলাচলৰ বাবে নিৰৱচ্ছিন্ন সংযোগ প্ৰদান কৰিব।

ওড়িশা, ঝাৰখণ্ড, পশ্চিম বংগ আৰু ছত্তীশগড়ৰ দৰে ৪খন ৰাজ্যৰ ৭খন জিলাত ৰূপায়ণ হ’বলগীয়া তিনিটা প্ৰকল্পৰ জৰিয়তে ভাৰতীয় ৰে’লৱেৰ বৰ্তমানৰ নেটৱৰ্ক প্ৰায় ৩০০ কিলোমিটাৰ সম্প্ৰসাৰণ হ’ব।

এই প্ৰকল্পসমূহৰ সৈতে ১৪টা নতুন ষ্টেচন নিৰ্মাণ কৰা হ’ব, যাৰ ফলত দুখন আকাংক্ষী জিলা (নুৱাপাৰা আৰু পূব সিংভূম)ৰ সৈতে উন্নত সংযোগৰ ব্যৱস্থা হ’ব। এই নতুন লাইন প্ৰকল্পৰ জৰিয়তে প্ৰায় ১,৩০০ গাঁও আৰু প্ৰায় ১১ লাখ লোকে সংযোগ পাব। মাল্টি ট্ৰেকিং প্ৰকল্পৰ জৰিয়তে প্ৰায় ১,৩০০খন গাঁৱৰ লগতে প্ৰায় ১৯ লাখ লোকে সংযোগৰ ব্যৱস্থা লাভ কৰিব।

এই পথসমূহ কৃষিজাত সামগ্ৰী, সাৰ, কয়লা, লোৰ অক্সাইড, তীখা, চিমেণ্ট, চূণশিল আদিৰ দৰে সামগ্ৰী পৰিবহণৰ বাবে অতি প্ৰয়োজনীয়। ক্ষমতা সংযোজনৰ কামৰ ফলত ৪৫ এমটিপিএ (বছৰি মিলিয়ন টন) অতিৰিক্ত মালবাহী যাতায়াত হ’ব। ৰে’লপথ পৰিৱেশ অনুকূল আৰু শক্তি-দক্ষ পৰিবহণৰ পদ্ধতি আৰু ই জলবায়ুৰ লক্ষ্যত উপনীত হোৱাত আৰু দেশৰ লজিষ্টিক খৰচ হ্ৰাস কৰাত সহায় কৰিব, তেল আমদানি (১০ কোটি লিটাৰ) হ্ৰাস কৰিব আৰু কাৰ্বন ডাই অক্সাইডৰ নিৰ্গমন (২৪০ কোটি কিলোগ্ৰাম) হ্ৰাস কৰিব, যিটো হ’ল ৯.৭ কোটি গছ ৰোপণৰ সমতুল্য।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s digital economy enters mature phase as video dominates: Nielsen

Media Coverage

India’s digital economy enters mature phase as video dominates: Nielsen
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the spirit of selfless service and compassion
May 06, 2026

The Prime Minister, Shri Narendra Modi, said that work done with a selfless spirit is the truest form of humanity. He noted that such actions not only bring inner happiness but also contribute to the welfare of society.

The Prime Minister shared a Sanskrit Subhashitam-

“अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा।
अनुग्रहश्च दानं च शीलमेतत्प्रशस्यते॥”

The Subhashitam conveys that to hold no hatred towards any living being-in thought, word, or deed, to act with compassion towards all, and to give generously-this is regarded as the highest form of conduct.

The Prime Minister wrote on X;

“निस्वार्थ भाव से किया गया कर्म ही सच्ची मानवता है। इससे आत्मिक खुशी तो मिलती ही है, समाज का भी कल्याण होता है।

अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा।

अनुग्रहश्च दानं च शीलमेतत्प्रशस्यते॥”