States given flexibility to reallocate funds from one component to another based on their specific requirement

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে আজি কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অধীনত চলি থকা সকলো ‘কেন্দ্ৰীয় পৃষ্ঠপোষকতাযুক্ত আঁচনি’ (চিএছএছ)ক দুখন ‘আম্ব্ৰেলা’ আঁচনি, যেনে ‘প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা’ (পিএম-আৰকেভিওৱাই)শীৰ্ষক এক ‘কেফেটেৰিয়া’ আঁচনি,আৰু ‘কৃষোন্নতি যোজনা’ (কে ওৱাই)ত যৌক্তিককৰণৰ বাবে কৃষি আৰু কৃষক কল্যাণ বিভাগ (ডিএ এণ্ড এফডব্লিউ)য়ে আগবঢ়োৱা প্ৰস্তাৱলৈ অনুমোদন জনায়। ‘পিএম-আৰকেভিওৱাই’-য়ে বহনক্ষম কৃষিক উত্সাহিত কৰিব, আনহাতে ‘কে ওৱাই’য়ে ‘খাদ্য সুৰক্ষা’ আৰু ‘কৃষিৰ স্বনিৰ্ভৰশীলতা’ নিশ্চিত কৰিব। সকলো উপাদানে বিভিন্ন উপাদানৰ দক্ষ আৰু কাৰ্যকৰী ৰূপায়ণ নিশ্চিত কৰিবলৈ প্ৰযুক্তিৰ সুবিধা ল'ব।

‘প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা’ (পিএম-আৰকেভিওৱাই) আৰু ‘কৃষোন্নতি যোজনা’ (কেওৱাই) মুঠ প্ৰস্তাৱিত ব্যয় ১,০১,৩২১.৬১ কোটি টকাৰে ৰূপায়ণ কৰা হ'ব। এই আঁচনিসমূহ ৰাজ্য চৰকাৰসমূহৰ জৰিয়তে ৰূপায়ণ কৰা হ'ব।

এই অনুশীলনে সকলো বিদ্যমান আঁচনি অব্যাহত ৰখাটো নিশ্চিত কৰিছে। কৃষকৰ কল্যাণৰ বাবে যিকোনো ক্ষেত্ৰত উৎসাহ প্ৰদান কৰাটো য'তেই প্ৰয়োজনীয় বুলি বিবেচনা কৰা হৈছে, আঁচনিখন ‘মিছন মোড’ত গ্ৰহণ কৰা হৈছে, উদাহৰণ স্বৰূপে ৰাষ্ট্ৰীয় খোৱা তেল-পাম অইল[এনএমইঅ'-অ'পি], স্বচ্ছ উদ্ভিদ কাৰ্যসূচী, ডিজিটেল কৃষি আৰু খোৱা তেল-তৈল বীজৰ ৰাষ্ট্ৰীয় মিছন [এনএমইও-অ'এছ]।

‘কেওৱাই’ৰ অধীনত থকা এক উপাদান উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ‘মিছন জৈৱিক মূল্য শৃংখলা বিকাশ’ (এম.অ’.ভি.চি.ডি.এন.ই.আৰ.)আঁচনিখনত ‘এম.অ’.ভি.চি.ডি.এন.ই.আৰ.-বিতং প্ৰকল্প প্ৰতিবেদন (এম.অ’.ভি.চি.ডি.এন.ই.আৰ.-ডি.পি.আৰ.) নামৰ এটা অতিৰিক্ত উপাদান যোগ দি সংশোধন কৰা হৈছে, যিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানৰে মোকাবিলা কৰিবলৈ নমনীয়তা প্ৰদান কৰিব।

আঁচনিসমূহৰ যৌক্তিককৰণৰ দ্বাৰা ৰাজ্যসমূহক ৰাজ্যখনৰ কৃষি খণ্ডত এক সামগ্ৰিক কৌশলগত দস্তাবেজ সামগ্ৰিকভাৱে প্ৰস্তুত কৰাৰ সুযোগ দিয়া হৈছে। কৌশলগত দস্তাবেজখনে কেৱল শস্যৰ উৎপাদন আৰু উৎপাদনশীলতাত গুৰুত্ব দিয়াই নহয় লগতে জলবায়ু স্থিতিস্থাপক কৃষি আৰু কৃষিজাত সামগ্ৰীৰ বাবে মূল্য শৃংখলা পদ্ধতিৰ বিকাশৰ উদীয়মান সমস্যাবোৰো মোকাবিলা কৰিব। এই পৰিকল্পনাবোৰ সামগ্ৰিক ৰণনীতি আৰু আঁচনি/কাৰ্যসূচীবোৰ স্পষ্টকৰাৰ পৰিকল্পনা কৰা হৈছে, কৌশলগত পৰিকাঠামোৰ পৰা প্ৰবাহিত উদ্দেশ্যৰ সৈতে সম্পৰ্কিত।

বিভিন্ন আঁচনিৰ যৌক্তিককৰণৰ দিহা কৰা হৈছে:

• নকল পৰিহাৰ কৰিবলৈ, একত্ৰীকৰণ নিশ্চিত কৰা আৰু ৰাজ্যসমূহক নমনীয়তা প্ৰদান কৰা।

• কৃষিৰ আকস্মিক প্ৰত্যাহ্বানত গুৰুত্ব দিয়া - পুষ্টি সুৰক্ষা, স্থিৰতা, জলবায়ু স্থিতিস্থাপকতা, মূল্য শৃংখলা বিকাশ আৰু ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণ।

• ৰাজ্য চৰকাৰসমূহে কৃষি খণ্ডৰ বাবে তেওঁলোকৰ প্ৰয়োজনীয়তাৰ সৈতে খাপ খোৱাকৈ এক ব্যাপক কৌশলগত পৰিকল্পনা যুগুতাবলৈ সক্ষম হ'ব।

• নিৰ্দিষ্ট আঁচনি অনুসৰি ‘বাৰ্ষিক কাৰ্য পৰিকল্পনা(এ.এ.পি.) অনুমোদন কৰাৰ পৰিৱৰ্তে ৰাজ্যসমূহৰ  (এ.এ.পি.) যাতে একেবাৰতে অনুমোদিত হ'ব পাৰে ।

 

 

এটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হ'ল, ‘পি.এম.-আৰ.কে.ভি.ওৱাই.’-ত, ৰাজ্য চৰকাৰসমূহক তেওঁলোকৰ নিৰ্দিষ্ট ৰাজ্যিক প্ৰয়োজনীয়তাৰ আধাৰত এটা উপাদানৰ পৰা আনটোলৈ পুঁজি পুনৰ আৱণ্টন কৰাৰ নমনীয়তা প্ৰদান কৰা হৈছে।

মুঠ ১,০১,৩২১.৬১ কোটি টকাৰ প্ৰস্তাৱিত ব্যয়ৰ ভিতৰত ‘ডিএ এণ্ড এফডব্লিউ’-ৰ কেন্দ্ৰীয় অংশৰ বাবে আনুমানিক ব্যয় হৈছে ৬৯,০৮৮.৯৮ কোটি টকা আৰু ৰাজ্যবোৰৰ অংশ হৈছে ৩২,২৩২.৬৩ কোটি টকা। ইয়াৰ ভিতৰত আছে ‘আৰকেভিওৱাই’ৰ বাবে ৫৭,০৭৪.৭২ কোটি টকা আৰু কেৱাইৰ বাবে ৪৪,২৪৬.৮৯ কোটি টকা।

‘পি.এম.-আৰ.কে.ভি.ওৱাই.’-ত নিম্নলিখিত আঁচনিবোৰ অন্তৰ্ভুক্ত থাকে:

                ক.        ভূমিস্বাস্থ্য ব্যৱস্থাপনা

              খ. বান পীড়িত এলেকা উন্নয়ন

             গ. কৃষি বনাঞ্চল

             ঘ. পৰম্পৰগত কৃষি বিকাশ যোজনা

             ঙ.        শস্যৰ অৱশিষ্ট ব্যৱস্থাপনা সহ কৃষি যান্ত্ৰিকীকৰণ

             চ. প্ৰতি টোপালত অধিক শস্য

           ছ. শস্য বৈচিত্ৰকৰণ কাৰ্যসূচী

          জ. ‘আৰকেভিৱাই ডিপিআৰ’ উপাদান

             ঝ. কৃষি ষ্টাৰ্টআপৰ বাবে ‘এক্সিলাৰেটৰ ফাণ্ড’

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Vikram-1 launch fills every citizen with pride; young innovators have accomplished something unimaginable: PM Modi

Media Coverage

Vikram-1 launch fills every citizen with pride; young innovators have accomplished something unimaginable: PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister greets all CRPF personnel on their Raising Day
July 27, 2026

Prime Minister Shri Narendra Modi today extended his greetings to all CRPF personnel on their Raising Day. He stated that the CRPF has distinguished itself through its unwavering courage and commitment to duty.

Shri Modi noted that from safeguarding internal security to serving citizens during challenging situations, CRPF personnel have always placed the nation first. He highlighted that their efforts in eliminating the menace of Maoism are particularly notable and have contributed to peace and progress in the lives of several people.

In a post on X, the Prime Minister shared:

"Greetings to all CRPF personnel on their Raising Day. The CRPF has distinguished itself through its unwavering courage and commitment to duty. From safeguarding internal security to serving citizens during challenging situations, CRPF personnel have always placed the nation first. Their efforts in eliminating the menace of Maoism are particularly notable and have contributed to peace and progress in the lives of several people.

@crpfindia"