প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত  অনুষ্ঠিত   অৰ্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটীৰ বৈঠকে আজি গুজৰাটৰ ভাদিনাৰত এক অত্যাধুনিক জাহাজ মেৰামতিৰ প্ৰকল্পত অনুমোদন জনাইছে। ইয়াৰ  ফলত ৰাষ্ট্ৰীয় জাহাজ মেৰামতি পৰিৱেশতন্ত্ৰৰ বৃহৎ সম্প্ৰসাৰণ ঘটিব। এই প্ৰকল্পটো দীনদয়াল বন্দৰ কৰ্তৃপক্ষ (ডিপিএ) আৰু কোচিন শ্বিপয়াৰ্ড লিমিটেডে (চিএছএল) যৌথভাৱে ৰূপায়ণ কৰিব আৰু ইয়াত যৌথভাৱে ১৫৭০ কোটি টকা বিনিয়োগ কৰিব।

৬৫০ মিটাৰ দৈৰ্ঘ্যৰ জেটি, দুটা বৃহৎ ভাসমান ড্ৰাই ডক, কাৰখানা আৰু সংশ্লিষ্ট সাগৰীয় আন্তঃগাঁথনিৰ সৈতে এই প্ৰকল্পটো ব্ৰাউনফিল্ডৰ সুবিধা হিচাপে নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। ভাদিনাৰৰ প্ৰাকৃতিকভাবে  গভীৰ খাদ ,  জাহাজ প্ৰধান পথৰ সৈতে সংযোগৰ সুবিধা আৰু মুন্দ্ৰা তথা  কণ্ডলাৰ দৰে মূল বন্দৰৰ ওচৰত অৱস্থিত হোৱা  বাবে ইয়াক মেৰামতিৰ কামৰ  অৰ্থে  এক অনুকূল স্থানত পৰিণত কৰিব।  বিশেষকৈ বৃহৎ বাণিজ্যিক আৰু বিদেশী পতাকাযুক্ত জাহাজৰ বাবে ই বৃহৎ  মেৰামতিৰ স্থানত পৰিণত হ'ব ।

এই প্ৰকল্পটোৱে দক্ষতা বিকাশৰো  সুযোগ সৃষ্টি কৰিব আৰু প্ৰত্যক্ষ তথা  পৰোক্ষ নিয়োগ সৃষ্টি কৰিব।  একে সময়তে ইয়াৰ  আশে-পাশে থকা অঞ্চলত সামুদ্ৰিক আনুষংগিক সেৱা আৰু এম এছ এম ইৰ বৃদ্ধিক  ত্বৰান্বিত  কৰিব।

প্ৰভাৱ:

ভাদিনাৰ জাহাজ মেৰামতি প্ৰকল্পই ভাৰতৰ জাহাজ মেৰামতিৰ আন্তঃগাঁথনিৰ জটিল ব্যৱধানক পোনপটীয়াকৈ সমাধান কৰিব, কিয়নো দেশখনত বৰ্তমান ২৩০ মিটাৰ দৈৰ্ঘ্যৰ বৃহৎ জাহাজ মেৰামতি কৰিবলৈ পৰ্যাপ্ত ঘৰুৱা ক্ষমতাৰ অভাৱ। ৩০০ মিটাৰ দৈৰ্ঘ্য  পৰ্যন্ত জাহাজৰ মেৰামতি সক্ষম কৰি তুলি এই  প্ৰকল্পই ভাৰতৰ ভিতৰতে বৃহৎ জাহাজৰ উচ্চ মানৰ মেৰামতিৰ সুবিধা প্ৰদান কৰিব। ইয়াৰ ফলত বিদেশী জাহাজ নিৰ্মাণ কাৰখানাৰ ওপৰত নিৰ্ভৰশীলতা বহু পৰিমাণে হ্ৰাস পাব আৰু বৈদেশিক মুদ্ৰাৰ বহিঃপ্ৰবাহো ৰোধ হ’ব।

পশ্চিম উপকূলত বৰ্ধিত টাৰ্ণআউট সময় আৰু মেৰামতিৰ ক্ষমতা শক্তিশালী কৰি তুলিলে  ভাৰতীয় বন্দৰসমূহৰ সামগ্ৰিক প্ৰতিযোগিতামূলক ক্ষমতাও  উন্নত হ’ব। এই প্ৰকল্পটোৱে বহনক্ষম নিয়োগ সৃষ্টি কৰিব, যাৰ ফলত জাহাজ মেৰামতি, লজিষ্টিক আৰু আনুষংগিক উদ্যোগসমূহত প্ৰায় ২৯০টা প্ৰত্যক্ষ তথা প্ৰায় ১১০০টা পৰোক্ষ চাকৰিৰ সৃষ্টি হ’ব।  একে সময়তে বহল সামুদ্ৰিক ঔদ্যোগিক পৰিৱেশতন্ত্ৰৰ অনুঘটক হিচাবেও ই কাম কৰিব।  এই পদক্ষেপে আঞ্চলিক অৰ্থনৈতিক বিকাশ সাধনত অৰিহণা যোগাব আৰু মেৰিটাইম ইণ্ডিয়া ভিজন ২০৩০ আৰু মেৰিটাইম অমৃত কাল ভিজন ২০৪৭ৰ অধীনত ভাৰতৰ দীৰ্ঘম্যাদী সামুদ্ৰিক লক্ষ্যসমূহক সমৰ্থন কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre releases Rs 1.09 lakh crore tax devolution; Uttar Pradesh gets biggest share to accelerate development spending

Media Coverage

Centre releases Rs 1.09 lakh crore tax devolution; Uttar Pradesh gets biggest share to accelerate development spending
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Jharkhand meets Prime Minister
August 03, 2026