প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি ২০২৫-২৬ৰ পৰা ২০২৮- ২৯ চনলৈ (২০২৫-২৬ বিত্তীয় বৰ্ষৰ পৰা প্ৰতি বছৰে ৫০০ কোটি টকা) চাৰি বছৰৰ বাবে ২০০০ কোটি টকা ব্যয়ৰে কেন্দ্ৰীয় খণ্ডৰ আঁচনি “ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগমলৈ সাহায্য অনুদান”ত অনুমোদন জনায়।

২০২৫-২৬ বিত্তীয় বৰ্ষৰ পৰা ২০২৮-২৯ বিত্তীয় বৰ্ষলৈকে এনচিডিচিক ২০০০ কোটি টকাৰ সাহায্যৰ ভিত্তিত এনচিডিচিয়ে চাৰি বছৰৰ ভিতৰত মুকলি বজাৰৰ পৰা ২০,০০০ কোটি টকা সংগ্ৰহ কৰিব পাৰিব। এই ধনৰাশি এনচিডিচিয়ে সমবায়সমূহক নতুন প্ৰকল্প স্থাপন / উদ্যোগ সম্প্ৰসাৰণৰ বাবে ঋণ তথা কাৰ্য্যকৰী মূলধনৰ প্ৰয়োজনীয়তা পূৰণৰ অৰ্থে  ঋণ প্ৰদানৰ বাবে ব্যৱহাৰ কৰিব।

 

আৰ্থিক প্ৰভাৱ:

এন চি ডি চিক ২০০০ কোটি টকা (২০২৫-২৬ বিত্তীয় বৰ্ষৰ পৰা ২০২৮-২৯ বিত্তীয় বৰ্ষলৈকে প্ৰতি বছৰে ৫০০ কোটি টকা) অনুদান ভাৰত চৰকাৰৰ বাজেটৰ জড়িয়তে আগবঢ়োৱা হ’ব। ২০২৫-২৬ বিত্তীয় বৰ্ষৰ পৰা ২০২৮-২৯ বিত্তীয় বৰ্ষলৈকে এনচিডিচিক ২০০০ কোটি টকাৰ বিত্তীয় সাহায্যৰ ভিত্তিত এনচিডিচিয়ে চাৰি বছৰৰ ভিতৰত মুকলি বজাৰৰ পৰা ২০,০০০ কোটি টকা সংগ্ৰহ কৰিব পাৰিব।

 

লাভসমূহ:

দুগ্ধ, পশুধন, মীন, চেনি, বস্ত্ৰশিল্প, খাদ্য প্ৰক্ৰিয়াকৰণ, সংৰক্ষণ আৰু শীতলীগৃহৰ সংৰক্ষণৰ দৰে বিভিন্ন খণ্ডৰ ১৩,২৮৮খন সমবায় সমিতিৰ প্ৰায় ২.৯ কোটি সদস্য; শ্ৰমিক আৰু মহিলাৰ নেতৃত্বাধীন  সমবায় আদিয়ে  সমগ্ৰ দেশতে লাভাৱান্বিত হোৱাৰ সম্ভাৱনা আছে।

 

ৰূপায়ণৰ কৌশল আৰু লক্ষ্যসমূহ:

(i) এই আঁচনিৰ ক্ষেত্ৰত  এনচিডিচিয়েই হ’ব এই আঁচনিখনৰ  নিষ্পাদনকাৰী সংস্থা, যাৰ উদ্দেশ্য হ’ব ধন প্ৰদান, কাৰ্যৰ অনুসৰণ, প্ৰকল্প ৰূপায়ণৰ নিৰীক্ষণ  আৰু পুঁজিৰ পৰা প্ৰদান কৰা ঋণ আদায় আদি ।

(ii) এনচিডিচিয়ে এনচিডিচিৰ নিৰ্দেশনা অনুসৰি সমবায়সমূহক ৰাজ্য চৰকাৰৰ জৰিয়তে বা পোনপটীয়াকৈ ঋণ প্ৰদান কৰিব। এনচিডিচিৰ প্ৰত্যক্ষ পুঁজিৰ নিৰ্দেশনাৰ মাপকাঠী পূৰণ কৰা সমবায়সমূহক গ্ৰহণযোগ্য নিৰাপত্তা বা ৰাজ্য চৰকাৰৰ নিশ্চয়তাৰ বিপৰীতে পোনপটীয়াকৈ আৰ্থিক সাহায্যৰ বাবে বিবেচনা কৰা হ’ব।

(iii) এন চি ডি চিয়ে সমবায়সমূহক ঋণ, বিভিন্ন খণ্ডৰ বাবে প্ৰকল্প স্থাপন/ আধুনিকীকৰণ/ প্ৰযুক্তি উন্নীতকৰণ/ সম্প্ৰসাৰণৰ বাবে দীৰ্ঘম্যাদী ঋণ আৰু তেওঁলোকৰ ব্যৱসায় দক্ষতা বৃদ্ধি তথা ব্যৱসায়  লাভজনকভাৱে চলাবলৈ কাৰ্য্যকৰী মূলধন প্ৰদান কৰিব।

 

নিয়োগ সৃষ্টিৰ সম্ভাৱনাৰ প্ৰভাৱ:

(i) এই সমবায়সমূহক প্ৰদান কৰা ধনৰ ফলত আয় সৃষ্টিকাৰী মূলধনী সম্পত্তিৰ সৃষ্টি হ’ব আৰু সমবায়সমূহক কাৰ্য্যকৰী মূলধনৰ ৰূপত অতি প্ৰয়োজনীয় তাৰল্য প্ৰদান কৰা হ’ব।

(ii) অৰ্থনৈতিক লাভৰ উপৰি গণতান্ত্ৰিক প্ৰক্ৰিয়া , সমতা আৰু সম্প্ৰদায়ৰ কল্যাণৰ নীতিৰ জৰিয়তে সমবায়সমূহে আৰ্থ-সামাজিক ব্যৱধান দূৰ কৰাৰ উপৰি  কৰ্মশক্তিত মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধিৰ এক অপৰিহাৰ্য আহিলা হিচাবে পৰিগণিত হ'ব।

(iii) ঋণৰ উপলব্ধতাই সমবায়সমূহক তেওঁলোকৰ সামৰ্থ্য বৃদ্ধি, আধুনিকীকৰণ, কাৰ্য্যকলাপৰ বৈচিত্ৰ্যতা, তেওঁলোকৰ লাভজনকতা বৃদ্ধিত সহায় কৰিব আৰু তেওঁলোকৰ উৎপাদনশীলতা বৃদ্ধি তথা কৃষক সদস্যসকলৰ অৰ্থনৈতিক অৱস্থা উন্নত কৰি অধিক কৰ্মসংস্থাপন সৃষ্টি কৰিবলৈ সক্ষম কৰিব।

(iv) ইয়াৰ উপৰি আন্তঃগাঁথনি উন্নয়নৰ বাবে ঋণেও বিভিন্ন দক্ষতাৰ স্তৰত ব্যাপক নিয়োগৰ সুযোগ সৃষ্টি কৰিব।

পৃষ্ঠভূমি:

ভাৰতীয় অৰ্থনীতিত সমবায় খণ্ডই অপৰিসীম অৰিহণা যোগাইছে। গ্ৰাম্য খণ্ডত আৰ্থ-সামাজিক উত্থান, আন্তঃগাঁথনিৰ উন্নয়ন আৰু চাকৰি সৃষ্টিৰ ক্ষেত্ৰত সমবায়সমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। দেশৰ  উৎপাদনৰ সকলো খণ্ডতে সমবায় খণ্ডই যথেষ্ট অৰিহণা যোগাই আহিছে। ভাৰতৰ সমবায়সমূহে ঋণ আৰু বেংকিং, সাৰ, চেনি, দুগ্ধ, বিপণন, গ্ৰাহক সামগ্ৰী, হস্ততাঁত, হস্তশিল্প, মীন, গৃহ নিৰ্মাণ ইত্যাদি বহু  কাম সামৰি লৈছে। ভাৰতত ২৯ কোটিতকৈ অধিক সদস্যৰে ৮.২৫ লাখৰো অধিক সমবায় আছে আৰু ৯৪ শতাংশ কৃষক কিবা নহয় কিবা  ৰূপত সমবায়ৰ সৈতে জড়িত হৈ আছে।

গ্ৰাম্য অৰ্থনীতিলৈ সমবায়সমূহৰ  গুৰুত্বপূৰ্ণ আৰ্থ-সামাজিক অৱদানৰ বাবে দুগ্ধ, হাঁহ-কুকুৰা আৰু পশুধন, মীন, চেনি, বস্ত্ৰ, প্ৰক্ৰিয়াকৰণ, সংৰক্ষণ আৰু শীতলীগৃহত মজুতকৰণ, শ্ৰমিক সমবায় আৰু মহিলা সমবায় আদি দুৰ্বল খণ্ডসমূহক দীৰ্ঘম্যাদী তথা  কাৰ্য্যকৰী মূলধনী ঋণ প্ৰদান কৰি সহায় কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM-KUSUM 2.0 aims to help farmers generate RE alongside crops: Joshi

Media Coverage

PM-KUSUM 2.0 aims to help farmers generate RE alongside crops: Joshi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam seeking blessings for well-being, wisdom and prosperity
September 10, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam invoking blessings for the well-being, auspiciousness, protection, peace, wisdom and prosperity of all. The Subhashitam seeks the blessings of Lord Indra, Lord Surya, Lord Garuda and Lord Brihaspati.

The Prime Minister shared a Sanskrit Subhashitam-

“स्वस्ति न इन्द्रो वृद्धश्रवाः।

स्वस्ति नः पूषा विश्ववेदाः।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः।

स्वस्ति नो बृहस्पतिर्दधातु॥”

The Subhashitam conveys that May the glorious Lord Indra bless us with well-being. May Lord Surya, the knower of the entire universe and the sustainer of all, bring auspiciousness to us. May Lord Garuda, the destroyer of obstacles, protect us all. May Lord Brihaspati, the lord of knowledge, bless us with peace, wisdom and prosperity.

The Prime Minister wrote on X;

“स्वस्ति न इन्द्रो वृद्धश्रवाः।

स्वस्ति नः पूषा विश्ववेदाः।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः।

स्वस्ति नो बृहस्पतिर्दधातु॥”